ফাগুনে কালৈকো ভ্ৰূক্ষেপ নকৰে

ফাগুনে কালৈকো ভ্ৰূক্ষেপ নকৰে

কাৰ ভৰিৰ খোজত
খপ্‌জপাই উঠিল
সৰি পৰা শুকান পাতবোৰ

ফাগুন
শুকান উপত্যকাৰ
এটা জীয়া গান

এজাক চৰাইৰ
নিৰ্ভীক মিছিল

জীয়া শিলে হেনো
ফাগুনতে জীৱন জীয়ে
সপোন দেখে

ধূলি-ধুমুহাৰো সৌন্দৰ্য থাকে
ফাগুনে সেই কথা জানে
জানে বাবেই
কালৈকো ভ্ৰূক্ষেপ নকৰে।

❧ | আৰু পঢ়ক:

ফাগুনে কালৈকো ভ্ৰূক্ষেপ নকৰে | উৎপল বৰকটকী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: