ন কেইবছৰতকৈ হেনো এইবাৰ বিহুখন ব্যতিক্ৰম হ’ব,— পুতেক সৰুপোনাৰ মুখত যোৱা প্ৰায় এমাহ ধৰি এই কথাষাৰ হাজৰিকা মাষ্টৰে শুনি আহিছে। হওক। পৰিৱৰ্তন লাগেই। তাতে পানীমূৰ হেন পিছপৰা ঠাইত সৰুপোনাই কোৱাৰ দৰে ভাল বিহুৱতী প্ৰতিযোগিতা এখন পাতিব পাৰিলে অঞ্চলটোৰে গৌৰৱ। পেন্সনৰ কামটো হৈ যোৱা হ’লে মোটাকৈ কিবা এটা তেৱোঁ দিব পাৰিলেহেঁতেন। নহ’লেওতো টকা পাঁচ হাজাৰমান দিব পাৰিব। পিছে মুখ খুলি কিবা এটা পুতেকে ক’লেহে! আজিকালি তাৰ বেছিভাগ কথা মাকৰ লগত। বিহুখনৰ বিষয়ে হাজৰিকাই যি দুই-এটা কথা জানি আছে, সেয়া পত্নীৰ মুখেৰেহে।

বিহু কেনেকৈ পাতিব লাগে, হাজৰিকাই জানে, কেনেকৈ ঘৰে ঘৰে গৈ বৰঙনি তুলি কৰা বহু কষ্টৰ ফচল— এই মঞ্চবিহু, সেই কথাও তেওঁ ভালদৰে অনুধাৱন কৰিব পাৰে আৰু সেই হেতুকে পানীমূৰ হেন পিছপৰা অঞ্চলত এই বিহুখন যাতে থমকি ৰ’ব লগা নহয়, সেই উদ্দেশ্যে প্ৰতি বছৰে পাঁচ-ছয় হাজাৰ টকা তেওঁ নগদ দি আহিছে। মুঠতে ক’ব পাৰি, পানীমূৰ বিহু সন্মিলনীৰ মুখ্য পৃষ্ঠপোষকেই হওক বা মুখ্য উপদেষ্টাই হওক, এই হাজৰিকা মাষ্টৰ থাকিবই।

ভবাতকৈও লৰাহঁতে বিহুৰ যো-জা আটোমটোকাৰিকৈ কৰিছে। পিছে তলে তলে হাজৰিকা আচৰিত হৈয়ো আছে,— বিহুলৈ আছে মাথোঁ দুদিন, তথাপি কোনো এটা ল’ৰাই তেওঁক একো এটা সোধ-পোছ কৰাহি নাই! কাৰ্যসূচী সাজু কৰিব কেতিয়া, প্ৰেছত দিব কেতিয়া, প্ৰুফ চাব কেতিয়া— এইবোৰ কথা ইহঁতক আকৌ মনত পেলাব লাগিব নেকি! এনেবোৰ বিষয়তে কিছু অভিমান মিশ্ৰিত খং লৈ দুদিনমানৰ পৰা হাজৰিকাই ভোৰ-ভোৰাই আছে। অষ্টম বৰ্ষ গৰকা এই বিহুৰ বহু দায়িত্বৰ লগতে এইবিলাক কামৰ ভাৰো প্ৰতিবছৰে হাজৰিকাৰ ওপৰতে পৰে। নাই, তেওঁ নিজে নোসোধে। কি কৰে কৰকচোন। এনেও আজিকালি সৰুপোনাই বাপেকক এইবিলাক কামৰ পৰা আঁতৰি থাকিবলৈ কয়। অৱসৰ মানে জিৰণি। হ’লেও হাজৰিকা কেৱল সৰুপোনাৰেতো অভিভাৱক নহয়, এইখন বিহু সমিতিৰো অভিভাৱক। সৰু-সুৰা কথা ধৰি থাকিলে নচলিব। এবাৰ গৈ পেণ্ডেলটো চাই অহাই ভাল নেকি বুলি হাজৰিকা চাইকেলখন লৈ বাহিৰ ওলাল।

চাৰিআলিৰ ডেকাচাংখনৰ ওপৰতে ডাঙৰকৈ লগাই থোৱা এখন বেনাৰে তেওঁক কেৱল আচৰিত কৰাই নহয়, অন্তৰত টোকৰ এটাও মাৰি গ’ল। সৰুপোনাহঁতে তেওঁৰ অজ্ঞাতে প্ৰেছৰ কৰণীয় সকলো কাম ইতিমধ্যে সমাপন কৰিলে বুলি তেওঁৰ আৰু বুজিবলৈ বাকী নাথাকিল। যোৱা বছৰলৈকে বেনাৰ, ছাইনবোৰ্ড আদি কাগজত শুদ্ধকৈ লিখি প্ৰেছত দিব লগা আগধন পৰ্যন্ত দিয়াৰ দায়িত্ব তেওঁৰ আছিল। চাইকেল ওভতাই হাজৰিকা ঘৰ পালেহি।

: কাৰ্যসূচীখন দিলে নেকি অ’ ইহঁতে?— কাপোৰ জাপি থকা পত্নীক হাজৰিকাই সুধিলে।
: নাই দিয়া। এইবোৰ ধান্দা এইবাৰ বাদ দিয়ক। ল’ৰাহঁতে জানো আপোনাক বিচাৰিছে? আপোনাৰনো কি দৰকাৰ?
: এৰা…।

আনকেইবাৰৰ দৰে কাৰ্যসূচীত ভুল বাছি পুনৰ প্ৰেছলৈ পঠিয়াবলৈ হাজৰিকাক কাৰ্যসূচীখন নালাগে। লাগে মাথোঁ নতুন বিহুখনিৰ ৰেহ-ৰূপ চাবলৈ। হঠাৎ তেওঁৰ বুকুখন চিৰিংকৈ মাৰিলে— বিহুৰ পতাকা উত্তোলন আকৌ বেলেগে কৰিবহি নেকি! নাই নাই, তেওঁ কেৱল চাকৰিৰ পৰাহে জিৰণি লৈছে, জীৱনৰ পৰা নহয়। পাৰিব সেইটো দায়িত্ব। ক’ত পাব এখন কাৰ্যসূচী? সৰুপোনাক বিচাৰিব? ওহোঁ। আজিকালি সিয়ো গেঙেৰি মাৰি আহে। তাক খুজি লাজ পাব নোৱাৰি।

দুটা প্ৰায় উজাগৰী নিশা পাৰ হৈ গ’ল।

প্ৰতিবছৰে কৈ অহা কথাখিনিকে পুনৰ মনতে পাগুলি পুৱাই গা-পা ধুই হাজৰিকা প্ৰায় সাজু। সৰুপোনা বহু আগেয়েই ওলাই গ’ল। বিহুৰ জলপান খাই নতুন সাজযোৰ পিন্ধি উথপথপ লগোৱা হাজৰিকাক পত্নীয়ে এইবাৰ বিহুতলীলৈ যাবলৈ মানা কৰি কিবাকিবি ক’লে যদিও একো কথাই আজি হাজৰিকাৰ কাণৰ ভিতৰত প্ৰৱেশ নকৰিলে। পানীমূৰ বিহু সন্মিলনীৰ তেওঁ জন্মদাতা, তাতে ভুল সৰুৱেই কৰে, সেইবুলি নিজৰ বিহুখনলৈ এনেকৈ পিঠি দিয়া ভাল নহয়। হ’ব পাৰে, কিজানি এইবাৰৰ বিহু ডাঙৰ, ব্যস্ততাও বেছি, সেয়ে ল’ৰাহঁতে তেওঁক সময় দিব নোৱাৰিলে! মনতে ভাবিলে, আমাৰ ইও জানো কম, ক’লে চাগে, হ’ব দেউতাক মই চব জনাম। সকলো অভিমান মুহূৰ্ততে নাইকিয়া কৰি সাঁচি থোৱা টকা দুহাজাৰ লৈ হাজৰিকাই বিহুতলীলৈ চাইকেল কোবালে।

ইতিমধ্যে সকলো গোট খাইছে। বগা বগা কূৰ্তা-পায়জমা পিন্ধা, ডিঙিত গামোচা লৈ গোলাকাৰ এটা আকৃতি নিজে নিজে হৈ যোৱা জুমটোৱে বিহুৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ সময়কে সূচালে। হাজৰিকাৰ চাইকেলৰ গতি বাঢ়ি গ’ল। বিহু মণ্ডপৰ নিচেই কাষতে চাইকেলখন ৰখাই পতাকা উত্তোলনথলীলৈ হাজৰিকা মাষ্টৰ প্ৰায় ঢপলিয়াই গ’ল। উস ৰক্ষা, উত্তোলন হ’বহে। কিন্তু ই কি? কাণখন যেন হাজৰিকাৰ ফাটিহে যাব! নিজৰ ভৰি দুটাৰ ওপৰত থিয় দি থাকিবলৈও হাজৰিকাৰ জোৰ নোহোৱা হৈ গৈছে! সৰুপোনাই মাইক্ৰফোনত এয়া কি ঘোষণা কৰিছে! প্ৰচণ্ড বিষ এটাই হাজৰিকাৰ বুকুত খুন্দা মাৰি ধৰিলে।

‘খোকোজা লাগিলে অলপ সহায় কৰি দিবা’ বুলি হাতত এখন ডাঙৰ কাগজ লৈ মাইক্ৰফোনটোৰ ফালে আগুৱাই গ’ল এই বছৰ পঁচিশ হাজাৰ টকা বৰঙনি দিয়া, বিধায়কৰ সোঁহাত, একালৰ হাজৰিকাৰ সহপাঠী— মেট্ৰিক ফেইল সদানন্দ বৰা।

সৌৱা আকাশত উৰিছে পানীমূৰ বিহু সন্মিলনীৰ পতাকা। উত্তোলক— সদানন্দ বৰা।

এৰা, পত্নীৰ পৰামৰ্শই সঠিক আছিল!

❧ | অধিক গল্প:

অৱসৰ | দ্বীপজ্যোতি বৰা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক