মূল (ইংৰাজী/ The Fall): ৰাছেল এডছন
অনু: প্ৰকল্প ৰঞ্জন ভাগৱতী
✽
এজন মানুহে এবাৰ দুটা গছপাত পালে আৰু হাতত লৈ ভিতৰলৈ সোমাই মাক-বাপেকক ক’লে যে তেওঁ এজোপা গছ।
তাকে দেখি তেওঁলোকে ক’লে, চোতাললৈ যোৱা, আৰু বহা-কোঠাত নাবাঢ়িবা, নহ’লে শিপাবোৰে কাৰ্পেটখন নষ্ট কৰি পেলাব।
তেওঁ ক’লে, ধেমালি কৰিছিলো, মই গছ নহওঁ, আৰু তেওঁ হাতৰ পাতকেইটা পেলাই দিলে।
কিন্তু তেওঁৰ মাক-বাপেকে ক’লে, চোৱা এয়া শৰৎকাল।
(১৯৬৯)
✽
ৰাছেল এডছন
ৰাছেল এডছন (১৯২৮-২০১৪) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী কবি, ঔপন্যাসিক আৰু চিত্ৰকৰ। অন্যান্য গ্ৰন্থৰ লগতে তেওঁৰ বহুকেইখন ‘গদ্য-কবিতা’ (Prose poetry)ৰ সংকলন আৰু দুখন উপন্যাস প্ৰকাশিত হৈছিল। বৰ্তমানৰ কবিতাটি তেওঁৰ গদ্য-কবিতাৰ অন্যতম উদাহৰণ।
❧ | আৰু পঢ়ক: