ব্যাকুল বিদ্ৰোহী: নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি

ব্যাকুল বিদ্ৰোহী: নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি
  • 21 Jan, 2023

সাৰে থাকিছিল তেওঁ
ওৰে ৰাতি

পিয়াপি দি ফুৰিছিল
হাতত সাৰে
ভৰিত সাৰে

নৈঃশব্দৰ অৰণ্যত

বিচাৰি ফুৰিছিল
শূন্যতাৰ শব্দৰ উঁহ

বুকুত নিজৰ
লুকুৱাই ৰাখিছিল
খৰিকাজাঁই এপাহ

ঢেকীয়াৰ আঙুলি কাটি
আজাৰৰ আন্ধাৰত বেচা বাইজনীৰ কথা কোৱা
তেওঁ
সৃষ্টিৰ প্ৰথম সূৰ্যোদয়টোৰ
সাক্ষী আছিল

তেওঁ প্ৰজ্জ্বলিত গ্ৰীষ্মৰ
ব্যাকুল বিদ্ৰোহী

নৃতৰতা পৃথিৱীৰ
প্ৰেমিক

এতিয়া মাথোঁ

চকুত ইন্দ্ৰধনু লৈ
বৃন্দাবনলৈ যোৱা
তেওঁৰ
কবিতা পঢ়োঁ
আৰু উচুপি উঠোঁ

❧ | আৰু পঢ়ক:

ব্যাকুল বিদ্ৰোহী: নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক