অসমীয়া সাহিত্য আৰু সংস্কৃতি জগতৰ এক বিৰল প্ৰতিভা আৰু সংগ্ৰামী জীৱনাদৰ্শনৰ মাজেৰে প্ৰকাশিত হৈ উঠা এগৰাকী চিৰস্মৰণীয় ব্যক্তি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। বহুমুখী প্ৰতিভাসম্পন্ন এই গৰাকী ব্যক্তিয়ে গতানুগতিকতাৰ অৱসাদ আতঁৰাই অসমীয়া নাট্যসাহিত্যলৈ যি নতুনত্ব আনিলে, সেয়া সঁচাকৈ অভূতপূৰ্ব আৰু দূৰদৃষ্টিসম্পন্ন পৰিঘটনা হৈ ৰ’ল।
অসমীয়া সাহিত্যত নাট ৰচনা আৰু অভিনয় কৰাৰ এক শক্তিশালী পৰম্পৰা শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰাই প্ৰৱাহিত হৈ আহিছে। উত্তৰ-শংকৰ যুগৰ অসমীয়া নাটত মহাপুৰুষগৰাকীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ৰচনা কৰা নাটৰ শৈলী, ৰূপবন্ধৰ লগত পাশ্চাত্য আৰ্হিৰ নাটকেও ঠাই দখল কৰে। যদিও ৰূপ বা ফৰ্মটো শংকৰদেৱৰ নাটৰ অনুকৰণতে আছিল, কিন্ত গীত-মাত, বিষয়-নিৰ্বাচন, সংগীত-নৃত্য-সংযোজন আদি অনেক ক্ষেত্ৰতে আছিল অভিনৱ। জ্যোতিপ্ৰসাদৰ ৰচিত নাটকসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ দিনৰে পৰাই অসমীয়া নাট্য সাহিত্যত ইবচেনৰ প্ৰভাৱ পৰিলক্ষিত হয়। তেওঁৰ শ্ৰেষ্ঠ কীৰ্তি ‘কাৰেঙৰ লিগিৰী’ নাটকখন আধুনিক নাটকৰ বাৰ্তাবাহক। প্ৰচলিত নাটৰ জড়তা আঁতৰ কৰিব বিচাৰি অসমীয়া নাটকৰ আধুনিকীকৰণত গুৰুত্ব আৰোপ কৰা জ্যোতিপ্ৰসাদে নাটকক কলাৰ এক বিশিষ্ট অংগ ৰূপে লৈ নাটকৰ মাজেদি আধুনিক সমাজত উদ্ভৱ হোৱা সমস্যা আকৰ্ষণীয় ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰিছিল। ইয়াৰ পৰিণতি স্বৰূপে জন্ম লাভ কৰা ‘কাৰেঙৰ লিগিৰী’য়ে জ্যোতিপ্ৰসাদৰ শিল্প সাধনাৰ উজ্জ্বল স্বাক্ষৰ বহন কৰাৰ লগতে অসমীয়া নাটকক এক বিশেষ স্তৰলৈ উন্নীত কৰাই নহয়, এই নাটখনে পৰৱৰ্তী নাট্যকাৰসকলক দান কৰিছে অনুপ্ৰেৰণাও।
স্বৰাজোত্তৰ কালৰ দুখন বিশেষ নাটক: আহাৰ আৰু জন্ম
ড° শৈলেন ভৰালী
ঊনবিংশ শতিকাত অসমীয়া নাট্য সাহিত্যক পৰিপুষ্ট কৰিছিল লঘু-গহীন সামাজিক নাটক আৰু পৌৰাণিক নাটকে। কুৰি শতিকাৰ আৰম্ভণিতে জাগ্ৰত জাতীয় চেতনাৰ পৰিপ্ৰেক্ষিতত অসমীয়া নাটকৰ সুঁতিটোৱে ঐতিহাসিক পটভূমিলৈ গতি কৰিলে। কিন্ত লাহে লাহে পাশ্চাত্য ধ্যান-ধাৰণা, চিন্তা-প্ৰৱাহে সামাজিক নাটক ৰচনাৰ এটা তীব্ৰ গতি অসমীয়া নাটকত প্ৰৱাহিত কৰিলে। বিলাতৰ পৰা উভতি আহি জ্যোতিপ্ৰসাদে পাশ্চাত্য চিন্তা-কল্পনাৰ আৰ্হিত সামাজিক সমস্যাক পটভূমি হিচাপে লৈ ‘কাৰেঙৰ লিগিৰী’ নাটকখন ৰচনা কৰে। ৰোমাণ্টিক উচ্ছ্বাসে সামাজিক নাটক হিচাপে বৈশিষ্ট্য কিছু হ্ৰাস কৰিছে যদিও পাশ্চাত্য ভাবধাৰা আৰু থলুৱা ভাবধাৰাৰ সংমিশ্ৰণ ঘটাই জ্যোতিপ্ৰসাদে অসমীয়া নাটকক এক বিশিষ্ট ৰূপত অৱতীৰ্ণ কৰোৱালে। ‘নাট্যকলা: দেশী আৰু বিদেশী’ত ড° শৈলেন ভঁৰালীয়ে উল্লেখ কৰিছে— “তেওঁৰ বহল দৃষ্টিভংগীত শিল্পকলাই মানুহৰ সৃজনী শক্তিৰ সকলো দিশকে সামৰি লৈছিল। তেওঁৰ দৃষ্টিত শিল্প হৈছে স্ৰষ্টা, যিয়ে সৃষ্টিমূলক কামত আত্মনিয়োগ কৰে। সেইবাবে মানুহৰ ৰূপান্তৰৰ বাবে, সমাজৰ ৰূপান্তৰৰ বাবে যিসকলে অৰিহণা আগবঢ়ায়, সেই সকলো তেওঁৰ বিচাৰত শিল্পী। শিল্পীৰ সংজ্ঞা যে জ্যোতিপ্ৰসাদে নিজে পূৰণ কৰিছিল, তাৰ বাবে প্ৰয়োজনীয় সামাজিক অভিজ্ঞতা আৰু জীৱনবোধ তেওঁৰ আছিল, সেই কথা তেওঁৰ ‘কাৰেঙৰ লিগিৰী’ নাটকেই প্ৰতিপন্ন কৰিছে।” (পৃ. ১৬, ১৭)
‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ কেন্দ্ৰীয় বিষয় হৈছে প্ৰাচীন মূল্যবোধৰ লগত নতুন প্ৰজন্মৰ সংঘৰ্ষ। আধুনিক সমাজত উদ্ভৱ হোৱা আদৰ্শৰ সংঘাত এই ‘কাৰেঙৰ লিগিৰী’ নাটকখনিত আকৰ্ষণীয়ভাৱে দাঙি ধৰিছে। বিষয়বস্তু মধ্যযুগীয় পৰিৱেশত সংস্থাপিত হ’লেও নাটখনৰ প্ৰতিকী ৰূপটোৰ মাজেদি সমগ্ৰ মানৱক স্পৰ্শ কৰিব পৰা এক বাস্তৱ সত্য প্ৰকাশিত হৈছে। উজ্জ্বল আৰু বৈচিত্ৰ্যপূৰ্ণ চৰিত্ৰ, বাস্তৱধৰ্মী কলা-কৌশল আৰু কাব্যগন্ধী সংলাপে ‘কাৰেঙৰ লিগিৰী’ক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। পুৰণি আৰু নতুনৰ মাজত সংঘটিত বিৰোধক কেন্দ্ৰ কৰি লিখা এই নাটকখনত জ্যোতিপ্ৰসাদে আদৰ্শৰ সংঘাত সুন্দৰকৈ তুলি ধৰিছে। সুন্দৰ কোঁৱৰ আৰু তেওঁৰ মাতৃ ৰাজমাওৰ বাদানুবাদৰ মাজেদি আৰম্ভ হোৱা নাট্য কাহিনীটোৰ সহায়েৰে জ্যোতিপ্ৰসাদে সামাজিক ৰূপান্তৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা সৃষ্টি কৰিব পৰা বিপদ-আপদসমূহৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নাটকৰ বিষয়বস্তু আৰু বিকাশত ৰোমাণ্টিক প্ৰাধান্য আছে যদিও নাটকখনত নিৰ্মাণ কৌশলৰ চাতুৰ্য পৰিলক্ষিত হয়।
প্ৰচলিত নাট্যৰীতিৰ পৰিৱৰ্তে আধুনিক নাটকৰ লক্ষণ ‘কাৰেঙৰ লিগিৰী’ত ছটা দিশত দেখা পোৱা যায়, সেইকেইটা হৈছে— (ক) মঞ্চ নিৰ্দেশনা (খ) কাহিনী (গ) চৰিত্ৰ সৃষ্টি (ঘ) সংলাপ (ঙ) নাটকীয় ত্ৰি ঐক্য আৰু (চ) থলুৱা নৃত্য-গীতৰ সংযোজন।
সূচী
মঞ্চ নিৰ্দেশনা:
পাশ্চাত্য মঞ্চৰ কলা-কৌশল চকুৰ সন্মুখত ৰাখি জ্যোতিপ্ৰসাদে নাটক লেখোঁতে প্ৰায়ে দীঘলীয়া মঞ্চ নিৰ্দেশনা লিপিবদ্ধ কৰিছিল। এই নিৰ্দেশনাত প্ৰায়ে নৈসৰ্গিক পটভূমি অথবা কাহিনীয়ে বিচৰা পটভূমি যথাযথ অংকনত গুৰুত্ব দিলে। ইয়াৰ অগতে কোনো অসমীয়া নাট্যকাৰে এনে দীৰ্ঘ পটভূমি অংকনত গুৰুত্ব দিয়া নাছিল। ‘কাৰেঙৰ লিগিৰী’ নাটকখনত চৰিত্ৰ আৰু পৰিস্থিতিৰ স্বৰূপ ভালকৈ উপলব্ধি কৰাত সহায় কৰিবলৈ প্ৰচলিত নাট্যৰীতি পৰিহাৰ কৰি বহল মঞ্চ নিৰ্দেশনাৰ ব্যৱস্থা কৰিছে। চৰিত্ৰ আৰু পটভূমিৰ পৰিচয়জ্ঞাপক বিৱৰণে নাট উপলব্ধি আৰু ৰসাস্বাদনত সহায় কৰিছে। ৰাজকাৰেঙৰ শোৱনি কোঠাৰ বিৱৰণত এটি দীঘলীয়া মঞ্চ নিৰ্দেশনাৰ আভাস পোৱা যায়। জ্যোতিপ্ৰসাদে পাশ্চাত্যৰ ইবচেনৰ দৰে বাস্তৱ পৰিৱেশ সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি এনে দীঘলীয়া মঞ্চ নিৰ্দেশনাৰ ব্যৱস্থা কৰে।
কাহিনী:
মধ্যযুগীয়া পৰিৱেশত সংস্থাপিত হোৱা কাৰেঙৰ লিগিৰী নাটখনৰ কাহিনীটো বাস্তৱতা প্ৰকাশ কৰাৰ অৰ্থে জ্যোতিপ্ৰসাদে সকলোধৰণৰ কৌশল অৱলম্বন কৰিছে। কাহিনী আৰু চৰিত্ৰ নিৰ্মাণত প্ৰকাশ পোৱা জীৱনবোধৰ গভীৰতাই নাটক খনিক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। “মধ্যযুগীয় কাহিনীৰ অৱতাৰণাই নাটকখনত এক ৰোমাণ্টিক পৰিৱেশ সৃষ্টি কৰিছে। কিন্ত সেই কাহিনীৰ আঁৰত আছে এক গভীৰ সামাজিক তাৎপৰ্য। নাট্যকাৰৰ উদ্দেশ্য মধ্যযুগীয় এটি কাহিনী পৰিৱেশন কৰা নহয়, সেই কাহিনীক অৱলম্বন হিচাপে লৈ সমসাময়িক সামাজিক বাস্তৱতা দাঙি ধৰা। অৰ্থাৎ মধ্যযুগীয় কাহিনীটো উপৰুৱা এখন আৱৰণহে মাথোন। সেই আৱৰণ গুচাই চালেই ওলাই পৰে নাটকখনৰ অন্তৰ্নিহিত অৰ্থ। এহাতে ৰোমাণ্টিক পৰিৱেশ আৰু আনহাতে সামাজিক বাস্তৱতা— এই দুয়োটা দিশৰ লগত সংগতি ৰক্ষা কৰি জ্যোতিপ্ৰসাদে নাটকখনত দুই প্ৰকাৰৰ নাট্যৰীতি প্ৰয়োগ কৰিছে, শ্বেইস্কপীয়েৰীয় অৰ্থাৎ ৰোমাণ্টিক নাট্যৰীতিৰ লগত ইবচেনিয় অৰ্থাৎ বাস্তৱধৰ্মী নাট্যৰীতিৰ সংমিশ্ৰণ ঘটাইছে। শ্বেইস্কপীয়েৰৰ সৰহভাগ কৌশলেই তেওঁ ‘কাৰেঙৰ লিগিৰী’ত প্ৰয়োগ কৰিছে। যেনে— নাটকৰ কাহিনীটো পাচোঁটা অংকত বিভক্ত কৰিছে, প্ৰতিটো অংকই একাধিক দৃশ্যত বিভক্ত কৰিছে, গভীৰ বেদনাৰ মাজত দৰ্শকক সাময়িকভাৱে উপশম দিবৰ বাবে লঘু দৃশ্য আৰু লঘু চৰিত্ৰৰ অৱতাৰণা কৰিছে, চৰিত্ৰৰ মনৰ ভাব প্ৰকাশ কৰাৰ কাৰণে মুখত ভাৱগধুৰ স্বগতোক্তি দিছে, কাহিনীৰ গতিবেগ আৰু দৰ্শকৰ কৌতূহল বৃদ্ধিৰ বাবে নাটকীয় শ্লেষ প্ৰয়োগ কৰিছে।” (ড° নমিতা ডেকা, ড° লীলাৱতী শইকীয়া বৰা; ‘জ্যোতি অন্বেষণ’, পৃ. ৫৩, ৫৪)
সেই সময়ত অসমৰ মঞ্চ শ্বেইস্কপীয়েৰীয় ৰীতিয়ে সম্পূৰ্ণৰূপে অধিকাৰ কৰি লৈছিল, সেই কথা জ্যোতিপ্ৰসাদৰ আগৰ নাট্যকাৰসকলৰ নাটসমূহে প্ৰমাণ কৰে। একধৰণৰ গতানুগতিক নিয়মত পৰিণত হোৱা শ্বেইস্কপীয়েৰীয় ৰীতিৰ উপৰিও পাশ্চাত্যৰ অন্যান্য নাট্যকাৰৰ কৌশলো জ্যোতিপ্ৰসাদে পোনপ্ৰথমে গ্ৰহণ কৰে। ‘কাৰেঙৰ লিগিৰী’ৰ ৰূপায়ণত জ্যোতিপ্ৰসাদে প্ৰধানকৈ শ্বেইস্কপীয়েৰীয় নাট্যৰীতিক আৰ্হিৰূপেহে গ্ৰহণ কৰিছে। কাহিনীৰ উপৰিভাগত থকা ৰোমাণ্টিক আৱেদনৰ লগত ৰোমাণ্টিক নাট্যৰীতি সংগতিপূৰ্ণ হৈছে। কিন্ত কাহিনীৰ অন্তৰ্ভাগত জড়িত হৈ আছে অন্য এক চেতনা— সামাজিক বাস্তৱতা। সেই চেতনাই জ্যোতিপ্ৰসাদক ইবচেনিয় অৰ্থাৎ বাস্তৱধৰ্মী নাট্যৰীতিৰ ওচৰ চপাই নিছে। কাহিনীৰ ক্ষেত্ৰত যি নতুনত্ব আহিল, সেয়া আধুনিক নাটকৰ লক্ষণ বুলিয়েই ক’ব লাগিব।
চৰিত্ৰ সৃষ্টি:
অসমীয়া সমাজত সাধাৰণতে দেখিবলৈ পোৱা আটাইবোৰ চৰিত্ৰকে জ্যোতিপ্ৰসাদে ‘কাৰেঙৰ লিগিৰী’ নাটকত নিজস্ব বৈশিষ্ট্যৰে উজ্জ্বল কৰি তুলিছে। নাটকৰ মূল চৰিত্ৰকেইটামানলৈ চালেই এই কথা ততালিকে বুজিব পাৰি। সুন্দৰ কোঁৱৰ জেদী, সাহসী; তেওঁৰ বিদ্ৰোহী মনে সমাজৰ সকলো নিয়ম-কানুন অতিক্ৰম কৰিব খোজে। অনংগ দুৰ্বল আৰু ভয়াতুৰ, তেওঁৰ দুৰ্বল ব্যক্তিত্বই সমাজৰ বিৰোধিতা কৰিবলৈ ভয় কৰে। সুদৰ্শন ধীৰ-স্থিৰ, সৰল প্ৰকৃতিৰ; সকলো সংঘৰ্ষৰ পৰা আঁতৰি থাকি সমাজৰ সৈতে আপোচ কৰি চলিব খোজা বিধৰ মানুহ। কাঞ্চনমতী সংযমী, যুক্তিবাদী আৰু স্পষ্টভাষী। শেৱালি কোমলমতী, লেউ-সেউ আৰু ভাবপ্ৰৱণ। নাটকত ঠাই পোৱা এই আটাইবোৰ চৰিত্ৰই আমৰ সমাজৰ পৰিচিত চৰিত্ৰ। নাট্য-জীৱনৰ আৰম্ভণিৰে পৰা জ্যোতিপ্ৰসাদে স্বাধীন আৰু স্পষ্ট মনৰ এটি আদৰ্শ চৰিত্ৰ অংকন কৰাৰ যি চেষ্টা কৰি আহিছে, সেই চেষ্টা বহু পৰিমাণে কাৰ্যকৰী হয় কাঞ্চনমতী চৰিত্ৰৰ জৰিয়তে। পুৰণি ধ্যান-ধাৰণাৰ ওপৰত অটল বিশ্বাস থকা, ব্যক্তি-স্বাধীনতাক স্বীকৃতি নিদিয়া ৰাজমাও প্ৰাচীন স্থবিৰ সমাজৰ মূৰ্ত প্ৰতীক আৰু পুৰণিৰ ঠাইত নতুনক প্ৰতিষ্ঠা কৰিব খোজা, ব্যক্তিৰ আত্মপ্ৰকাশ বিচৰা সুন্দৰ কোঁৱৰ নতুন বৈপ্লৱিক আদৰ্শৰ প্ৰতিনিধি। ৰাজমাও আৰু সুন্দৰৰ চৰিত্ৰ দুটিৰ সংঘাত নতুন আৰু পুৰণিৰ মাজত দুই প্ৰজন্মৰ মাজত উদ্ভৱ হোৱা সংঘাত। সামাজিক প্ৰগতিৰ বাটত বৈপ্লৱিক মনে সন্মুখীন হোৱা বহিৰ্দ্বন্দ্বৰ স্বৰূপ আখ্যান চৰিত্ৰৰ মাজেদি প্ৰকাশিত হৈছে। এই প্ৰতীকী ৰূপটোৱে বিষয়বস্তুক সাৰ্বজনীনতা প্ৰদান কৰিছে। এই প্ৰসংগত ড° হীৰেন গোহাঁইয়ে ‘জ্যোতিপ্ৰসাদৰ নাটক’ গ্ৰন্থৰ পৃষ্ঠা নং ২৯-ত উল্লেখ কৰিছে— “মঞ্চৰ চৰিত্ৰ হিচাপে ‘কাৰেঙৰ লিগিৰী’ নাটকৰ আটাইকেউটা চৰিত্ৰ অংকনত নাট্যকাৰ সফল হৈছে। মুখ্য চৰিত্ৰ সুন্দৰ কোঁৱৰ অন্তৰ্দ্বন্দ্বৰ সন্মুখীন হৈছে। কাঞ্চনমতীৰ আছে এটা মানসিক দ্বন্দ্ব। এটা সংঘাতপূৰ্ণ জীৱন আতিবাহিত কৰিব নোৱাৰি শেৱালিয়ে অৱশেষত আত্মহত্যা কৰিছে। কাঞ্চনমতীয়েও অৱস্থাৰ ওচৰত হাৰ মানি অৱশেষত সুন্দৰ কোঁৱৰৰ সৈতে বিয়া হৈ জীৱনটো আপাত দৃষ্টিত সহজভাৱে মানি লৈছে।” ‘কাৰেঙৰ লিগিৰী’ৰ চৰিত্ৰসমূহ স্বকীয় বৈশিষ্ট্যৰে উজ্জ্বল হৈ উঠাই নহয়, সেইবোৰত নাট্যকাৰে মনস্তাত্ত্বিক বাস্তৱতা বজাই ৰাখিবলৈ সক্ষম হৈছে। নাৰী চৰিত্ৰ সৃষ্টি, দৃশ্যসংকেত, চৰিত্ৰৰ সংঘাত— এইখিনি ইবচেনৰ নাটকৰ বৈশিষ্ট্য জ্যোতিপ্ৰসাদৰ নাটকতো দেখিবলৈ পোৱা গৈছে।
সংলাপ:
‘কাৰেঙৰ লিগিৰী’ৰ সংলাপে জ্যোতিপ্ৰসাদৰ প্ৰতিভাৰ আন এটা দিশ উন্মোচন কৰিছে। জ্যোতিপ্ৰসাদৰ নাটকৰ প্ৰধান উপজীব্য হৈছে কাব্যিক ভাষা অথবা সংলাপ। সমগ্ৰ নাটকতে তেওঁৰ নিজস্ব চিন্তাধাৰা অথবা দৰ্শন সুন্দৰভাৱে ফুটি উঠিছে। অৱশ্যে প্ৰায়ে সুন্দৰৰ কাব্যিক সংলাপৰ মাজত পুনৰুক্তি পৰিলক্ষিত হৈছে। ইয়াতেই জ্যোতিপ্ৰসাদে নাটক লিখাত মনোনিৱেশ কৰোঁতে বেজবৰুৱা অৰু পদ্মনাথ গোহাঞি বৰুৱাৰ নাটকে যে তেওঁক উদ্বুদ্ধ কৰিছিল, তাৰ প্ৰমাণ পোৱা যায়। ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ বিষয়বস্তু যিহেতু সমসাময়িক সামাজিক সমস্যা, ইয়াৰ চৰিত্ৰবোৰো সৰ্বসাধাৰণ লোক পৰিচিত। গতিকে তেওঁলোকৰ মুখত দৈনন্দিন জীৱনৰ গদ্য সংলাপকে জ্যোতিপ্ৰসাদে দিছে। বিষয়ৰ লগত আংগিকৰ সম্পৰ্ক ৰক্ষা কৰাৰ উদ্দেশ্যে নাটকত বাস্তৱ পৰিৱেশ সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইবচেনৰ দৰে জ্যোতিপ্ৰসাদে যদিও নাটকত গদ্য-সংলাপ ব্যৱহাৰ কৰিছে, তথাপি তাৰ মাজতে নাটকৰ বাবে প্ৰয়োজনীয় এক কাব্যিক বাতাৱৰণ বজাই ৰখাৰো চেষ্টা কৰিছে। এনে কাব্যিক পৰিৱেশ শ্বেইস্কপীয়েৰীয় নাটকৰ সংবেদনশীলতাৰ অন্যতম কাৰণ। এটা উদাহৰণ—
“শেৱালি: তুমি মোলৈ নীলা আকাশৰ পূৰ্ণিমাৰ জোন। তোমাক মই নাপাওঁ। কিন্ত তোমাৰ মৰমৰ জোনাকত মোক জুৰ ল’বলৈকো নিদিবানে?”
আৱশ্যকীয় বাতাৱৰণ সৃষ্টি কৰাত সংলাপৰ যে বিশেষ ভূমিকা আছে, ট্ৰেজিক সুৰ অক্ষুণ্ণ ৰখাত কাব্যিক আৱেদনে যে বিশেষভাৱে সহায় কৰে, সেই কথা প্ৰথমেই ‘কাৰেঙৰ লিগিৰী’য়ে উপলব্ধি কৰোৱালে।
নাটকীয় ত্ৰি ঐক্য:
জ্যোতিপ্ৰসাদৰ হাততে সংলাপে ‘নাট্যধৰ্মী গুণ’ লাভ কৰে। চৰিত্ৰক প্ৰকাশ কৰাত আৰু নাটকীয় কাৰ্য আৰু কাহিনী আগবঢ়াই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰাৰ উপৰিও ‘উক্তিৰ বৈচিত্ৰ্য’ আৰু ‘চমৎকাৰিত্ব’ই নাট্যৰস ঘনীভূত কৰাত সহায় কৰে। ঘটনাৰ ঐক্য, সময়ৰ ঐক্য আৰু স্থানৰ ঐক্য— এই তিনিওটা গুণ জ্যোতিপ্ৰসাদৰ সংলাপত বিদ্যমান। ‘কাৰেঙৰ লিগিৰী’ত সুন্দৰ কোঁৱৰ আৰু কাঞ্চনমতীৰ সংলাপে এই কথাৰ প্ৰমাণ কৰে—
“সুন্দৰ: কুঁৱৰী, মোৰ এয়ে প্ৰথম আৰু শেষ কথা, তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব। কাঞ্চন: (বৰ তীব্ৰতাৰে) এইদৰে মোৰ জীৱন-মৰণ লৈ ল’ৰা-ধেমালি কৰা আপোনাৰ উচিত হোৱা নাই। এটা ভুল কৰিলে, কিন্ত তাতকৈ এটা ডাঙৰ ভুলেৰে আপুনি সেই ভুল শুধৰাবলৈ গৈছে। আপুনি ইমান দুৰ্বল বুলি মই ভাবিব নোৱাৰোঁ।”
থলুৱা নৃত্য-গীতৰ সংযোজন:
‘কাৰেঙৰ লিগিৰী’ নাটকখনত থলুৱা নৃত্য-গীতৰ সংযোগ এটি মন কৰিবলগীয়া বিশেষত্ব। জ্যোতিপ্ৰসাদে এটি নতুন যুগীয়া নাটকীয় কাৰিকৰী উদ্ভাৱন কৰিব বিচাৰিছিল আৰু ইয়াৰ বাবে শংকৰী কাৰিকৰীৰে সৈতে আধুনিক নাটকীয় কাৰিকৰীৰ সমন্বয় ঘটাবলৈ প্ৰয়াস কৰিছিল। কিন্ত এয়া সম্ভৱ নহ’লেও তেওঁৰ সকলো শিল্পকৰ্মতে স্থানীয় সাংস্কৃতিক বৈশিষ্ট্য ৰক্ষা কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ পাইছে। ‘কাৰেঙৰ লিগিৰী’ত শেৱালিৰ মুখত দিয়া ‘সোণৰে পালেঙতে অ’ মনে তৰা’ আৰু সুদৰ্শনৰ মুখত দিয়া ‘মোৰে জীৱনৰে সখা কৃষ্ণ’ ইত্যাদি গীতবোৰেই থলুৱা নৃত্য-গীতৰ সুন্দৰ উদাহৰণ।
সত্যপ্ৰসাদ বৰুৱাৰ ব্যতিক্ৰমী নাটক ‘নায়িকা নাট্যকাৰ’
হিমাংশু ৰণ্জন ভূঞা
অসমীয়া নাট্য আন্দোলনৰ স্ৰষ্টা শ্ৰীমন্ত শংকৰদেৱে লোকনাট্য আৰু মাৰ্গীয় নাটকৰ উপাদান সংমিশ্ৰণ কৰি নাট্য পৰম্পৰা গঢ় দিয়াৰ দৰে জ্যোতিপ্ৰসাদে গুৰুজনাৰ আদৰ্শ সাৰোগত কৰি সময়ৰ প্ৰয়োজন অথবা আহ্বানত সমকালীন নাট্য সৃষ্টিত গুৰুত্ব দিলে। অসমৰ আধুনিক নাট্য আন্দোলনক যে জ্যোতিপ্ৰসাদেই এক নতুন গতি আৰু বৈচিত্ৰ্য দিলে, সেই কথা ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ জৰিয়তে প্ৰকাশ পোৱা লক্ষণসমূহে প্ৰমাণ কৰে বুলি নিঃসন্দেহে ক’ব পাৰি।
সহায়ক গ্ৰন্থপঞ্জী:
- ‘কাৰেঙৰ লিগিৰী’, জ্যোতিপ্ৰসাদ আগৰৱালা
- ‘জ্যোতি অন্বেষণ’, ড° নমিতা ডেকা, ড° লীলাৱতী শইকীয়া বৰা, বাণী মন্দিৰ, গুৱাহাটী
- ‘নাট্যকলাঃ দেশী আৰু বিদেশী’, ড° শৈলেন ভঁৰালী, দ্বিতীয় প্ৰকাশ, ২০১২
- ‘সাহিত্য অৱলোকন’, ৰবীনচন্দ্ৰ বৰা, নগাঁও, প্ৰথম প্ৰকাশ, ২০০৯
- ‘জ্যোতিপ্ৰসাদৰ নাটক’, ড° হীৰেন গোহাঁই, অসম প্ৰকাশ পৰিষদ, গুৱাহাটী
- ‘অসমীয়া নাটকৰ সমীক্ষা’, ড° সত্যেন্দ্ৰনাথ শৰ্মা, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী
- ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’, ড° সত্যেন্দ্ৰনাথ শৰ্মা, সৌমাৰ প্ৰকাশ, গুৱাহাটী
Follow Nilacharai on Facebook
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

