এটা আলিংগনৰ সপোনৰ পৰা মই সাৰ পাওঁ
য’ত আমি স্বাধীন আৰু সমান
আমাৰ একাত্ম নিশ্বাসত নিহিত বালিৰ ধুমুহা
পাৰত পৰা মাছৰ দৰে ককবকনি
শুকাই অহা নৈ এখন
আৰু চকুৰ পতাত চুৰমাৰ হৈ যোৱা কাঁচৰ আকাশ

তোমাৰ ছাল বোকা মাটিৰ দৰে কোমল
আৰু শিলৰ দৰেই টান
তোমাৰ শৰীৰৰ ভূগোল,
অস্তিত্বৰ বুৰঞ্জী মোৰ আঙুলিৰ ফাঁকেৰে
মুঠি মাৰিব বিচৰা পানী হৈ গুচি যায়
আৰু মই সাৰ পাই উঠোঁ

মোৰ চকুৰ অন্বেষণ,
অনুভূতিৰ বিদ্বেষ
আৰু এটা অতিৰঞ্জিত বাস্তৱক
উদৰত ভৰাই
আকৌ গুলপীয়া চাদৰৰ বিচনাখনত পৰোঁ
শিতানত টোপনিৰ পুলি গজে
মই সপোন দেখোঁ,
এটা ধাৰাবাহিক আধৰুৱা সপোন…

অসমীয়া কবিতা নতুন

অন্বেষণ | ৰিছাদ ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক