এ হাতে চিফুং আৰু আনহাতে ষ্টেনগান— বিষ্ণু ৰাভা প্রসংগত ই এক অতি জনপ্রিয় মানসপ্রতিমা। ঠিক এই ধৰণেই বিষ্ণুপ্ৰসাদ ৰাভাক দেখাৰ এটাও উদাহৰণ নাই, কাৰো কোনো লেখাত স্বচক্ষে এনেদৰে বিষ্ণুপ্ৰসাদ ৰাভাক দেখাৰ বৰ্ণনা নাই। অথচ এই ধৰণে প্রকৃতপক্ষে এজন মানুহ সক্রিয় হোৱা সম্ভৱ নে বুলি এবাৰো প্রশ্ন উঠা নাই, চিফুং আৰু ষ্টেনগান— দুয়োটাৰে প্রেক্ষিত বেলেগ বেলেগ হেতু তেনেদৰে লোৱাৰ যুক্তিযুক্ততা কি বুলিও কোনোৱে সোধা নাই। কবি নৱকান্ত বৰুৱাই সেয়েহে যথার্থতেই কৈছে, বিষ্ণু ৰাভা প্রসংগত ইএক প্রতীক (‘বিষ্ণু ৰাভা: প্রতীক আৰু প্রতিমা’ প্রবন্ধ)। আমিও কওঁ, বিষ্ণু ৰাভা প্রসংগত নিশ্চিতভাৱে ই এক দৰকাৰী প্রতীক। বিষ্ণু ৰাভা ব্যাখ্যাৰ যাত্ৰাত বোধহয় আটাইতকৈ অর্থবহ আৰু অব্যর্থ প্রতীক।
দুই-এটা ব্যতিক্রম বাদ দি দুই প্রকাৰৰ মানুহে জীৱনকালত ৰজাঘৰীয়া বা সমাজৰ ক্ষমতাশালী অংশ আৰু বহুলাংশে প্রজাগণৰো আদৰ আৰু স্বীকৃতি নাপায়। প্ৰজাই হয়তো আদৰিব খোজে, কিন্তু ক্ষমতাশালীৰ ৰোষত পৰাৰ ভয়ত জুপুকা মাৰি থাকে। দুই প্রকাৰৰ বঞ্চিত মানুহৰ এক প্ৰকাৰৰ মানুহ হ’ল— যি সত্যক উন্মোচন কৰে আৰু আন প্ৰকাৰৰ মানুহ হ’ল— যি জনগণৰ কল্যাণৰ বাবে নিজকে উছৰ্গা কৰে। আচলতে দুয়ো প্রকাৰৰ মানুহেই সত্যক লগত লৈ ফুৰে আৰু সেই সত্যক জনগণৰ কল্যাণৰ বাবে প্ৰয়োগ কৰিব খোজে। বিভিন্ন কাল আৰু দেশৰ বিজ্ঞানী আৰু সমাজ-বিজ্ঞানীসকলে প্রথম ভাগক প্রতিনিধিত্ব কৰে। সৌৰজগতৰ কেন্দ্ৰত পৃথিৱী আৰু পৃথিৱীখন স্থিৰ বুলি থকা পূর্বপ্রচলিত ‘তত্ত্ব’ক যুক্তি আৰু প্রমাণেৰে প্রত্যাহ্বান জনাবলৈ গৈ বিজ্ঞানী গেলিলিঅ’ গেলিলিৰ কি অৱস্থা হৈছিল, আমি কম-বেছি পৰিমাণে জানো৷ নিজৰ মত প্রত্যাহাৰ নকৰা বাবে গেলিলিঅ’ক বন্দী কৰি ৰখা হৈছিল। পৰৱৰ্তী সময়ত গেলিলিঅই কোৱা ধৰণে সূর্যহে সৌৰজগতৰ কেন্দ্ৰ আৰু বাকী গ্রহবোৰে সূৰ্যক প্রদক্ষিণ কৰে বোলা তত্ত্ব শুদ্ধ বুলি গৃহীত হৈছিল। গেলিলিঅ’ৰ প্ৰতি কৰা অন্যায়ৰ বাবে ঘটনাৰ ৩৫৯ বছৰৰ পাছত পোপ জন পল (দ্বিতীয়)-ই ১৯৯২ চনত ৰোমান কেথলিক চার্চৰ হৈ আক্ষেপ প্রকাশ কৰিছিল আৰু গেলিলিঅ’ শুদ্ধ আছিল বুলি মানি লৈছিল। এটা সত্য মানি ল’বলৈ ৩৫৯ বছৰ? যুক্তি আৰু সত্যৰ জয়প্রাপ্তি হ’বলৈ ৩৫৯ বছৰ লাগিল! এয়া হ’ল সত্যৰ পক্ষত থকা লোকৰ দশা। ৰাইজৰ কল্যাণৰ পক্ষত থকা লোকৰ দশা কেনেকুৱা?
দূৰলৈ যাবই নালাগে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই গোটেই জীৱনজুৰি কম যাতনা খালেনে? ৰজাৰ পৰা, প্রজাৰ পৰা? এঠাইতো ভালদৰে থিত ল’ব নোৱৰাকৈ ইঠাইৰ পৰা সিঠাইলৈ দৌৰি থাকোঁতেই শ্ৰীমন্ত শংকৰদেৱৰ জীৱন ব্যতীত হ’ল। শংকৰদেৱে যি কৰিব খুজিছিল, সেয়াতো সাধাৰণ মানুহৰ কল্যাণৰ স্বাৰ্থতে আছিল। বিশেষ তাত্ত্বিক আলোচনালৈ নগৈ এই কথা সাধাৰণভাৱে ক’ব পাৰি যে অসমীয়া বোলা জাতিসত্তা এটাৰ ধাৰণা শংকৰদেৱৰ দ্বাৰাইহে ৰচিত হ’ল। তৎসত্ত্বেও শংকৰদেৱেও জীৱদ্দশাৰ ১০০ বছৰমান পাছতহে স্বীকৃতি পাবলৈ সক্ষম হয়। ‘অসমীয়া জাতিৰ জনক’ বুলি অধুনা ক’বলৈ লোৱা শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-চৰিত ৰচিত হৈছিল তেৰাৰ মৃত্যুৰ প্রায় ১০০ বছৰৰ পাছত!
শ্ৰীমন্ত শংকৰদেৱৰ স্বীকৃতিৰ তুলনাত বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনকালত যথোচিত স্বীকৃতি নাপালেও মৃত্যুৰ পাছত অলপ সোনকালেই স্বীকৃতি পাবলৈ সক্ষম হছিল। পিছে ট্রেজেডিটো হ’ল, মাজৰ এছোৱা সময়ত বিশেষ প্রাসংগিক হৈ পৰা বিষ্ণুপ্ৰসাদ ৰাভা এতিয়া যেন অপ্রাসংগিক হৈ পৰিব ধৰিছে। বিষ্ণু ৰাভাৰ স্বীকৃতি যেন বাতিলৰ পথত!
বহুমুখী প্রতিভাধৰ বিষ্ণুপ্ৰসাদ ৰাভাই সমগ্র জীৱনজুৰি তেওঁৰ শাৰীৰিক-মানসিক-বৌদ্ধিক সামর্থ্যৰে বৰ অসমীয়া জাতি গঠন প্রক্রিয়াত আত্মনিয়োগ কৰি গ’ল। শ্ৰীমন্ত শংকৰদেৱৰ পাছত বিষ্ণু ৰাভাইহে সম্ভৱতঃ ইমান সচেতন আৰু চিৰিয়াছভাৱে অসমীয়া জাতি গঠন, ঐক্য-সম্প্রীতিৰ বাবে কাম কৰি গ’ল। জাতি গঠনৰ বাবে কৃষ্টি-সংস্কৃতি জৰুৰী। বিষ্ণু ৰাভাই হালোৱা-হজুৱা, বনুৱা, তলমজলীয়া ৰাইজেইহে সংস্কৃতিৰো ধাৰক আৰু বাহক বুলি বিশ্বাস কৰিছিল। তেওঁ সদায় এই নিপীড়িত-শোষিত শ্ৰেণীটোৰ পক্ষত আছিল। তেওঁলোকৰ উন্নয়ন আছিল ৰাভাৰ জীৱনৰ অন্যতম উদ্দেশ্য। ৰাভাই কৈছিল— “যিসকল অসমীয়াৰ প্ৰাণস্বৰূপ, যিসকল অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক, সেইসকল হালোৱা, হজুৱা, বনুৱা, তলমজলীয়া ৰাইজ ক্লিষ্ট, শোষিত, দলিত, নিষ্পেষিত আৰু নিপীড়িত। এই ৰাইজৰে দুখত সমদুখী হৈ ৰাইজৰ হিয়াৰ মৰম-চেনেহৰ অথাই সাগৰৰ পানীত সাঁতুৰি উমলি ফুৰিছিলো।” তাহানি কোচবেহাৰৰ ভিক্তোৰিয়া কলেজৰ দেৱালত ‘ৰাজ্যে আছে দুইটি পাঠা— একটি কালো একটি সাদা/ ৰাজ্যেৰ যদি মঙ্গল চাও, দুইটি পাঠা বলি দাও’ বুলি সকীয়নি লেখা বিষ্ণু ৰাভাই বৃটিছ শোষণকাৰী আৰু দেশীয় শোষণকাৰীক ঠিকেই চিনিছিল। স্বাধীনতা প্রাপ্তিৰ ফেঁহুজালিতে ‘এই স্বাধীনতা ভূৱা’ বুলি কোৱা ৰাভা ‘সঠিকভাৱেই’ দেশীয় চৰকাৰৰ মূৰৰ কামোৰণি হৈছিল। সাধাৰণ জনতাৰ উত্থানৰ জৰিয়তে তেওঁলোকৰ মুক্তি আনিব খোজা বিষ্ণু ৰাভাক সেয়েহে প্রথম সুযোগতে ১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ত স্বাধীন দেশৰ চৰকাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। কঁকালত পঘাৰে বান্ধি তেজপুৰ চহৰৰ মাজেৰে লৈ যোৱা খাটি খোৱা মানুহৰ হিয়াৰ আমঠু বিষ্ণু ৰাভাৰ দশাই হৈছে সাধাৰণ মানুহৰ কল্যাণকামী মানুহৰ দশা! ইও শাশ্বত।
ছবি প্ৰতিনিধিত্বমূলক (শৈল্পিক নিৰ্মাণ)
শিল্প আৰু শিল্পী আচলতে এক ৰাজনৈতিক বক্তব্য। সেই অর্থত বিষ্ণু ৰাভা এক ৰাজনৈতিক উচ্চাৰণ, তাৰ বাহিৰে আন একো নহয়। এটা প্রবন্ধত ড° শান্ত বর্মনে লিখিছে—“১৯৬৫ চনত বেলশৰৰ এখন ৰাজহুৱা সভাত আমন্ত্রিত অতিথি বিষ্ণু ৰাভাক এনে এটা প্রশ্ন সোধা হৈছিল যে তেওঁ এগৰাকী যশস্বী হৈয়ো কিয় ৰাজনীতিবিদৰ ভূমিকাত অৱতীর্ণ হ’ল? তাৰ প্রত্যুত্তৰত ৰাভাই স্পষ্টভাৱে দোহাৰিছিল যে প্রকৃত শিল্পী জলকল্যাণকামী। শাসন-শোষণ তথা বঞ্চনাৰ পৰা জনগণে মুক্তি বিচৰাটো শিল্পীৰ চিৰকাম্য।” (‘বিষ্ণু ৰাভা কলাকাৰ নে ৰাজনীতিবিদ: এক অৱলোকন’, ‘ইন্দ্রধনু’ স্মাৰক গ্রন্থ, চামতা, ২০০৮) প্রকৃত শিল্পী জনকল্যাণকামী। জনগণৰ কল্যাণ কামনা কৰাটো নিশ্চিতভাৱে এক ৰাজনৈতিক অভিব্যক্তি। মার্ক্সবাদী দর্শনে দিয়া এই অভিব্যক্তিয়ে ৰাভাক লৈ গৈছিল সাধাৰণ জনগণৰ বুকুৰ ওচৰলৈ। নিঃস্ব মানুহবোৰে ৰাভাৰ ওচৰত আত্মীয়তা অনুভৱ কৰাৰ দৰে ৰাভাইও সেই মানুহবোৰৰ পৰাই পাইছিল শ্বাস আৰু আশ্বাস! ৰাভাই লিখিছিল— “ৰাইজৰ মৰম-চেনেহ আমাৰ ৰক্ষা কবচ। ৰাইজৰ আশিসেই আমাৰ পাশুপাত অস্ত্র। এইৰক্ষা কবচ আৰু পশুপাত অস্ত্ৰৰ বলতেই আমি সুস্থ, বলিষ্ঠ আৰু নির্ভীক সৈনিক।” পিছে ৰাভাৰ জীৱন কালত সাধাৰণ জনতাৰ সৈতে থকা এই ‘মাছ আৰু পানী’ৰ সম্পৰ্ক ৰাভাৰ মৃত্যু পৰৱৰ্তী কালতো একেদৰেই থাকিল নে?
অসমৰ চুকে-কোণে থকা সকলো জাতি-জনগোষ্ঠীক সামৰি শক্তিশালী অসমীয়া জাতি গঢ়াৰ সপোনটোৰো বিষ্ণু ৰাভাৰ মৃত্যুতে বোধহয় মৃত্যু ঘটিল। তথাকথিত উচ্চবৰ্ণৰ জাত্যাভিমান আৰু অহমিকাই আচলতে শ্ৰীমন্ত শংকৰদেৱৰ পৰাও শিক্ষা নল’লে, তেৰাৰ পৰম অনুগামী আৰু অনুসৰণকাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰাও নল’লে। ফলস্বৰূপে বিভিন্ন ৰাজনৈতিক কচৰৎ আৰু সামাজিক হুজুগত জাতি-জনগোষ্ঠীবোৰ পৰস্পৰৰ পৰা আঁতৰি যাবলৈ ধৰিলে। আজিৰ অসমৰ পৰিস্থিতি এনেকুৱা যে শংকৰদেৱ আৰু বিষ্ণু ৰাভা দুয়ো লগ লাগিও এই জাতি-গোষ্ঠীক একতাৰ ডোলেৰে বান্ধিব নোৱাৰে। অবিশ্বাস আৰু ঘৃণাই সকলো জাতি-জনগোষ্ঠীৰ হৃদয়ত খমলা বান্ধিলে। ভাৰতৰ অন্য অংশতকৈ স্বাভাৱিকতে দেৰিকৈ সকলোৰে ভাগ পোৱা অসমীয়া জাতি সেই কাৰণতেই ৰাজনৈতিকভাৱেও কম পৰিপক্ক। ৰাজনৈতিকভাৱে কম পৰিপক্ক অসমীয়া জাতি সেয়েহে ৰাজনৈতিক চাতুৰীৰ ফান্দত বৰ বেয়াকৈ সোমাই পৰিছে। আগত দিনবোৰত জাতিৰ ভৱিষ্যতৰ কথা ভাবিলে শংকা হয়। উদ্ধাৰৰ পথ দেখুৱাবলৈ গুৰুও নাই, সখাও নাই। শংকৰদেৱ-চেতনা আৰু শংকৰদেৱ-বিশ্বাসত পৰিকল্পিত আৰু ধাৰাবাহিক আক্রমণ চলিব লাগিছে। বিষ্ণুপ্ৰসাদ ৰাভাও ইতিমধ্যে হাইজেক হৈ গৈছে, নহ’লেনো বিপ্লৱী বাওঁপন্থা (far-left)ৰ অনুগামী বিষ্ণু ৰাভা অতি সোঁপন্থী (far-right)ৰ আপোন হ’ব পাৰেনে? এহাতে ষ্টেনগান, আনহাতে চিফুংধাৰী বিষ্ণু ৰাভাৰ হাতৰ পৰা ষ্টেনগান নমাই দলিয়াই দিয়া হৈছে৷ এতিয়া বিষ্ণু ৰাভাৰ হাতত মাথোন চিফুং! আচলতে চিফুঙো নহয়, উঠাই দিয়া হৈছে এখন একতাঁৰা— ‘কলাগুৰু’ হৈ গান গাই থাকিবলৈ।
বছৰি ২০ জুনত বিষ্ণু ৰাভা সদায় মৰে৷ নহলেনো কণ কণ ছাত্র-ছাত্রীৰ মাজত চিত্রাংকন প্রতিযোগিতা আৰু বিষ্ণু ৰাভাৰ গানৰ প্রতিযোগিতাতে আমি ‘সৈনিক-শিল্পী’ বিষ্ণু ৰাভাক সামৰি থওঁনে? হাইজেক হৈ যোৱা বিষ্ণু ৰাভাক কোনে উদ্ধাৰ কৰিব? বিষ্ণু ৰাভাৰ বিপ্লৱী চেতনা, সমাজ-চিন্তাই কেতিয়া আমাক বাট চিনাব? বাট চিনি পাবলৈ আমি কোনদিন চকু মেলি নিজক চাম? অসমৰ প্রান্তে প্রান্তে থকা জাতি-জনগোষ্ঠীবোৰক চাম? গুৰুজনা আৰু বিষ্ণু ৰাভাক চাম? আৰু ৰাজনৈতিক চলনাবোৰ, ষড়যন্ত্রবোৰ, শোষণ-নিষ্পেষণবোৰ, আমাৰ স্বাভিমানক কোবাই কোবাই সংবেদনহীন কৰিব খোজা অপশক্তিবোৰক একমুঠ হৈ ৰঙা চকু দেখুৱাম?
❧ | আৰু পঢ়ক: অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা
বিষ্ণু ৰাভাই লিখিছিল— “…গান, নাচ, কাব্য, শিল্প দর্শন, ধ্যান-ধাৰণা নাইবা আচাৰ-অনুষ্ঠান, ভদ্রতা, শিষ্টাচাৰ, নীতি-নিয়মেই আচলতে কৃষ্টি বা সংস্কৃতি বা কালচাৰ নহয়; দৰাচলতে বাস্তৱ প্রয়োজনত যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত যি শকতি, জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত যি মুকুতি, সেয়েহে আচল কৃষ্টি, প্রকৃত সংস্কৃতি বা Real Culture।” সেই কাৰণেই ক’ব খুজিছোঁ— নুবুজালৈকে গানবোৰো কেৱল গান, বুজিলেই নিঘূণ পলিটিকেল উচ্চাৰণ! বিষ্ণু ৰাভাৰ গানবোৰো। ‘কলাগুৰু’ৰ গানবোৰো।