আন্ধাৰৰ চেতাৰখন বাজি আছে
দীঘল পদূলিৰে সোমাই গৈ আছে কবি
কবি আজি আলহী
আদবাটতে লগ পালে মোক
মই মৰি আছোঁ, পচি পচি খহি আছোঁ
মোক বেঢ়ি তবলা বজোৱা এজাক মানুহ
সন্মুখৰ পথাৰখন বিস্তৃত যিমান, সিমান শুষ্ক
কুহেড়িকা আৰু জোনাকৰ মায়াজাল
বাট হেৰুৱাই ৰৈ গ’ল কবি
এসময়ত ইয়াৰ কাষেৰে পাৰ হৈ গৈছিল
এখন জীয়া নৈ, ক্ৰমে বালিত পোত গ’ল
হয়তো মৰিল! বালিত বন গজি আছে
সৌটো বাটেৰে নৈৰ কাষেৰে
বীণ বজাই গুচি গৈছিল এজন চেৰেলা মানুহ
পাছে পাছে এজনী আজলী বুঢ়ী পাছে পাছে মই
লগ ধৰিব নোৱাৰিহে উভতি আহিছিলো হেনো
টুকুৰা-টুকুৰকৈ জ্বলিছিল যিদিনা পুহৰ পথাৰ
ল’ৰালিৰ কোঁটকোৰা গছ এজোপা আছিল
য’ত মই বান্ধিছিলো নিজক আৰু
ওৰেটো জীৱন জেপত লুকুৱাই ৰাখিছিলো
গোটাচেৰেক ৰতন। গছজোপা মৰিল
হাবিখনো হৰিল
এতিয়া কোনো ক’তো নাই, ময়ো নাই
পগলা জোনাকী পৰুৱা এজাক
সন্ধিয়া আহে আৰু মৃত গছজোপা বেঢ়ি
কিবা বিচাৰি থাকে। তেতিয়া
আন্ধাৰৰ চেতাৰখন বৰকৈ বাজে
নিটাল মাৰে পথ পথাৰ প্ৰতিৱেশী
পচা মুঢ়াটোত বহি কাণ উনাই থাকে কবি
অবোধ কবি!
❧ | অধিক কবিতা :
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।