অ সমীয়া আধুনিক সংগীত জগতলৈ অশেষ অৰিহণা আগবঢ়াই যোৱা বনকোঁৱৰ আনন্দিৰাম দাসৰ জন্ম হৈছিল গুৱাহাটীৰ খাৰঘূলীত ১৯০৯ চনৰ ২ অক্টোবৰ তাৰিখে৷ তেওঁৰ পিতৃ আছিল খেলাইৰাম দাস৷ খেলাইৰাম দাস মূলতে নগাঁৱৰ লোক আছিল যদিও গুৱাহাটীত বসবাস কৰিবলৈ লয়৷ তেওঁ এগৰাকী সংগীতৰ শিল্পী আৰু নিপুণ ভাস্কৰ্য শিল্পী আছিল৷ আনন্দিৰামে সংগীতৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল দেউতাক খেলাইৰাম দাসৰ পৰাই৷ দেউতাকৰ লক্ষ্য আছিল আনন্দিৰামক সংগীতৰ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত কৰি এগৰাকী সংগীতজ্ঞ ৰূপে গঢ়ি তোলা৷ কিন্তু আনন্দিৰামৰ মাত্ৰ চৈধ্য বছৰ বয়স হওঁতেই, দেউতাকৰ মৃত্যু হয়৷ সেই পৰিস্থিতিত আনন্দিৰামে আনুষ্ঠানিক শিক্ষা আধৰুৱা কৰি ওচৰৰে এটা প্ৰেছত কম্পজিতৰ হিচাপে যোগদান কৰি জ্যেষ্ঠ সন্তান হিচাপে পৰিয়ালৰ ভৰণ-পোষণৰ ভাৰ ল’ব লগা হয়৷ আনন্দিৰামৰ সংগীতৰ প্ৰতি থকা ধাউতিত যেন আউল লাগিল৷ তাকৰীয়া পইচাৰে বৃহৎ পৰিয়াল এটা চলাই যাওঁতে সন্মুখীন হোৱা অভাৱ-অনাটনে তেওঁক জুৰুলা কৰি তুলিলে৷ সহজ-সৰল জীৱন যাপন কৰা আনন্দিৰাম তথাপিতো অকনো বিচলিত নহ’ল, প্ৰেছৰ কামৰ মাজতে তেওঁ সংগীত সাধনা কিন্তু নিৰবচ্ছিন্নভাৱে চলাই গ’ল৷ বহ্মপুত্ৰৰ পাৰত বহি প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত মতলীয়া হৈ নিমগ্ন হ’ল নিজৰ সৃষ্টিকৰ্মত৷ খাৰঘূলীৰ পাহাৰ, নদী, হাবি-বননি, পথাৰৰ বিনন্দীয়া পৰিৱেশত বিভোৰ হৈ ৰচি গ’ল এটি এটিকৈ বহুতো গীত৷ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ বৰ্ণনাৰে সম্পূৰ্ণ থলুৱা গাঁৱলীয়া সহজ শব্দ ব্যৱহাৰ কৰি তেওঁ সৃষ্টি কৰি গ’ল এটা এটাকৈ বনগীত৷ সেই গীতত থলুৱা লোক-সংগীতৰ সুৰ সংযোজন কৰি বিভিন্ন জনৰ কণ্ঠেৰে বিভিন্ন সভা-সমিতি, অনুষ্ঠান, বৈঠকীত পৰিৱেশন কৰালে৷ সেই গীত আৰু সুৰ সকলোৱে আদৰি ল’লে আৰু গীতসমূহ জনপ্ৰিয় হৈ উঠিল৷ এইদৰে তেওঁৰ একক প্ৰচেষ্টাতে অসমীয়া সংগীতত ‘বনগীত’ নামেৰে এক নতুন ধাৰাই প্ৰতিষ্ঠা লাভ কৰিলে৷ অসমীয়া সংগীত জগতলৈ আনন্দিৰাম দাসৰ অৱদানৰ স্বীকৃতি স্বৰূপে, গুৱাহাটীৰ ‘প্ৰগতি শিল্পী সংঘ’ই ১৯৫৯ চনত তেওঁক ‘বনকোঁৱৰ’ উপাধি প্ৰদান কৰে৷
আনন্দিৰাম দাসে কেৱল বনগীতেই ৰচনা কৰা নাছিল, আধুনিক গীত, দেশপ্ৰেমমূলক গীত, ভক্তিমূলক গীতৰ উপৰিও ৰচিছিল দুই-এক ধেমেলীয়া গীত আৰু শিশুৰ গীত৷ আনন্দিৰাম দাসে এহেজাৰৰো অধিক গীত ৰচিছিল৷ তেওঁৰ এক বিশেষত্ব আছিল যে যেতিয়াই কোনোৱে, সভা-সমিতি বা অন্য কাৰণত গান বিচাৰি আহে, তেওঁ সেই প্ৰয়োজন অনুসৰি গান ৰচনা কৰি দিব পাৰিছিল৷ তেওঁ ‘বিৰহী’ আৰু ‘সুৰ-নিজৰা’ নামেৰে দুখন গীতৰ পুথি ক্ৰমে ১৯৩৭ আৰু ১৯৩৯ চনত প্ৰকাশ কৰি উলিয়াইছিল৷ তেওঁৰ আন দুখন অপ্ৰকাশিত গীতৰ পুথি হ’ল— ‘নন্দন’ আৰু ‘ৰক্তাঞ্জলি’। ‘নন্দন’ৰ বহু গীত কাকত-আলোচনীত ইতিপূৰ্বে প্ৰকাশ পাইছিল৷ ইয়াৰ উপৰিও তেওঁৰ কিছু গীত লিখিত অৱস্থাতে অপ্ৰকাশিত হৈ আছে৷ আনহাতে তেওঁ ৰচনা কৰা আন বহুতো গীত প্ৰচাৰ হৈছিল যদিও লিখিত ৰূপত লিপিবদ্ধ নহ’ল৷
তেওঁৰ বহুখিনি গীত ১৯৪৩ চনৰ পৰাই, তেওঁৰ আৰু অন্য সংগীত পৰিচালকৰ পৰিচালনাত প্ৰথম অৱস্থাত কলিকতাৰ পৰা, পাছত গুৱাহাটী-ছিলং অনাতাঁৰ কেন্দ্ৰ যোগে বিভিন্ন শিল্পীৰ কণ্ঠত প্ৰচাৰিত হৈছিল৷ অনাতাঁৰ প্ৰচাৰৰ আগতেই, আনন্দিৰাম দাসে নিজৰ ৰচিত গীতসমূহত সুৰ প্ৰদান কৰি ১৯৩৫ চনৰ পৰাই বহুতো শিল্পীৰ কণ্ঠত গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰাইছিল৷ আমি লাভ কৰা তথ্য অনুসৰি, এইচ এম ভি, চেনোলা, মেগাফোন, ৰিগেল, সুৰভাৰতী আদি গ্ৰামোফোন ৰেকৰ্ড কোম্পানীত তেওঁৰ এশ বিশটাৰও অধিক গীত বাণীবদ্ধ হৈছিল৷ আনন্দিৰাম দাসে নিজে কণ্ঠদান কৰি চেনোলা কোম্পানীৰ ৰেকৰ্ডত ১৯৩৯ আৰু ১৯৪০ চনত বাণীবদ্ধ কৰিছিল— ‘কোন সেই ৰূপহীৰ ঘাট অ’ মইনা’, ‘মোৰ ঘুমটি ভাঙেহি কাৰ ৰুণজুন ৰুণজুন নূপুৰে’, ‘ফুলে মইনা কেতেকী তগৰে মালতী’, ‘পৰ্বতৰ আজলী হৰিণী ঐ’ এই গীতকেইটা৷ ভূপেন হাজৰিকাই চেনোলা কোম্পানীৰ ৰেকৰ্ডত ১৯৪৪-৪৫ চনত বাণীবদ্ধ কৰিছিল চাৰিটা গীত ক্ৰমে ‘অ’ বান্ধ’ মৰোঁ যেন’, ‘স্মৃতিৰ বুকুত থৈ যাম’, ‘তুমিয়ে গোৱালা প্ৰিয়া’, ‘মোৰে ওৰে জীৱন কৰি জলাকলা’৷ ইয়াৰ উপৰিও তেওঁৰ এগৰাকী প্ৰিয় বন্ধু, সুৰকাৰ তথা সংগীত শিল্পী প্ৰফেছাৰ বলোৰাম দাসে প্ৰথমতে চেনোলা কোম্পানীত আৰু পিছত গ্ৰমোফোন ৰেকৰ্ড কোম্পানীত (এইচ এম ভি) ষোল্লটিৰো অধিক গীত বাণীবদ্ধ কৰিছিল৷ আমি লাভ কৰা তথ্য মতে, গ্ৰামোফোন ৰেকৰ্ডত তেওঁৰ গীত বাণীবদ্ধ কৰা শিল্পীসকল আৰু ন্যূনতম গীতৰ সংখ্যা এনেধৰণৰ— কুঃ নুৰন্নাহাৰ বেগম (বানু) (চাৰিটা, ১৯৩৫ আৰু ১৯৪১ চনত), শ্ৰীমান চাৰু বৰদলৈ (ছটা, ১৯৩৬ আৰু ১৯৪০), কুমাৰী হিৰণ্ময়ী তালুকদাৰ (চাৰিটা, ১৯৩৭-৩৮), প্ৰমথ দাস (দুটা, ১৯৩৭), তাৰিণী বৰুৱা (চাৰিটা, ১৯৩৭-৩৮), চন্দ্ৰপ্ৰভা সিংহ (দুটা, ১৯৩৮), তাৰিণী কাকতি (পাঁচটা, ১৯৩৯-৪১), খগেন বৰুৱা (দুটা, ১৯৪০), অনুকূল নাথ (চাৰিটা, ১৯৪০ আৰু ১৯৪৬), ইন্দ্ৰ মোহন দাস (দুটা, ১৯৪১), ধীৰেন্দ্ৰ নাথ দাস (ছটা, ১৯৪২), কু: নিৰুপমা হাজৰিকা, (এটা, ১৯৪৩), কমল নাৰায়ণ চৌধুৰী (এটা ১৯৪৫), মিছ্ আৰতি শৰ্মা (এটা, ১৯৪৫), অৰুণ কুমাৰ বৰ্মণ (বিষ্ণু ৰাভাৰ পৰিচালনাত, এটা, ১৯৪৬), কুমাৰ যতীন্দ্ৰ দেৱ (দুটা), অমিয় মোহন দাস (এঘাৰটা, ১৯৪৬ৰ পৰা ১৯৪৮লৈ), নিৰ্মল মজুমদাৰ (চাৰিটা, ১৯৪৮), দেৱেন দাস (আঠটা, ১৯৪৮-৫০), ঊষা বৰদলৈ (এটা), ৰাণী পাল (এটা), গুণদা দাস (চাৰিটা, ১৯৪৯-৫০), মৃণালিনী সেনাপতি (এটা, ১৯৫০), বেণু ভট্টাচাৰ্য (চাৰিটা, ১৯৫০), কু: হিৰণ্ময়ী বৰা (ছটা, ১৯৫০ৰ পৰা ১৯৫৬লৈ), হেমেন হাজৰিকা (এটা, ১৯৫০), সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মা (এটা, ১৯৬৯) আৰু সমবেত কণ্ঠ (দুটি, ১৯৪৯)৷ উল্লেখিত শিল্পীসকলৰ উপৰিও আন বহুকেইজন শিল্পীৰ কণ্ঠত তেওঁৰ গীত বাণীবদ্ধ হৈছিল যদিও তাৰ সম্পূৰ্ণ তথ্য আমি লাভ কৰিব পৰা নাই৷ আজি তেওঁৰ বহুতো গীত গ্ৰামোফোন ৰেকৰ্ডসমূহৰ সংৰক্ষণৰ অভাৱত হেৰাই গৈছে৷ উল্লখযোগ্য যে ‘মৰাণহাট গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় আৰু গবেষণা কেন্দ্ৰ’ৰ প্ৰতিষ্ঠাপক উমানন্দ দুৱৰাই হেৰাই যাবলৈ ধৰা অসমৰ গীত-মাতসমূহৰ লগতে বনকোঁৱৰৰ প্ৰায় অৰ্ধশতাধিক গীত উদ্ধাৰ কৰি সংৰক্ষণ কৰি ৰাখিছে৷ দেখা গৈছে যে যোৱা শতিকাৰ ত্ৰিশৰ পৰা চল্লিশৰ দশকৰ ভিতৰত তেওঁৰ সৰ্বাধিক গীত বিভিন্ন শিল্পীৰ কণ্ঠত বাণীবদ্ধ হৈছিল৷ ইয়াৰ পৰাই ক’ব পাৰি যে তেওঁৰ নিভাঁজ অসমীয়া ৰচনা আৰু থলুৱা সুৰৰ প্ৰয়োগেৰে অসমীয়া সংগীতে এই সময়ছোৱাতে প্ৰাণ পাই উঠিছিল আৰু ই সমাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷
বনকোঁৱৰ আনন্দিৰাম দাসৰ গীতৰ ৰেকৰ্ড | লেখকৰ সৌজন্যত
আনন্দিৰাম দাসৰ মুঠ ছটি গীত ‘বদন বৰফুকন’, ‘পাৰঘাট’, ‘লাচিত বৰফুকন’ আৰু ‘ভক্ত প্ৰহ্লাদ’ চলচ্চিত্ৰতো আছিল৷ ইয়াৰে ‘পাৰঘাট’ বোলছবিৰ ‘জেতুকা বোলেৰে বোলাম হাত লাৱণী’ আৰু ‘লাচিত বৰফুকন’ চলচ্চিত্ৰৰ ‘ওপজা সোণৰ মাটি অ’ মৰো মই তোকে সাবটি’ গীতকেইটি আজিও জনপ্ৰিয়৷
অসমীয়া আধুনিক গীতৰ নিজস্ব ধাৰাৰে অসমীয়া সাহিত্য-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা আনন্দিৰাম দাসে গীতৰ উপৰিও কবিতা আৰু নাটকো ৰচনা কৰিছিল৷ তেওঁৰ কবিতা পুথি দুখন হ’ল— ‘অগ্নি’ (১৯৮৫) আৰু ‘দাবানল’ (অপ্ৰকাশিত)৷ তেওঁ ৰচনা কৰা ছখন নৃত্য-নাটিকা আছিল— ‘বৰদৈচিলা’, ‘সেউজীয়া পাতে পাতে’, ‘কেঁচাসোণ ভৈয়ামত পায়’, ‘শৰত যেতিয়া আহে’, ‘কেতেকীৰ বিয়া’ আৰু ‘কিৰীলি যেতিয়া মাৰে’৷ তেওঁ ৰচনা কৰা গীতি-আলেখ্যকেইখন আছিল— ‘আমাৰ ভোগালী বিহু’, ‘ৰুণ-জুন’, ‘অকণিৰ জয় যাত্ৰা’, ‘তেজীমলা’, ‘গছে কথা কয় পাতে কথা কয়’ আৰু ‘ৰংপুৰে ৰিঙিয়ায়’৷ তেওঁ ৰচনা কৰা ‘মোহন-মালতী’ নাটকখন ১৯৪৬ চনতে কলিকতা অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰ হৈছিল৷ তেওঁ আৰু দুখন সামাজিক নাটক ‘জীয়া জুই’ আৰু ‘বিজুলী’ আৰু এখন শিশু নাটিকা ‘আদৰ্শ ঘৰ’ ৰচনা কৰিছিল৷
দিপালীমা দুৱৰা চলিহাৰ কণ্ঠত আনন্দিৰাম দাসৰ গীত
❧ | আৰু পঢ়ক: অকলশৰীয়া বাটৰুৱা: পাৰ্ৱতিপ্ৰসাদ বৰুৱা
আনন্দিৰাম দাসৰ সুৱদী সুৰীয়া এই গীতখিনিক সংৰক্ষণ কৰাৰ লগতে শুদ্ধ ৰূপত প্ৰচাৰ কৰি জনপ্ৰিয় কৰাৰ উদ্দেশ্যেৰে গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰাহক তথা সংগীতজ্ঞ উমানন্দ দুৱৰাৰ সৈতে আমি অসমৰ বহু ঠাইত কৰ্মশালাৰ যোগেদি অসমৰ হেৰাই যাবলৈ ধৰা কিছু গীতৰ লগতে আনন্দিৰাম দাসৰ গীতৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছোঁ৷ উল্লেখযোগ্য যে বনকোঁৱৰৰ গীতসমূহ প্ৰশিক্ষণ আৰু প্ৰচাৰৰ বাবে আনন্দিৰাম দাসৰ পৰিয়ালবৰ্গই আমাৰ দুয়োজনকে অধিকাৰ প্ৰদান কৰিছে৷ বনকোঁৱৰৰ গীতসমূহ শুদ্ধ ৰূপত সংৰক্ষণৰ উদ্দেশ্যেৰে ইতিমধ্যে গ্ৰামোফোন ৰেকৰ্ডত থকা গীতসমূহৰ স্বৰলিপি আমাৰ দ্বাৰা প্ৰস্তুত কৰি থকা হৈছে আৰু অতি সোনকালেই ৰাইজৰ মাজলৈ আগবঢ়াব পাৰিম বুলি আমাৰ বিশ্বাস৷ কোনো ব্যক্তি বা অনুষ্ঠানৰ হাতত আনন্দিৰাম দাসৰ কোনো গীতৰ ৰেকৰ্ড যদি সংৰক্ষিত হৈ আছে, সেই গীত আৰু তাৰ তথ্য জনালে আমাৰ এই প্ৰচেষ্ঠা আৰু অধিক ফলপ্ৰসূ হ’ব৷ বনকোঁৱৰৰ সৃষ্টিৰাজিৰ লগতে অসমীয়া সংগীতৰ ধাৰাটোৰ লগত আজিৰ প্ৰজন্ম পৰিচিত হওক আৰু বনকোঁৱৰৰ সৃষ্টিৰাজিক ইয়াৰ চৰ্চাৰ যোগেদি জীয়াই ৰাখক, ইয়েই আমাৰ কাম্য৷
লেখকৰ কণ্ঠত অধিক গীত ইউটিউব আৰু ইণ্টাৰনেট আৰ্কাইভত শুনিবলৈ পাব।