সনন্ত তাঁতীৰ কবিতা: আজি ৰাতি অথবা কাইলৈৰ পৰা

সনন্ত তাঁতীৰ কবিতা: আজি ৰাতি অথবা কাইলৈৰ পৰা
  • 29 Mar, 2021

তেওঁলোকে মোৰ ঘৰৰ দুৱাৰ ভাঙি দিলে। তেওঁলোকে
মোৰ বাটৰ সোমাজত খাল কাটি দিলে।
তেওঁলোকে মোক খোৱা পানীৰ পৰা মোৰ মুখখনক
আঁতৰাই ৰাখিলে।
তেওঁলোকে মোৰ হাতদুখনক হেণ্ডকাফেৰে বান্ধি মোৰ
সন্তানক স্পৰ্শ কৰাৰ পৰা মোক বিৰত কৰিলে।
তেওঁলোকে মোৰ মাক হত্যা কৰিলে। তেওঁলোকে মোৰ
পত্নীক বলাৎকাৰ কৰিলে
আৰু মোক অন্ধ কৰি পেলালে জীৱনৰ পৰা।
মই থিয় হৈ আছোঁ সময়ত আৰু মাজে মাজে চিঞৰি
উঠিছোঁ যন্ত্ৰণাত।
মই থিয় হৈ আছোঁ অন্ধকাৰত আৰু মাজে মাজে চিঞৰি
উঠিছো প্ৰতিবাদত।
মই থিয় হৈ আছোঁ আৰু আশাবোৰক যুদ্ধাস্ত্ৰ কৰি গঢ়ি
তুলিছোঁ আক্ৰমণৰ বাট।
প্ৰিয় বন্ধুসকল, আপোনালোকে মোৰ সহায়ৰ বাবে
একো একোটা শোভাযাত্ৰাত পদাতিক হৈ উঠক
আৰু মোক মুকলি কৰি দিয়ক অন্ধত্বৰ পৰা।
মই জানো অত্যাচাৰৰ বিকল্প এতিয়া প্ৰতিবাদ। মই জানো
অত্যাচাৰৰ বিকল্প এতিয়া সংঘৰ্ষ।
মই জানো মানুহৰ শৰীৰত জন্ম হয় ইচ্ছাশক্তি
প্ৰতিবাদ কৰিবলৈ।
মই জানো মানুহৰ তেজত জন্ম হয় ইচ্ছাশক্তি
প্ৰতিবাদ কৰিবলৈ।
মই জানো মানুহৰ হৃদয়ত জন্ম হয় ইচ্ছাশক্তি
প্ৰতিবাদ কৰিবলৈ।
মই জানো মানুহৰ ইচ্ছাশক্তিত জীৱনৰ অনুবাদ হয়
বাহিৰে ভিতৰে।
প্ৰিয় বন্ধুসকল, আপোনালোক থিয় হওক আৰু মোক
মুকলি কৰি দিয়ক
অন্ধত্ব আৰু দুঃসহ যন্ত্ৰণাৰ পৰা আজি ৰাতি অথবা
কাইলৈৰ পৰা।

পূৰ্ব প্ৰকাশ: ৰাজপথৰ কবিতা, চতুৰ্থ সংখ্যা ১ ফেব্ৰুৱাৰী ২০২০ (সম্পাদক: প্ৰেমনাৰায়ণ নাথ)
সনন্ত তাঁতীৰ এই কবিতাটি ‘ৰাজপথৰ কবিতা’ৰ সৈতে বুজাবুজি মৰ্মে প্ৰকাশ কৰা হৈছে।

সনন্ত তাঁতীৰ কবিতা: আজি ৰাতি অথবা কাইলৈৰ পৰা | সনন্ত তাঁতী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক