মৰিয়ম আষ্টিনৰ বুকুত এভুমুকি

মৰিয়ম আষ্টিনৰ বুকুত এভুমুকি

‘মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা’ অৰূপা পটঙ্গীয়া কলিতাৰ এক সুন্দৰ গল্প সংকলন। এই গ্রন্থখনে ২০১৪ বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ‘মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা’ গল্প সংকলনটিত ১০টি গল্প সংকলিত হৈছে। সংকলনটিত সন্নিৱিষ্ট ১০টি গল্প হ’ল— ১) অলিপি ২) পুতগ্নি ৩) পুত্ৰৰ বাবে এটা গৰম জেকেট ৪) আর্তি ৫) চহৰখনত মাজ নিশা সোমোৱা আধাপোৰা গাড়ীখন ৬) শুভদিন ৭) তাল গছৰ পুলি লগোৱা মানুহজন ৮) বৃন্দা খুৰীৰ হাতৰ একাপ কফি ৯) নিজৰা ১০) মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা

সংকলনটিৰ প্রথমটো গল্প হ’ল ‘অলিপি’। ছটা চুটি চুটি গল্পৰ সমষ্টি হ’ল ‘অলিপি’। আশ্রয় শিবিৰৰ বেশ্যা কেইগৰাকী, কেশৱতী কন্যা মাইনাও, পদূলিত দুজোপা বকুল গছৰে ঘৰটোৰ নিভা বৌ, শিল পৰা কপৌ আয়েংলা, পিঠা খোৱা ৰাক্ষসীৰ সাধু কোৱা সুৱাগমনৰ মাক, ঘোঁৰাৰ ছেকুৰৰ ছন্দৰ কবিতা ভাল পোৱা সুৰভি বৰুৱা। টুকুৰা-টুকুৰ কাহিনী যদিও গল্পকাৰে প্রতিটো কাহিনীক জীৱন্ত ৰূপত তুলি ধৰিবলৈ অলপো কৃপণালি কৰা নাই। প্ৰতিটো গল্পই বুকুত আঁকি দিয়ে দুখৰ অন্তহীন ছবি। দুখ-দুৰ্দশাই কোঙা কৰাৰ পাছতো মানুহ আগবাঢ়ি যায় ভৱিষ্যতৰ দিশে। সবল কৰিব বিচাৰে বর্তমানবোৰ। এয়াই জীৱন। “এবাৰ মচে, আকৌ ওলাই আহে, মচে, বৈ আহে, মচে, আকৌ বৈ আহে, মচে, বৈ আহে, মচে…”— এইটো বাক্যৰেই শেষ কৰা প্ৰতিটো গল্প একে ধাৰাৰ যদিও প্রতিটো গল্পত আছে অনুপম সোৱাদ, দুখ মাথো দুখ, আগুৱাই যোৱাৰ প্রবল যুঁজ।

সংকলনৰ দ্বিতীয়টি গল্প ‘পুতগ্নি’। এই গল্পটোৱে উদঙাই দিছে আধুনিকতাৰ নঞর্থক দিশ, বিশেষকৈ যুৱ-প্ৰজন্মৰ হাতত আধুনিকতাৰ ৰূপ। অতি সাৱলীলভাৱে গল্পকাৰে ফুটাই তুলিছে আধুনিকতাই গ্রাস কৰা আজিৰ সমাজৰ নগ্ন ছবি, মূধাফুটা ব্যক্তিসকলৰ মৰমৰ সোণামুৱা সন্তাসকলৰ বিপৰ্যয়ৰ ছবি। এওঁলোকৰ পুত্র সন্তানসকলে ‘My dad is an ATM’ আৰু যুৱতী অর্থাৎ গাভৰুসকলে ‘I am Sexy’ বুলি নিজৰ বিজ্ঞাপন নিজেই দি ফুৰে। সন্তানৰ প্রতিটো দাবীক বিনা চর্তে মানি লোৱাটো কিমান আদৰণীয়?

‘পুত্ৰৰ বাবে এটা গৰম জেকেট’ গল্পটোত গল্পকাৰে মাতৃ-মমতাৰ স্পষ্ট নিদর্শন দাঙি ধৰিছে। পৰিস্থিতি যেনেকুৱাই নহওক সকলো মাকৰ বাবে পুত্রপ্রেম সমান।

‘আর্তি গল্পটিত আছে সমাজত প্রতিদিনে বাঢ়ি অহা অনিয়ম, ব্যভিচাৰ, দুর্যোগ, দুৰ্নীতিয়ে কোঙা কৰা মানৱৰ এক জীৱন্ত চিত্র, ভয়ংকৰ চিত্র। ক’তো অকণো ভুল নোহোৱাকৈ গল্পকাৰে ফুটাই তুলিছে যন্ত্রণাৰ চিহ্নবোৰ, যিবোৰে মানুহক খেদি ফুৰে দুঃস্বপ্নৰ দৰে অহর্নিশে।

আৰু পঢ়িব পাৰে

‘চহৰখনত মাজনিশা সোমোৱা আধাপোৰা গাড়ীখন’ গল্পটিত আছে সৰু সৰু মানুহৰ কথা। কোনেও কাৰো প্রতি অভিযোগ নৰখাকৈয়ে পেটে-ভাতে খাই জীয়াই থকা মানুহখিনি প্রায়ে অস্তিত্বহীনতাৰ চিকাৰ হয়। বিপ্লৱীসকলৰ বিপ্লৱৰ ভাষা নুবুজাকৈয়ে প্ৰাণৰ মোহত নিজৰ সর্বস্ব এৰি আন এঠাইত গৈ নতুনকৈ জীৱনৰ সন্ধান কৰে। এইদৰে সকলো চলি থাকোঁতেই অকস্মাৎ এদিন চহৰখনত প্ৰৱেশ কৰে এখন অর্ধদগ্ধ গাড়ী। গাড়ীখনৰ সেই প্রৱেশে নিঃশেষ কৰি পেলায় চহৰখনৰ মানুহখিনিৰ জীৱন। কাৰণ আধাপোৰা গাড়ীখনে লগত কঢ়িয়াই আনিছিল কিছুমান বিকৃত মৰা-শ।

‘শুভদিন’ গল্পটোৰ আৰম্ভণি হয় মহানগৰীৰ এখন বিয়াৰ জাকজমকতাৰে। হিন্দুশাস্ত্রত বিবাহ এক শুভ মুহূর্ত আৰু ইয়াক শুভদিন এটাত আয়োজন কৰিবলৈ সকলোৱে বিচাৰে। সেয়ে হিন্দু জ্যোতিষ শাত্রই নির্দিষ্ট কৰি দিয়া সেই দিনটোত মহানগৰৰ চাৰিওফালে আনন্দ আৰু আনন্দ। কিন্তু তাৰ বিপৰীত এটি বাৰ বছৰীয়া কিশোৰৰ জীৱন প্রক্রিয়া গল্পটোত তুলি ধৰা হৈছে। এটা জেকেটৰ তাড়নাত ৫০০ টকাৰ বিনিময়ত ৰাজুলে বস্তাত ভৰাবলৈ বাধ্য হৈছে ৰে’লখনে কাটি টুকুৰা-টুকুৰ কৰি থৈ যোৱা মৃতদেহটো। বিনিময়ত সি হেৰুৱাবলৈ বাধ্য জীৱন-মৰণৰ পার্থক্য।

‘তাল গছৰ পুলি লগোৱা মানুহজন’ গল্পটোত আছে নিজস্বতাৰে জীয়াই থকা এজন বৃদ্ধ মানুহৰ কথা, যি জন প্রাণ–প্রাচুর্যৰে ভৰুণ এজন মানুহ। তেওঁ তেওঁৰ পৰিয়ালটোৰ বাবে এজোপা বটবৃক্ষ। যাৰ ছায়াত সমস্ত পৰিয়ালটো নিচিন্ত। উশাহ লয় প্রাণভৰি। তেওঁ সকলোৰে বুকুত সিঁচে সেউজীয়া। তেওঁ জীৱনৰ অন্তিম ক্ষণতো সপোন দেখে তাল গছৰ পুলি ৰোৱাৰ। মানুহজন তেনেকুৱাই। আশীৰ দেওনা গৰকাৰ পাছতো সবল, আত্মবিশ্বাসী। মৰিবলৈ দুদিন থাকোঁতেও তাল গছ লগাব পাৰে, কাইলৈ পৃথিৱী ধ্বংস হ’ব বুলি জানিও আজি আপেল গছৰ গুৰিত পানী দিব পাৰে!

‘বৃন্দা খুৰীৰ হাতৰ একাপ কফি’— এগৰাকী বৃদ্ধা মাতৃৰ একান্ত বাধ্য পুত্র সন্তানৰ জীৱন্ত সমাধিৰ খতিয়ান। আধুনিকতাৰ নেতিবাচক প্ৰভাৱৰ বলি হৈ নিজৰ ইচ্ছা মতে প্রেমিক সলোৱা ছোৱালীজনীৰ চিকাৰ হয় বৃন্দা খুৰীৰ একমাত্র পুত্র সিদ্ধার্থ। ছলনাৰ আওভাও নোপোৱা সিদ্ধার্থ বলি হ’ল ছোৱালীজনীৰ। অৱশেষত বিয়াও হ’ল। মদ, ভাং, চিগাৰেটৰ নিচাত আসক্ত ছোৱালীজনীয়ে কালিমা সানিলে বৃন্দা খুৰীৰ বংশত। দিকবিদিক হেৰুৱাই মৃত্যু হ’ল সিদ্ধার্থৰ। পুতেকে মাকৰ শ্ৰাদ্ধ কৰাৰ ঠাইত মাকে পুতেকৰ শ্ৰাদ্ধ কৰিবলগীয়া হ’ল। পুত্ৰক হেৰুৱাৰ দুখ আওকাণ কৰি বৃন্দা খুৰী সবল হৈ থাকিল একমাত্র নাতিয়েকৰ কাৰণে। ভাল মানুহ কৰিব লাগিব নাতিকণক।

‘নিজৰা’ত আছে এক সুখী-সুখী অনুভৱ। সঁচা অৰ্থত নিজৰাৰ কল্ কল্ শব্দই আগুৰি আছে সমস্ত সত্তা। সত্তৰৰ দেওনা গৰকা এগৰাকী নাৰীৰ খাদ্যক লৈ এক আয়োজন, এই আয়োজনৰ যোগেদিয়েই গল্পকাৰে ফুটাই তুলিছে এগৰাকী নাৰীৰ ৰিক্ততা, ব্যস্ততা, উদাসীনতা অথবা জীৱনৰ অস্থিৰতা। কিছুমান সূক্ষ্ম সূক্ষ্ম উপমাৰে সজাই তুলিছে গল্পটি, যি দেখুৱাইছে শৰীৰ আৰু মনৰ দুখ-দৈন্যক পিছ পেলাই নিজক আগুৱাই লৈ যোৱা মহিলাগৰাকীৰ নির্ভুল ছবি।

সংকলটিৰ অন্তিমটো গল্প ‘মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা’। মৰিয়ম আষ্টিন এগৰাকী সম্পূর্ণ অকলশৰীয়া বিদেশী মহিলা। স্বামীক হেৰুওৱাৰ পাছত নব্বৈ বছৰ বয়সত এটা কুকুৰৰ সৈতে অকলে জীৱন কটায় বৃদ্ধাগৰাকীয়ে।— মোমায়েকৰ মুখত সৰু কালতে শুনা এই সাধু এদিন জীৱন্তৰূপে দেখা দিয়ে হীৰা বৰুৱাৰ জীৱনত। হীৰা বৰুৱাৰ স্বামীৰ মৃত্যুৰ পাছত ঘৰৰ সমস্ত বোজা তথা দায়িত্ব লোৱা ছবিখনে স্পষ্ট ৰূপে দাঙি ধৰিছে স্বার্থান্বেষী লোকৰ চৰিত্ৰ আৰু জীৱনৰ অন্তিম সময়ত সংগ দিয়া আশ্রয়হীনতাৰ বেথা।

image
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা

অৰূপা পটঙ্গীয়া কলিতাৰ লিখনি অতি শক্তিশালী আৰু মৰ্মভেদী। বিশ্বায়নৰ ফলত বিপর্যস্ত-বিপন্ন সমাজৰ প্রতি লেখক অতি সচেতন। যদিও পৰিৱৰ্তন আহিছে, তথাপিও বহু মানুহৰ বাবে ‘শুভ দিন’ এতিয়াও সপোন। ‘পুতগ্নি’ বা ‘বৃন্দা খুৰী…’ৰ প্রতিটো চৰিত্ৰ এনে পৰিৱৰ্তনৰেই বিষময় পৰিণতি। আজিৰ সমাজে পাবলৈ বাকী এক সুস্থ সমাজ, বিকল্পৰ সন্ধান; য’ত মানুহে ভাবিব মানুহৰ কথা, মানুহে ভাবিব সমাজৰ কথা। এই সংকলনটিৰ গল্পবোৰে পাঠকক যন্ত্রণা দিব, ভবাই তুলিব আৰু শেষ পর্যন্ত উদ্বুদ্ধ কৰিব।

মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (গল্প সংকলন)
লেখক: অৰূপা পটঙ্গীয়া কলিতা
প্রথম প্রকাশ: ২০১২
দ্বিতীয় প্রকাশ: ২০১৪
প্রকাশক: চন্দ্র প্রকাশ
ISBN: 978-93-244-0036-9

মৰিয়ম আষ্টিনৰ বুকুত এভুমুকি | ধনবৰ ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক