বহাগ বিহুৰ পৰম্পৰা

বহাগ বিহুৰ পৰম্পৰা
  • 09 Apr, 2023

তুন বছৰৰ আৰম্ভণিত খেতি-বাতিৰ সূচনা কৰিবৰ সময়ত পুৰণিকলীয়া কৃষিজীৱী মানুহে কিছুমান আচাৰ পালন কৰা আৰ্হি বহুত দেশত লক্ষ্য কৰিব পাৰি। এই আচাৰৰ ভিতৰত নৃত্য-গীত, পূজা-পাতল আদি অপৰিহাৰ্য ক্রিয়া। এই ফালৰ পৰা চাবলৈ গলে অসমৰ বহাগ বিহুৰ পৰম্পৰা প্ৰাচীন। অসমৰ জনজাতীয় লোকসকলেও বিহু নাইবা এই ধৰণৰ আচাৰ পালন কৰে।

বহাগ বিহুৰ পৰম্পৰা প্ৰাচীন বুলি ক’লেই নহয়। ই যে সঁচাকৈয়ে প্রচীন, তাৰ আন কিবা প্রমাণ ওলায়নে? এই সম্পর্কত বিহু শব্দৰ পৰম্পৰাও লক্ষ্য কৰা যুগুত। পণ্ডিতসকলে ঠাৱৰ কৰিছে যে বিহু শব্দৰ উৎপত্তি সংস্কৃত বিষুৱণ শব্দৰ পৰা। অথৰ্ববেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আদি পুৰণি শাস্ত্ৰত পায় যে বিষুৱণ যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে ( ঐতৰেয় ব্ৰাহ্মণ, ৪.৩.২২)। অর্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনৰ যাগ-যজ্ঞৰ আয়োজন। বিষ্ণু পুৰাণত আছে শৰৎ আৰু বসন্ত ঋতুৰ মধ্যত সূৰ্য তুলা অথবা মেষ ৰাশিলৈ গ’লে বিষুৱ হয়।১ এই সময়ত দিন ৰাতি সমান (৭/৬৭); এই পৱিত্ৰ সময়ত দেৱতা, ব্রাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে সংযতচিত্ত হৈ দানাদি কৰিব লাগে (৭।৮০)। স্মৃতিশাস্ত্রতো দান-দক্ষিণা কৰাৰ কথা পায়। বলবৰ্মাদেৱ আদি অসমৰ ৰজাসকলে এই দিনত ভূমিদান কৰিছিল। বিষুৱ সংক্ৰান্তিৰ সময়ত পালন কৰা এনে মংগলদায়ক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ-পূব চুকৰ অসমতে ৰৈছে এনে নহয়, ভাৰতৰ আন আন অঞ্চলতো সি লোপ পোৱা নাই। দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বোলে। সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো ‘বিষু’ উৎসৱ (মেলা) আছে। মধ্য প্ৰদেশৰ ওৰাওঁসকলে গ্রীষ্মকালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে— আমি যেনেকৈ মাঘবিহুৰ সময়ত সমূহীয়াকৈ মাছমৰা বা পহুচিকাৰৰ ব্যৱস্থা কৰোঁ। কিছুমান অঞ্চলত ‘বিষু’ নুবুলি ‘বৈশাখী’ বোলা হয়।

অসমীয়া ভঠেলিয়ে যেনেকৈ প্রাচীন ইন্দ্ৰধ্বজ পূজাৰ সোঁৱৰণ ৰাখিছে, সেইদৰে বিহুৱেও প্রাচীন ভাৰতৰ বিষুৱণ দিনৰ পূজা-পাতলৰ সোঁৱৰণ ৰক্ষা কৰিছে। বিহু উৎসৱত অৱশ্যে কেইবাটাও উপাদান লগ লাগিছে। ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটি সুঁতি জাহ গৈছে, আনহাতে অনাৰ্য অথবা প্রাক্-আৰ্য প্রাচীন উৰ্বৰা অনুষ্ঠানৰ সুঁতিও লগ লাগিছে। স্ত্ৰী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীতো পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ এক প্রাচীন ব্যৱস্থা, বিশেষকৈ কৃষি অৱলম্বন কৰা লোকৰ মাজত। বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি মুদ্ৰা লক্ষ্য কৰিব পাৰি, সি এই প্রাচীন উৰ্বৰা অনুষ্ঠানৰ কথাকে মনলৈ আনে। বর্তমান সময়ত আমাৰ বিহুত যিবিলাক আচাৰ লক্ষ্য কৰোঁ— ঘৰ-বাৰী শুচি কৰা, নিকা বা ন কাপোৰ পিন্ধা, গৰু-গাইৰ যতন লোৱা, দেৱতা বা গোসাঁইক পূজা-পাতল দিয়া, নৃত্য আৰু গীত— এই আৰ্য আৰু অনাৰ্য আচাৰৰ উদ্দেশ্য একেই। আটাইবিলাকৰ উদ্দেশ্য হ’ল ৰাইজ, জীৱ-জন্তু আৰু খেতি-বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা লোৱা। এইফালৰ পৰা চাবলৈ গ’লে বিহু এক ধর্মীয় অনুষ্ঠান।

বর্তমান কালত হিন্দু ধৰ্মৰ প্ৰভাৱত আমি আগৰ পৰা চলি অহা নৃত্য আৰু গীতবিলাক অমার্জিত বুলি সিদ্ধান্ত কৰিব খুজিছোঁ, কিন্তু এই ধাৰণা শুদ্ধ নহয় যেন লাগে। দুর্ভাগ্যৰ কথা যে হিন্দু ধৰ্মই পুৰণি নৃত্য আৰু গীত নিজৰ ভিতৰত সুমুৱাই ল’ব নোৱাৰিলে, লোৱাহেঁতেন অসমীয়া হিন্দু ধৰ্মৰ এটি সতেজ আৰু আকর্ষণীয় ৰূপ লক্ষ্য কৰিব পৰা গ’লহেঁতেন। আনহাতে মণিপুৰত বৈষ্ণৱ পন্থই পুৰণি মাইবা-মাইবীসকলৰ মাজত চলি থকা নৃত্য-গীত নিজৰ ভিতৰত সুমুৱাই লৈ এটি নতুন সজীৱ ৰূপ লাভ কৰিছে। মণিপুৰত পুৰণি লাইহাৰাওবা নৃত্য যদিও মূলতঃ যৌনমূলক, সি এতিয়া বৈষ্ণৱ পন্থৰ মূল্যবান সম্পদ। হুঁচৰি আৰু বিহু নামত অৱশ্যে অলপ হিন্দু প্ৰভাৱ নপৰাকৈ নাথাকিল, কিন্তু নৃত্যত এই প্ৰভাৱ নপৰিল।

পুৰণি অসমীয়া পুথিত কেতিয়াবা ক’ৰবাত বিষুৱ আৰু বিহু শব্দটোৰ উল্লেখ পায়, কিন্তু উৎসৱ হিচাপে তাৰ বৰ্ণনা ক’তো পাবলৈ নাই। সম্ভৱ সপ্তদশ শতিকাত এক মুছলমান ভ্রমণকাৰীয়ে থৈ যোৱা বর্ণনাই প্রথম বর্ণনা। এই মুছলমানজনে ‘নওৰোজ’ বা নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ-স্ত্রী উভয়ে নৃত্য আৰু গীতেৰে যি ৰং-ধেমালি কৰিছিল, তাৰ বৰ্ণনা দিছে। ঢোল, পেঁপা, টকা আদি বাদ্যযন্ত্ৰৰ উল্লেখ এওঁ কৰিছে। এওঁ আকৌ কৈছে যে ডেকা-গাভৰুৰ মনৰ আদান-প্রদানো এই সময়ত হয়। সম্ভৱ আহোম ৰজাসকলে এই উৎসৱৰ পৰিপোষণ কৰি বিহুক এটি জাতীয় গঢ় দিয়াত সহায় কৰিলে। অর্থাৎ শাসকসকলৰ অনুমোদন পাই ই জাতীয় উৎসৱৰূপে এক আভিজাত্য লাভ কৰিলে। এনেকৈয়ে৷ ধাৰণা কৰিব পাৰি যে এইদৰে নৃত্য-গীত কৰা পৰম্পৰা আহোমবিলাকে শ্বানসকলৰ (মূলতঃ চীনদেশীয়) পৰা লৈ আহে। শ্বানসকলৰ মাজত স্ত্ৰী স্বাধীনতা সৰহ আছিল আৰু নৃত্য-গীতৰ আৰ্হিও আছিল। সময়ত আহোম শাসন লোপ পোৱাত আৰু হিন্দু ধৰ্মৰ বিধি-ব্যৱস্থাই প্রাধান্য লাভ কৰাত (বিশেষকৈ ঊনবিংশ শতিকাৰ বঙ্গদেশীয় গোৰা ব্ৰাহ্মণ্য ধ্যান-ধাৰণাৰ প্ৰভাৱত) বিহুৰ উৎসৱে আগৰ দৰে পৰিপোষণ নোপোৱা হ’ল।

হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ নৃত্য-গীত অশোভন বুলিয়ে থাৱৰ কৰিছিল। এওঁ আছিল বঙ্গদেশৰ লগত সম্বন্ধ ৰখা গোৰা হিন্দু। এয়া ১৮২৯ খৃষ্টাব্দৰ কথা। ১৮৮৫ খৃষ্টাব্দত বলীনাৰায়ণ বৰাই ‘আসাম বন্ধু’ত যি মন্তব্য কৰিছিল, তাত জাতীয় উৎসৱ স্বৰূপে বিহুৰ প্ৰতি অনুমোদন লক্ষ্য কৰিব পাৰি। বৰাই লিখিছিল: “ক্ৰমে সূৰ্য্যৰ তেজ বৃদ্ধি হয়, তাৰ লগে লগে প্ৰকৃতিৰো শোভা বৃদ্ধি হ’ল। ভগৱানে স্বৰূপ ধৰিও বৈকুণ্ঠৰ শোভা পাহৰি পার্থিব প্ৰকৃতিৰ লগত ধূলিমাটি, পানীৰে গীত পদ গাই ধেমালি কৰিলে। আন মানুহ কি পদার্থ? সকলোৱে সেই ৰূপ গীত পদ গাই ধেমালি কৰিবলৈ আৰম্ভিলে।২ নানা গীত নানা লোকে নানা মতে নাচি গাবলৈ ধৰিলে। প্ৰেমিকৰ প্ৰেম, ভক্তৰ ভক্তি উদয় হ’ল। সেই ৰূপে আপোনাৰ মনৰ ভাব প্রকাশিত হ’বলৈ ধৰিলে। ভাৰতবৰ্ষৰ সকলো ঠাইলৈকে চোৱা, এই ৰূপ দেখিবা। কোনো ঠাইত হলি, কোনো ঠাইত কার্তিক পূজা, কোনো ঠাইত মদন চতুৰ্দ্দশী বা মদন কামৰ বাঁশ মহা উৎসৱ। স্বাভাৱিক অৱস্থাত যাক অশ্লীলতা বোলা যায়, এই অৱস্থাত তাৰ ভাব ঢিলা। সংহতি কাৰ্য্যসাধিকাৰ ৰূপক মূৰ্তিৰ পূজাত আৰ্য্যাবর্ত্ত প্রবাহিনী হই যায়। ক্রমে মীন ৰাশি এৰি সূৰ্য্য মেষলৈ গতি কৰিবলৈ ধৰিলে। লোকৰ নাচ-বাগ, গীত-বাজনাৰ বৃদ্ধি হ’ল। কোনো ঠাইত চড়ক, কোনো ঠাইত আন প্ৰকাৰ ধেমালি। চ’তৰ ২৯ তাৰিখে উডুকা বা বিহুৰ অধিবাস। বুঢ়া-বুঢ়ী, ডেকা-ডেকেৰী কোনোৱে ৰঙ্গে মাছ মাৰিবলৈ গ’ল। বোৱাৰী-জীয়াৰীএ কাপুৰ ধুই ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰিলে। ল’ৰাই গৰু-গাই বিচাৰিলে । ৰাত্ৰি প্ৰভাত হ’ল। দেশ উৎসাহত পূৰ্ণ। মাহ-হালধিৰে গৰুৰ স্নান সমাপন কৰি লাউ, বেঙ্গেনা, হালধি গাত ছটিয়াই এৰি দিয়া হ’ল। গধূলি ন পঘা পালে। লোকসকলে গা ধুই নাম-কীৰ্ত্তন কৰি অৱস্থা অনুসাৰে বস্তু খালে। পিতা-মাতা, গুৰুজনক সেৱা-ভক্তি কৰিলে। ৩০ চৈত্ৰত পুৰণি বছৰ গ’ল। গৰুৰ বিহু গ’ল। পাচদিনা নৱবর্ষ প্রৱেশ। দেহত মহা আনন্দ। মিতিৰ-কুটুমৰ ঘৰলৈ যোৱা, গোসাঁই ঘৰলৈ যোৱা, প্রিয়জনক কাপৰ দিয়া, আদৰ সন্মান কৰা সম্পূর্ণ আমোদ। বিশেষকৈ ডেকা-ডেকেৰীৰ নাচ-গীতৰ প্ৰভাৱ বাঢ়িল।” এই টোকাত বৰাই বিহুৰ নৃত্য-গীতৰ আৰ্হিস্বৰূপে অৱতাৰ শ্ৰীকৃষ্ণৰ বৃন্দাবন লীলালৈ আঙুলিয়াইছে। ১৮৯৬ খৃষ্টাব্দত গার্ডন চাহাবে বিহুৰ প্ৰসংগত মন্তব্য কৰিছিল যে অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায়।

মজাৰ কথা এই যে ঢেকিয়াল ফুকন আদি লোকৰ বিবেচনাত বিহুৰ যিবিলাক বেয়া লক্ষণ, সেইবিলাকেই মূল বিহু উৎসৱৰ কেন্দ্ৰীয় সামগ্ৰী! অর্থাৎ প্রাচীন ভাৰতত খেতি-বাতিৰ মংগলৰ হকে চলিছিল যাগ-যজ্ঞ, অসমত তাৰ পৰিবৰ্ত্তে চলিল যৌনমূলক নৃত্য-গীত আৰু দুয়োবিধ ক্ৰিয়াৰ উদ্দেশ্য কিন্তু একেটাই।

অসমীয়া লিখকৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ ‘মিৰিজীয়ৰী’ উপন্যাসত প্রথম বিহুৰ নাচ আৰু গীত সম্পর্কে অলপ বহল বর্ণনা পায়। ‘মিৰিজীয়ৰী’ ছপা হয় ১৮৯৫ খৃষ্টাব্দত। বৰদলৈয়ে অৱশ্যে মিৰিসকলৰ নৃত্য-গীতৰ কথাকে ঘাইকৈ বর্ণাইছিল, তথাপি এই বর্ণনা সহানুভূতিসূচক। যি ধাৰণা কৰিব পাৰি, স্বাধীনতা হেৰুওৱাৰ পাছত অসমীয়া শিক্ষিত লোকে জাতীয় চৈতন্য হেৰুৱাই নাইবা বংগদেশৰ পৰা আমদানি কৰা গোড়া হিন্দু আৰ্হিৰ প্ৰভাৱত নিজৰ আগৰ আচাৰ-ব্যৱহাৰ ত্যাগ কৰিবলৈ ধৰিছিল। বিহুনাচ চোৱা নাইবা বিহুনাম গোৱা এসময়ত অমার্জিত বুলি গণ্য হৈছিল। নকুলচন্দ ভূঞাদেৱে মোক জনাইছিল এইদৰে— “আপুনি এতিয়া বুজিবলৈ টান পাব আমি যেতিয়া ব’হাগীত গোটাইছিলোঁ, ভয়ত আৰু লাজত, কোনেও নজনাকৈ গোটাইছিলোঁ।”

সম্ভৱ বৰ্তমান শতিকা (কুৰি শতিকা)ৰ দ্বিতীয় দশকমানৰ পৰা শিক্ষিত মধ্যবিত্ত লোকৰ বিহু সম্পৰ্কীয় ধাৰণা সলনি হবলৈ আৰম্ভ কৰে। গণেশ চন্দ্র হাজৰিকাই ১৯১৮ খৃষ্টাব্দত ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র’ নামেৰে পুস্তিকা এখন ছপাই তাত অসমীয়া বিহুকেইটিৰ এটি সৰল বর্ণনা দিছিল। বিহুৰ বিষয়ে কিতাপ লিখা নিশ্চয় সেই কালৰ এটি উল্লেখযোগ্য ঘটনা। হাজৰিকাই কিতাপখনৰ এঠাইত মন্তব্য কৰিছিল এইদৰে— “সজ বিবেচকৰ কৰ্তব্য হৈছে সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সময় আৰু সমাজৰ উপযোগী কৰি তোলা আৰু সেই সম্বলেৰেই বৰ্তমান সমাজৰ মংগল সাধন কৰা।” হাজৰিকাৰ এই মন্তব্যৰ সৈতে খৰিয়াল কৰিবৰ আমাৰ একো কাৰণ নাই। (বেণুধৰ ৰাজখোৱাইও বিহুৰ ওপৰত পুস্তিকা এখন ৰচনা কৰিছিল। এইখন মই দেখা নাই।)

এই একে সময়তে বেজবৰুৱাই ‘বাঁহী’ৰ জৰিয়তে বিহুৰ সপক্ষে একাধিকবাৰ ওকালতি কৰিছিল চোকা আৰু ব্যংগ সুৰত। বিহুনাচত যোগ দি বতৰৰ আনন্দ প্রকাশ কৰাৰ বাটত যি হেঙাৰ তালৈ বেজবৰুৱাই আঙুলিয়াইছে এইদৰে— “নচাৰ বিপক্ষে এটা ডাঙৰ বিপদ এই যে বিহুনাচৰ থেকেৰা ফুল কেনেবাকৈ এৱাঁ গাখীৰত পৰিব লাগিলে সি ততালিকে কুৰুচি ফাটিব আৰু ফাটিলেই সর্বনাশ! ফাটিলেই ধুম আৱাজ! বোলো তেন্তে কি কৰা যায়। মাজতে বছৰেকৰ বিহুটো জানো বজা হবলৈ দিলে কিবা ভাল কৰা হব? সেই দেখি কৃষ্ণক চিন্তি এইবাৰলৈ নানাচি বিহুৰ আন ৰং-ধেমালিকে কৰি মনটো তাপৰা যাওক বুলিছোঁ; যি থাকে কপালত।”

১৯১৭ খৃষ্টাব্দত ‘বাঁহী’ত বেজবৰুৱাই লিখিছিল— “বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেই দেখি বিহুক লোকে হাঁহে, বেয়া পায়।”

এইদৰে ক্ৰমে বিহু সম্পৰ্কীয় ধাৰণা সলনি হবলৈ ধৰে। ১৯৩১ খৃষ্টাব্দত গুৱাহাটীৰ নাগৰিকসকলৰ চেষ্টাত বহুত ৰং-ধেমালি আৰু খোৱা-বোৱাৰে বিহু পতা হৈছিল। বহাগ বিহুৰ পৰম্পৰাত ই এটি লেখত ল’বলগীয়া ঘটনা। প্রকৃততে কিন্তু যোৱা মহাযুদ্ধৰ পাছতহে বিহুৱে আকৌ নিজৰ সন্মান লাভ কৰিবলৈ সমর্থ হয়। বর্তমান শতিকা ভাৰতীয় জাতীয় জাগৰণৰ সময়। এনে সময়তে জাতীয় সংস্কৃতিৰ সামগ্ৰীবিলাকৰ পুনৰুদ্ধাৰ আৰু নৱমূল্যায়ন হয়। আমাৰ জাতীয় জাগৰণেও বিহু উৎসৱৰ জনপ্রিয়তা বঢ়োৱাত সহায় কৰিলে। ‘অতিকৈ চেনেহৰ বহাগৰ বিহু’ হৈ পৰিল জাতীয়তাৰ সঁজুলি। বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয়, ই ঘাইকৈ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ প্রতীক স্বৰূপ। আনহাতে বর্তমান সময়ত ই বিভিন্ন খেলৰ বিভিন্ন ভাষাৰ লোকৰ মিলনৰ ক্ষেত্র হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্রতীক।

বহাগ বিহুৰ পৰম্পৰা- প্ৰফুল্ল দত্ত গোস্বামী বহাগ বিহুৰ পৰম্পৰা: মাখিয়তী মাখি পাত…

গো-পূজা আদি অনুষ্ঠান বাদ দিলে, ব’হাগ বিহুৰ বাকী ক্রিয়া— নৃত্য-গীত, এদিন কিবা জন্তুৰ নামৰ বিহু, কাইলৈ অমুক খোৱা বিহু, তাৰ পাছদিনা আত্মীয়-কুটুম্বৰ ঘৰলৈ যোৱা দিন, যাগ বা থুপা দিয়া ইত্যাদি বিবিধ ক্ৰিয়াৰ যি বিশেষ ক্রম দেখিবলৈ পোৱা যায় তাৰ আৰ্হি, মোৰ গবেষণা মতে, চীনদেশৰ পৰা অহা যেনহে লাগে (The Springtime Bihu of Assam দ্রষ্টব্য)। গোহালিৰ সমুখত যাগ দিয়া মূলতঃ দেও-ভূত খেদিবৰ ব্যৱস্থা। চীনদেশত জুই ধৰি ফটকা ফুটাইছিল একে উদ্দেশ্যতেই। ইমানকি, আমাৰ যেনেকৈ ধুমুহা-বৰষুণৰ হাত সাৰিবলৈ ‘দেৱ দেৱ মহাদেৱ’ মন্ত্র লিখি দিয়া হয়, চীনদেশৰ নৱবৰ্ষত দুৱাৰৰ ওপৰত মঙ্গলসূচক বচন লিখি দিয়া হৈছিল। পণ্ডিতসকলে কয় যে চীনদেশত বছৰৰ আৰম্ভণিত নৈৰ পাৰত ডেকা-গাভৰুৱে যি নাচ-গান কৰিছিল (উত্তৰ-প্ৰত্যুত্তৰমূলক গীত গাইছিল), ডেকা-গাভৰুৱে যি স্বাধীনতা লৈছিল, তাৰ উদ্দেশ্য আছিল খেতি-বাতিৰ উন্নতি আৰু সৰহ সন্তানৰ জন্ম। অর্থাৎ এই উৎসৱ মূলতঃ উর্বৰা উৎসৱ। (Wolfram Eberhard, Chinese Festivals, 1958)

টোকা:

১. সূৰ্য তুলা ৰাশিলৈ গ’লে কাতি বিহু হয়। এই বিহুত উৎসৱৰ প্ৰাধান্য কম। মাঘৰ বিহুৰ অগ্নিপূজা মূলতঃ আর্য অনুষ্ঠান, বাকী ভোজ-ভাত খোৱা স্থানীয় বা অনাৰ্য বুলি ধৰিব পাৰি।

২. তুলনীয়:
প্রথমে ঈশ্বৰে পৃথিৱী স্ৰজিলে
লগতে স্ৰজিলে জীৱ,
সেইজন ঈশ্বৰে পিৰিতি কৰিলে
আমিবা নকৰিম কিয়।

❧ | আৰু পঢ়ক:

বহাগ বিহুৰ পৰম্পৰা | ড° প্ৰফুল্ল দত্ত গোস্বামী

Follow Nilacharai on Facebook