বৈ যায় নিৰৱধি সময়, সলনি হয় বছৰ
আয়ুস কমে, স্ফূৰ্তিহে নকমে জীৱনৰ
পৰিৱৰ্তনকামী ধৰাত তেনেই স্বাভাৱিক
পুৰণিক বিদায় আৰু নতুনক আদৰ।
ময়াপী জীৱন ৰহস্যময় সাঁথৰ
লক্ষ্য অনেক, বাট ধূসৰ ধূসৰ
সাপ-জখলাৰ খেল উত্থান-পতনৰ
সীমাহীন অনুভৱ দুদিনীয়া জীৱনৰ।
অবিৰত যাত্ৰা— সময়ৰ গোপন বাগৰ
সাক্ষী হওঁ আমি অলেখ ৰূপান্তৰৰ
বিদায় বেলাত ভ্ৰম ভাঙে অহংকাৰৰ
শলিতা নুমাব এদিন, দেহাবোৰ হ’বই নিথৰ।
❧ | অধিক কবিতা: