উচ্চতাৰ পদ্য

উচ্চতাৰ পদ্য
  • 10 Jan, 2022

ওখ ওখ গছবোৰক সাবটি
লতাবোৰ বগাই যায়।
শিশু-কোমল সৰলতাৰে খামুচি ধৰি
সহনশীলতাৰ ভৰে কোঙা কৰা
শিৰ থিয় কৰি ৰাখিবলৈ
লতাবোৰে আঁকোৱালি লয় গছবোৰক।

গছবোৰ যিমান ওখ হয় লতাবোৰ সিমান নহয়
গছৰ বুকু চুবলৈ নাপাওঁতেই
ৰৈ যায় লতাবোৰ।

গছে কেতিয়াও শিৰ তল কৰি নাচায়,
সেয়ে পাহৰি যায় লতাৰ অস্তিত্ব।
তথাপি খামুচি ধৰি থাকিব খোজে লতাবোৰে,
সৰল সুখত সন্মোহিত হৈ।

❧ | আৰু পঢ়ক:

উচ্চতাৰ পদ্য | কবিতা | সৌৰভ জ্যোতি কলিতা