হবিব তনবীৰৰ কর্মময় জীৱন আৰু সৃজনশীল কর্ম

হবিব তনবীৰৰ কর্মময় জীৱন আৰু সৃজনশীল কর্ম

জীৱন আৰু কৰ্মৰ বোধহয় কোনো লক্ষ্যস্থান থাকিব নোৱাৰে। দ্বিতীয় ভাৰত ৰংগ মহোৎসৱত হবিব তনবীৰ (Habib Tanvir)ৰ ৰেট্রস্পেকটিভ আয়োজন কৰা হৈছিল। হয়তো আয়োজক গোষ্ঠীয়ে উপলব্ধি কৰিছিল, তনবীৰে জীৱনত বহু কিবাকিবি ইতিমধ্যেই অর্জন কৰিলে। British Trained Indian Director Actor হবিব তনবীৰে জীৱন আৰু কমশৈলীৰ Evolution আন বহু ব্যক্তিত্বতকৈ পৃথক, সংঘাতময় আৰু দুঃসাহসিক অনুসন্ধানেৰে পূর্ণ।

মধ্যপ্রদেশৰ ৰাইপুৰত জন্মগ্রহণ কৰা হবিব তনবীৰৰ শৈশৱৰে পৰা সংগীত, কবিতা আৰু লোকনাট্যৰ সৈতে এক গভীৰ সম্পৰ্ক আছিল। ৰাইপুৰ যদিও তেতিয়া এখন গঢ় লৈ থকা সৰু চহৰ, তথাপিও দাঁতিকাষৰীয়া গাঁওবোৰৰ সৈতে থকা তেওঁৰ এক বিশেষ আকৰ্ষণৰ বাবেই স্বাভাৱিকতে বাসিন্দাসকলৰ লগত ভাবৰ আদান-প্রদান হৈ থাকিছিল। তেওঁলোকৰ লোকসংস্কৃতিক ওচৰৰ পৰা পর্যৱেক্ষণ কৰাৰ সুযোগ পাইছিল। তেওঁ নিজেই কোৱা মতে সেইবোৰৰ কিছুমান ইমান ভাল পাইছিল যে সেইবোৰ মুখস্থ কৰি বিভিন্ন সমত আওঁৰাই আছিল।

স্নাতক ডিগ্রী তেওঁ নাগপুৰৰ পৰা গ্ৰহণ কৰে। আলিগড় বিশ্ববিদ্যালয়ত কিছুদিন অধ্যয়ন কৰি বোম্বাইলৈ আহি তেওঁ ভাৰতীয় গণনাট্য সংঘ আৰু Progressive Writers Association-অৰ কামকাজৰ সৈতে নিবিড়ভাৱে জড়িত হৈ পৰে। বোম্বাইত থকা সময়ছোৱাত চলচ্চিত্র জগতক তেওঁৰ কর্মক্ষেত্র কৰি লোৱাৰ সম্ভাৱনীয়তা সম্পর্কেও অনুসন্ধান কৰে। তাৰ ফলশ্ৰুতিত তনবীৰক ভাৰতীয়ই পালে এজন অভিনেতাৰ ৰূপত বিভিন্ন হিন্দী চলচ্চিত্রত। লোকনাট্য শৈলীৰ প্রতি থকা তেওঁৰ আগ্ৰহ আৰু চিন্তনে ভাৰতীয় গণনাট্য মঞ্চৰ মজিয়াতে এক সংগঠিত ৰূপ লয়— যিটোৱে তেওঁক নিজৰ ঠাইলৈ উভতি আহি সৃষ্টিশীল কর্ম প্রক্রিয়াত নিমগ্ন হ’বলৈ অনুপ্রাণিত কৰে।

তনবীৰে কবিতা লিখে। তেওঁ সাহিত্যৰ এজন ৰসিক আৰু সাধক। বহু সময়ত নিজৰ প্রযোজনাৰ পাণ্ডুলিপিও তেওঁ নিজেই প্রস্তুত কৰে। ‘আগ্রা বাজাৰ’ তনবীৰৰ নাট্যকীর্তিৰ অন্যতম। তেওঁৰ কবিতা আৰু সংগীতৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পর্কৰ প্ৰভাৱ দিল্লী চহৰত প্রথমবাৰৰ বাবে উপস্থাপন কৰা ‘আগ্রা বাজাৰ’ নাটকত সম্পূর্ণৰূপে পৰিস্ফূট।

আৰু পঢ়িব পাৰে

সেই সময়ৰ দিল্লী চহৰৰ নাট্যধাৰা ঊনৈশ শতিকাৰ শেষৰ আৰু বিংশ শতিকাৰ প্রথম ভাগৰ ইংৰাজী নাট্যধাৰাৰে প্রভাৱিত আছিল, যদিও ইংৰাজী নাটসমূহ থলুৱা ভাষালৈ অনুবাদ কৰি উপস্থাপন কৰা হৈছিল। সেয়া আছিল ১৯৫৪ চনৰ কথা। তেওঁলোকৰ নাটকৰ ধাৰণা, অভিনয়, মঞ্চসজ্জা, পৰিচালনা আদি সকলো দিশত ইংৰাজী থিয়েটাৰেই আদর্শগত মডেল হৈ আছিল। কিন্তু সেই নাটকসমূহক ভাৰতীয়কৰণ কৰাৰ এক অভিপ্রায় প্রযোজনাসমূহত পৰিলক্ষিত হৈছিল আৰু তাকে কৰিবলৈ যাওঁতে তেওঁলোকে প্রায়ে ভাৰতীয় থলুৱা নাট্যশৈলীৰ উপাদানসমূহ টানি আনিছিল। তেনে এক পৰিস্থিতিতে তনবীৰে পৃথক বিষয় আৰু শৈলীৰে ‘আগ্রা বাজাৰ’ দিল্লীবাসীলৈ আগবঢ়াইছিল, যিখন নাটকে সেই সময়ৰ দিল্লীত মঞ্চস্থ হৈ থকা নাটকবোৰৰ তুলনাত, পৃথক আৰু নতুন শৈলী প্রতিভাত কৰিছিল।

image
বাৰ্টোল্ট ব্ৰেখট্

এই প্রযোজনাৰ ঠিক পাছতে তনবীৰ লণ্ডনলৈ ৰাওনা হৈছিল— The Royal Academy of Dramatic Arts আৰু Bristol Old VIC Theatre School-অত পঢ়িবলৈ। লণ্ডন যাত্রাৰ অৱকাশতে তেওঁ ইউৰোপৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল আৰু সেই ঠাইসমূহৰ নাট্যকর্ম পৰ্যৱেক্ষণ কৰিছিল। ১৯৫৬ চনত বাৰ্লিনত আঠ মাহ কটাইছিল আৰু বার্টোল্ট ব্রেখট (Bertolt Brecht)ৰ সেই সময়ৰ কেইবাটাও নতুন প্রযোজনা উপভোগ কৰাৰ সুযোগ পাইছিল। তেওঁৰ শিক্ষাৰ কেন্দ্ৰ আছিল লণ্ডন, ইউৰোপ আৰু জার্মান, কিন্তু কর্মত প্রতিফলিত হৈছে সম্পূর্ণ ভাৰতীয়ত্ব।

লণ্ডনত কটোৱা তিনিটা বছৰে তেওঁৰ জীৱন আৰু কৰ্মৰ ধাৰণা সলনি কৰি দিছিল আৰু তেওঁৰ ভৱিষ্যত জীৱনৰ কৰ্মৰাজিক প্রভাৱিত কৰিছিল। তেওঁ বিশ্বাস কৰে যে নিজৰ কৃষ্টি আৰু বিষয়ৰ সৈতে জড়িত হৈ সাধনা নকৰিলে অর্থবহ থিয়েটাৰ সম্ভৱ নহয়।

১৯৫৪ চনত দিল্লীৰ প্ৰথমটো প্রফেচনেল থিয়েটাৰ কোম্পানী ‘হিন্দুস্থানী থিয়েটাৰ’ তনবীৰৰ নেতৃত্বত গঠন হয়। পাঁচটা বছৰ কোম্পানীটোৰ কৰ্মপ্ৰক্ৰিয়াৰ সৈতে নিমগ্ন থাকি ১৯৫৯ চনত মণিকা মিশ্রৰ সতে লগ লাগি ‘নয়া থিয়েটাৰ’ গঠন কৰে আৰু যোৱা ৪১টা বছৰে ‘নয়া থিয়েটাৰে’ বহু নতুন প্রয়োগেৰে সমৃদ্ধ নাটক ভাৰতবাসীক উপহাৰ দিলে। এটা গেৰেজক আধাৰ কৰি আৰম্ভ হোৱা নয়া থিয়েটাৰ আজি বিশ্ব থিয়েটাৰৰ পৰিমণ্ডলত অনবদ্য কণ্ঠশিল্প, নান্দনিক নৃত্য সংৰচনা, মঞ্চত অভিনেতা-অভিনেত্রীৰ সহজ উপস্থিতি আদিৰ বাবে বিশেষভাৱে খ্যাত। তনবীৰৰ নেতৃত্বৰ নয়া থিয়েটাৰৰ কৰ্মৰাজিক মূলতঃ দুটা ধাৰাত ভাগ কৰি চাব পাৰি। প্ৰথমছোৱা ১৯৫৯ চনৰ পৰা ১৯৭০ চনলৈকে— যিখিনি সময়ত নয়া থিয়েটাৰৰ প্রযোজনাত বিভিন্ন ধৰণৰ শৈলীৰ পৰীক্ষা-নিৰীক্ষা, নাটকৰ পাঠ আদিৰ সমাহাৰ দৃষ্টিগোচৰ হয়। ‘ৰোষ্টম চোহৰাব’, ‘জালিদাৰ পর্দা’, ‘ফাঁচী’, ‘সাত পেইচা’ আদি এই সময়চোৱাৰ তনবীৰৰ পৰিচালনাত মঞ্চস্থ হোৱা কেইখনমান গুৰুত্বপূর্ণ নাটক।

১৯৭০ চনৰ পৰা নয়া থিয়েটাৰে ছটীছগড়ী লোক পৰম্পৰাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা, ৰাইপুৰত মাহজোৰা এটা নৃত্যৰ কর্মশালাৰে পাতনি মেলে আৰু ‘গাঁও কা নাম শশুৰাল ম’ৰ নাম ডামাড’ৰ লগতে ‘চৰণদাস চোৰ’ নামৰ দুখন চমকপ্রদ নাটক নিবেদন কৰে। ‘চৰণদাস চোৰ’ নাটকখন Edinburgh International Drama Festival-অত নিবেদন কৰি ১৯৮২ চনত Fringe Frists Award লাভ কৰে।

ছটীছগড়ৰ উপৰিও দিল্লী চহৰতো আলোড়ন সৃষ্টি কৰা ‘গাঁও কা নাম শশুৰাল…’ প্রযোজনাটি তনবীৰৰ নাট্য অনুসন্ধান প্রক্রিয়াত এটা মাইলৰ খুঁটি। তনবীৰে অনুভৱ কৰিছিল যে তেওঁ নাটকৰ সৈতে জড়িত হোৱা দিনৰে পৰা বিচাৰি ফুৰা ৰংগভাষাৰ যেন সন্ধান পালে। ৰাইপুৰৰ সেই নৃত্য কর্মশালাটোৰ প্রযোজনা দুটিৰ পাছত তেওঁ Improvisation প্রক্রিয়াৰে অভিনেতা-অভিনেত্রীসকলৰ মাজত চৰিত্ৰ বিতৰণ আৰু নাট নির্মাণ কর্মপ্রক্রিয়া নিজৰ কৰি ল’লে, যিটো প্রক্রিয়াৰে আজিও তেওঁ নাট পৰিচালনা কৰি আছে।

image
বি ভি কাৰান্থ

‘মিট্টী কি গাড়ী’, ‘দেখ ৰহে হে না’, ‘মুদ্ৰা ৰাক্ষস’, ‘হিৰমা কী অমৰ কাহিনী’ আদি নয়া থিয়েটাৰৰ আন কেইটামান উল্লেখনীয় প্রযোজনা। পূৰ্বতে তনবীৰে পৰিচালনা কৰি যশস্যা লাভ কৰা নাট ‘আগ্রা বাজাৰ’ পুনৰ নয়া থিয়েটাৰৰ বেনাৰত মঞ্চস্থকৰণৰ ব্যৱস্থা কৰা হয় আৰু ভাৰতৰ আন আন ঠাইৰ বাদেও মাথোঁ দিল্লী চহৰতে ২০টা প্রদর্শনী নিবেদন কৰে। ভাৰতৰ বাদেও নয়া থিয়েটাৰে পূৰ্বৰ যুগোশ্লোভিয়া আৰু আন আন বহুতো গুৰুত্বপূর্ণ সাংস্কৃতিক চহৰত তেওঁলোকৰ নাট নিবেদন কৰিছে। ভাৰতৰ নাট্য জগতৰ আন এজন পুৰোধা ব্যক্তি বি ভি কাৰান্থ (B V Karanth)-এ তনবীৰৰ সৃজনীশীলতা সম্পর্কে মন্তব্য কৰিছে— ‘His approach has always been progressive and experimental. As a result, at the level of dramatic writing, performance and organization, he has constructed a theatre that remains original and fresh in its creativity.’।

(নীলা চৰাইৰ সম্পাদকৰ টোকা: ৰবিজিতা গগৈৰ এই প্ৰবন্ধটি হবিব তনবীৰৰ জীৱদ্দশাতে (২০০৩) ৰচিত হৈছিল আৰু অধুনালুপ্ত ‘আজিৰ অসম মাহেকীয়া আলোচনী’ত প্ৰকাশিত হৈছিল। প্ৰসংগতঃ হবিব তনবীৰৰ জন্ম হৈছিল ১৯২৩ চনৰ ১ ছেপ্তেম্বৰত, তেখেতৰ মৃত্যু হয় ২০০৯ চনৰ ৮ জুনত মধ্যপ্ৰদেশৰ ভোপালত।)

হবিব তনবীৰৰ কর্মময় জীৱন আৰু সৃজনশীল কর্ম | ৰবিজিতা গগৈ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক