শেষ উঁকিটো মাৰি
নামনিমুৱা ৰেলখন গ’লগৈ
ষ্টেচনত থিতাপি ল’লেহি
অন্য এখন ৰে’লে।
শ শ যাত্ৰীৰ খোজ
জ্বলা চানা-চিপচ্-পপকৰ্নৰ নিমখীয়া গোন্ধত
মাজনিশাও সাৰে থাকে
ব্যতিব্যস্ত প্লেটফৰ্ম।
লানি নিছিগাগৈ ৰেলবোৰ গৈ থাকে
অথচ যাত্ৰী কোনোকালেই শেষ নহয়
বুকুত বুকু এখন বান্ধি যাত্ৰীবোৰ আহে
হাতত ওলমি থাকে চুটকেচ
অথবা ৰঙীন পলিথিন।
কেতিয়াবা কোনোজনে
লৈ আহে বুকুত এচটা শিল;
পকেটত আধৰুৱা ডায়েৰীৰ ফটা কাগজ।
বুকুত বুকু থকাজনৰ লক্ষ্য স্থিৰ
শিলাময় বুকুৰ গৰাকী লক্ষ্যবিহীন…
কাৰ কি লক্ষ্য
সেয়া ৰেলগাড়ীৰ বিচাৰ্য নহয়
নিজস্ব লক্ষ্যক ধিয়াই ৰে’লগাড়ী চলি থাকে—
উজনি-নামনি, কামাখ্যা-ধুবুৰী
কিম্বা ৰাজধানী…
সময় ভটিয়ায়
ৰে’লগাড়ীয়ে উকিয়ায়
নতুন পুৰণি হয়
পুৰণিৰ মাজতেই পুনৰ নতুনৰ সৃষ্টি হয়।
এনেকৈয়ে সময়ান্তৰত লক্ষ্যবিহীনজনে
লক্ষ্য বিচাৰি পায়
অথবা কোনোজনে চিৰদিনলৈ
ঠিকনা হেৰুৱায়…
দুটা কবিতা
সূতপুত্ৰ ৰাধেয়

কবিতা
অনিৰ্বাণ দত্ত

নায়ং গচ্ছতি ন আগচ্ছতি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

এজন মানুহ আৰু এখন দুৱাৰ
মমতাজ আনচাৰি

সোণাৰুৰ হাঁহি
সত্যজিৎ গগৈ
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
