মূল (ডেনিশ্ব, ডেনমাৰ্ক): Henrik Nordbrandt (Et Liv)
ইংৰাজী অনুবাদ: John Irons (A Life)
অসমীয়া অনুবাদ: দেৱজিৎ গোস্বামী

তুমি জ্বলাই তোলা এটি জুইশলাৰ শিখাই
তোমাক কৰিছিল অন্ধ

সেয়েহে আঙুলিৰ মাজত কাঠিডাল জ্বলি
শেষ হোৱাৰ আগৰ এন্ধাৰত
কাংক্ষিতক তোমাৰ বিচাৰি নাপালা

আৰু যন্ত্ৰণাই তোমাক
পাহৰাই পেলালে
কিয়েইবা তুমি বিচাৰি আছিলা।

এটি জীৱন | দেৱজিৎ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক