উ ৎসৱ-অনুষ্ঠান সামাজিক ব্যাপাৰ; যিহেতু সমাজ উৎসৱ-অনুষ্ঠানৰ আধাৰ, সামাজিকজনক আশ্ৰয় কৰি এই বিধ সামাজিক আচাৰ-অনুষ্ঠানৰ জন্ম-বিকাশ আৰু অগ্রগতি তথা উত্তৰণ। সমাজৰ শাৰীৰিক-বাচিক-মানসিক আচৰণ আদিয়ে মূর্তিমন্ত ৰূপ পৰিগ্ৰহ কৰে উৎসৱ-অনুষ্ঠান স্বৰূপে। সেইবাবেই উৎসৱ-অনুষ্ঠানে একক আচৰণৰ পৰিৱৰ্তে বহু আচৰণ প্রকাশৰ প্ৰৱণতা প্ৰকাশ কৰে। চমুকৈ ক’বলৈ গ’লে উৎসৱ-অনুষ্ঠান এক জটিল সামাজিক ব্যাপাৰ।
সূচী
দেশে দেশে ঋতুকালীন উৎসৱ
উৎসৱ-অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সময়, কাল, ঋতু, উদ্দেশ্য, ৰূপ, সংযুতি আদিলৈ লক্ষ্য কৰি এইবিধ সাংস্কৃতিক বা লোক-সাংস্কৃতিক উপাদানক কৃষি ভিত্তিক বা ঋতুকালীন, পঞ্জিকা আশ্রয়ী, জীৱন-বৃত্তৰ সৈতে জড়িত আদি বিভিন্ন উপশ্রেণীত বিভক্ত কৰিব পাৰি। এই উপশ্রেণীসমূহৰ ভিতৰতো আকৌ কৃষি বিষয়ক বা ঋতুকালীন উৎসৱ-অনুষ্ঠান বিশেষভাৱে উল্লেখযোগ্য এই কাৰণেই যে এইবিধ উৎসৱ-অনুষ্ঠান কৃষি, কৃষক, জীৱিকা নির্বাহৰ সমস্যা, অর্থনৈতিক সংঘাত বা সমস্যা, উৎপাদনৰ সমস্যা আৰু আনন্দ, শোষণৰ প্রৱণতা, উপভোগৰ পৰিতৃপ্তি, অলৌকিক শক্তিৰ কাৰুণ্য লাভৰ বিনম্ৰতা আদিৰ সৈতে সম্পৃক্ত। গতিকে কৃষি বিষয়ক বা ঋতুকালীন উৎসৱ-অনুষ্ঠানৰ বিভিন্ন সংযুতিত জন-গণ-মনৰ প্ৰতিফলন সুদূৰপ্ৰসাৰী। এই কাৰণে পৃথিৱীৰ সর্ব সংস্কৃতিত কৃষিভিত্তিক বা ঋতুকালীন উৎসৱ-অনুষ্ঠান পৰম্পৰাগতভাৱে পালন কৰি অহা দেখা যায়। কাৰ্নিৱেল (Carnival), মে’ ডে (May Day) আদি উৎসৱেই ইয়াৰ প্ৰমাণ। কাৰ্নিৱেল উৎসৱ সমগ্ৰ ইউৰোপ আৰু আমেৰিকাত শীতকালত পালিত হয়। এই উৎসৱৰ এটি অন্যতম বিশেষত্ব হৈছে শীতৰ প্রতিকৃতি দাহন— উদ্দেশ্য— কঠোৰ শীত সামাজিকভাৱে বহিষ্কৰণ। ইয়াৰ বাহিৰে আই বসুমতীৰ উৰ্বৰতা শক্তিৰ বৃদ্ধি কামনা, মৃত্যু, ভূত-প্ৰেত, খেতি-বাতিৰ অন্যায়কাৰী অপশক্তি বহিষ্কৰণ আদি উদ্দেশ্যও কাৰ্নিৱেল উৎসৱৰ সৈতে জড়িত। ধর্মীয় কৃত্য, শোভাযাত্রা, সামূহিক ভোজন, গীত-নৃত্য আদি পৰিৱেশন, পৰম্পৰাগত বাদ্যযন্ত্ৰ সংগত, পৰম্পৰাগত পোছাক-পৰিচ্ছদ, অয়-অলংকাৰ পৰিধান আদিও কাৰ্নিৱেল উৎসৱৰ অপৰিহাৰ্য সাংযুতিক একক। অসমৰ মাঘ বিহু বা ভোগালী বিহুৰ সৈতে যে কাৰ্নিৱেল উৎসৱৰ সাদৃশ্য ৰক্ষিত হৈ আহিছে, তাত সন্দেহ নাই। তেনেদৰে মে’ ডে উৎসৱৰ সৈতে অসমৰ ব’হাগ বিহু বা ৰঙালী বিহুৰ সাদৃশ্য চকুত লগা। এইদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে ঋতুকালীন উৎসৱ-অনুষ্ঠানৰ জৰিয়তে বিশ্বজনীন আৱেগ-অনুভূতি আৰু আচৰণ ব্যঞ্জিত হৈ আছে। এই বিশ্বজনীন বৈশিষ্ট্যৰ অন্যতম উৎস— উৎসৱগত প্রতীক। এই প্রতীকবোৰ অনেক পৰিমাণে আদিম মানৱৰ আনুভূতিক আচাৰণৰ সৈতে সম্পৃক্ত। আধুনিক সমাজতো সেই প্রতীকবোৰ অপৰিৱর্তিত ৰূপত বা পৰিৱর্তিত ৰূপত ৰক্ষিত হৈ আহিছে— সেইবাবে পৃথিৱীৰ বিভিন্ন সমাজত প্ৰচলিত ঋতুকালীন বা কৃষিৰ সৈতে বিজড়িত উৎসৱ-অনুষ্ঠানৰ মাজত কম-বেছি পৰিমাণে সাদৃশ্য ৰক্ষিত হৈ আহিছে, যিহেতু পৰম্পৰাগত উৎসৱ-আচৰণে (festival behaviour) কাৰ্যকৰী প্রতীক স্বৰূপে কাম কৰা দেখা যায় বিশেষকৈ অভীপ্সিত আবেগ-অনুভূতি প্রকাশ কৰাৰ অনুষংগত। উৎসৱ-আচৰণে প্ৰতীকী-অন্যোন্যক্ৰিয়া (Symbolic interaction)ৰ আধাৰত প্রতিষ্ঠিত আবেগ-অনুভূতিৰ অনুক্রম গ্রহণ কৰে।
অসমৰ ঋতুকালীন উৎসৱ বিহু
অসমৰ ঋতুকালীন উৎসৱ বিহু স্বৰূপাৰ্থত সংহতিৰ শতদল। ভাৰতীয় সংস্কৃতিৰ পটভূমিত বিহু উৎসৱৰ উদ্ভৱ আৰু বিকাশ হোৱাৰ অনুকুলে মত পোষণ কৰিব পাৰি। দ্বিতীয়তে, অসমৰ অনুষংগত বিহু উৎসৱৰ যৌগিক ৰূপ পৰিগ্ৰহণত চিনীয়-তিব্বতো-মংগোলীয় সাংস্কৃতিক সমলৰ ভূমিকা অনস্বীকার্য। ‘বিহু’ শব্দটো আহিছে সংস্কৃত ‘বিষুৱৎ’ শব্দৰ পৰা। বৈদিক ‘বিষুৱন’ অভিধাৰ দ্যোতনাই এবছৰ ব্যাপী অনুষ্ঠিত ‘সত্ৰ’ বা ‘যজ্ঞ’ৰ মাজৰ দিনটোক সূচাইছিল, অর্থাৎ দিন আৰু ৰাতি প্রায় সমান হোৱা দিনটোৱেই ‘বিষুৱৎ’ স্বৰূপে পৰিচিত।১ এই দিনটোতেই গৰু-ম’হ আদি সংগ্ৰহৰ অৰ্থে আৰু পোহনীয়া জন্তুৰ মংগল কামনা কৰি লগতে শস্য বৃদ্ধিৰ বাবে সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ এটি উৎসৱ উদযাপিত হৈছিল আৰু এই উৎসৱটো ‘গোৱময়ন’ নামেৰে পৰিচিত।২ সংস্কৃত ‘বিষু’ পদৰ অর্থ— দুটা সমান অংশৰ তদ্ৰুপ ‘বিষুৱন’ অভিধাৰ প্ৰথম অৰ্থ বিষুৱ ৰেখা আৰু দ্বিতীয় অর্থ যজ্ঞ-সত্ৰৰ মধ্য দিনটো। অসমীয়া ‘বিহু’ পদটোৰ প্ৰকাৰ্যৰ সৈতে বৈদিক ‘বিষুৱন’ পদৰ প্ৰকাৰ্যৰ সাদৃশ্য কৰিব পাৰি, যিহেতু বিহু উৎসৱতো বিভিন্ন ধর্মীয় কৃত্য উদযাপিত হোৱাৰ উপৰিও গৰু-ম’হ আদি পোহনীয়া জন্তুৰ মংগল কামনা কৰি অগ্নি আদি দেৱতাক প্রার্থনা কৰা হয়। বৈদিক দেৱতা অগ্নিৰ লগত সূৰ্য অভিন্ন। গতিকে সূৰ্য-উপাসনাই আমি উপাসনা ৰূপে কল্প সলাইছে। এই ফালৰ পৰা সহজে অনুমান কৰিব পাৰি যে বৈদিক ‘গোৱময়ন’ উৎসৱেই ৰূপান্তৰিত হৈ বিহু উৎসৱ স্বৰূপে কল্প সলাইছে।
সামবেদত দুপ্ৰকাৰ গানৰ নামোল্লেখ পোবা যায়: (ক) যজ্ঞৰ সৈতে জড়িত গীত আৰু (খ) গ্রাম্যগেয় গান বা প্রকৃতি গীত বা বেয়গীত। কৃষিজীৱী লোকে গোৱা গ্রাম্য বা প্রকৃতি বা বেয়গীতসমূহ পথাৰ-সমাৰ, খেতি-বাতি আদিৰ সৈতে জড়িত। প্রজনন-যাদুৰ উৎকর্ষ সাধনৰ বাবে এই বিধ গীত গোৱা হৈছিল। এই দিশৰ পৰা ‘বেয়’ অভিধাৰ পৰা বিষো, বিসু বা বিহু আদি পদৰ উদ্ভৱ হ’ব পাৰে।৩ আই ধৰিত্ৰীৰ প্ৰজনন শক্তি বৃদ্ধিৰ অর্থে আৰু বৃষ্টি আনয়নৰ বাবে বৈদিক ‘মহাব্রত’ যজ্ঞত নাৰীসকলে প্ৰজ্বলিত অগ্নিকুণ্ডৰ চাৰিওফালে অর্থাৎ বৃত্তাকাৰভাৱে নৃত্য কৰিছিল। দ্বিতীয়তে, এই উৎসৱত মহিলাৰ দুটা দলৰ মাজত অশ্লীল ধৰণৰ গালাগালিও অনুষ্ঠিত হৈছিল।৪ লোকধর্মী এই অনুষ্ঠান দুটাৰ অন্যতম উদ্দেশ্য আই বসুমতীৰ উৰ্বৰতা বৃদ্ধি কামনা। বিহুত, বিশেষকৈ মাঘ বিহুত অশ্লীল গালাগালিৰ ভূমিকা পৰিলক্ষ্যণীয়। মহাব্রত যজ্ঞৰ প্ৰসংগত অনুষ্ঠিত নৃত্যৰ দৰে বিহুনাচো বৃত্তাকাৰ। মহাব্রত যজ্ঞৰ সৈতে সম্পৃক্ত নৃত্যত প্রাধান্য লাভ কৰে নাৰীয়ে, তেনেদৰে বিহুনাচতো নাৰীৰ প্রাধান্য সহজানুমেয়। মহাব্ৰত যজ্ঞৰ সামগ্রিক উদ্দেশ্য বৃষ্টি কামনা আৰু ধৰিত্ৰীৰ উৰ্বৰতা বৃদ্ধি আকাংক্ষা।৫ তেনেদৰে বিহু উৎসৱৰ সামগ্রিক উদ্দেশ্য বৃষ্টি কামনা আৰু আই বসুমতীৰ উৰ্বৰতা-আকাংক্ষা।
ওপৰৰ আলোচনাৰ পৰা অতি সহজে অনুমান কৰিব পাৰি যে বৈদিক মহাব্রত যজ্ঞৰ সৈতে বিহু-পৰম্পৰাৰ অনেক সাদৃশ্য ৰক্ষিত হৈছে। এইফালৰ পৰা আমি স্পষ্টভাৱে ক’ব পাৰোঁ যে বিহুৰ পৰম্পৰা অতিকে প্রাচীন আৰু সময়ৰ অগ্রগতিৰ লগে লগে এই জীৱন্ত পৰম্পৰা বিশেষত বিভিন্ন সংস্কৃতিৰ সমলে তাৎপর্যপূর্ণ স্থান অধিকাৰ কৰি আহিছে। সেইহে বিহু উৎসৱৰ লগত বিভিন্ন নৃগোষ্ঠীৰ মাজত প্ৰচলিত বিহুৰ সমগোত্রীয় উৎসৱৰ বিস্ময়কৰ সাদৃশ্য লক্ষ্য কৰা যায়; অথবা বিহু সদৃশ উৎসৱ ৰাশিৰ মূল প্ৰেৰণা আৰু উৎস এটাই।
উজনি অসমত বিহু, নামনি অসমত দোমাহী, দোমাসী, দুমেহী, দুমহী আৰু অবিভক্ত গোৱালপাৰাত বিসুৱা, পুষণা, কাতিদোল আদি স্বৰূপে পৰিচিত কৃষি আৰু নৱবৰ্ষৰ সৈতে সম্পৃক্ত এই ঋতুকালীন উৎসৱটি তিনিটা ভাগত বিভক্ত— ব’হাগ বিহু বা ৰঙালী বিহু, মাঘবিহু বা ভোগালী বিহু আৰু কাতি বিহু বা কঙালী বিহু।
শীতকালীন উৎসৱ মাঘ বিহু
মাঘৰ বিহু বা দোমাহী বা ভোগালী বিহু পুহ মাহৰ শেষৰ দিনটোত অনুষ্ঠিত হয়। মাঘ বিহু বা ভোগালী বিহু পৰম্পৰাৰ আভাস পোৱা যায় বৈদিক পৰম্পৰাত। বৈদিক যুগত মকৰ সংক্রান্তিৰ অনুষংগত মহাব্রত নামৰ এটি উৎসৱ অনুষ্ঠিত হৈছিল (ইতিমধ্যে উল্লেখ কৰা হৈছে)। কঠোৰ শীত বিদূৰণৰ উদ্দেশ্যে বসন্ত ঋতুক আহ্বান জনাই সূৰ্য দেৱতাক এই উৎসৱৰ অনুষংগত উপাসনা কৰা হৈছিলি। মহাব্রত উৎসৱ স্বৰূপাৰ্থত প্রতিশেষধমূলক যাদুৰ ওপৰত প্রতিষ্ঠিত; যিহেতু অকল্যাণ বিদূৰণ আৰু কল্যাণ কামনা— এই দুটা প্রধান আচৰণে এই উৎসৱত বিশেষভাৱে প্রাধান্য লাভ কৰে। অন্যহাতে প্রজনন কৃত্যৰ লগতো মহাব্রত উৎসৱৰ অংগাংগী সম্পর্ক অস্বীকাৰ কৰিব নোৱাৰি।৬
মাঘ বিহুৰ কৃত্যসমূহৰ ভিতৰত অগ্নি-পূজা আৰু গো-পূজা অন্যতম। মেজি, পুজি, ভেলাপুজি, ভেলাঘৰ দাহন আদি মাঘ বিহুৰ অন্যতম কৃত্য, যাৰ লক্ষ্য অগ্নিসেৱা। ‘মেজি’ পদটো উদ্ভৱ হৈছে বৈদিক ‘মেধ্য’ পদৰ পৰা, অর্থ যজ্ঞীয়, মূল শব্দ ‘মেধ’ৰ অর্থ যজ্ঞ। যজ্ঞৰ জৰিয়তে অগ্নিক পূজা কৰা হৈছিল— বৃষ্টি আনয়ন যাদু সম্পাদনৰ বাবে। গতিকে ‘মেজি’ পদৰ ৰূপ, অৰ্থ আৰু উদ্দেশ্যৰ সৈতে মেধ বা মেধ্যৰ ৰূপ, অৰ্থ আৰু উদ্দেশ্যৰ মিল দেখা যায়। প্রাচীন অগ্নিপূজা-পৰম্পৰাৰ ধাৰক স্বৰূপে আজিও যেন ভোগালী বিহুৰ মেজি, ভেলা-পুজি আদিয়ে ভূমিকা গ্ৰহণ কৰি আহিছে। আজিও গাঁৱে-ভূঞে বুঢ়া-মেথাসকলে অথবা বয়স প্ৰৱীণ পুৰুষসকলে ভোগালী বিহুৰ দিনা প্রাতসতে স্নানাদিৰ অন্তত মেজি পোৰা স্থানলৈ গৈ আনুষ্ঠানিকভাৱে মেজিত অগ্নি সংযোগ কৰি ফুল, আৰৈ চাউল, তিল আদি অৰ্পণ কৰি অগ্নি দেৱতাক পূজা কৰে তলত দিয়া মন্ত্ৰটো সুৰ লগাই আবৃত্তি কৰি:
অগ্নিং প্ৰজ্বলিতং ৱন্দে চতুৰ্ৱেদহুতাশনম্।
সুৱৰ্ণৱৰ্ণমমলং জ্যোতিৰূপায় তে নমঃ।।
কঠোৰ শীত বিদূৰণ মাঘ বিহুৰ মেজি দাহনৰ অন্যতম লক্ষ্য। এই প্ৰসংগত ইউৰোপ, আমেৰিকা আদি দেশ-মহাদেশৰ বিভিন্ন অঞ্চলত প্রচলিত কাৰ্নিৱেল উৎসৱলৈ (ইতিমধ্যে উল্লিখিত) আঙুলিয়াব পাৰি। কঠোৰ শীত বিদূৰণৰ অৰ্থে কাঠ-বাঁহ-খেৰ আদিৰে শীতৰ প্রতিকৃতি এটি নির্মাণ কৰি তাত অগ্নি সংযোগ কৰা হয়। শীতৰ কঠোৰতাৰ প্ৰতীকাত্মক ৰূপ দাহনৰ জৰিয়তে আমন্ত্ৰণ জনোৱা হয় বসন্ত ঋতুৰ মধুৰতাক। মাঘ বিহুৰ প্ৰসংগত নিৰ্মিত মেজি বা ভেলাপুজি বা ভেলাঘৰ আদি স্বৰূপার্থত শীতৰ প্রতীক। মাঘ বিহু বা দোমাহীৰ দিনা বিহান পুৱাতেই অর্থাৎ প্ৰাতসতে মেজি বা ভেলাপুজি দাহন কৰাৰ তাৎপৰ্য— কঠোৰ শীতক দাহন কৰা; অথবা শীত বহিষ্কৰণ আৰু বসন্তৰ মধুৰ-কোমল তাপ আদৰণ। এই সন্দৰ্ভত ৰবাৰ্ট জে স্মিথৰ এটি উক্তি বিচাৰ্য: While often the festivals have included such ceremonies at the burning of an effigy called Winter and the bringing in of a representation of spring…’।৭
মাঘ বিহু শীতকালীন কৃষি উৎসৱ। সাধাৰণতে উজনি অসমত ব’হাগ বিহু বা ৰঙালী বিহুৰ পয়োভৰ বেছি আৰু নামনি অসমত তুলনামূলকভাৱে মাঘ বিহু বা মাঘৰ দোমাহীৰ পয়োভৰ বিশেষভাৱে লক্ষ্য কৰা যায়। লোকজীৱন আৰু লোকমনৰ ওপৰতো মাঘ-দোমাহীৰ প্ৰভাৱ অত্যন্ত গভীৰ। ভাৰতৰ সর্বত্ৰতে মাঘ বিহু মকৰ সংক্রান্তি স্বৰূপে উদযাপিত হয়। মকৰ সংক্রান্তিত গংগাদি নদীত স্নান বা সাগৰত স্নান আৰু দান দিয়া অতি পুণ্যৰ কাম বুলি বিবেচিত হোৱাৰ পৰম্পৰা হিন্দুসকলৰ মাজত প্ৰচলিত। মকৰ সংক্রান্তি বা মাঘবিহুৰ প্ৰসংগত বিভিন্ন মেলা-সভা আদি অনুষ্ঠিত হোৱাৰ নিদর্শন বিশেষকৈ নামনি অসম আৰু ভাৰতৰ আন আন স্থান বা অঞ্চলত লক্ষ্য কৰা যায়। অসম তথা ভাৰতৰ হিন্দুসকলৰ মাজত মাঘবিহু বা মকৰ সংক্রান্তি প্ৰায়ে ধর্মীয় অনুষংগতহে পালিত হয়। অসমৰ প্রসিদ্ধ সত্ৰ-সচং-নামঘৰ আদিতো ধৰ্মীয় অনুষংগত মাঘবিহু পালন কৰা হয়। দ্বিতীয়তে, মাঘ বিহুত খোৱা-লোৱাৰো ধুমধাম চলে! মাঘবিহুত সর্ব ভাৰততে তিলৰ লাড়ু খোৱা পৰম্পৰা প্রচলিত। তিল সংহতিৰ প্রতীক। গতিকে ভাৰতৰ বিভিন্ন অঞ্চল আৰু ভাৰতীয় জন-গণৰ মাজত ঐক্য-সংহতি আৰু ভ্ৰাতৃত্ববোধ স্থাপনত মকৰ সংক্ৰান্তি বা মাঘ বিহুৰ ভূমিকা তাৎপর্যপূর্ণ।
ভিন্ন জাতি-গোষ্ঠীৰ শীতকালীন উৎসৱ
কেৰেলাৰ জাতীয় উৎসৱ ‘ওনম’ (Onam) ভোগালী বিহুৰ সমধৰ্মী। মাঘ বিহুৰ নিচিনাকৈ ওনম উৎসৱতো খোৱা-লোৱাৰ পূৰ্ণ পয়োভৰ দেখা যায়। মাঘৰ দোমাহীত যিদৰে অঙহী-বঙহীক নিমন্ত্ৰণ কৰি জুতি লগাকৈ এসাজ খুওৱা হয়; তদ্ৰূপ ওনম উৎসৱতো মিতিৰ-কুটুম আদিক ভোজ-ভাতেৰে আপ্যায়িত কৰাৰ পৰম্পৰা অক্ষুণ্ণভাৱে চলি আহিছে। ছোটনাগপুৰৰ আদিবাসীসকলে ‘মঘে উৎসৱ’ উদযাপন কৰে মকৰ সংক্রান্তিৰ অনুষংগত। অসমৰ মাঘৰ দোমাহীৰ দৰে মঘে উৎসৱো অনুষ্ঠিত হয় কৃষি-ফচল সংগ্রহ কৰাৰ অন্তত।৮ ডব্লিউ জি আৰচাৰ (W.G. Archer)ৰ মতে, চাওতালসকলে ‘চোহ্ৰে’ (Sohre) উৎসৱ পালন কৰে জানুৱাৰী মাহত। কৃষি উৎসৱ চোহ্ৰে অসমৰ মাঘ বিহুৰ সমধর্মী। নৃত্য-গীত আৰু খোৱা-লোৱা আদি চাওতালসকলৰ চোহ্ৰে উৎসৱৰ অন্যতম বৈশিষ্ট্য।৯ উড়িশাৰ ভূঁইয়াসকলে মাঘ মাহত ‘মাহ-পোৰাই’ উৎসৱ পালন কৰে। মাঘ-পোৰাই কৃষি উৎসৱ, শস্য সংগ্ৰহৰ অন্তত এই উৎসৱ উদযাপিত হয়। অসমৰ মাঘ বিহুৰ সৈতে মাঘ-পোৰাই উৎসৱৰ সাদৃশ্য চকুত লগা। তেনেদৰে ছোটনাগপুৰৰ হোসকলেও ভোগালী বিহুৰ সমধর্মী উৎসৱ পালন কৰে পথাৰৰ ফচল সংগ্ৰহৰ অন্তত।
নেপালত মকৰ সংক্ৰান্তিৰ জনপ্রিয়তা লক্ষ্য কৰা যায়। এই উৎসৱৰ প্রসংগত পৱিত্ৰ নদীত স্নান, পূজা-উপাসনা, নৃত্য-গীত, বাদ্য-বাজনা আদি অপৰিহাৰ্য। ইয়াৰ বাহিৰেও তিল আৰু তিলৰ লাড়ু, মিঠা আলু, মিঠা পালেং, খিচিৰি, চেনি মিশ্রিত মচুৰ দাইল, মঙহ, ঘৰত প্ৰস্তুত কৰা মদ, বিয়াৰ আদি বন্ধু-বান্ধৱৰ সৈতে নেপালীসকলে ভক্ষণ কৰে।১০ অসমৰ মাঘ বিহুৰ দৰে নেপালৰ মকৰ সংক্রান্তিতো যে ধৰ্মীয় কৃত্য আৰু ভোগত গুৰুত্ব দিয়ে তাৰ আভাস ইয়াৰ পৰা পোৱা যায়। গতিকে নেপালৰ মকৰ সংক্রান্তিক মাঘৰ দোমাহীৰ সমগোত্রীয় উৎসৱ আখ্যা দিব পাৰি।
অৰুণাচলৰ বিভিন্ন নৃ-গোষ্ঠীৰ মাজত মাঘ বিহু বা ভোগালী বিহুৰ সমগোত্রীয় উৎসৱৰ প্ৰচলন দেখা যায়। পাহাৰী মিৰিসকলে উদযাপন কৰা ‘বুৰিবুত’ উৎসৱ সংযুতি আৰু অনুষংগৰ লগত মাঘ বিহুৰ সাদৃশ্য মন কৰিবলগীয়া। নিশিসকলৰ দ্বাৰা পালিত ‘ন্যোকুম’ উৎসৱৰ উদ্দেশ্য, সংযুতি, অৰ্থৰ সৈতে ভোগালী বিহুৰ মিল স্পষ্ট। তেনেদৰে মনপাসকলে জানুৱাৰী মাহত উদযাপন কৰা ‘তোৰগ্যা’, আদিসকলৰ ‘আৰাণ’ বা ‘পোম্বি’, গালংসকলৰ ‘মপিন’ আদি কৃষি-উৎসৱৰ সৈতে মাঘ বিহুৰ মিল নথকা নহয়। আংগামী নগাসকলৰ দ্বাৰা উদযাপিত ‘চাখেচাং’ উৎসৱৰ লগতে ভোগালী বিহু সাধাৰণ সাদৃশ্য লক্ষ্য কৰা যায়। ত্ৰিপুৰাৰ জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত মাঘ বিহু পৌষ সংক্রান্তি স্বৰূপে পৰিচিত। পৌষ সংক্রান্তিত পৱিত্ৰ নদীত বিধিমতে স্নান কৰাৰ উপৰিও ভোজ-ভাত খোৱাৰ ব্যৱস্থা কৰা দেখা যায় আৰু এই উপলক্ষে বিভিন্ন স্থানত মেলা অনুষ্ঠিত হয়।
অসমৰ বড়োসকলৰ সমাজত মাঘ বিহু ‘দোমাসী’ নামেৰে পৰিচিত। দোমাসীত ‘বেলাগুৰ’ অৰ্থাৎ ভেলাঘৰ বান্ধে গৰখীয়াসকলে। উৰুকাৰ নিশা গৰখীয়াসকলে বেলাগুৰত গোটেই নিশাটো গীত-পদ গাই গাই আমোদ-প্রমোদ কৰি শেষ নিশা মাছে-মঙহে ভোজ খায়। এই ভোজৰ নাম ‘লাওখাৰ এংনায় য়ৌংখাম’, অৰ্থাৎ ‘গৰখীয়া বিষয়ৰ পৰা অব্যাহতি পোৱা প্ৰীতি ভোজন’। ইয়াৰ পাছতেই বেলাগুৰত জুই লগাই দিয়ে। বেলাগুৰত জুই লগাই দিয়েই গৰখীয়াসকলে নদী বা পুখুৰীত গা-পা ধুই তিতা গাৰে আহি জুই পুৱায়। গৰখীয়াসকলে এনে অৱস্থাত সমস্বৰে অগ্নিক প্রার্থনা কৰে, যেনে—
ক. জৈ জৈ জৈ, জৌংনি লাগৗনি জৈ।
(অর্থাৎ, জয় জয়, আমাৰ গাঁৱৰ জয় হওক।)
খ. খৌলানি ৰোগ বিয়াদি খৌলাহা থাংথৌ,
ছৌনাৱনি ৰোগ বিয়াদি ছৌনাৱহা থাংথৌ,
ছাহানি ৰোগ-বিয়াদি ছাহা থাংথৌং,
ছানজানি ৰোগ-বিয়াদি ছানজাহা থাংথৌ
জৌংনি লাগায়া মায়ৈ দৈ য়ৈ জৈ জৈ মৈ মৈ জাথৌং।।
(অৰ্থাৎ, দক্ষিণ দিশৰ ৰোগ-ব্যাধি দক্ষিণফালে যাওক,
পশ্চিম দিশৰ ৰোগ-ব্যাধি পশ্চিমফালে যাওক,
উত্তৰ দিশৰ ৰোগ-ব্যাধি উত্তৰফালে যাওক,
পূব দিশৰ ৰোগ-ব্যাধি পূবফালে যাওক,
ধনে-ধানে আমাৰ গাঁওখন জয় জয় ময় ময় হওক।)১১
দোমাসীৰ দিনা ঘৰৰ পৰিয়ালে মিলি জা-জলপান খায় আৰু অঙহী-বঙহী আদিকো নিমন্ত্ৰণ কৰে। বড়ো সমাজত প্ৰচলিত দোমাসীয়ে অকল্যাণ বিদবৰণ আৰু কল্যাণকামিতাৰ যাদু সম্পাদন কৰি আহিছে।
মিচিংসকলৰ সমাজতো মাঘ বিহুৰ পৰম্পৰা প্ৰচলিত। অৱশ্যে শস্য চপোৱাৰ অন্তত পালন কৰা বিহুটিক তেওঁলোকে মাঘ বিহু নোবোলে, ‘পঃৰাগ’ বা ‘নৰাছিগা বিহু’হে বোলে। পঃৰাগ উৎসৱৰ বাবে মুৰংঘৰ অপৰিহাৰ্য। সাধাৰণতে গাঁৱৰ মূৰত নাইবা মুকলি ঠাইত মুৰংঘৰ নিৰ্মিত হয়। এই ঘরটিৰ চ’টি আৰু খুঁটাবোৰ কাৰুকাৰ্য খচিত। পঃৰাগ বিহু উদযাপনৰ অৰ্থে কেইটিমান পদবীৰ সৃষ্টি কৰা হয়, যেনে— মিগম বৰা, বৰপুৱাৰী, ডেকা বৰা, তিৰী বৰা ইত্যাদি। পঃৰাগ বিহুত অংশগ্ৰহণ কৰিবৰ বাবে অন্য গাঁৱৰ পৰা
‘মিনম’ বা অতিথিক নিনন্ত্ৰণ কৰি অনা হয়। এই উৎসৱটি তিনি দিন ধৰি পালিত হয়। মাঘ বিহুৰ দৰে পঃৰাগতো খোৱা-লোৱাৰ ধুমধাম চলে। পঃৰাগ বিহুৰ মূল লক্ষ্য— ‘আই বসুন্ধৰা শস্য-শ্যামলা হৈ ভৰি পৰক, চহা ৰাইজে সুখেৰে দিন নিয়াওক।’১২
দেউৰী-চুতীয়াসকলেও মাঘ বিহু পালন কৰে। অৱশ্যে তেওঁলোকৰ সমাজত মাঘ বিহু ‘মাখীয়া বিসু’ নামেৰে পৰিচিত। তিৱা বা লালুংসকলৰ মাজতো মাঘ বিহু বা ভোগালী বিহুৰ সমাদৰ লক্ষ্য কৰা যায়। ডিমাচাসকলৰ মাজত মাঘ বিহু ‘মাঘ সাঞ্জোৰা’ নামেৰে পৰিচিত। মাঘ সাঞ্জোৰাৰ প্ৰসংগত শস্যৰ দেৱতা ব্রাই শিব্ৰাই আৰু বৃষ্টি দাত্রী দেৱী গামাডিক উপাসনা কৰা হয়।১৩ ভৈয়ামৰ কাৰবিসকলেও মাঘ বিহু পালন কৰে— মেজি দাহন, ভোজ-ভাত আদিৰ মাধ্যমেৰে। তেনেদৰে ৰাভা, হাজং আদি নৃগোষ্ঠী, চাহ বাগিচাৰ সমাজ জীৱন আদিয়েও মাঘ বিহু বা মাঘৰ দোমাহী উদযাপন কৰে ধৰ্মীয় কৃত্য আৰু খোৱা-লোৱাত গুৰুত্ব প্রদান কৰি। গোৱালপাৰা অঞ্চলত মাঘ বিহু ‘পুষণা’ নামেৰে পৰিচিত। তেওঁলোকৰ সমাজত ব’হাগ বিহু বা বিষুৱাতকৈ পুষণা অধিক জনপ্রিয়।
নামনি অসমৰ মাঘ বিহু বা মাঘৰ দোমাহীত যদিও বিহুগীত গোৱা নহয় অথবা বিহুনাচ নচা নহয়, তথাপি এই উৎসৱটি গীত-নৃত্য-বাদ্য বৰ্জিত নহয়। নামনি অসমৰ অঞ্চল বিশেষে, মাঘৰ দোমাহীৰ উৰুকাৰ দিনা ৰাতি নাগেৰা বা নাগাৰা নাম, সংকীৰ্তন, খঞ্জুৰী বা খুঞ্জুৰী নাম আদি অনুষ্ঠিত হয়। অঞ্চল বিশেষে আকৌ দোতোৰা সহ লোকগীত গায়। বিহুৰ দিনা নামঘৰ-কীর্তন ঘৰ, গোঁসাইঘৰ আদিত ওজাপালি, খুলীয়া ভাউৰীয়া, আইসকলৰ নাম, নাগাৰা নাম আদি অনুষ্ঠিত হয়। মাঘ বিহুত গোৱা আৰু নাচ নচাৰ পৰম্পৰা জনজাতিসকলৰ মাজত চলতি থকাৰ প্ৰমাণ পোৱা যায়।
পৰম্পৰাগতভাৱে প্রচলিত এষাৰ উক্তি এই প্ৰসংগত উল্লেখ কৰিব পাৰি:
ব’হাগ দোমাহী আনন্দ আৰু ৰঙৰ কাল।
মাঘৰ দোমাহী ধৰম আৰু কৰমৰ কাল।।
সেইবাবে ৰং-বিৰং আৰু আনন্দ-তামচাৰ ওপৰত গুৰুত্ব দিয়া হয় ব’হাগ বিহুত আৰু ধৰম-কৰমৰ ওপৰত গুৰুত্ব দিয়া হয় মাঘ বিহুত।
মকৰ সংক্ৰান্তি উৎসৱৰ উমৈহতীয়া বৈশিষ্ট্য
অসম তথা ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত মকৰ সংক্রান্তি বা পৌষ সংক্ৰান্তি বা মাঘ বিহু বা মাঘৰ দোমাহীৰ মাজত কিছুমান উমৈহতীয়া বৈশিষ্ট্য লক্ষ্য কৰা যায়। যেনে:
- (ক) প্রধানতঃ ই কৃষি উৎসৱ
- (খ) ঋতুকালীন উৎসৱ
- (গ) শীতকালীন উৎসৱ
- (ঘ) ধর্মীয় অনুষংগৰ সৈতে সম্পৃক্ত
- (ঙ) গীত-বাদ্য-নৃত্যৰ স্থিতি
- (চ) নৃত্য-গীততকৈ খোৱা-লোৱাত অধিক গুৰুত্ব
- (ছ) বিভিন্ন বিশ্বাস-জনশ্রুতি-মিথৰ আধাৰত প্রতিষ্ঠিত
- (জ) বৃষ্টি আনয়ন যাদুৰ সৈতে সম্পৃক্ত
- (ঝ) অকল্যাণকাৰী শক্তি বহিষ্কৰণ আৰু কল্যাণকাৰী শক্তি আৱাহন
- (ঞ) উৰ্বৰতা যাদু সম্পাদন আকাংক্ষা।
ওপৰ আলোচনাৰ পৰা সহজে অৱগত হ’ব পাৰি যে ভোগালী বা মাঘ বিহু বিভিন্ন সামাজিক আচৰণৰ যৌগ ৰূপ। বিভিন্ন সংস্কৃতিৰ সমলৰাজিৰ সংহতিত ৰূপ বিশিষ্ট ভোগালী বিহুৱে সমলয়, সমাহৰণ আৰু সম্প্ৰীতিৰ প্রতীক স্বৰূপে সমাজত বিস্ময়কৰ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এই প্ৰসংগতেই ৰক্ষিত হৈছে ইয়াৰ উদ্দেশ্য আৰু তাৎপৰ্য। জাতি-বৰ্ণ-ধর্ম নির্বিশেষে সকলোৱেই ভোগালীৰ ভোগেৰে অনুপ্ৰাণিত হৈ মানৱ কল্যাণত ব্ৰতী হ’ব পাৰিলেই ইয়াৰ উদ্দেশ্য আৰু তাৎপৰ্যৰ সার্থকতা ৰক্ষিত হ’ব। মানৱৰ বহিঃ আচৰণেও যুগে যুগে মানৱৰ ঐক্যকেই প্ৰকাশ কৰি আহিছে, তেনে ক্ষেত্ৰত মানৱৰ অন্তঃ আচৰণ আবেগ-অনুভূতিয়েও সমাজ আৰু দেশৰ আবেগিক ঐক্যত গুৰুত্ব দিবলৈ প্ৰয়াস কৰা উচিত, কাৰণ ঐক্য আৰু সংহতি অবিহনে মানৱৰ কল্যাণ সাধন অসম্ভৱ।
স্বৰূপাৰ্থত ভোগালী বিহুৰ ভোগ সামাজিক ঐক্যৰ আধাৰত পর্যবসিত। হিংসা সন্ত্ৰাস মুক্ত বা শক্তিযুক্ত সমাজহে এই উৎসৱৰ প্ৰকৃত ভিত্তি। সামাজিক শান্তিৰ আধাৰতহে ভোগালীৰ ভোগৰ প্ৰকৃত তৃপ্তি।
পাদটীকা
১. ঐতৰেয় ব্ৰাহ্মণ, ১১/৭/১৫
২. ঐতৰেয় ব্ৰাহ্মণ, ৪/১৮/৬
৩. ৰাজমোহন নাথ, অসম সাহিত্য সভাৰ তিনিচুকীয়া অধিৱেশনৰ বুৰঞ্জী শাখাৰ অভিভাষণ (১৯৫৮)
৪. A.B. Keith, The Sanskrit Drama, PP. 24-25
৫. Ibid, P. 24; ঋগ্বেদ, ১/২৮/৫, ৬/৪৭/২৯-৩০
৬. কালিৰাম মেধি, অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব, পাতনি, পৃ. ৩১
৭. Robert J. Smith, Festivals and Celebrations in Folklore and Folklife: An Introduction, ed. R.M. Dorson, P. 161
৮. P. Goswami, Bohag Bihu of Assam and Bihu Songs, P.43
৯. W.G. Archer, ‘Festival Songs’ in Man in India, P.12
১০. Mary M. Anderson, The Festivals of Nepal, PP. 223-225
১১. ভবেন নাৰ্জী, বৰো-কছাৰীৰ জন সাহিত্য, পৃ. ২-৭
১২. নন্দেশ্বৰ পাঃমে গাম, ‘পঃৰাগ, মিচিং সংস্কৃতিৰ আলেখ্য, পৃ. ১১৩
১৩. N. N. Barua, The Dimaca Society and Their Folk Songs, PP. 1-2
❧ | আৰু পঢ়ক: