ফাগুনে কালৈকো ভ্ৰূক্ষেপ নকৰে

ফাগুনে কালৈকো ভ্ৰূক্ষেপ নকৰে
  • 01 Mar, 2025

কাৰ ভৰিৰ খোজত
খপ্‌জপাই উঠিল
সৰি পৰা শুকান পাতবোৰ

ফাগুন
শুকান উপত্যকাৰ
এটা জীয়া গান

এজাক চৰাইৰ
নিৰ্ভীক মিছিল

জীয়া শিলে হেনো
ফাগুনতে জীৱন জীয়ে
সপোন দেখে

ধূলি-ধুমুহাৰো সৌন্দৰ্য থাকে
ফাগুনে সেই কথা জানে
জানে বাবেই
কালৈকো ভ্ৰূক্ষেপ নকৰে।

❧ | আৰু পঢ়ক:

ফাগুনে কালৈকো ভ্ৰূক্ষেপ নকৰে | উৎপল বৰকটকী

Follow Nilacharai on Facebook