আ কস্মিকভাৱে কিতাপ এখনৰ সৈতে পৰিচিত হ’লো। ভাৰতৰ বিখ্যাত নাট্যবিদ, অভিনেতা, চিনেমা ব্যক্তিত্ব এম কে ৰাইনা (M K Raina)ৰ জীৱন সোঁৱৰণ— ‘Before I forget’। গ্ৰন্থখনি হাতত লোৱাৰ পৰা কেৱল মোক বিস্ময়ত হতবাক কৰিলে আৰু মাজে মাজে বুকুত অসহ্য এটা বিষ দিলে। এটা শব্দ বা এটা বাক্যও এৰি যাব নোৱৰা এখন দুৰ্দান্ত গ্ৰন্থ। কাশ্মীৰত জন্ম গ্ৰহণ কৰা আৰু কাশ্মীৰক মনে-প্ৰাণে ভাল পোৱা এজন নাট্যকৰ্মী এম কে ৰাইনা। জীৱনক সন্মুখৰ পৰা গ্ৰহণ কৰা আৰু কোনো কাৰণতে পৰিস্থিতিৰ ওচৰত হাৰ মানিব নোখোজা অসাধাৰণ ব্যক্তিত্বৰ পৰিচয় পোৱা যায় এই গ্ৰন্থখনৰ মাজত। গ্ৰন্থখনৰ ৰচয়িতাজন ভাৰতৰ বহু ইতিহাসৰ সাক্ষী। যিবোৰ ঘটনা আমাৰ বয়সৰ মানুহৰ বাবে ভয়লগা ঘটনাহে মাত্ৰ আছিল, ৰাইনা চাহাবে সেইবোৰত পোনপটীয়াকৈ জড়িত হৈ আছিল। ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত শিখসকলক কৰা আক্ৰমণৰ ঘটনা তেখেতে বৰ্ণনা কৰিছে, কিন্তু ডাঙৰ কথাটো হৈছে যে তেখেতে শিখসকলৰ সুৰক্ষা আৰু পুনৰ- সংস্থাপনৰ বাবে যুঁজিছে। কষ্ট কৰি সামগ্ৰী সংগ্ৰহ কৰিছে কেম্পত থকা মানুহবিলাকৰ বাবে। সেইবোৰ কৰিবলৈ তেখেতে নিজৰ মাজত যে এটা প্ৰেৰণাৰ জন্ম দিছে, সেই কথাটোৱে তেখেতক অনন্য কৰি তুলিছে।
আত্মজীৱনীখনৰ অধিকাংশই জুৰি আছে কাশ্মীৰৰ ঘটনাই। আৰু সেয়াই স্বাভাৱিক। তেখেত এগৰাকী কাশ্মীৰী। কাশ্মীৰী পণ্ডিতসকলক বাহিৰ কৰি দিয়া কথাবোৰ তেখেতে গতানুগতিক দৃষ্টভংগীৰে লিখা নাই। কথাবোৰ অনুভৱেৰে লিখিছে আৰু কোনো একপক্ষীয় মতামত দি সাৰি যাব খোজা নাই। বন্দুকৰ গুলীৰ মাজে মাজে ঘূৰি নিজক মৃত্যুৰ মুখত বাৰে বাৰে পেলাই নাটকৰ কাম কৰিছে কাশ্মীৰত। তেওঁৰ ভিতৰত এইটো বিশ্বাস আছিল যে সাধাৰণ মানুহে বন্দুকত বিশ্বাস নকৰে। তেওঁলোকৰ জীৱন সহজ জীৱন। এই বিশ্বাসৰ জোৰতেই ৰাইনা চাহাবে কাম কৰি গ’ল। হাজাৰ বিৰোধিতা আৰু বিপত্তিৰ মাজতো নাটকৰ কৰ্মশালা পাতিলে। লোকনাট্যৰ কৰ্মশালা পাতিলে। মানুহক ভয়ৰ পৰা মুক্ত কৰিবলৈ নাটক আৰম্ভ কৰিলে। সেয়া কেৱল নাটক নাছিল, সেয়া আছিল জীৱনৰ পুনৰ উদ্ধাৰ। মৃত, মৌন হৈ পৰা একোখন অঞ্চললৈ নাটকে জীৱন কঢ়িয়াই আনিছিল। সেই নাটক কেৱল নাম আৰু যশস্যা সংগ্ৰহৰ নাটক নহয়। সেই খিনিতেই ৰাইনাৰ নাটকে অন্যৰ পৰা ফালৰি কাটি যায়। প্ৰিয় বন্ধু, গণনাট্যকৰ্মী চফদৰ হাসমীৰ হত্যা আৰু তাৰ পাছৰ ঘটনাৰাজিৰ যি প্ৰাণস্পৰ্শী বিৱৰণ, সেয়া পঢ়িলেহে অনুভৱ কৰিব পাৰি।
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, এইগৰাকী বিদ্বান নাট্যকৰ্মীয়ে নাটক আৰু সমাজক একাকাৰ কৰি ধাৰণ কৰাৰ বাৰ্তা আমি পাওঁ। সুৰ-সুৰনি তোলা অতি ব্যক্তিকেন্দ্ৰিক আত্মকথাবোৰৰ সন্মুখত এইখন এখন ভয়ংকৰ জীৱন কথা। মোক মাজে মাজে চকুপানী টুকিবলৈ বাধ্য কৰোৱা এই গ্ৰন্থখনিৰ কথা অকণমান লিখিহে যদি মনত শান্তি পাওঁ। সেয়ে এই লেখাটো।
এম কে ৰাইনা | Image courtesy: openthemagazine.com
স্মৃতিকথাখনিত আমি প্ৰতি মুহূৰ্ততে এজন সমাজৰ মাজত থকা ব্যক্তিকহে পাওঁ। এজন নাটকৰ মানুহক এখন সমাজ লাগে। অকলে একো কৰিব নোৱাৰি। সমাজত বাস কৰাৰ সাধাৰণ কৌশলটো হৈছে সকলোকে স্বীকাৰ কৰি লোৱা। এই কামটো ৰাইনা চাহাবে জীৱন জুৰি আয়ত্ত কৰিলে। গ্ৰন্থখনিৰ পৃষ্ঠাই পৃষ্ঠাই এই কথাটো বৰ্ণিত হৈ আছে বিভিন্ন ৰূপত। গ্ৰন্থখনিত মুঠ একৈশটা অধ্যায় আছে। প্ৰতিটো অধ্যায়েই সুকীয়া নামবিশিষ্ট; যেনে— Growing up, Moi— Muquadas (the holy relic), Delhi Fulcrum, ১৯৮৪— Assassination of Indira Gandhi, Amritsar ইত্যাদি। প্ৰতিটো অধ্যায়তে কিছুমান বিস্ময়ে পোখা মেলি ৰৈ থাকে। বহু ঘটনা সঁচাকৈয়ে সংঘটিত হৈছিলনে বুলি সন্দেহেই জাগে। সত্যবোৰ ইমান বিস্ময়কৰ।
জৰুৰীকালীন অৱস্থাৰ আগে আগে ৰাইনা চাহাবে বাৰ্টলট ব্ৰেকট (Bertolt Brecht)ৰ ‘ককেচিয়ান চক চাৰ্কোল’ নামৰ নাটকখন কৰি ঘূৰি ফুৰিছিল। সেয়া আছিল ৰাইনা চাহাবৰ কেৰিয়াৰৰ আৰম্ভণি কাল। ৰাজনীতিৰ অন্তঃস্ৰোত বুজা হোৱা নাছিল তেখেত। চাব্বিশটা ভৰপূৰ দৰ্শকৰ শ্ব’ হোৱাৰ পাছতো পঞ্জাৱ চৰকাৰে নাটকখন বন্ধ কৰি দিলে। সেইখন নাটক পঞ্জাৱ চৰকাৰে নিজেই প্ৰযোজনা কৰিছিল। বহুতে বুজালে যে সেই সময়ত তেনে নাটক নচলিব। এজন উচ্চ পদস্থ আৰক্ষী বিষয়াই মৰম কৰি ক’লে যে সোনকালে পঞ্জাৱ ত্যাগ নকৰিলে তেখেত ৰাইনা চাহাবক এৰেষ্ট কৰিবলৈ বাধ্য হ’ব। নিজৰ ল’ৰাৰ দৰে ভাবিহে আঁতৰি যাবলৈ কৈছে। ৰাইনা চাহাব যাবলৈ সাজু হ’লত বিষয়াজনে ক’লে যে কোনোবা নাটকৰ মানুহেই মুখ্যমন্ত্ৰীক নাটকখনৰ বিষয়ে অভিযোগ দিলে, সেয়েহে চৰকাৰ হঠাৎ কঠোৰ হৈ পৰিল। এনেবোৰ কথাই আমাৰ দেশৰ বহু অজানা ছবি ফুটাই তোলে। পৰৱৰ্তী সময়ত সেইজন আৰক্ষী বিষয়া জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈছিল আৰু ৰাইনা চাহাবক পুৰণি কথা মনত পেলাই দিছিল। চৈয়দ মিৰ্জাৰ সৈতে ডকুমেণ্টৰী নিৰ্মাণৰ ৰোমাঞ্চকৰ ঘটনাবিলাকে অহৰহ শিহৰিত কৰি থাকে। ভিণ্ড্ৰেনৱালেৰ নিষিদ্ধ ভাষণৰ কেছেট আনিবলৈ গৈ অত্যুৎসাহ দেখুৱাই কেনেদৰে জীৱন বিপন্ন কৰিছিল সেয়া যিকোনো মানুহৰ বাবে সম্ভৱ নহয়। আৰু অজ্ঞাত কাৰণত সেই ছবিখন সম্পূৰ্ণ হৈ নুঠিল। সকলো কষ্ট অথলে গ’ল। সেই কথাবিলাকতে বহু ইতিহাস বহু মানুহৰ অন্তৰ্নিহিত কাহিনী লুকাই আছে।
তেখেতৰ বৰ্ণনাত প্ৰাণ পাই উঠিছে কাশ্মীৰৰ ভয়াৱহ দিনবোৰৰ কথা। সেইবোৰ বৰ্ণনা কৰা কঠিন কাম। মাকক চিকিৎসালয়ত থৈ কাৰফিউৰ মাজে মাজে সৰকি ঘৰ আৰু চিকিৎসালয়লৈ অহা-যোৱাৰ যি বৰ্ণনা, সেয়া পঢ়ি থাকিবলৈকে ভয় লগা। মাতৃৰ পৰলোক গমন আৰু তাৰ পাছৰ ঘটনাৰাজি বৈচিত্ৰ্যময়, অতি আচৰিত। কোনে কেনেকৈ কাক সহায় কৰে, বিনা কাৰণত, একো প্ৰত্যাশা নকৰি, সেয়া পূৰ্বে নিৰ্ধাৰণ কৰা নাথাকে। মানুহ মানুহ হৈয়ে থিয় দিয়ে মানুহৰ কাষত। কাশ্মীৰ ত্যাগ কৰিব লগা পৰিস্থিতি হোৱাৰ পাছতো কাশ্মীৰক লৈ তেখেত সদায় চিন্তিত হৈ থাকিল। বিভিন্ন বিপৰীত পৰিস্থিতিত পৰিও কাশ্মীৰৰ লোকনাট্য ৰক্ষাৰ বাবে যি অহোপুৰুষাৰ্থ কৰিলে, সেয়া এলাপেচা মানুহে ভাবিবও নোৱাৰে, কৰাটো দূৰৰ কথা।
বন্দুক-বাৰুদৰ বহু কাহিনী, বহু ভয়াৱহ অভিজ্ঞতা গ্ৰন্থখনিত বৰ্ণিত হৈছে। সেই সকলোবোৰ তেখেতে সন্মুখীন হোৱা ঘটনা। তেনে ঘটনাৰ মুখামুখি হোৱাৰ পাছতো কিহে এজন মানুহক সেই স্থানতে নাটক কৰি থাকিবলৈ শক্তি আৰু সাহস যোগায়, সেই কথাটো এবাৰ ভাবি চাবলগীয়া। বহু সুবিধাজনক আহ্বানক নেওচি কি কাৰণে বন্দুকৰ গুলীৰ লগত অগা-দেৱা কৰি নিজৰ মানুহ বুলি ভবা মানুহ কিছুমানৰ সৈতে থাকিব খুজিলে, সেয়া সহজে অনুভৱ কৰা টান। ক’তো, কোনো মানুহৰ প্ৰতি একো বিদ্বেষ ভাব প্ৰকাশ নকৰাটো তেখেতৰ গ্ৰন্থখনিৰ অন্যতম বৈশিষ্ট্য।
নাটকৰ কাহিনীৰ দৰে বৰ্ণিত এই আত্মকথা ভাৰতীয় সাহিত্য তথা ইতিহাসলৈ এক অনৱদ্য উপহাৰ।
❧ | আৰু পঢ়ক:
- ৰাজেন্দ্ৰনাথ বৰদলৈ: এগৰাকী মানৱিক চেতনাসম্পন্ন কবি
- মুনীন শৰ্মাৰ পূৰ্ণাঙ্গ নাট্য সম্ভাৰ
- গোৱালপাৰা জিলাৰ অতীত আৰু বৰ্তমান
- কালদিয়া পাৰৰ গোসাঁনী
- সত্ৰ-সংস্কৃতিৰ ৰূপ-বৈচিত্ৰ্যৰ প্ৰতিফলন
Featured image courtesy: governancenow.com