২ ০২২ চনত জ্যেষ্ঠ কবি ৰাজেন্দ্ৰনাথ বৰদলৈৰ ‘কবিতা সমগ্ৰ’ প্ৰকাশ হৈ ওলায়। মিহিৰ দেউৰীৰ সম্পাদনাত গুৱাহাটী ফাউণ্ডেশ্যনে প্ৰকাশ কৰা গ্ৰন্থখনিত কবিৰ ১৯৭৭-২০২১ সময়ছোৱাত ৰচিত কবিতাখিনি সন্নিৱিষ্ট হৈছে। বৰদলৈৰ প্ৰকাশিত কবিতা সংকলনৰ সংখ্যা আছিল চাৰিখন— ‘উৰ্বৰ ভূমিত’ (১৯৮৪), ‘মাটিৰ প্ৰেমত মানুহ’ (১৯৯২), ‘পুনশ্চ’ (১৯৯৯) আৰু ‘মাতে-কথাই গুণগুণায়’ (২০১৮)। ‘কবিতা সমগ্ৰ’ত এই চাৰিখন সংকলনৰ লগতে গ্ৰন্থভুক্ত নোহোৱা এমুঠি কবিতাও সন্নিৱিষ্ট হৈছে। তদুপৰি তেওঁৰ এমুঠি কবিতাৰ ইংৰাজী অনুবাদেও ‘কবিতা সমগ্ৰ’ত স্থান পাইছে।
বৰদলৈৰ প্ৰথমাৱস্থাৰ দুই-এটা কবিতাত ভাষাৰ সমস্যা আছে। কেতিয়াবা দুৰ্বল বাক্যগাঁথনি আৰু আন কেতিয়াবা অসাৱধান শব্দ চয়নে পাঠকৰ বিৰক্তি ওপজায় (যেনে— ‘য’ত হাউলি পৰে ফলৰ ফল’, ‘পুৱাৰ ৰক্তিম সোণালী আভা’ ইত্যাদি)। কেতিয়াবা তেওঁৰ কবিতাত সমসাময়িক কবিৰ কবিতাৰ শাৰীও প্ৰতিধ্বনিত হৈছে (যেনে— ‘কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দত’)। অৱশ্যে ভাষাগত কিছু সীমাবদ্ধতা সত্ত্বেও বহু কবিতাত তেওঁৰ কবি-প্ৰতিভাৰ জিলিকনি দেখিবলৈ পাওঁ। প্ৰথমখন সংকলনত থকা ‘দহন’ তেনে এটা কবিতা। মুঠ সোতৰটা শাৰীৰ কবিতাটোৰ প্ৰথম তেৰটা শাৰী প্ৰশ্নসূচক। কোনো অজ্ঞাত শক্তিয়ে কৃষকৰ মাটি দখল কৰিছে। কিন্তু কৃষকসকল ব্যস্ত গাঁৱৰ নামঘৰত দ্ৰৌপদীৰ বস্ত্ৰহৰণ নাটকৰ আখৰাত। কবিতাৰ কণ্ঠস্বৰে বকাসুৰ বধৰ আখৰা কেতিয়াকৈ হ’ব বুলি প্ৰশ্ন কৰিছে। বকাসুৰ লোভী ক্ষমতাশালী শক্তিৰ প্ৰতিনিধি। কণ্ঠস্বৰে উক্ত শক্তিৰ বিৰুদ্ধে কৃষকসকলক প্ৰতিৰোধ সংগ্ৰামত লিপ্ত হ’বলৈ পৰোক্ষভাৱে আহ্বান জনাইছে। কবিতাটোত শোষক আৰু শোষিতৰ মাজৰ শ্ৰেণী সংঘাতৰ ছবি এখন তুলি ধৰা হৈছে। কবিতাৰ কণ্ঠস্বৰে নাজানে এই সংঘাতৰ কেতিয়া অৱসান হ’ব আৰু কৃষকসকলে কেতিয়া ন্যায় পাব—
“কৃষকৰ মাটিত কাৰ দপদপনি
পথাৰৰ সোণগুটিত কাৰ হেতা-ওপৰা
পাল্লাৰ ভাৰ কাৰ ফালে দোঁ খায়
কাৰ খোজৰ ভৰত বহি যায়
ছিৰাল ফটা মাটি।”
শোষিত-বঞ্চিত কৃষকৰ দুঃসহ জীৱনৰ ছবি ফুটি উঠা আন এটা কবিতা হ’ল ‘খেতিয়কৰ হাত’। কৃষকৰ জীৱন সংগ্ৰামৰ যেন অন্ত নাই। কঠোৰ শ্ৰম কৰাৰ পিছতো কৃষকৰ ঘৰৰ শইচৰ ভঁৰাল উদং হৈ থাকে। কবিতাটোত আনৰ কৃষিভূমিত হাজিৰা কৰা কৃষক জীৱনৰ ছবিখন মৰ্মস্পৰ্শীকৈ দাঙি ধৰা হৈছে—
“কামৰ বিনিময়ত পায় নিতৌ হাজিৰা
সিয়ে মাথোঁ পৰিয়ালৰ সম্বল
তথাপি অব্যাহত হাত।”
মাটি আৰু মানুহৰ মাজৰ পুৰাতন সম্পৰ্ক বৰদলৈৰ এক বিষয়। বহু কবিতাত মাটিৰ সৈতে মানুহৰ আজন্ম সম্পৰ্কক উদযাপন কৰা হৈছে। বৰদলৈৰ কবিতাত উৰ্বৰ মাটি অন্তহীন সৃষ্টি আৰু প্ৰাণশক্তিৰ উৎস। ‘অনুভূতি’ শীৰ্ষক কবিতাটোত আছে—
“হৃদয়ে অনুভৱ কৰে মাটিৰ গোন্ধ
মাটিয়ে জুৰাই হৃদয়ৰ স্পৃহা
পলসে য’ত উৰ্বৰা কৰে
আমাৰ কলিজাৰ সোণালী ফচল।”
তেওঁৰ কবিতাত মানুহ মাটিৰ প্ৰেমিক। এই মানুহ কৃষিজীৱী মানুহ। কৃষিয়েই যাৰ জীৱন—
“শিপিনীৰ ফুল বছা কৱচ
নেওঠনিৰ ধ্বনি
গাঁৱে গাঁৱৰ উজনি ভাটি
পূবৰ ধলফাট
দাবনিৰ হাতত
কাচি তিৰবিৰ
মাটিৰ প্ৰেমত মানুহ
শইচৰ প্ৰেমত মানুহ ।” (পথাৰত হেন্দোলদোপ)
কবিসকল সমাজ আৰু মানৱ জীৱনৰ সূক্ষ্ম পৰ্যৱেক্ষক। সাধাৰণ মানুহক স্পৰ্শ নকৰা ঘটনা বা কথায়ো কবিৰ মনত আলোড়নৰ সৃষ্টি কৰে। বৰদলৈৰ বহু কবিতাত সমকালীন সমাজ জীৱনৰ প্ৰতিফলন ঘটিছে। প্ৰথমখন সংকলনৰ এটা গুৰুত্বপূৰ্ণ কবিতা হ’ল ‘জুই’। কবিতাটোত নাটকীয় পৰিস্থিতি সৃষ্টিৰ মাজেৰে এটা মৃত্যুৰ ঘটনা আৰু তাৰ ফলত উদ্ভৱ হোৱা পৰিৱেশৰ বৰ্ণনা কৰা হৈছে। এজন মানুহৰ মৃত্যু ঘটিছে। মৃত মানুহজনৰ ছিতাৰ জুই জুম বান্ধি থকা মানুহবোৰৰ মনলৈকো বিয়পি পৰিছে—
“জুম বান্ধি থকা মানুহবোৰৰ
মনত জুই
চকুত জুই
কেৱল উৎকণ্ঠিত।”
সেই জুই ক্ষোভ আৰু প্ৰতিবাদৰ—
“অগ্ৰসৰ হোৱা মানুহবোৰে
জ্বলি থকা সূৰ্যটোক
আঁজুৰি আনিব যেন আকাশৰপৰা।”
কবিতাটোৰ পটভূমিত আছে বিদেশী বহিষ্কাৰ আন্দোলন। মৃত মানুহজন হয়তো আন্দোলনৰ কোনো নেতৃস্থানীয় লোক আছিল! হয়তো তেওঁক কোনোৱে হত্যা কৰিছে! মানুহজনৰ মৃত্যুৰ ঘটনাই ৰাইজৰ মনত ক্ষোভৰ সৃষ্টি কৰিছে। সেই ক্ষোভ ইমানেই প্ৰবল যে তেওঁলোক জ্বলন্ত সূৰ্যটোক আঁজুৰি অনাৰ নিচিনা অসাধ্য সাধন কৰিবলৈকো প্ৰস্তুত।
অসম আন্দোলনৰ পটভূমিত ৰচিত এটা কবিতা হ’ল ‘বিদায় ১৯৮৩’। ১৯৮৩ চনটো অসমৰ ইতিহাসৰ বাবে এক ক’লা অধ্যায়। নেলী, গহপুৰ আদিত হোৱা গোষ্ঠী সংঘৰ্ষৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। ডিচেম্বৰ মাহৰ অন্তিম দিনটোত উপস্থিত হৈ উক্ত কৰুণ ঘটনাবোৰৰ কথা সুঁৱৰি কবিতাৰ কণ্ঠস্বৰ উদ্বিগ্ন হৈ পৰিছে। মানৱতাৰ অধঃপতনে তেওঁক চিন্তিত কৰি তুলিছে।
বৰদলৈৰ কবিতাৰ কেন্দ্ৰীয় সুৰটো অসমৰ কৃষিকেন্দ্ৰিক গ্ৰাম্য জীৱন আৰু প্ৰকৃতিৰ সৈতে সংযুক্ত। লোকসংস্কৃতি আৰু লোকভাষাই তেওঁৰ কাব্যভাষাক চহকী কৰিছে। ‘এই বতৰতে’ শীৰ্ষক কবিতাত ব’হাগ মাহৰ গাঁৱৰ উছৱমুখৰ পৰিৱেশৰ চিত্ৰ এইদৰে প্ৰকাশ পাইছে—
“ঢোলৰ ছেৱে ছেৱে কোন নাচনীৰ নাচ!
মেনকা নে ৰম্ভাৰ লয়লাস খোজত
যৌৱনৰ দুৱাৰ মেল খায়
গাঁওবোৰ উখল-মাখল;
আহিব নেকি এইবাৰ নতুন ধল!”
লোকজীৱনৰ চিত্ৰধৰ্মী বৰ্ণনাৰ মাজতে সামাজিক পৰিৱৰ্তনৰ আশাও প্ৰকাশ পাইছে। ‘নতুন ধল’ শব্দযুগলত সমাজ পৰিৱৰ্তনৰ প্ৰতি কবিৰ আগ্ৰহ ফুটি উঠিছে। ‘শান্তিৰ জুৰণি পানী’ কবিতাত মাঘ বিহুৰ সময়ৰ উছৱমুখৰ গ্ৰাম্য জীৱনৰ চিত্ৰ প্ৰকাশ পাইছে। এই কবিতাটোতো গাঁৱৰ উছৱমুখৰ পৰিৱেশৰ চিত্ৰধৰ্মী বৰ্ণনাৰ মাজতে সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা দিবলৈ কবিয়ে পাহৰা নাই।
ভাবাদৰ্শগত দিশৰ পৰা কবি বৰদলৈ এগৰাকী মানৱতাবাদী। তেওঁৰ কবিতাত মানৱীয় চেতনা গভীৰ ৰূপত প্ৰকাশ পাইছে। ‘মাটিৰ প্ৰেমত মানুহ’ সংকলনত সন্নিৱিষ্ট হোৱা ‘জন্ম হওক মানুহৰ’, ‘ধ্বংসস্তূপৰ মাজত স্মৃতি ভৱিষ্যৎ’, ‘অন্য এক ৰূপ মানৱতাৰ’ আদি কবিতাত মানৱতাৰ জয়গান গোৱা হৈছে। ‘যুদ্ধভূমিৰ অস্তিত্বই বা ক’ত’ শীৰ্ষক এটা কবিতাত মানুহে মানুহৰ বিৰুদ্ধে কৰা যুদ্ধৰ প্ৰবল বিৰোধিতা কৰা হৈছে। দেশ নামৰ ভৌগোলিক সীমাৰ ভিতৰত থকা সকলোবোৰ এজন আনজনৰ সুহৃদ। সুহৃদৰ মাজত যুদ্ধৰ অৱকাশেই বা ক’ত! কবিতাটোৰ এটা স্তৱক এনেধৰণৰ—
“যুদ্ধভূমি গচকিবা ক’ত!
মানুহ আটাইবোৰ মোৰ সুহৃদ
পানী আৰু মাটিত
পিতাৰ তেজৰ কণিকাবোৰ
জিলিকি আছে
চাৰিওদিশে মাথোঁ ৰিংছা ৰিংছা।”
‘ৰিংছা’ তিৱা ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ’ল প্ৰতিধ্বনি। কোনো ধৰণৰ সংকটে মানুহৰ মাজত থকা মানৱীয় চেতনাক সৰহ সময় অৱদমিত কৰি ৰাখিব নোৱাৰে। সংসাৰৰ অপৰিসীম দুঃখ-কষ্টৰ মাজতো মানুহ আশাবাদী হৈ থাকিব পাৰে। ‘বসন্ত ঋতুত গান গাবলৈ’ কবিতাৰ কেইটামান শাৰী এনে ধৰণৰ—
“গভীৰ নিঃসংগতাৰ মাজতো
মানুহবোৰ সাৰে আছে,
… মানুহবোৰে গুণগুণাই আছে,
হয়তো বসন্ত ঋতুত
গান গাবলৈ
নাচিবলৈ চোতালে চোতালে
জুই জ্বলাবৰ চেষ্টা কৰিছে।”
এই জুই সমস্ত দুঃখ-যন্ত্ৰণাৰ এন্ধাৰ আঁতৰোৱা জুই।
বৰদলৈ এগৰাকী মানৱিক চেতনাসম্পন্ন কবি। তেওঁৰ সকলো চিন্তা-অনুভূতিৰ কেন্দ্ৰত থাকে মানুহৰ সৰ্বমংগল কামনা। এই মংগলবোধ বৰদলৈৰ কবি-চেতনাৰ গভীৰলৈকে প্ৰোথিত। সেয়ে তেওঁৰ কবিতাই আমাৰ মানৱীয় চেতনাক অধিক সঞ্জীৱীত কৰি তোলে।
ৰাজেন্দ্ৰনাথ বৰদলৈ কবিতা সমগ্ৰ
সম্পাদনা: মিহিৰ দেউৰী
প্ৰকাশক: গুৱাহাটী ফাউণ্ডেশ্যন
প্ৰথম প্ৰকাশ: ২০২২
মূল্য: ৫০০ টকা
ISBN: 978-81-89148-85-0
❧ | আৰু পঢ়ক:
- প্ৰকাশ কৈৰালাৰ ‘অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ’ত এভুমুকি
- মুনীন শৰ্মাৰ পূৰ্ণাঙ্গ নাট্য সম্ভাৰ
- গোৱালপাৰা জিলাৰ অতীত আৰু বৰ্তমান
- কালদিয়া পাৰৰ গোসাঁনী
- সত্ৰ-সংস্কৃতিৰ ৰূপ-বৈচিত্ৰ্যৰ প্ৰতিফলন
Follow Nilacharai on Facebook