শিল্পপ্ৰাণ চন্দ্ৰ ফুকন: হাজাৰ পৰাজয়েও ম্লান কৰিব নোৱৰা এটি হাঁহি
- 26 Aug, 2020
‘হা জাৰ পৰাজয়েও ম্লান কৰিব নোৱৰা যি হাঁহি, সেই হাঁহি চন্দ্ৰৰ দৰে সদায়ে জিলিকি থাকে চন্দ্ৰ ফুকনৰ ওঁঠত।’— এটি সাক্ষাৎকাৰৰ শেষত তেখেতৰ অতি ঘনিষ্ঠ বন্ধু সাৰদাকান্ত বৰদলৈদেৱে চন্দ্ৰ ফুকনদেৱৰ ব্যক্তিত্বক এটি বাক্যৰে এইদৰেই সামৰিছিল। আজি কিছুদিনৰ পৰা ব্যক্তিগতভাৱে আমি ফুকনদেৱৰ জীৱন সম্পৰ্কে অন্বেষণ কৰাৰ পাছত অনুভৱ কৰিছোঁ, তেখেতৰ জীৱনত কাহানিবা পৰাজয় ঘটিছিল বুলি ক’ব পৰা নাযায়। প্ৰয়াত বৰদলৈদেৱৰ বাক্যশাৰীক সমালোচনা কৰাৰ সাহস আৰু যোগ্যতা আমাৰ কাহানিও নাই। সেয়ে সন্মান সহকাৰে কওঁ— সেয়া আছিল ফুকনদেৱৰ জীৱন-প্ৰতিঘাত তথা আনতকৈ সুকীয়া জীৱন-দৰ্শন।
অসমৰ মঞ্চ জগতৰ বৰ্ণাঢ্য ব্যক্তিত্ব আৰু সৃষ্টিশীল দৃষ্টিভংগীৰ গৰাকী চন্দ্ৰ ফুকনদেৱে অসমৰ বুৰঞ্জী বিখ্যাত নাওবৈচা ফুকন পৰিয়ালত ১৯০৯ চনৰ ২৭ আগষ্টৰ দিনা নগাঁৱৰ আমোলাপট্টিত জন্মগ্ৰহণ কৰে। তেখেত সৰুৰে পৰাই তীক্ষ্ণধী আছিল। নগাঁও মজলীয়া বিদ্যালয়ৰ পৰা দিয়া ছাত্ৰ বৃত্তি পৰীক্ষাত তেখেতে অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰে। সপ্তম মানৰ পৰা তেখেতৰ খেলা-ধূলা আৰু অভিনয়ৰ প্ৰতি মন ঢাল খায়। তেতিয়াৰ পৰাই তেখেতৰ নিজৰ ভাষাত— ‘দুষ্ট প্ৰকৃতি’য়ে লগ পায়। সহপাঠীসকল যেতিয়া পঢ়াত মগ্ন থাকে তেতিয়া হেনো চন্দ্ৰ ফুকনে কলঙৰ পাৰে পাৰে ঘূৰি ফুৰি সকলো প্ৰকাৰৰ দুষ্টালিৰ নেতৃত্ব লয়। বিদ্যালয়ৰ শিক্ষকসকলে তেখেতক শাসন কৰোঁতে ভীষণ অসুবিধা পাইছিল যদিও সকলো পৰীক্ষাত চমকপ্ৰদ ফল দেখুৱায় চন্দ্ৰ ফুকনে সকলোকে আচৰিত কৰিছিল। বিদ্যালয়ৰ বঁটা বিতৰণী সভাত তেখেতেই আটাইতকৈ বেছি পুৰস্কাৰ লাভ কৰিছিল। পৰৱৰ্তী সময়ত ১৯২৮ চনত তেখেতে নগাঁও চৰকাৰী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। পাছত কটন কলেজ আৰু কোচবিহাৰ কলেজত বি এ পঢ়ে আৰু ইংৰাজীত সন্মানসহ কোচবিহাৰ কলেজৰ পৰা স্নাতক হয়।
আবৃত্তি আৰু অভিনয়ৰ প্ৰতি সৰুৰে পৰা অপৰিসীম স্পৃহা থকা ফুকনদেৱে অভিনয় জীৱনৰ পাতনি মেলিছিল উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ হৈ থকা কালতেই। সেই বিদ্যালয়ৰ ছাত্ৰ হৈ থাকোঁতে তেখেতে ‘মেঘনাদ বধ’ নাটকৰ নাম ভূমিকাত অভিনয় কৰি ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰ গুটি পচাইছিল। ছাত্ৰাৱস্থাত অভিনয় কৰা তেখেতৰ আন এখন উল্লেখযোগ্য নাটক আছিল ‘পৃথ্বিৰাজ’ আৰু চৰিত্ৰটো আছিল জয়চন্দ্ৰ। বিশেষকৈ সহ-অভিনেতা হোৱাৰ আগতে তেওঁ বহু স্ত্ৰী-চৰিত্ৰ যোগ্যতাৰে ৰূপায়িত কৰি দৰ্শকক আমোদ দিব পাৰিছিল। ১৯২৯ চনত নগাঁও নাট্য মন্দিৰৰ অন্যতম শ্ৰেষ্ঠ অৱদান ‘শ্ৰীৰামচন্দ্ৰ’ৰ মুখ্য স্ত্ৰী চৰিত্ৰ— সীতাৰ ৰূপদান কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল।
“মোক স্বৰ্গ নালাগে, মোক বৈকুণ্ঠ নালাগে, মই সোণৰ সঁফুৰা, দেৱৰো দুৰ্গম অসমলৈ আকৌ আহিম। আকৌ জনম ল’ম।”— মঞ্চৰ ফাঁচিকাঠত উঠি তেজোদ্দীপ্ত এইষাৰ সংলাপেৰে চন্দ্ৰ ফুকনদেৱে পিয়লি ফুকনক যেন জীৱন্ত ৰূপত দাঙি ধৰিছিল। অভিনেতা আৰু নাট্যকাৰ হিচাপে চন্দ্ৰ ফুকনৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি বোধহয় ‘পিয়লি ফুকন’ নাটকৰ নাম ভূমিকাত তেখেতৰ অভিনয় আৰু চৰিত্ৰটিৰ সু-পৰিকল্পিত সাজোন। নগাঁও নাট্য সমিতিৰ ‘পিয়লি ফুকন’ নাটক আছিল এখন যুগান্তকাৰী নাটক। অকল নগাঁৱতেই নহয়, সমগ্ৰ অসমৰ মঞ্চ জগতলৈ নাটকখনে নৱজাগৰণ আনিছিল বুলিব পাৰি আৰু এই নৱজাগৰণ সৃষ্টিৰ বাটকটীয়া আছিল চন্দ্ৰ ফুকন। অকল অভিনয়েই নহয়, অসমৰ নাট্য বুৰঞ্জীৰ এখন উল্লেখযোগ্য নাট ‘পিয়লি ফুকন’ ৰচনাত তেখেত সক্ৰিয়ভাৱে জড়িত থাকি নাটক সম্পৰ্কে থকা ধ্যান-ধাৰণাক সুস্পষ্টভাৱে প্ৰকাশ কৰিছিল। ফুকনদেৱৰ লগতে তেখেতৰ বন্ধু যুগল দাস, দ্বিজেন গোস্বামী আৰু সাৰদাকান্ত বৰদলৈ— এই চাৰিওজনে অংশ অংশ হিচাপে নাটকখন লিখি উলিয়াইছিল। নাটকৰ আখৰা আৰম্ভ কৰি আখৰা চাই লগে লগে নাট কাটিছিল আৰু সংলাপৰ শুধৰণিও কৰিছিল। বোধকৰোঁ নিজেই ‘পিয়লি’ৰ ভাওটো কৰিবৰ অভিপ্ৰায়েৰে ফুকনদেৱে মনঃপূত কৰি চৰিত্ৰটো অংকন কৰিব বিচাৰিছিল— এই কথা তেখেতৰ বন্ধু সাৰদাকান্ত বৰদলৈয়ে এটি লেখাত প্ৰকাশ কৰিছিল। যি কি নহওক, ১৯৪৭-৪৮ চনত চন্দ্ৰ ফুকনদেৱে ‘পিয়লি ফুকন’ৰ অভিনয়েৰে অসমৰ মঞ্চ জগতত যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। ড° ভূপেন হাজৰিকাদেৱে ফুকনদেৱৰ অভিনয় প্ৰতিভা সুঁৱৰি এঠাইত লিখিছিল— “কুমাৰ ভাস্কৰ নাট্য মন্দিৰলৈ নিমন্ত্ৰিত ‘পিয়লি ফুকন’ নাট মেলা চাই গোপীনাথ বৰদলৈ আপোনপাহৰা হ’ল। বিলাতৰ পৰা অহা সেই চেক্সপিয়াৰ নাট্য গোষ্ঠীও অভিভূত হ’ল। ফুকন যেন অসমৰ সাঁচিপতীয়া বুৰঞ্জীৰ পৰা জীৱন্ত হৈ নাট ঘৰলৈ ওলাই আহিল। যেনে সুদৰ্শন চেহেৰা, তেনে গুৰু-গম্ভীৰ কণ্ঠ আৰু উচ্চাৰণ।”
অভিনেতাৰ অভিনয়ে দৰ্শকক কিৰীলি পাৰি চিঞৰোৱাতকৈ নীৰৱ কৰি দিয়াতহে অভিনেতাজনৰ সাৰ্থকতা অধিক বুলি বিশ্বাস হয়। প্ৰয়াত ফুকনদেৱ তেনে এগৰাকী অভিনেতাই আছিল। অভিনয়ৰ ক্ষেত্ৰত তেখেত কেতিয়াও পালমৰা বিধৰ নাছিল। আজিৰ তথাকথিত মঞ্চৰ অভিনেতাসকলৰ দৰে নাটকৰ দিনা ‘ফালিব’ লগাকৈ তেওঁ একোৱেই নথৈছিল। যিকোনো এটা চৰিত্ৰত অৱতীৰ্ণ হোৱাৰ আগতে চৰিত্ৰটো সম্পৰ্কে তেখেতে বিশদভাৱে অধ্যয়ন কৰিছিল। নাটকৰ কেইদিনমান আগৰ পৰা নিজৰ ঘৰৰ আছুতীয়া কোঠাত দুই-তিনি ঘণ্টা নাটকৰ পাণ্ডুলিপি (script) লৈ অকলশৰে কটোৱাটো তেখেতৰ স্বভাৱ আছিল। অভিনয় আৰু নাটক সম্পৰ্কে তেখেতে দেশী-বিদেশী নানা কিতাপ অধ্যয়ন কৰি গভীৰ জ্ঞান অৰ্জন কৰিছিল। ৰাজনীতিৰ সম্পৰ্কে প্ৰচুৰ জ্ঞান থাকিলেও অভিনয়ৰ পৰা আঁতৰি আহিব লগা হয় বুলি নিজকে ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিছিল। ফুকনদেৱে ৰূপায়ণ কৰা বহুকেইটা কালজয়ী চৰিত্ৰৰ ভিতৰত অন্যতম হ’ল— ‘শ্ৰীৰামচন্দ্ৰ’ নাটকৰ সীতা, ‘পিয়লি ফুকন’ নাটকৰ পিয়লি, ‘চন্দ্ৰগুপ্ত’ৰ চাণক্য, ‘চিৰাজদ্দৌলা’ৰ চিৰাজদ্দৌলা, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ‘কাৰেঙৰ লিগিৰী’ৰ সুন্দৰ কোঁৱৰ, ‘শোণিত কুঁৱৰী’ৰ অনিৰুদ্ধ, সাৰদাকান্ত বৰদলৈৰ ‘সেই বাটেদি’ নাটকৰ চিত্ৰগুপ্ত। শেষৰ পিনে ‘বেউলা’ নাটকত চান্দ সদাগৰৰ চৰিত্ৰটি তেখেতে স্বকীয় বৈশিষ্ট্যৰে ৰূপায়িত কৰিছিল। তেখেতে প্ৰফুল্ল বৰাৰ ‘উপপথ’ নাটকৰ নাট্যকাৰ দীননাথৰ চৰিত্ৰটো ৰূপায়িত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু সেয়ে বোলছবিৰ শিল্পী জ্ঞানদা বৰাৰ পৰিচালনাত নাটকখনৰ আখৰাও কৰিছিল। কিন্তু অসুস্থতাৰ বাবে ই হৈ নুঠিল। ফুকনদেৱে ‘বিপ্লৱী’ আৰু ‘পাৰঘাট’ নামৰ দুখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল যদিও তেখেতে মঞ্চত অভিনয় কৰিবলৈহে বেছি ভাল পাইছিল। তেখেতৰ মতে, চলচ্চিত্ৰৰ অভিনয় নিষ্প্ৰাণ। মঞ্চত যিদৰে জীৱন্ত মানুহৰ সংস্পৰ্শত সকলো মুহূৰ্ত জীৱন্ত হৈ উঠে, চলচ্চিত্ৰত সেয়া নহয়। তেখেতৰ ভাষাত, মঞ্চতহে অভিনেতাৰ প্ৰাণৰ এটি অন্য উদ্যম জাগি উঠে।
চিৰাজদ্দৌল্লাৰ ৰূপত চন্দ্ৰ ফুকন
নগাঁও নাট্য মন্দিৰ আছিল চন্দ্ৰ ফুকনৰ প্ৰাণৰ অনুষ্ঠান। এই অনুষ্ঠানটিৰ উন্নতিৰ কাৰণে তেওঁ সপোনে-সচিতে চিন্তা কৰিছিল। আৰু আজি নগাঁও নাট্য মন্দিৰে যি ৰূপ পাইছে, তাৰ গুৰিতে আছে ফুকনদেৱৰ অক্লান্ত শ্ৰম আৰু ত্যাগ। আধুনিক সাজ-সজ্জাৰে নাট্য মন্দিৰটিক সজ্জিত কৰাটো তেওঁৰ সপোন আছিল আৰু সেই সপোনৰ বহুখিনি তেওঁ বাস্তৱলৈও আনিছিল। বোধহয় নগাঁও নাট্য মন্দিৰত তেখেতেই পোনপ্ৰথমে শব্দযন্ত্ৰ ব্যৱহাৰ কৰিছিল। ফুকনদেৱে ১৯৪৪ চনৰ পৰাই নগাঁও নাট্য মন্দিৰ পৰিচালনা সমিতিৰ বিভিন্ন বিষয়-বাব লৈ মৃত্যুৰ আগমুহূৰ্তলৈকে সেই অনুষ্ঠানটিৰ উন্নতিৰ কাৰণে যিখিনি কৰি থৈ গ’ল, সেয়া নগাঁও নাট্য মন্দিৰৰ এক সোণালী ইতিহাস।
কবি হিচাপেও আছিল ফুকনদেৱৰ এক সুকীয়া পৰিচয়। সেই সময়ৰ ‘মিলন’ আৰু ‘আৱাহন’ আলোচনীত তেখেতৰ বহুকেইটা কবিতা প্ৰকাশ হৈছিল। ড° ভূপেন হাজৰিকাৰ দ্বাৰা সম্পাদিত ‘আমাৰ প্ৰতিনিধি’তো তেখেতৰ কবিতা প্ৰকাশ পাইছিল। ‘গণতন্ত্ৰ’ নামৰ সাপ্তাহিক কাকতত প্ৰকাশিত ‘ফণী শৰ্মাৰ স্মৃতি তৰ্পণ’ শীৰ্ষক কবিতা, ‘আমাৰ প্ৰতিনিধি’ত প্ৰকাশিত ‘বিষ্ণু ৰাভা’ শীৰ্ষক কবিতাত তেখেতৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ সুন্দৰ প্ৰতিফলন ঘটিছে বুলিব পাৰি। তেনেদৰে ‘আমাৰ প্ৰতিনিধি’ত প্ৰকাশ পোৱা ‘এক অদ্ভুত দুৰাশা’ শীৰ্ষক কবিতাটি কবিৰ ব্যক্তিগত জীৱন দৰ্শনৰ এক প্ৰামাণ্য আলেখ্য। ইয়াৰ লগতে ফুকনদেৱ আছিল এজন সু-বক্তা। নগাঁও নাট্য মন্দিৰত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীদেৱৰ সন্মুখত অসুস্থ দেহাৰে নাট্য মন্দিৰৰ উন্নতিৰ কাৰণে চৰকাৰী অনুদান বিচাৰি যি ভাষণ দিছিল, সেই ভাষণে সভাগৃহৰ সকলোকে অভিভূত কৰি তুলিছিল।
আজিও কলিয়াবৰৰ গাঁৱৰ সহজ-সৰল মানুহৰ মুখত শুনা যায়, তাহানিতে বোলে কলিয়াবৰৰ পূব প্ৰান্তৰ কুঠৰীত এজন চাহাব আছিল— ফুকন চাহাব। তেখেতৰ মৃত্যুৰ দিনা কুঠৰী গাঁৱৰ সমূহ ৰাইজে আপোনা-আপুনি দোকান-পোহাৰ বন্ধ কৰাৰ লগতে হালখতি কৰিছিল। বিশেষ তিথি, বৈষ্ণৱ আতাসকলৰ মৃত্যু তিথিৰ বাহিৰে আন কাৰণত হালখতি কৰা সেইবাৰেই হেনো প্ৰথম দেখা পোৱা গৈছিল! সেইজন ফুকন চাহাবেই আছিল কুঠৰীৰ father figure— চন্দ্ৰ ফুকনদেৱ।
বিচিত্ৰ পৃথিৱী বিচিত্ৰ জীৱনৰে আলয়। তেনে বিচিত্ৰ জীৱনৰ গৰাকী আছিল চন্দ্ৰ ফুকন। যশস্যাৰ ভঁৰালত ভৰি থৈয়ো তেখেত ভিৰৰ মাজৰ পৰা আঁতৰি গৈছিল আৰু বাস কৰিছিল অসমৰ এক অজ্ঞাত অঞ্চল কুঠৰীৰ হাবি-জংঘলৰ মাজত। চন্দ্ৰ ফুকনৰ নিজৰ ভাষাতে— “ওচৰৰ বহু নিলগত পাৰ হৈ পথাৰ পৰ্বত গৈ গৈ আমনি লাগিব বাটৰুৱা যদি মন কৰা এখনি দুখীয়া গাঁও পাবা;— এখনি ধুনীয়া ঠাই এতিয়াও ভূগোলত নাম পৰা নাই।” (কুঠৰী ২)
ফুকনদেৱে এই দুৰ্গম পথ বাছি লোৱাৰ পাছত কুঠৰীৰ প্ৰেমত পৰিল। তাৰ লগে লগে কুঠৰীৰ বুকুত এটি উজ্জ্বল নক্ষত্ৰৰ আৱিৰ্ভাৱ হ’ল। ফুকনদেৱে কুঠৰী মৌজাৰ মৌজাদাৰ হিচাপে দায়িত্ব লোৱাৰ পাছত মৌজাৰ দুখীয়া মানুহবোৰে যেতিয়া এটকা বা তিনিটকীয়া ৰজাৰ খাজনা দিব নোৱাৰি ফুকন চাহাবক কৈছিল, তেতিয়া হাঁহি মুখেৰে মৌজাদাৰ চাহাবে সিহঁতক নিৰ্ভয় দি ওলোটাই দুসাজ খাব পৰা জোখাৰে চাউল-পাতি দি বিদায় দিছিল। ফলত মৌজাৰ কিস্তিত বাকী পৰিছিল। সেয়ে চৰকাৰৰ ৰেকৰ্ডত চন্দ্ৰ ফুকন আছিল বেয়া মৌজাদাৰ। কিন্তু ৰায়তৰ মানত ফুকন চাহাব মৌজাদাৰ নাছিল,— আছিল দেৱতা!
এবাৰ চন্দ্ৰ ফুকনদেৱে ড° ভূপেন হাজৰিকালৈ লিখা এখন চিঠিত প্ৰকাশ কৰিছিল,— “… আৰু যাবৰ পৰত মোক যদি সোধে, চন্দ্ৰ ফুকন সংসাৰলৈ আহি কি কি কৰিলি? মই ক’ম, মোৰ ওচৰৰ নাটঘৰটো, মই বাস কৰিবলৈ লোৱা কুঠৰী এই সৰু গাঁওখন মই আহি পাই দেখাতকৈ ভাল কৰিবলৈ চেষ্টা কৰিলো।… মোৰ দেখোন স্বদেশ প্ৰেম বহল হৈ বিশ্বপ্ৰেম বা মানৱপ্ৰেম নহৈ ঠেক হৈ আহি আহি কুঠৰী প্ৰেম হ’ল। মই ভাবিছোঁ, এই সৰু কুঠৰী গাঁওখন অসমৰ মেপত এটা সৰু বিন্দু আকাৰে থৈ যাব লাগিব।” আৰু সঁচাকৈয়ে কুঠৰীক শিল্পীগৰাকীয়ে অসমৰ মেপত এটা সৰু বিন্দু আকাৰে স্বীকৃত কৰি থৈ গ’ল। তেখেতে ১৯৩৬ চনৰ পৰা কুঠৰীৰ হাবিময় অঞ্চলত অপৰিসীম পৰিশ্ৰম কৰি মাটিকঁঠালৰ বাগিচা খুলিছিল। তেখেতৰ বাগিচাত উৎপাদন হোৱা আনাৰস লক্ষ্ণৌ, কলিকতালৈ পঠিয়াওঁতে বাটতে আধা গেলিছিল। উন্নত পৰিবহণ ব্যৱস্থাৰ অভাৱৰ বাবে স্থানীয় বজাৰলৈ পঠিয়াবলৈও অসুবিধাত পৰিছিল আৰু সেয়ে ১৯৫৩ চনত কুঠৰীতে এটি ফল-সংৰক্ষণ কাৰখানা প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পাছৰ পৰ্যায়ত দিল্লী, কলিকতা আনকি ইংলেণ্ড আৰু ৰাছিয়াতো তেখেতৰ কাৰখানাৰ আনাৰস উচ্চ মানৰ বুলি সমাদৃত হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে প্ৰয়োজনীয় অৰ্থৰ অভাৱত তেখেতৰ কাৰখানাই প্ৰসাৰ লাভ নকৰিলে। ইয়াৰ পৰৱৰ্তী কালত কুঠৰীত সৰ্বসাধাৰণৰ মাজত শিক্ষা বিস্তাৰৰ কাৰণে অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত তেখেতে গঢ়ি তুলিলে এখন উচ্চ ইংৰাজী বিদ্যালয়। ইয়াৰ উপৰি থলুৱা অৰ্থনীতি বিকাশৰ বাবে তেখেতে জনজাতীয় মিৰি ছোৱালীক আনি উৰণ শালত কাপোৰ ব’বলৈও শিকাইছিল। তেখেতে তেখেতৰ কাৰখানা— Green View Product সম্পৰ্কে চৰকাৰৰ অনুদান নীতিৰ বিষয়ে উল্লেখ কৰি ‘সাপ্তাহিক নীলাচলত’ ত এটি প্ৰবন্ধ লিখিছিল। শিল্পীগৰাকীয়ে জীৱনৰ শেষ বয়সত সেই ব্যৱসায় সম্পৰ্কে চৰকাৰী নীতিৰ দীৰ্ঘসূত্ৰিতাৰ কাৰণে ভীষণ দুখ পাব লগা হৈছিল।
অসমীয়া শিল্পীয়ে বতাহ খাই জীয়াই থাকে! বৰ্তমানলৈকে অসমত শিল্পী বা কলাকাৰক আদৰ কৰিবলৈ অসমীয়া সমাজে শিকা নাই। আনকি জীৱন কালত শিল্পীসকলে পাব লগা স্বীকৃতি পোৱাৰো নজিৰ নাই। সদায়েই দেখা যায় অসমীয়া শিল্পীসকল আৰ্থিক অভাৱত জৰ্জড়িত হৈ অথবা সমাজৰ দ্বাৰা অৱহেলিত, উপেক্ষিত হৈ শেষ অৱস্থাত দিন গণি গণি নিজকে নিঃশেষ কৰি দিয়ে। অসমত শিল্পীসকলক চৰকাৰী পক্ষয়ো সমাদৰ কৰা সততে দেখা নাযায়; নহ’লে চেতনা দাস, প্ৰতিভা চৌধুৰী, ৰুণু দেৱী আদিৰ দৰে বিশিষ্ট তথা জনপ্ৰিয় অভিনেত্ৰীসকলে চৰকাৰৰ পৰা শিল্পী পেঞ্চন পাবলৈ আৱেদন কৰিব লগা নহ’লহেঁতেন; শিল্পীসকলে তেওঁলোকৰ মৰ্যাদাৰ দাবীত ৰাজপথলৈ ওলাই আহিবলগা নহ’লহেঁতেন!
অসমৰ অভিনয়-শিল্পীসকলৰ আৰু এটা দুৰ্ভাগ্য এয়ে যে তেওঁলোকে কৰা অভিনয়সমূহৰ যথোপযুক্ত সমালোচনা নহয়। ফলত এজন অভিনেতাই অভিনয়ৰ বিশেষত্ব, ঢং, মান আৰু এটা চৰিত্ৰক ৰূপ দিয়াৰ ক্ষেত্ৰত সেই চৰিত্ৰটো সম্পৰ্কে কি উপলব্ধি কৰিছে বা সেই উপলব্ধি প্ৰকাশ কৰাৰ ক্ষেত্ৰত অভিনেতাজন কিমান দূৰ সফল হৈছে, সেই বিষয়ে সম্যক জ্ঞান লাভ কৰিব নোৱাৰে। এই ক্ষেত্ৰত অসমৰ বুদ্ধিজীৱী সমাজৰ বৰঙনিও অতি সামান্য। শিল্পপ্ৰাণ চন্দ্ৰ ফুকনদেৱৰ সপোন আছিল অসমত এটি জাতীয় নাট্যশালা প্ৰতিষ্ঠা কৰা, য’ত অসমৰ ঐতিহ্য, কলা-কৃষ্টি প্ৰদৰ্শনৰ এখন বহল মঞ্চ পোৱা যাব আৰু লগতে অভিনয়-অভিনেতা সম্বন্ধে আলোচনা-সমালোচনা কৰাৰো সুবিধা হ’ব। তাৰ যোগেদি অসমৰ নাট্য আন্দোলনে গা টঙাব পাৰিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে ফুকনদেৱৰ সেই আশা আজিলৈকে পূৰণ নহ’ল। সেয়ে এই ক্ষেত্ৰত চৰকাৰ বা অন্যান্য দল-সংগঠনৰ দায়ৱদ্ধতাৰ প্ৰতি আমি আশাবাদী মনোভাব পোষণ কৰি ৰাখিছোঁ।
❧। আৰু পঢ়ক: শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ লেখা ‘যদি জীৱনে কান্দে নাই নাই বুলি’
শেষ বয়সত চন্দ্ৰ ফুকন
জন্মৰো একেটা দিন— ২৭ আগষ্ট (১৯৭১)ৰ মৃত্যুৰ প্ৰায় চাৰি মাহ আগত ব’হাগ বিহুৰ অনিৰ্বচনীয় আনন্দ-হিল্লোলৰ মাজত সময় উলিয়াই ফুকনদেৱে নিজৰ বহুমুখী জীৱনটোলৈ এবাৰ ভুমুকিয়াই চাইছিল আৰু চেমনীয়াসকলক উদ্দেশ্য কৰি ‘মেক্সিমিনি’ নামৰ এখন আলোচনীলৈ শুভেচ্ছা বাণী হিচাপে এটি কবিতা লিখি পঠিয়াইছিল এইদৰে—
“মই এটি গছপাত হালধীয়া, সৰি যাম শীতৰ শেষত তোমালোক কুঁহিপাত সেউজীয়া, জুমি চাবা নতুন বেশত।…”
তেখেতৰ কথা সঁচা হ’ল। সেউজীয়া কুঁহিপাত সেউজীয়া হৈ চামে চামে আহি থাকিল, হালধীয়া গছপাত সৰি গ’ল; কিন্তু ‘শীতৰ শেষত’ সৰিবলগা গছপাতটি শীতৰ শেষলৈ নৰ’ল!
Follow Nilacharai on Facebook