যু দ্ধোত্তৰ যুগৰ অসমীয়া ঔপন্যাসিকসকলৰ ভিতৰত ঔপন্যাসিক নবীন বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযােগ্য। তেওঁ কেইবাখনাে উপন্যাস ৰচনাৰে অসমীয়া উপন্যাসৰ ভেটিটোক বহু পৰিমাণে সমৃদ্ধ কৰিছে। তেওঁৰ উপন্যাসসমূহৰ ভিতৰত ‘কটন কলেজ’ (১৯৬৫), ‘প্ৰেমিকা’ (১৯৭০), ‘অমােঘ নিবিড় অন্ধকাৰ’ (১৯৭২), ‘ফিনিক্স পখীৰ গান’ (১৯৭৩) আদি কেইবাখনাে উপন্যাসে একশ্ৰেণী পাঠকৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰুৱাৰ উপন্যাসত নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানসিকতা, সুবিধাবাদী মনােবৃত্তি, ভােগস্পৃহাৰ প্ৰমূল্যহীনতা আদি দিশবােৰ উদঙাই দিবলৈ কৰা প্ৰয়াস দৃষ্টিগােচৰ হয়। ঔপন্যাসিকগৰাকীৰ আটাইকেইখন উপন্যাসৰ সামাজিক দিশলৈ লক্ষ্য কৰিলে লেখকৰ ব্যঙ্গাত্মক দৃষ্টিৰ প্ৰচ্ছন্ন সুৰটোৱে পাঠকসমাজক আকৰ্ষণ নকৰাকৈ নাথাকে।
ঔপন্যাসিক হিচাপে নবীন বৰুৱাই আত্মপ্ৰকাশ কৰে তেওঁৰ ১৯৭০ চনত প্ৰকাশিত ‘কটন কলেজ’ উপন্যাসখনৰ যােগেদি। উপন্যাসখনৰ যােগেদি বৰুৱাই অসমৰ প্ৰথমখন কলেজ কটন কলেজৰ এটা সময়ৰ কিছু অভিজ্ঞতাভিত্তিক বৰ্ণনা আগবঢ়াইছে। লেখকৰ বৰ্ণনাত পাঠকৰ মানসপটত কলেজখন সম্পৰ্কে এক প্ৰতিচ্ছবি ভাহি উঠে। কটন কলেজৰ কোনাে এক হােষ্টেলৰ আৱাসী হিচাপে কটোৱা বৰুৱাই সেই সময়ছােৱাত প্ৰত্যক্ষ কৰা কলেজৰ বিভিন্ন ক্ৰিয়া-কলাপ, অধ্যক্ষ-অধ্যাপকৰ আচৰণ, হােষ্টেলীয়া জীৱনৰ অভিজ্ঞতা আদিক উপন্যাসখনত জীৱন্ত ৰূপ দিছে। ‘কটন কলেজ’ নাম অনুসৰি উপন্যাসখনত কটন কলেজ সম্পৰ্কে যিমানখিনি বৰ্ণনা আৰু ঘটনা-পৰিঘটনাৰ আশা কৰা হৈছিল, সিমানখিনি পোৱা নগ’ল। উপন্যাসখনৰ কাহিনী আবদ্ধ হৈ ৰ’ল হােষ্টেলীয়া জীৱনৰ দৈনন্দিন কাৰ্যাৱলীৰ মাজতে। এই ক্ষেত্ৰত বিশিষ্ট সাহিত্য সমালােচক ড° সত্যেন্দ্ৰনাথ শৰ্মাৰ মন্তব্য প্ৰণিধানযােগ্য; তেখেতৰ মতে— “কাহিনীৰ ৰূপৰেখা বৰ ক্ষীণ, চৰিত্ৰ চিত্ৰণৰ সচেষ্ট প্ৰচেষ্টা নাই। কটন কলেজৰ লগত আন কলেজৰ নামটোৰ বাহিৰে পাৰ্থক্য পৰিলক্ষিত নহয়। সি যি কি নহওক, অসমৰ প্ৰথমখন ঐতিহ্যমণ্ডিত কলেজ হিচাপে আৰু সেই কলেজখনৰ পটভূমিত ৰচিত উপন্যাস হিচাপে ‘কটন কলেজ’ উপন্যাসখখনৰ সদায় এক মূল্য থাকিব।”
উপন্যাসখনৰ আৰম্ভণি অতি মনােৰম। কেতবােৰ মিঠা সোঁৱৰণে প্ৰথম অধ্যায়টোৰ সৰহখিনি ঠাই অধিকাৰ কৰি আছে। প্ৰথম পুৰুষত বৰ্ণিত উপন্যাসখনৰ প্ৰতি পাঠকক আকৰ্ষণ কৰাৰ মানসেৰে লেখকে প্ৰথমে কেতবােৰ আকৰ্ষণীয় বাক্যৰ অৱতাড়না কৰিছে—
“— আপুনি কটন কলেজত পঢ়িছিল?— নাই পঢ়া।— আপুনি কটন কলেজত পঢ়িছে?— নাই পঢ়া।— তথাপি এইখন কলেজ আপােনাৰ অচিনাকি নহয়। চিনাকি। খুব মৰম লগাকৈ চিনাকি।”
“এই কলেজৰ ল’ৰা-ছােৱালীয়ে এদিন দেশৰ স্বাধীনতাৰ কাৰণে জঁপিয়াই পৰিছিল। কাৰাবৰণ কৰিছিল। পুলিছৰ বেয়নেটৰ খােঁচত হয়তাে চিৰদিনৰ কাৰণে ঘুণীয়া হৈছিল।”
“হােষ্টেলৰ ভিতৰত থকা ল’ৰাই ভাষাৰ কাৰণে প্ৰাণ আহূতি দিলে। শ্বহীদ হ’ল।”
এনেদৰেই বৌদ্ধিক চাতুৰ্যৰে লেখকে কলেজখনৰ কিছুমান বীৰত্বপূৰ্ণ আৰু ঐতিহাসিক ঘটনাক স্মৰণ কৰি পাঠকক উপন্যাসখনৰ মাজলৈ টানি নিছে। ঔপন্যাসিকে ‘ফ্লেছবেক’ পদ্ধতিৰ সহায়ত অতীত কাহিনীৰ ৰােমন্থন কৰিছে আৰু তাক এক কলাসন্মত ৰূপ দিয়াৰ প্ৰয়াস কৰিছে। উপন্যাসখনৰ মুখ্য চৰিত্ৰ নিৰঞ্জন বৰুৱাৰ বিভিন্ন কাৰ্য-কলাপৰ মাধ্যমেৰে ঔপন্যাসিকে কলেজখনৰ বিভিন্ন অনুষ্ঠানসমূহৰ বৰ্ণনা কৰাৰ লগতে নিৰঞ্জনৰ সেই অনুষ্ঠানবােৰৰ সৈতে গঢ় লৈ উঠা নিবিড়তাৰ কথাও প্ৰকাশ কৰিছে। এখন অখ্যাত গাঁৱৰ পৰা গুৱাহাটী মহানগৰীৰ কটন কলেজলৈ উচ্চশিক্ষা গ্ৰহণৰ উদ্দেশ্যে অহা নিৰঞ্জন বৰুৱা চৰিত্ৰটোৰ যােগেদি সেই সময়ৰ কলেজখনৰ ৰূপ, পৰিৱৰ্তন আৰু মানুহৰ মানসিকতা, প্ৰেমিক জীৱনৰ দৃশ্য, অৰ্থনৈতিক নাটনি আদি দৃশ্যবােৰক সবল ৰূপত বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছে। কিন্তু হােষ্টেলৰ নিত্য-নৈমিত্তিক ঘটনাৱলীৰ নীৰস বৰ্ণনাৰ বাবে বহু সময়ত উপন্যাসখনৰ পঠন একঘেয়ামি ধৰণৰ হৈ পৰা যেন ভাব হয়।
উপন্যাসখনৰ প্ৰথম অধ্যায়ত হােষ্টেলীয়া জীৱনৰ কিছু বৰ্ণনাৰ লগতে কৰৱী চলিহাৰ সৈতে হােৱা চিনাকিৰ কথা উল্লেখ কৰিছে। উপন্যাসখনৰ বৰ্ণনা অনুসৰি, আগদিনাখন লিটাৰেৰী ছেমিনাৰত কৰৱী চলিহাই নিৰঞ্জন বৰুৱাৰ কবিতা আবৃত্তি শুনি তেওঁৰ শুভাকাংক্ষী হৈ পৰিছিল। তাৰ ফলতেই কৰৱী চলিহা আহি বৰুৱাৰ সৈতে চিনাকি হ’ল। তেনেদৰেই তেওঁলোকৰ মাজত গভীৰ বন্ধুত্ব গঢ় লৈ উঠিল। সেই বন্ধুত্বই পৰৱৰ্তী সময়ত প্ৰেমৰ ৰূপ লৈছে।
দ্বিতীয় অধ্যায়টোত চহৰৰ অভিজাত ঘৰৰ সন্তান কৰৱী চলিহাৰ সৰলতাৰ বৰ্ণনা কৰিছে। বৰ্ণনা সুন্দৰ আৰু বাহুল্যবৰ্জিত, যাৰ বাবে এই অধ্যায়টোৰ পঠনীয় গুণ বৃদ্ধি পাইছে।
দেওবাৰৰ ব্যস্ততা সকলােৱে নুবুজে। যিসকল অত্যন্ত কৰ্মব্যস্ত তেওঁলােকেহে এই বন্ধবাৰটোৰ মূল্য বুজি পায়। এনে এক ভাবধাৰাকেই ঔপন্যাসিকে বৰ্ণনা কৰিছে উপন্যাসখনৰ চতুৰ্থ অধ্যায়ত। এইটো অধ্যায়ত লেখকে নিৰঞ্জন বৰুৱা চৰিত্ৰটোৰ মাধ্যমেৰে দেওবৰীয়া ব্যস্ততাক ফুটাই তোলাত সক্ষম হৈছে। পুৱা শুই উঠাৰে পৰা আবেলি চিনেমা চাবলৈ যােৱালৈকে বিভিন্ন কামৰ বৰ্ণনাৰে লেখকে এই অধ্যায়টো মনােৰম কৰি তুলিছে।
স্কুল, মহাবিদ্যালয় বা যিকোনো শিক্ষা প্ৰতিষ্ঠানৰে এক গুৰুত্বপূৰ্ণ অঙ্গ হৈছে ছাত্ৰ একতা সভা। উপন্যাসখনৰ পঞ্চম অধ্যায়টোত লেখকে কটন কলেজৰ নিৰ্বাচনৰ প্ৰসঙ্গ অৱতাড়না কৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ছাত্ৰ-ছাত্ৰীসকলৰ আচাৰ-আচৰণ আৰু প্ৰতিভা সম্পৰ্কে দুই-এটা কথাৰ ইংগিত তেওঁ দিছে। এই অধ্যায়টোতে কলেজৰ ছাত্ৰই পিকেটিং, আন্দোলন আদি কৰি ভৱিষ্যতে কিদৰে কলেজৰ পৰা প্ৰয়ােজনীয় সা-সুবিধা আৰু স্কলাৰশ্বিপৰ পৰা বঞ্চিত হৈছে, তাৰ বিৱৰণ আছে। ঔপন্যাসিকগৰাকীয়ে প্ৰত্যক্ষ কৰা এনে দৃশ্যবােৰে কলেজখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনৈতিক দিশ সম্পৰ্কে থকা জ্ঞানৰাে সম্ভেদ দিয়ে।
প্ৰায়বােৰ অধ্যায়তে হােষ্টেলৰ গতানুগতিক কাহিনীধাৰাকেই দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে যদিও ইয়াৰ মাজে মাজে সমাজৰ কিছুমান বিশেষ দিশৰাে প্ৰতিফলন উপন্যাসখনত আছে। আধুনিক জীৱনে কঢ়িয়াই অনা বিশ্বাসহীনতা, চহৰৰ অভিজাত লােকৰ ভণ্ডামি আদিয়েও উপন্যাসখনত ভুমুকি মাৰিছে। উপন্যাসখনৰ বৰ্ণনা অনুসৰি নিৰঞ্জন বৰুৱাৰ গুৱাহাটীস্থিত সম্পৰ্কীয় ভিনিহীয়েকে নিৰঞ্জন বৰুৱাক কিদৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল, তাৰ দুখলগা বৰ্ণনা পােৱা যায়। অৰ্থাৎ ভিনিহীয়েকে নিৰঞ্জনৰ সৈতে কৰা ব্যৱহাৰখিনিত চহৰৰ আভিজাত্যৰ ভণ্ডামিৰ ছবিখন ফুটি উঠিছে।
সাধাৰণতে কলেজ-বিশ্ববিদ্যালয়ৰ হােষ্টেল বুলি ক’লেই আমাৰ মনলৈ আহে ৰেগিঙৰ কথা। সময়ৰ সোঁতত এই ৰেগিঙৰ ব্যাধি কিছু হ্ৰাস হােৱা যেন ভাব হয় যদিও এতিয়াও ইয়াৰ প্ৰচলন আছে। যি হােষ্টেলত থাকি পাইছে, তেওঁহে এই কথাবােৰ বেছি স্পষ্টকৈ অনুভৱ কৰিব পাৰিব। উপন্যাসখনৰ নৱম অধ্যায়টোত ঔপন্যাসিকে সেই ৰেগিং সম্পৰ্কে নিজা দৃষ্টিভংগীৰে কিছু কথা বৰ্ণনা কৰিছে। নৱাগতসকলৰ ক্ষেত্ৰত সংঘটিত হােৱা ৰেগিঙৰ ৰেহ-ৰূপ দেখি তেওঁক কৰা ৰেগিঙলৈ মনত পৰি গৈছে। এই ক্ষেত্ৰত তেওঁৰ মনত কেতবােৰ বৌদ্ধিক চিন্তাৰ প্ৰকাশ ঘটিছে। এই সম্পৰ্কে তেওঁ লিখিছে— “তথাপি ৰেগিং শেষ হােৱাৰ পাছত মােক কৈছিল, Animality gives sincerity, পশুত্বই হেনাে সৰলতা দিয়ে। আজি যদি মই ল’ৰাবােৰক, নতুন স্বপ্ন লৈ অহা ল’ৰাবােৰক মােক কৰাৰ দৰেই উৎপাত কৰিলােগৈহেঁতেন, ময়াে তেতিয়া ক’লােহেঁতেন, Animality gives sincerity। সিহঁতেও মােৰ পৰা শিকিলেহেঁতেন, মাক-দেউতাকহঁতৰ বুকুৰ পৰা ওলাই আহি আত্মনিৰ্ভৰশীল হ’বলৈ শিকা জীৱনটোৰ প্ৰথম খােজতে, তথাকথিত সমাজখনত যদি জীয়াই থাকিব খুজিছা, যদি মানুহ বুলি চিনাকি দিব খুজিছা, তুমি পশু হােৱা, মানুহ হ’বলৈ বিচৰা মানেই পিৰালিৰ কুকুৰ হােৱা, তথাকথিত সমাজখনৰ চুৱাপাতত ঠাই লৈ জীৱনৰ অৰ্থ বিচাৰা।” এই কথাখিনিৰ মাজেদি তথাকথিত সমাজখনত মানুহে স্বনিৰ্ভৰশীলভাৱে জীয়াই থাকিবলৈ কৰিবলগা সংগ্ৰামখনৰ বৰ্ণনা আছে। আচলতে হােষ্টেলীয়া জীৱনৰ সময়খিনিয়েই হৈছে মানুহ একোজন পৰিপক্ব ব্যক্তি হিচাপে গঢ় লােৱাৰ সঠিক সময়। গতিকে হােষ্টেলৰ কণ্টকময় অভিজ্ঞতাখিনিক যদি সহ্য কৰি হােষ্টেলটো নিজৰ কৰি ল’ব পৰা যায়, তেতিয়া ব্যক্তিৰ ভৱিষ্যৎ জীৱনত আহিবলগা সমস্যাৰ সৈতে সহজে মােকাবিলা কৰিবলৈ সক্ষম হ’ব পাৰি।
হােষ্টেলৰ অভিজ্ঞতা বৰ্ণনাৰ সমান্তৰালভাৱে তেওঁৰ দৰিদ্ৰ ঘৰখনৰ কথাও প্ৰসঙ্গক্ৰমে অৱতাড়না কৰিছে। অশেষ পৰিশ্ৰম আৰু কষ্টৰ বলত মাক-দেউতাকে পঠোৱা আৰু দদায়েকে পঠোৱা টকাৰে নিৰঞ্জনে অতি মিতব্যয়ীভাবে চলিছে। ইফালে কৰৱী আৰু নিৰঞ্জনৰ প্ৰেমৰ চিত্ৰখনকো কিছু দুৰ্বলভাৱে হ’লেও ঔপন্যাসিকে আগবঢ়াই লৈ গৈছে। স্নাতক চূড়ান্ত পৰীক্ষাত বিফল হৈ নিৰঞ্জনে কৰৱীৰ সৈতে সম্পৰ্কৰ সমাপ্তি ঘটাইছে। ইয়াতে মূল কাহিনীৰ অন্ত পৰিছে।
উপন্যাসখন পঢ়ি যাওঁতে কেইবাটাও সৰু-বৰ দোষ পৰিলক্ষিত হয়। এই দোষবােৰে উপন্যাসখনৰ প্ৰতি পাঠক সমাজৰ আকৰ্ষণ কমাই আনে। গল্পৰ দৰেই উপন্যাসৰাে কাহিনী কথন প্ৰক্ৰিয়াৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল— কৌতূহল; অৰ্থাৎ ‘তাৰ পাছত কি হ’ল’— এনে এক মনােভাব। কিন্তু উপন্যাসখনত প্ৰয়ােজন অনুসৰি এই ভাবৰ অভাৱ দেখা যায়। উপন্যাসখনত ঔপন্যাসিকৰ গভীৰ অন্তৰ্দৃষ্টি আৰু বাস্তৱ জীৱনবােধৰ অভাৱ পৰিলক্ষিত হয়। আনহাতে উপন্যাসখনৰ কাহিনীকথন প্ৰক্ৰিয়াও মনোগ্ৰাহী নহয়।
উপন্যাসৰ প্ৰাণ হ’ল, কাহিনীৰ ভিতৰুৱা পৰিস্থিতিৰ লগত চৰিত্ৰৰ নিৰন্তৰ সংঘাত। সেই নিৰন্তৰ সংঘাতৰ শিল্পগত উপস্থাপনে কাহিনী আৰু চৰিত্ৰ উভয়ৰে মনােহাৰিত্ব গুণ বৃদ্ধি কৰে। কিন্তু আলোচিত উপন্যাসখনত সংঘাতৰ উপস্থিতি প্ৰায় শূন্য। দুই-এটা সংঘাত আছে যদিও সি কাহিনী আৰু চৰিত্ৰক বৰ বেছি উজ্জ্বল কৰি তুলিব পৰা নাই। মাথোঁ হােষ্টেলীয়া জীৱন এটাৰ দৈনন্দিন গতানুগতিক কাৰ্যাৱলীক লৈয়ে কাহিনীয়ে গতি লাভ কৰিছে।
❧। আৰু পঢ়ক: বুদ্ধজায়া: এক উপেক্ষিতা নাৰীৰ জীৱনগাথা
ঔপন্যাসিক নবীন বৰুৱাৰ ‘কটন কলেজ’ উপন্যাস হিচাপে দুৰ্বলতাসমূহৰ পৰা সম্পূৰ্ণ মুক্ত নহ’লেও ই এচাম পাঠকৰ মাজত জনপ্ৰিয়তা লাভ কৰি আহিছে। কলেজখনৰ সম্পূৰ্ণ দৃশ্যপট তুলি ধৰিব নােৱাৰিলেও এটা সময়ৰ কলেজখনৰ বিভিন্ন ঘটনা-পৰিঘটনা আৰু কটন কলেজৰ তদানীন্তন হােষ্টেলীয়া জীৱন সম্পৰ্কে উপন্যাসখন বাটকটীয়াৰূপে বিবেচিত হ’ব পাৰে। তথ্যৰ আধিক্যই সৃষ্টিধৰ্মী লেখাৰ আকৰ্ষণ কমায়। ‘কটন কলেজ’ ইয়াৰ পৰা সম্পূৰ্ণ মুক্ত। উপন্যাসখনৰ কাহিনীত বিশেষ চন, সময়, তাৰিখ অথবা ইতিহাসৰ তথ্যসৰ্বস্বতাৰ প্ৰৱেশ ঘটা নাই, ফলত উপন্যাসখনে বৰ্তমানেও এচাম পাঠকক আকৰ্ষিত কৰি আহিছে।
কিতাপখনৰ প্ৰকাশক গুৱাহাটীৰ পূৰ্বাঞ্চল প্ৰকাশ।