তেওঁ গুচি গ’ল একো নোকোৱাকৈ
পথাৰৰ বঁকিয়াইদি
তেওঁৰ পিছে পিছে গৈছিল এটা দীঘল ছাঁ
হিৰণ্ময় বেলিৰ পোহৰ ঢাকি
ফাগুনৰ পথাৰ
নৰানি গছকি উদং পথাৰখনত
অনায়াসে বৈ থাকে এজাক তপত বতাহ
দূৰৈৰ গাঁৱৰ সীমাত
নাঙঠ গছবোৰে নিৰৱে চাই ৰয়
বিবৰ্ণ বেলিৰ মুখ
ধূলিয়ৰি গৰুবাটৰ বতাহজাক সাবটি
মই উলটি আহিলো
গ্ৰস্ত গধূলি
ভুল-শুদ্ধৰ অনেক উত্তৰহীন সংশয় লৈ…
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক