১ ৯০০ চনৰ ১৭ অক্টোবৰত ঐতিহ্যমণ্ডিত শিৱসাগৰত জন্মগ্ৰহণ কৰা সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পিতৃ গুণগোবিন্দ বৰুৱা ৰেভিনিউ চিৰস্তদাৰ হোৱাৰ উপৰিও অসমৰ সুপ্ৰসিদ্ধ তথা অতি আঢ্যৱন্ত ডাঙৰীয়া দীননাথ বেজবৰুৱা, পুত্ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ একেটা বংশৰে সন্তান আছিল৷ কিন্তু কেৱল জন্মসূত্ৰে মহীয়ান হোৱাতকৈ সমগ্ৰ জীৱন অভিনৱ কৰ্মৰাজিৰে ৰাধাগোবিন্দ বৰুৱা বা অতি জনপ্ৰিয়ভাৱে পৰিচিত আৰ জি বৰুৱাই যি নিদৰ্শন দেখুৱাই গ’ল, তাৰ বাবে তেখেত এজন ক্ষণজন্মা, দূৰদৰ্শী, ভীমকৰ্মা পুৰুষ ৰূপে বহু প্ৰজন্ম ধৰি অসমৰ জনসাধাৰণৰ মাজত বন্দিত হৈ আছে আৰু থাকিব৷
এটা জাতি সমৃদ্ধিশালী হ’বলৈ প্ৰয়োজনীয় মূল বৌদ্ধিক বিষয় হৈছে স্বকীয় ভাষা, সাহিত্য আৰু সংস্কৃতি আৰু শক্তিশালী হ’বলৈ চালিকা বিষয় হৈছে অৰ্থনীতি, ক্ৰীড়া আদি৷ একেবাৰে যুৱ অৱস্থাৰ পৰাই এইবোৰ বিষয়ৰ জৰিয়তে আৰ্থিকভাৱে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে অসম-অসমীয়াৰ সামগ্ৰিক উন্নয়ন, উত্তৰণৰ বাবে আৰ জি বৰুৱাই সুচিন্তা, আঁচনি আৰু সবল পদক্ষেপ গ্ৰহণ কৰি দৃঢ়ভাৱে জীৱনৰ বাটত খোজ দি জীৱন কালতেই আৰ জি বৰুৱা নামৰ এক অনুষ্ঠানত পৰিণত হোৱাৰ লগতে অসমৰ সামগ্ৰিক জীৱন আলোকিত কৰি থৈ গৈছে৷
আৰ জি বৰুৱা— অসমীয়াৰ বাটকটীয়া:
‘বম্বে মিউচুৱেল লাইফ ইন্সিওৰেন্স কোম্পানী’ নামৰ ভাৰতৰ প্ৰথম বীমা কোম্পানীৰ এজেণ্ট ৰূপে কৰ্মৰত হৈ ‘বীমা’ কি, সেই বিষয়ে অসমৰ ৰাইজক ধাৰণা দিয়াৰ লগতে পৰৱৰ্তী কালত বহুতো শিক্ষিত যুৱকক ইয়াৰ দ্বাৰা জীৱিকা নিৰ্বাহৰ বাট তেওঁ মুকলি কৰি দিছিল৷ ডিব্ৰুগড়ত ‘ইম্পেৰিয়েল বেংক’ (আজিৰ ষ্টেট বেংক অৱ ইণ্ডিয়া)-ৰ শাখা তেখেতৰ উদ্যোগতে খোলা হৈছিল৷ তাতেই তেখেতে আৰম্ভ কৰিছিল ৰেলৰ শ্লিপাৰ, চাহপাত, ছপাশাল আদিৰ ব্যৱসায়৷ মণিৰাম দেৱান, হৰিবিলাস আগৰৱালা, মাণিক চন্দ্ৰ বৰুৱা, সদাগৰ ভোলানাথ বৰুৱা, বি এ জগন্নাথ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ পথ অনুসৰণ কৰি বিদেশী, পৰাক্ৰমী, ব্যৱসায়ী জাতি আৰু ইংৰাজ শাসকৰ সৈতে ফেৰ মাৰি আৰ জিয়ে অসমীয়াৰ বাবে এক দৃষ্টান্ত প্ৰদৰ্শন কৰিছিল৷ বৃটিছ বহুজাতিক প্ৰতিষ্ঠান আৰু আগশাৰীৰ ভাৰতীয় ব্যৱসায়ীক গোষ্ঠীৰ দ্বাৰা পৰিচালিত অসমৰ একমাত্ৰ বিশ্ব প্ৰসিদ্ধ থলুৱা চাহ উদ্যোগত উৎপাদিত চাহপাতৰ বেচা-কিনাৰ বাবে আৰ জিৰ একক প্ৰচেষ্টাতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন হোৱাৰ লগতে ১৯৭০ চনৰ ২৫ ছেপ্তেম্বৰৰ দিনা অনুষ্ঠিত হোৱা এই চাহ নিলাম কেন্দ্ৰৰ সৰ্বপ্ৰথম ‘লট’টো ডাকত ক্ৰয় কৰি তেখেতে এই ব্যৱসায়ক নতুন ৰূপ দিছিল৷
অসমীয়াৰ জাতীয় জীৱনৰ পীঠস্থান শিৱসাগৰত জন্ম হৈ দেশৰ স্বাধীনতাৰ সময়লৈকে উদ্যোগ, বাণিজ্য আদি ক্ষেত্ৰখন (তেল, কয়লা, চাহপাত)ৰ অন্যতম চহকী স্থান ডিব্ৰুগড়ত শৈশৱ আৰু কৰ্মজীৱন আৰম্ভ কৰি ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে বহল মনৰ আৰ জিৰ গুৱাহাটীলৈ আগমন ঘটিল, যিটো পৰৱৰ্তী সময়ত অসমৰ উন্নতিৰ বাবেও উল্লেখযোগ্য পদক্ষেপ ৰূপে অভিহিত কৰিব পাৰি৷ ব্যৱসায়ৰ লগতে ক্ৰীড়া অনুৰাগী আৰ জি বৰুৱাই ১৯৩৭ চনতেই ডিব্ৰুগড়ত ‘অসম অলিম্পিক’ৰ আয়োজন কৰিছিল৷ একে ধৰণে গুৱাহাটীতো মৰিশালী আৰু জাৱৰ-জোঁথৰ পেলোৱা ঠাই পুতি উন্নয়ন ঘটাই সেই সময়ৰ দেশৰ ভিতৰতেই এক বৃহৎ আৰু আটকধুনীয়া ক্ৰীড়া প্ৰকল্প গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ লগতে অবিভক্ত অসমৰ ক্ৰীড়া জগতলৈ বিপ্লৱ আনিছিল৷ আজি ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প নামেৰে বিখ্যাত এই বৃহৎ ক্ৰীড়া স্থানত আৰ জিয়ে নিৰ্মাণ কৰা নেহৰু ষ্টেডিয়াম, ষ্টেডিয়াম গেষ্ট হাউছৰ উপৰিও তেখেতে জন্ম দিয়া অনুষ্ঠান আছাম ফ্লায়িং ক্লাব, আছাম ৰাইফল শ্বুটিং ক্লাব, গুৱাহাটী স্প’ৰ্টছ এছোচিয়েচনৰ লগতে অসম ভিত্তিক বিভিন্ন ক্ৰীড়া সংগঠনৰ কাৰ্যালয়সমূহ আছে৷ গুৱাহাটী চাহ নিলাম কেন্দ্ৰও প্ৰথমতে নেহৰু ষ্টেডিয়ামতেই আৰম্ভ হৈছিল৷ আছাম ফুটবল এছোচিয়েচন, আছাম ক্ৰিকেট এছোচিয়েচন, আছাম লন টেনিছ এছোচিয়েচন, গুৱাহাটী টাউন ক্লাব, মহাৰাণা ক্লাব আদিৰো অন্যতম সংগঠক, কৰ্মকৰ্তা আছিল আৰ জি বৰুৱা৷ সু-স্বাস্থ্য আৰু নিৰোগী শৰীৰৰ লোক এটা কৰ্মঠ জাতিৰ বাবে প্ৰয়োজনৰ বিষয়টি আৰ জিয়ে হৃদয়ঙ্গম কৰিছিল আৰু সেই কাৰণে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ আন্তঃগাঁথনি আৰু ইয়াত খেলুৱৈ গঢ়িবলৈ লক্ষ্য স্থিৰ কৰি লৈছিল৷ উত্তৰ-পূবৰ দুৱাৰমুখ হৈছে গুৱাহাটী মহানগৰ৷ ঐতিহাসিক, গৰিমামণ্ডিত প্ৰাচীন কামৰূপ, প্ৰাগজ্যোতিষপুৰৰো কেন্দ্ৰস্থল, আজিৰ গুৱাহাটীৰ প্ৰথমগৰাকী মেয়ৰ আছিল আৰ জি৷ ১৯৭৩ চনত দায়িত্ব লোৱাৰ সময়ত তেখেত অসুস্থ আছিল যদিও গুৱাহাটীখন সৰ্বাংগ-সুন্দৰ কৰিবলৈ প্ৰতিদিনে তৎপৰ হৈছিল৷ এইবোৰ কামত গুৱাহাটীৰ নাগৰিক সমাজক লৈ তেখেত আগবাঢ়িছিল৷ উল্লেখিত কামসমূহ আৰ জিৰ বিশাল কৰ্মক্ষেত্ৰখনৰ একোটি স্তম্ভ৷ কিন্তু অদম্য কৰ্মশক্তি, অসীম সাধনা, কঠোৰ শ্ৰম আৰু সেই সময়ৰ সকলো প্ৰতিকূল পৰিস্থিতি নেওচি তেখেতে গঢ় দিয়া এই সম্পদ, অনুষ্ঠানসমূহৰ আৰৰ কাহিনী বিস্তৃতভাৱে লিখিবলৈ হ’লে কেইবাখনো গ্ৰন্থৰ আকাৰ ল’ব।
আৰ জিৰ অক্ষয় কীৰ্তি:
১) ট্ৰিবিউন গোষ্ঠী:
পেছাগত বা জীৱিকা ব্যৱসায় (অৱশ্যে সেইদিনৰ অসমীয়াৰ বাবে অগতানুগতিক ব্যৱসায়) হ’লেও ক্ৰীড়াসুলভ মনৰ অধিকাৰী আৰ জি আছিল কলা, সাহিত্য, সংস্কৃতিৰ একান্ত অনুৰাগী এজন ব্যক্তি৷ একেবাৰে যুৱ অৱস্থাতে আৰু কৰ্মজীৱনৰ প্ৰাৰম্ভিক পৰ্যায়তে এই সমূহ দিশত হাতে-কামে কৰিবলৈ আগবাঢ়ি আৰ জিয়ে ডিব্ৰুগড়ত আৰম্ভ কৰা বৰুৱা ছপাশালৰ পৰা ১৯৩৯ চনৰ ৪ আগষ্টৰ পৰা এখনি ইংৰাজী সাপ্তাহিক বাতৰি কাকত প্ৰকাশ কৰিলে৷ অসম-অসমীয়াৰ বিষয়ে, সমস্যাসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনোৱাৰ উদ্দেশ্যেৰে ‘দি আছাম ট্ৰিবিউন’ নামেৰে জন্ম দিয়া কাকতখনৰ সম্পাদক ৰূপে দায়িত্ব প্ৰদান কৰিলে সেই সময়ত কলিকতাৰ পৰা প্ৰকাশিত দেশৰে প্ৰখ্যাত কাকত ‘হিন্দুস্থান ষ্টেণ্ডাৰ্ড’ত কৰ্মৰত বৰেণ্য অসমীয়া সাংবাদিক-সাহিত্যিক লক্ষ্মীনাথ ফুকনক৷ প্ৰচালন আৰু ব্যৱসায়িক দিশত কম দিনতে সফলতা লাভ কৰা ‘দি আছাম ট্ৰিবিউন’ ১৯৪৬ চনৰ ৩০ ছেপ্তেম্বৰৰ পৰা দৈনিক বাতৰি কাকতৰূপে গুৱাহাটীৰ পৰা প্ৰকাশ পাবলৈ লয়৷
যদি তিনিটা সম্পদৰ বাবে অসম পৃথিৱী বিখ্যাত বুলি ধৰা হয়, তেতিয়াহ’লে এই তালিকাত চাহপাত, এশিঙীয়া গঁড় আৰু ‘দি আছাম ট্ৰিবিউন’এ নিশ্চয়কৈ স্থান পাব৷ এই ধাৰাবাহিকতা অব্যাহত ৰাখি আৰ জিয়ে ১৯৫৫ চনৰ ১ জুলাইৰ পৰা সাপ্তাহিক অসমীয়া কাকত ‘অসম বাণী’ আৰু ১৯৬৫ চনৰ ৪ আগষ্টৰ পৰা দৈনিক অসমীয়া বাতৰি কাকত ‘দৈনিক অসম’ প্ৰকাশ কৰি অসমৰ সাংবাদিকতাৰ জগতখনলৈ অনবদ্য অৰিহণা আগবঢ়াই থৈ গৈছে৷ সুস্থ, নিৰপেক্ষ আৰু জাতিৰ সেৱাত উৎসৰ্গীকৃত সাংবাদিকতাৰ বাবে ট্ৰিবিউন প্ৰতিষ্ঠানে আজি প্ৰতিজন অসমীয়াৰ হৃদয়ত এক জাতীয় অনুষ্ঠান ৰূপে স্থান পাইছে আৰু সমগ্ৰ দেশৰ সংবাদ ক্ষেত্ৰখনত সন্মানজনক স্বীকৃতি লাভ কৰি অসমক গৌৰৱান্বিত কৰিছে৷ আন দুজন প্ৰসিদ্ধ অসমীয়া— সাহিত্যিক-সাংবাদিক সতীশ চন্দ্ৰ কাকতি আৰু কীৰ্তিনাথ হাজৰিকাক ক্ৰমে ‘অসম বাণী’ আৰু ‘দৈনিক অসম’ৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে নিৰ্বাচিত কৰি আৰ জিয়ে তেখেতৰ বিচক্ষণতাৰ পৰিচয় দিছিল৷ বৰ অসমৰ জাতীয়, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক বিষয়সমূহ বলিষ্ঠভাৱে উত্থাপন কৰাৰ উপৰিও এইবোৰ বিষয়ৰ সমস্যা, দুৰ্যোগ আদিৰ সময়ত ট্ৰিবিউন গোষ্ঠীৰ তিনিওখন বাতৰি কাকতে পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰি অহাৰ বাবে এই কথা অসমৰ ইতিহাসত স্বৰ্ণিল ৰূপত লিপিবদ্ধ হৈ থাকিব আৰু এয়া সম্ভৱ হৈছে স্বত্বাধিকাৰ ৰূপে আৰ জিয়ে কাকত কেইখনৰ বাবে নিৰ্ধাৰণ কৰি যোৱা স্পষ্ট আৰু দৃঢ় নীতি আৰু আদৰ্শৰ বাবে৷
২) গুৱাহাটী বিহু সন্মিলনী, লতাশিল:
আবহমান কালৰে পৰা লুইতৰ দুয়োপাৰে বাস কৰি অহা বৰ্ণাঢ্য জাতি-জনগোষ্ঠীয়ে স্বকীয় গীত-বাদ্য-নৃত্যৰ সমাহাৰত বসন্ত ঋতু আগমনৰ সময়ত কৃষিভিত্তিক লোক উৎসৱ বিহু পালন কৰি আহিছিল৷ এই বিহুকে স্বৰ্গদেউ ৰুদ্ৰসিংহই গাঁৱৰ পথাৰ, গছতলৰ পৰা ৰাজচ’ৰালৈ আৰু স্বৰ্গদেউ প্ৰমত্তসিংহই নিৰ্মাণ কৰা ৰংঘৰ (১৭৪৬ খ্ৰীঃ)ৰ বাকৰিলৈ আদৰি আনিছিল৷ ৰজাঘৰৰ পৃষ্ঠপোষকতাত বিহুৱে ন-ৰূপ পালে আৰু বহুৰঙী সংস্কৃতিৰ একত্ৰ পৰিৱেশনৰ পৰিৱেশত মহামিলনৰ দ্বাৰা এক শক্তিশালী অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ কিন্তু আহোম ৰাজতন্ত্ৰৰ আভ্যন্তৰীণ বিবাদৰ ফলশ্ৰূতিত ৪বাৰ মানৰ অসম আক্ৰমণ, ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা ইংৰাজৰ অসম দেশ অধিকাৰ, অসমৰ লোকৰ দ্বাৰা ব্যাপক কানি সেৱন, কলাজ্বৰ আদি মহামাৰীত আক্ৰান্ত, অসমৰ শাসন-শিক্ষা ব্যৱস্থাত বাংলা ভাষাৰ প্ৰৱৰ্তন আদিৰ বাবে অসমীয়া জাতি তচ্-নচ্ হৈ পৰিল৷ দীৰ্ঘদিনৰ স্বাধীনতা আন্দোলনৰ বাবে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা দেশৰ লগতে অসমেও স্বাধীনতা লাভ কৰিলে যদিও ৰাজ্যখনৰ প্ৰথমজন মুখ্যমন্ত্ৰী, বৰ অসমৰ সকলো সম্প্ৰদায়ৰ আদৰৰ, মৰমৰ জাতীয় নায়ক, সু-নেতা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অকাল আৰু আকস্মিক বিয়োগ (৫ আগষ্ট, ১৯৫০ চন) আৰু তেখেতৰ আদ্যশ্ৰাদ্ধ তথা দেশৰ স্বাধীনতা দিৱস (১৫ আগষ্ট, ১৯৫০)ৰ দিনাই সমগ্ৰ অসমতে অহা প্ৰবল বৰ ভূঁইকঁপে ৰাজ্যখনৰ জন-ধনৰ অবৰ্ণনীয় আৰু বিস্তৰ ক্ষতি কৰাত কিছু পৰিমাণে গা কৰি উঠিবলৈ প্ৰয়াস কৰা অসমীয়া জাতি পুনৰ একেবাৰে বিধ্বস্ত হৈ পৰিল৷ এই কাল অমানিশা আঁতৰাই আমাৰ জাতীয় জীৱন পুনৰ আলোকময় কৰিবলৈ, সকলো জাতি-জনগোষ্ঠীক এক স্থান, এক মঞ্চত একত্ৰিত কৰি সাংস্কৃতিক মহামিলনৰ জৰিয়তে এক সজীৱ, প্ৰাণৱন্ত জাতি গঢ়িবলৈ ব’হাগৰ বতৰত উদযাপিত ৰঙালী বিহুৱেই আধাৰ আৰু পথ হ’ব পাৰে বুলি স্বপ্নদ্ৰষ্টা, দূৰদৰ্শী, জাতিৰ বাবে অহৰহ চিন্তা কৰা চিন্তাবিদ আৰ জি নিশ্চিত হৈ গুৱাহাটী তথা অসমৰে সাংস্কৃতিক-সামাজিক ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিসকলক লৈ জন্ম দিলে ‘গুৱাহাটী বিহু সন্মিলনী, লতাশিল’ আৰু এই সমিতিৰ উদ্যোগতে বিস্তৃত আৰু নিখুঁত পৰিকল্পনাৰে লতাশিল খেলপথাৰত ১৯৫২ চনত অসমৰ প্ৰথমখন মঞ্চ বিহু আয়োজন কৰিলে৷ মঞ্চ বিহুক একত্ৰ কৰিবলৈ বিহু উদ্বোধনী গীত, বিহু পতাকা, বিহু প্ৰতীক তেখেতে পুৰুষোত্তম দাস আৰু নিপ বৰুৱাৰ দ্বাৰা প্ৰস্তুত কৰাই অসমৰ ৰাইজক উপহাৰ দিলে৷ ইয়াৰ লগে লগে বাপতিসাহোন জাতীয় উৎসৱ ৰঙালী বিহুৰ নতুন যাত্ৰা আৰম্ভ হ’ল। বৰ অসমৰ, পাহাৰ-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ ভাই-ভনীসকল পূৰ্বৰ দৰে একত্ৰ ৰূপত সমবেত হৈ গীত-বাদ্য-নৃত্য পৰিৱেশন কৰি সাংস্কৃতিক সমন্বয়ৰ ধ্বজা উৰুৱাই ৭০ বছৰে এই পৰিক্ৰমা অব্যাহত ৰাখিছে৷ ৰংঘৰৰ বাকৰিৰ পৰা আৰম্ভ হোৱা আমাৰ গৌৰৱময় সাংস্কৃতিক ইতিহাসক লতাশিলে এক শৃঙ্খলিত আৰু আধুনিক ৰূপ প্ৰদান কৰিলে৷ ইয়াৰ দ্বাৰা আমাৰ জাতীয় সংস্কৃতি-সম্প্ৰীতি অধিক মহিমামণ্ডিত হোৱাৰ লগতে এই মঞ্চক অনুসৰণ কৰি আজি সমগ্ৰ বিশ্বতে থকা অসমৰ জনসাধাৰণে প্ৰান্তে প্ৰান্তে সাতভনীৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ ধাৰা আৰম্ভ কৰিছে৷ এই অনন্য কৰ্মৰ বাবে সপোন সন্ধানী আৰু ইয়াক সাকাৰ ৰূপ দিয়া আৰ জিৰ ওচৰত অসমীয়া জাতি কৃতজ্ঞ হৈ থাকিব৷
❧ | আৰু পঢ়ক: শিল্পী-সজ্ঞীতজ্ঞ বনকোঁৱৰ আনন্দিৰাম দাস
এজন সম্পূৰ্ণ সংস্কৃতিবান ব্যক্তি আৰ জিয়ে বহুকেইখন মঞ্চ নাটত অভিনয় কৰাৰ লগতে অসমীয়া বোলছবি ‘মনোমতী’ আৰু ‘পূবেৰুণ’তো তেখেতৰ অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰিছিল৷ বিশ্বৰে একক আৰু অভিনৱ সাংস্কৃতিক অনুষ্ঠান ‘ভ্ৰাম্যমাণ থিয়েটাৰ’ নামটোও আৰ জিয়ে দিছিল৷ জন্মস্থান শিৱসাগৰ আৰু শৈশৱ-যৌৱনৰ কৰ্মস্থলী ডিব্ৰুগড়ৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগতো আৰ জিৰ জীৱন জড়িত হৈ আছিল৷ ওৰেটো জীৱন নতুন নতুন সপোন দেখি আৰু সেই সপোনক সাকাৰ ৰূপ দিয়াৰ লগতে বহু সৃষ্টিশীল কামেৰে অসমীয়া জাতিলৈ অনবদ্য অবদান আগবঢ়াই ১৯৭৭ চনৰ ১৫ জুলাইৰ দিনা মহাপ্ৰয়াণ হোৱা আৰ জিলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিলোঁ৷
Follow Nilacharai on Facebook