গ ণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ শিল্পক্ষেত্ৰখন আছিল তেওঁৰ জন্মভূমি এই অসমখনেই৷ অসমৰ মাটি, পানী, গ্ৰাম্য জীৱন, গ্ৰাম্য সংস্কৃতিৰ প্ৰতি তেওঁৰ আছিল গভীৰ শ্ৰদ্ধা, মৰম আৰু অকৃত্ৰিম ভালপোৱা৷ সেয়ে জীৱন নাটৰ সামৰণিৰ বেলা “এয়ে মোৰ শেষ গান/ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান“ বুলি কৰা অনুভৱখিনিক কলমেৰে নিগৰাই গীতৰ পোছাক পৰিধান কৰাই পৃথিৱীৰ পৰা বিদায় লোৱাৰ আগমুহূৰ্ততো আশাৰে কৈছিল— “বিষ্ণু ৰাভা নামেৰে মই আকৌ আহিম!“ (‘উদ্দাম ৰাভাৰ মৃত্যুৰ সৈতে শেষ সংগ্ৰাম’ প্ৰবন্ধ, ডঃ ভূপেন হাজৰিকা)
আহিবনে সঁচাই জনতাৰ শিল্পীজন পুনৰ জনতাৰ মাজলৈ? যিখন অসমৰ মোহত বন্দী হৈ বিষ্ণু ৰাভাই পৃথিৱীলৈ পুনৰ ঘূৰি অহাৰ হেঁপাহ কৰিছিল; যদিওবা তেওঁ ঘূৰি আহে, আজিৰ অসমখনক, অসমৰ মানুহক দেখি পুনৰ মোহ জাগিবনে তেওঁৰ এই জন্মভূমিখনৰ প্ৰতি? সুন্দৰ পৃথিৱীখনৰ সুন্দৰতা তেওঁ বিচৰাৰ দৰে আছেনে বাৰু? এতিয়াতো সকলো নতুনৰ প্ৰতি আকৰ্ষিত! নতুনক বিচাৰি মানৱ সমাজে হাবাথুৰি খোৱাৰ দৃশ্য আজি অতি স্পষ্ট৷ সমাজৰ প্ৰতিজনে প্ৰত্যক্ষ কৰিব পাৰিছে অসমৰ জাতি-জনগোষ্ঠীৰ মাজত উদ্ভৱ হোৱা ভেদাভেদ, ধৰ্ম-অধৰ্ম, জাত-পাত, উচ্চ-নীচ ভাৱৰ উগ্ৰ বহিৰ্প্ৰকাশ৷ জাতিৰ অস্তিত্ব বিপন্ন হোৱাৰ নিষ্ঠুৰ সময়ৰ ঘণ্টাধ্বনি শুনিবলৈ পোৱা গৈছে! ভাষা-সংস্কৃতি নিপাত কৰি নিজ স্বাৰ্থক অগ্ৰাধিকাৰ দি ঠায়ে ঠায়ে, সময়ে সময়ে ৰণ-দুন্দুভি বজাই থকা সকলৰ বিষয়ে বেলেগকৈ উল্লেখ কৰা নিষ্প্ৰয়োজন! এফালে জাতি-জনগোষ্ঠীৰ মাজত পৃথকীকৰণৰ বাবে উঠি-পৰি লগা চেষ্টাত বৰ অসমৰ ভূমি পৃথক পৃথক হৈ খণ্ড-উপখণ্ড হোৱাৰ উপক্ৰম, আনফালে স্বজাতিৰ বিশ্বাসৰ দলিচাখনত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণৰ তাড়নাত ওভতগোৰে নচাসকলৰ স্খলনমুখী আস্ফালন৷ এই আস্ফালন, খোৱা-কামোৰা চাবলৈকে বিষ্ণু ৰাভা ঘূৰি আহিবনে?
বিষ্ণু ৰাভাৰ মহান আদৰ্শৰ কথা অসমীয়াৰ মুখে মুখে। তেওঁৰ কৰ্মৰাজি, ত্যাগ, চেতনা আদিৰ বিষয়ে আজিৰ কোনজন অসমীয়াই স্বীকাৰ নকৰাকৈ আছে, কোনজন অসমীয়াই বিষ্ণু ৰাভাৰ বিষয়ে অজ্ঞাত হৈ আছে? সকলোৱে জানে, সকলোৱে স্বীকাৰ কৰে যদিও তেওঁৰ আদৰ্শ, ত্যাগ, চেতনা যেন ৰৈ গ’ল অসমীয়াৰ আলাপ-আলোচনা, দীঘলীয়া ভাষণ আদিৰ মাজতহে! বিষ্ণু ৰাভাই অসমীয়া জাতিৰ মাজত গঢ়ি থৈ যোৱা সমন্বয়ৰ সেঁতুৰ যেন আজি থৰক-বৰক অৱস্থা৷ বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ কৃষকৰ বাহুত যি অসীম শক্তিৰ সম্ভাৱনা দেখি কলমেৰে নিগৰাইছিল— “তোৰ বাহুতেই আছে লুকাই অসীম শক্তি বল/ ৰণৰ শিঙা বাজে শুন ঐ আগবাঢ়ি যাওঁ ব’ল”— আজিৰ কৃষকৰ বাৰু সেই বাহু আছে নে শক্তি আছে? ৰাভাদেৱে কৈছিল— “কৃষ্টি সংস্কৃতি আৰু সভ্যতা ধনী অসমীয়াৰ হাতত নাই; আছে দুখীয়া-হজুৱা, হালোৱা-বনুৱাৰ দৰে গাঁৱলীয়া অসমীয়াৰ হিয়াৰ কোণত৷” অসম আৰু অসমীয়াৰ বাবেই মানুহৰ ঠাট্টা-ইতিকিঙৰ গজালবোৰ নিজৰ কেঁচা মঙহত পুতি লৈ পাহাৰে-ভৈয়ামে, অৰঙে-দৰঙে অঘৰীৰ দৰে ঘূৰি ফুৰি ৰাজদ্ৰোহৰ কলংক-মণিডাল ডিঙিত পিন্ধি লিখি গ’ল, গাই গ’ল সমন্বয়ৰ গীত৷ কিন্তু পৰিতাপৰ কথা যে আজি সেই গীত গোৱা হয় বিশেষ মেলে-মিটিঙে বা নিৰ্দিষ্ট ২০ জুন তাৰিখে; যাৰ ফলত আজিৰ অসমীয়াৰ বাবে দুৰূহ হৈ পৰিছে অসমীয়াৰ সংজ্ঞা৷ এতিয়া ৰাজ্যৰ চুকে- কোণে ২০ জুনৰ দিনা ৰাভাদেৱলৈ অসমবাসীৰ বৰকৈ মনত পৰে, সেই নিৰ্দিষ্ট দিনটোত ৰাভাদেৱৰ প্ৰতি মানুহৰ শ্ৰদ্ধাৰ সীমা নোহোৱা হয়! কিন্তু প্ৰকৃতাৰ্থত জীৱিত কালত বিষ্ণু ৰাভাই অসমবাসীৰ পৰা তেওঁৰ প্ৰাপ্য মৰ্যাদা বা সন্মান পাবলৈ সমৰ্থ হৈছিলনে? ‘দেশদ্ৰোহী’ ‘কমিউনিষ্ট’ বুলি সেইজন ভূমিপুত্ৰক নিজ ভূমিতে এলাগী কৰা হোৱা নাছিলনে?
কবি-ঔপন্যাসিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিল— ” বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি/ তুমি সাৰে আছা, আৰু সাৰে আছে প্ৰীতি…”, পৰিতাপৰ কথা যে এতিয়া হয়তো বহু ৰাতি হ’ল! জনগণৰ বাবে গোটেই নিশা উজাগৰে থকা বিষ্ণু ৰাভাৰ ত্যাগক প্ৰকৃত সন্মান জনাবলৈ অসমীয়া যেন সেই তাহানিতো অসমৰ্থ আৰু আজিও অসমৰ্থ৷ তেখেতৰ প্ৰীতি, চেতনা, আদৰ্শ জীয়াই থাকিল যেন এটা নিৰ্দিষ্ট দিনৰ জকমকীয়া অনুষ্ঠানৰ মাজতহে!
অসমীয়া জাতিৰ অৱনতি আৰু দুৰ্দশাৰ কাৰণ কিন্তু বিষ্ণু ৰাভাই জীৱন কালতেই বুজি উঠিছিল তেওঁৰ মাৰ্ক্সবাদী দৰ্শনৰ দ্বাৰা৷ ৰাভাই বাৰুকৈয়ে বুজি উঠিছিল যে শ্ৰেণী বিভক্ত সমাজত শ্ৰেণী সমন্বয় সম্ভৱ হ’ব কেতিয়াও নোৱাৰে আৰু সেয়ে কৈছিল— “অত্যাচাৰিত আৰু অৱনত জাতিসত্তাসমূহৰ বিকাশৰ প্ৰতি যথোপযুক্ত মন-কাণ নিদিয়াৰ বাবেই এসময়ৰ বৰ অসম আজি থানবান হৈ গৈছে৷” বিষ্ণু ৰাভাই শংকিত মনেৰে স্পষ্টভাৱে কৈছিল— “এই কুৰি শতিকাৰ সাম্ৰাজ্যবাদীৰ যি ধুমুহা বলিছে, ধনতান্ত্ৰিকতা আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাঁৱলীয়া, দুখীয়া, হজুৱা, হালুৱা, বনুৱা থাকিবনে? যদি অসমীয়াৰ এই দুখীয়া শ্ৰেণী মৰে তেন্তে অসমীয়া জাতিও মৰিব, লগে লগে লোপ পাব অসমীয়া কৃষ্টি-সংস্কৃতি, অসমীয়া সভ্যতা৷ এই কৃষ্টি, এই সংস্কৃতি, এই সভ্যতা বচাব লাগিব৷” ৰাভাদেৱৰ সেই শংকা আজি বাস্তৱত ৰূপায়িত হোৱা বুলি প্ৰতিজন সচেতন অসমীয়াই উপলব্ধি নকৰাকৈ থকা নাই৷ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই ই লিখা “আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব” বোলা গীতৰ কথাশাৰী আজি অতি প্ৰাসংগিক৷ সৰল ভাষাত ক’বলৈ গ’লে, আদৰ্শৰ কথা, ত্যাগৰ কথা স্বীকাৰ কৰা হয় যদিও বিষ্ণু ৰাভাৰ আদৰ্শ, জাতিটোৰ বাবে দেখুৱাই যোৱা পথ, দি যোৱা উপদেশ হৃদয়ংগম কৰি সেইবোৰৰ তালিম কৰিব পৰাকৈ সময় উপযোগী পদক্ষেপ ল’বলৈ আজিৰ অসমৰ অসমীয়া অসমৰ্থ হৈ ৰ’ল৷
ড° ভূপেন হাজৰিকাই ৰাভাৰ স্মৃতিচাৰণ কৰি কৈছিল— “তথাকথিত ডিগ্ৰী নহ’লেও বিষ্ণু ৰাভাই মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে অতি আগ্ৰহেৰে ক্লাছিক গ্ৰন্থাদি পঢ়ি তাৰ পুৰণি তত্ত্বকে গ্ৰহণ কৰি, নতুন দিনৰ নতুন মানুহৰ মঙ্গলাৰ্থে কামত লগাব খুজিছিল৷ বিষ্ণু ৰাভাই লোক কৃষ্টিত পিএইচডি ডিগ্ৰীৰ বাবে চেষ্টা নকৰি জীৱনটোকে এটি জীয়া গৱেষণাগাৰ কৰি তুলিছিল৷” কিন্তু সেই গৱেষণাগাৰ অৰ্থাৎ নিজৰ জীৱনটোৰ কথাবোৰ লিপিবদ্ধ কৰাৰ প্ৰতি হয়তো বিষ্ণু ৰাভা কিছু উদাসীন আছিল, যাৰ ফলত তেখেতৰ আত্মজীৱনী এখন সম্পূৰ্ণ হৈ নুঠিল আৰু মৃত্যুৰ পাছত বহু কথাই ৰহস্য হৈ থাকিল আৰু বহু কথা এজনৰ সৈতে আনজনৰ অমিল হোৱা পৰিলক্ষিত হৈ পৰিল৷
আজি ঘৰে ঘৰে দেখা যায় বিষ্ণু ৰাভাৰ একোখন ডাঙৰ ফটো! বিভিন্ন কাৰ্যালয়ৰ বেৰতো আঁৰি থয় ৰাভাদেৱৰ ফটো; কিন্তু ৰাভাৰ প্ৰকৃত কৰ্মপন্থা, কাৰ্যাৱলীৰ পৰা আতৰি কেৱল ২০ জুনৰ দিনটোত ফটোবোৰৰ পৰা ধূলি-বালি, মকৰাজাল, এলান্ধু আদি আঁতৰাই অসমবাসীয়ে ৰাভাদেৱক কেনে সন্মান যাঁচিছে, সেয়া মন কৰিবলগীয়া! বিশেষ এটা দিনতে ৰাভাদেৱৰ ডাঙৰ ডাঙৰ ফটো একোখনত সুশোভন মাল্যদান কৰি ৰজাৰ পৰা প্ৰজালৈকে ঠায়ে ঠায়ে বক্তৃতা দিয়ে; তেওঁৰ নৃত্য, গীত আৰু আবৃত্তিৰে মঞ্চ গমগমাই থাকে, কিন্তু মন কৰিবলগীয়া বিষয় যে সেই দিনটোত মঞ্চৰ ওপৰত বা তলত বহি থকা সকল ৰাভাৰ আদৰ্শ আৰু সপোনবোৰৰ সৈতে কিদৰে একাত্ম হ’ব পাৰিছে বা পাৰিব,— তাৰ বিশেষ চৰ্চা কৰা নহয়। প্ৰকৃতাৰ্থত ৰাভাদেৱৰ সৃষ্ট গীত-নৃত্য প্ৰতিযোগিতা আৰু বক্তৃতা অনুষ্ঠানৰ দ্বাৰা বছৰৰ ৩৬৪ দিনে পাহৰি থকা এজন ব্যক্তিক স্মৰণ কৰি ২০ জুনৰ দিনা যি জকমকীয়া অনুষ্ঠান পতা হয়, ক’বলৈ গ’লে সেই অনুষ্ঠান প্ৰকৃতাৰ্থত এক চৰম প্ৰহসনতহে পৰিণত হোৱা দেখা যায়৷ মাত্ৰ অনুষ্ঠান আৰু আনুষ্ঠানিকতাতে বিষ্ণু ৰাভা সীমাবদ্ধ কিয়? গোষ্ঠীবাদ, সাম্প্ৰদায়িকতা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ বিৰুদ্ধে অসমৰ জনগণ এক হ’বলৈ হ’লে বিষ্ণু ৰাভাৰ চিন্তা-চেতনাক বিভিন্ন ৰচনাৱলীৰ পৃষ্ঠাৰ পৰা উলিয়াই নিজৰ জীৱন-চৰ্যাত পৰিণত কৰিব পাৰিব লাগিব৷
✽ | আৰু পঢ়ক: বিষ্ণু ৰাভা: নিঘূণ ৰাজনৈতিক উচ্চাৰণ
বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আধাৰিত উপন্যাস ‘ফেৰেংগাদাও’ৰ পাতনিত ঔপন্যাসিক মেদিনী চৌধুৰীয়ে লিখিছিল— “ফেৰেংগাদাও মানে ফেঁহু চৰাই৷ এইবিধ চৰায়ে ওখ গছৰ ডালত বহে আৰু সুন্দৰ সুৰীয়া মাতেৰে পুৱা ধলফাট দিয়াৰ আগতেই শুই থকা মানুহক দিনটোৰ বাবে সচেতন কৰি তোলে৷” বিষ্ণু ৰাভা প্ৰকৃতাৰ্থত ফেৰেংগাদাও৷ বৰ্তমান সমাজখনক আত্মকেন্দ্ৰীকতা আৰু অৰ্থসৰ্বস্বতাই গিলি পেলাব ধৰা এই সংকট মুহূৰ্তত বিষ্ণুপ্ৰসাদ ৰাভা খুবেই প্ৰাসংগিক৷ ৰাভাদেৱৰ সঠিক মূল্যায়ন হ’লেহে ৰাভাদেৱক সমাজত, সমাজৰ মানুহৰ চেতনাত বিচাৰি পাব পৰা যাব৷ ডঃ ভূপেন হাজৰিকাই এটি প্ৰৱন্ধত ব্যক্ত কৰিছিল— “শৃগালৰূপী মানুহৰ প্ৰাচুৰ্যৰ এই যুগত ৰাভাৰ দৰে সিংহপুৰুষ পুনৰ উপজিবই লাগিব অৰ্ধসমাপ্ত বহু কাম কৰিবলৈ, বহুতো ননচা নাচ নাচিবলৈ, বহুতো নোগোৱা গীত গাবলৈ, বহুতো নঅঁকা ছবি আঁকিবলৈ, বহুতো অৱহেলিতক নৱ দৃষ্টিৰ অৰ্থ বুজাবলৈ৷ সৃজনৰ আদিম সুৰভি শুঙি শুঙি, ধৰণীৰ সুকোমল বক্ষ ভেদি জ্ঞান আৰু বুদ্ধিৰে আদি-শতদল ফুলাবলৈ মহাসূত্ৰধাৰ ৰাভা পুনৰ যুগে যুগে উপজিব লাগিব…।” কিন্তু ‘উপজিব’ বুলি এজন গুণৱানে কৈ দিলে বা লিখি দিলেতো নহ’ব; ৰাভাদেৱক ওপজাব লাগিব অসমৰ অসমীয়াই৷ প্ৰতিজন অসমীয়াই বিষ্ণু ৰাভাক মাত্ৰ এটা দিনত নহয়, বৰং প্ৰতিটো দিনতে পঢ়িব লাগিব৷ বিষ্ণু ৰাভাক কেৱল কলাৰ পূজাৰী হিচাপে জ্ঞান কৰি সেই কলাৰ অন্তৰালত থকা তেওঁৰ সপোন, তেওঁৰ চেতনাক ভৰিৰে মোহাৰি পেলালে বিষ্ণু ৰাভা পুনৰ জী উঠা অসম্ভৱ৷ তেনে ক্ষেত্ৰত কেৱল “অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই” বুলি ক’লেই নহ’ব! লগতে ক’ব লাগিব অসমী আইৰ চেনেহৰ পুত্ৰ বিষ্ণু ৰাভাও নাই!
✽ | আৰু পঢ়ক: ৰাভা চেতনাৰ পুনৰ মূল্যায়ন হওক
আমি অশাবাদী। বিষ্ণু ৰাভাক অসমীয়া ৰাইজে জীয়াই তোলক, মতাদৰ্শৰ ভিত্তিত ৰাভাক লৈ বৌদ্ধিক সমাজখনে কৰি থকা টনা-আঁজোৰাবোৰৰ সমাপ্তি হওক, ৰাভাৰ সপোন পূৰণ হওক, ৰাভাৰ চিন্তা-চেতনাসমূহে “বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে” গাই অসমৰ অসমীয়াৰ মন-মগজুত পুনৰ নাচি উঠক!