নিচান চাহিব: অসমীয়া শিখ সম্প্ৰদায়ৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাস সম্পৰ্কে যৎকিঞ্চিৎ

নিচান চাহিব: অসমীয়া শিখ সম্প্ৰদায়ৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাস সম্পৰ্কে যৎকিঞ্চিৎ
  • 04 Dec, 2024

সম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি। স্বকীয় সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ বিভিন্ন জাতি-উপজাতিসমূহে বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ আহি এটা বৃহৎ অসমীয়া জাতিৰ সৃষ্টি কৰিলে। ভিন্ন দেশ-ৰাজ্যৰ পৰা অহা জাতি-গোষ্ঠীসমূহে নিজৰ সুকীয়া অস্তিত্ব বিসৰ্জন দি বৃহৎ অসমীয়া জাতিসত্তাত বিলীন হৈ পৰিল। তেনেধৰণেই অসমত বসবাস কৰা এটা বিশেষ জনগোষ্ঠী হ’ল অসমীয়া শিখ সম্প্ৰদায়।

মান সেনাই অসম আক্ৰমণ কৰাৰ সময়ত সুদূৰ পঞ্জাবৰ পঞ্চনদীৰ তীৰৰ পৰা অসমলৈ অহা এই লোকসকলে অসমতে থাকি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ অসমক নিজৰ মাতৃভূমি হিচাপে গণ্য কৰি অসমৰ হকেই জীৱন উছৰ্গা কৰিছিল। অসমলৈ তেওঁলোকৰ কেনেকৈ আগমন ঘটিছিল, তেওঁলোকে বিদেশীৰ হাতৰ পৰা অসমখনক কেনেকৈ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল, অসমৰ সমাজ জীৱনলৈ তেওঁলোকৰ অৱদান কি— এই সকলোবিলাক বিষয় সামৰি সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট গল্পকাৰ-ঔপন্যাসিক জয়ন্ত মাধৱ বৰাই লিখি উলিয়াইছিল ‘নিচান চাহিব’ নামৰ উপন্যাসখন। ২০১৯ চনত বনলতাই প্ৰকাশ কৰা উপন্যাসখন অসমীয়া সাহিত্যলৈ এক অনৱদ্য অৱদান। উপন্যাসখনিৰ ৰচনাৰ মূল উদ্দেশ্য হ’ল অসমীয়া শিখসকলক পাঠকৰ ওচৰলৈ চপাই অনা। অসমীয়া শিখসকলক লৈ ৰচনা কৰা এইখনেই হয়তো অসমীয়া ভাষাৰ প্ৰথমখন সামাজিক উপন্যাস। ঔপন্যাসিকে উপন্যাসখনৰ আৰম্ভণিতে অনুভৱৰ কলমেৰে লিখি কৈছে— “অসমীয়া শিখসকলৰ বিষয়ে এইখনেই শেষ উপন্যাস হ’ব নালাগে। এয়া মাথোঁ আৰম্ভণিহে। বিজ্ঞানসন্মতভাৱে পৰিশীলিতভাৱে অধ্যয়ন আৰু গৱেষণা কৰি অসমীয়া শিখসকলৰ বিভিন্ন দিশ উন্মোচিত হ’ব লাগে। সৌ তাহানিৰে পৰা অসমীয়া সাহিত্যত শিখসকলৰ প্ৰসংগ উত্থাপিত হৈছে আৰু হৈয়ো থাকিব। কাৰণ তেওঁলোকে আমাৰ মাজৰে।”

‘নিচান চাহিব’ উপন্যাসখনৰ পটভূমি হৈছে নগাঁও জিলাৰ বৰকলা অঞ্চল। উপন্যাসৰ নায়ক কমলজিৎ। ঔপন্যাসিকে কমলজিতৰ চৰিত্ৰৰ মাজেদি নিবনুৱাৰ হতাশা, ক্ষোভ, আত্মসংস্থাপনহীনতা, বেদনাৰ একোখন ছবি অংকন কৰিছে। নিজৰ জন্মভূমিক প্ৰাণ ভৰি ভাল পোৱা কমলজিতৰ নিচা হ’ল সংগীত। সংগীতৰ মাজত ডুব গৈ জীৱনৰ সকলো দুখ-যন্ত্ৰণা, অভিমান পাহৰি যাবলৈ চেষ্টা কৰে। দেউতাকৰ মৃত্যুৰ পাছত কমলজিতৰ মাকে বৰ কষ্টৰে পৰিয়ালটো চলাইছিল। দেউতাৰ মৃত্যুৰ পাছত পৰিয়ালটোত সি মাক, বায়েক আৰু ভনীয়েকৰ সৈতে বসবাস কৰিছিল।

কমলজিতৰ বায়েকৰ এটা হিন্দু ল’ৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। কিন্তু মাকে বায়েকক হিন্দু ল’ৰালৈ বিয়া দিয়াত একমত নাছিল। ৰক্ষণশীল মাকে দুয়োজনী ছোৱালীক শিখ সম্প্ৰদায়ৰ যুৱকলৈ বিয়া দিব বিচাৰে, সেইবাবে মাকে দুয়োজনী ছোৱালীক ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ নিদিয়ে। কমলজিতে কাম-বন নকৰি কেৱল সংগীতৰ মাজতেই বিলীন হৈ থাকে, সেয়ে সি মাকৰ পৰা গালি-শপনি খাব লগা হয়। সংগীতেৰে পেটৰ ভোক নুগুচে,— এনেবোৰ কথা ভাবি এদিন কমলজিতে তাৰ দৰে নিবনুৱা উদ্যমী যুৱক পূৰ্ণানন্দ আৰু সঞ্জীৱৰ সহযোগত চৰকাৰী মাটি লীজত লৈ এখন কলৰ বাৰী পাতিবলৈ সিদ্ধান্ত লয়। পইচাৰ অভাৱত কমলজিতে তাৰ পুৰণি বাদ্যযন্ত্ৰসমূহ বিক্ৰী কৰি দিছিল। ফাৰ্ম খুলিবৰ বাবে সি ঘৰৰ পৰা অলপো উৎসাহ পোৱা নাছিল, কাৰণ সঞ্জীৱেই আছিল তাৰ বায়েকক ভালপোৱা ল’ৰাজন!

ৰাজনৈতিক দলৰ দালাল কিছুমানে কমলজিৎহঁতৰ ফাৰ্মখনৰ চৰকাৰী মাটিখিনিত চকু দিছিল। এদিন ৰাতি কোনোবা দুৰ্বৃত্তই সিহঁতৰ ফাৰ্মৰ পূৰঠ কলৰ থোকবোৰ কাটি লৈ যায় আৰু সঞ্জীৱকো অচিন শত্ৰুৱে হত্যা কৰে। এনে ঘটনাবোৰে কমলজিতৰ সপোনবোৰ থানবান কৰি পেলাইছিল।

সংকটৰ সন্মুখীন হোৱা নিম্ন মধ্যবিত্ত অসমীয়া শিখসকলৰ জীৱন সংগ্ৰামৰ এখন বাস্তৱ ছবি কমলজিত চৰিত্ৰটোৰ যোগেদি ঔপন্যাসিকে সুন্দৰকৈ অংকন কৰিছে। অসমীয়া সমাজ জীৱনত মিলি যোৱা শিখসকলৰ জীৱনশৈলী বৰ্ণনা কৰাৰ লগতে স্বাধীনতা আন্দোলনত তেওঁলোকে লোৱা সক্ৰিয় ভূমিকাৰ কথা, বিশেষকৈ বৰকলা অঞ্চলৰ শিখসকলৰ বিৰল ত্যাগৰ নিদৰ্শন আৰু অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতিৰ পথাৰখনত তেওঁলোকৰ অৱদানৰ কথা উপন্যাসখনত সুন্দৰকৈ দাঙি ধৰিছে।

জয়ন্ত মাধৱ বৰাৰ আন উল্লেখযোগ্য উপন্যাস ‘মৰিয়াহোলা’, ‘মায়ং’, ‘জলপ্ৰপাত’, ‘দেউল’, ‘বজাৰ’ আদিৰ তুলনাত ‘নিচান চাহিব’ উপন্যাসখন মাথোন ৯৪ পৃষ্ঠাৰ এখন সৰু উপন্যাস যেন লাগিলেও উপন্যাসখনে বিশিষ্টতা দাবী কৰিব পাৰে। অৱশ্যে ইয়াৰ কথনশৈলীত ঠায়ে ঠায়ে শিথিলতা পৰিলক্ষিত হয়। লেখকে নিজেও তেখেতৰ অনুভৱত স্বীকাৰ কৰি কৈছে— “উপন্যাসখনিৰ বহুকেইটা অধ্যায়ে বহু সময়ত উপন্যাসৰ ধৰ্ম, চৰিত্ৰ, বৈশিষ্ট্য হেৰুৱাই পেলাইছে।” বৰকলা অঞ্চলকে ধৰি অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা অসমীয়া শিখ লোকসকলক পাঠকৰ ওচৰলৈ চপাই অনা আৰু তেওঁলোকক জনা-বুজাৰ বাবে জয়ন্ত মাধৱ বৰাৰ ‘নিচান চাহিব’ উপন্যাস এক আন্তৰিক প্ৰয়াস বুলি ক’ব পাৰি।

নিচান চাহিব

নিচান চাহিব (উপন্যাস)
লেখক: জয়ন্ত মাধৱ বৰা
প্ৰকাশন: বনলতা, গুৱাহাটী
প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০১৯
মূল্য: ১২০ টকা

❧ | আৰু পঢ়ক:

নিচান চাহিব: অসমীয়া শিখ সম্প্ৰদায়ৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাস সম্পৰ্কে যৎকিঞ্চিৎ | প্ৰণৱ জ্যোতি দুৱৰা

Follow Nilacharai on Facebook