ৰাতিবোৰ গভীৰ হয়
যেতিয়া কথাবোৰো গভীৰ হয়
হাবাথুৰি খাই ফুৰোঁ সেই কথাবোৰৰ অৰ্থ বিচাৰি৷
শব্দবোৰত আউল লাগিলে
যতন কৰাৰ হাবিয়াসত
অযুত চিন্তাৰ মালাধাৰি
বুকুত সাবটি বহি থাকিলো
জীৱনৰ তুলনা জীৱনৰ লগত কৰিলো৷
পোৱা-নোপোৱাৰ সন্দেহতো
আপ্ৰাণ চেষ্টা,
সমাজত মইজনী হেৰাই যোৱাৰ ভয়ত
অথবা সমাজখন মোৰ মাজত হেৰাই যোৱাৰ ভয়ত৷
তাকেই, জোনাকেও কয়
তৰাবোৰেও বুজায়—
ৰাতিবোৰ গভীৰ হয়
যেতিয়া কথাবোৰো গভীৰ হয়!
❧ | আৰু পঢ়ক:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...