২ ০২০ চনৰ জানুৱাৰী মাহত তৰুণ লেখক গৱেষক প্ৰকাশ কৈৰালাৰ গোৰ্খাসকলৰ ইতিহাস বিষয়ত ১৯৫ পৃষ্ঠাৰ এখনি তথ্যগধুৰ গ্ৰন্থ পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছিল। ‘অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ’ নামৰ এই গ্ৰন্থখন গোৰ্খাসকলৰ ইতিহাস অনুসন্ধানৰ এক ফচল বুলি ক’ব পাৰি। গ্ৰন্থখনে গোৰ্খা (নেপালী)সকলৰ, বিশেষকৈ অসমৰ, প্ৰায় সম্পূৰ্ণ ইতিবৃত্ত লিপিবদ্ধ কৰিব পাৰিছে বুলি ক’ব পাৰি।
‘অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ’ গ্ৰন্থখন পৰ্যাপ্ত ঐতিহাসিক তথ্য, পদ্ধতিগত বিশ্লেষণ আৰু ভাষাৰ সৰলতাৰ বাবে সুখপাঠ্য হিচাপে পৰিগণিত হৈছে। গ্ৰন্থখনৰ বিষয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, স্বনামধন্য সাহিত্যক ড° ধ্ৰুৱজ্যোতি বৰাই এনেদৰে প্ৰশংসা কৰিছে: “মোৰ ভাতৃপ্ৰতিম প্ৰকাশ কৈৰালাই প্ৰচুৰ অধ্যয়ন আৰু গৱেষণা কৰি অসমৰ খিলঞ্জীয়া গোৰ্খাসকলৰ ঐতিহ্যৰ এক বৈজ্ঞানিক অনুসন্ধান সম্পন্ন কৰিছে।… লেখকে নিজৰ বক্তব্যৰ লগতে তাৰ সমৰ্থনত বিভিন্ন ঐতিহাসিক সূত্ৰৰ উল্লেখ বৈজ্ঞানিকভাৱে আৰু বিশ্বাসযোগ্যভাৱে কৰিবলৈ সক্ষম হৈছে।” ড° বৰাদেৱৰ এইখিনি কথা তাৎপৰ্যপূৰ্ণ আৰু পৰ্যাপ্ত হৈছে বুলি ভাবোঁ।
কৈৰালাৰ বিষয়বস্তু উপস্থাপনৰ ধৰণ আৰু দৃষ্টিকোণ আমাৰ বাবে গভীৰ আকৰ্ষণৰ বিষয়। গোৰ্খা ইতিহাসৰ গৱেষণা আৰু অধ্যয়ন অতি তাকৰীয়া হোৱাৰ বাবে বৃহৎ সমাজত বহু সময়ত গোৰ্খাসকলৰ বিষয়ে বহু সিদ্ধান্ত ভ্ৰান্ত আৰু অবৈজ্ঞানিক ৰূপত প্ৰকাশ পোৱা দেখা যায়। উদাহৰণস্বৰূপে, প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশায়ে গোৰ্খাসকলৰ ভাষাৰ সংবিধানত স্বীকৃতি বিচাৰি যোৱা এটি সঁজাতী দলক কৈছিল— “আপোনালোকে এই আৱেদন নেপালৰ ৰজাক দিয়ক, তাতহে এই ভাষাই স্বীকৃতি পাব।” গোৰ্খাসকলৰ বিষয়ে থকা এনে বদ্ধমূল আৰু ভ্ৰান্তিমূলক ধাৰণা কৈৰালাৰ গ্ৰন্থই বহু পৰিমাণে দূৰ কৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ’ল, বহু গৱেষকে গোৰ্খাসকলৰ ইতিহাস মানেই প্ৰব্ৰজনৰ ইতিহাস হিচাপেহে আলোচনা কৰা দেখা গৈছে; এই গ্ৰন্থখনত উপনিৱেশীয় যুগত বৃটিছ আৰু স্থানীয় শাসকসকলে তেওঁলোকৰ আৰু অসমৰ প্ৰয়োজনত অনা গোৰ্খাসকলৰ ইতিহাসৰ লগতে ভাৰত আৰু অসমভূমিৰে সৈতে আৰম্ভ হোৱা গোৰ্খাৰ পুৰাতন ইতিহাসৰো চৰ্চা কৰা হৈছে বিশ্বাসযোগ্যতাৰে।
দুই-এক বুৰঞ্জীবিদ আৰু বুদ্ধিজীৱীয়ে গোৰ্খাসকলক আক্ৰমণকাৰী, বৃটিছ-বন্ধু, ভাৰত বিৰোধী শক্তি হিচাপে চিহ্নিত কৰিব খোজে, কিন্তু আৰম্ভণিতে বৃটিছৰ ভাৰতীয় উপমহাদেশ দখল কৰা চেষ্টাত গোৰ্খাসকলেই সৰ্বপ্ৰথমে বাধা হৈ উঠিছিল। তাৰ বাবে তেওঁলোকে আগ্ৰাসী বৃটিছক স্বাধীন কুমাওঁ ‘ৰাজ্য’লৈকে আহি বাধা দিছিল। বৃটিছে ১৭৯১ চনত কুমাওঁ দখল কৰিছিল। ভাৰতীয় সমভূমি দখল কৰি বৃটিছ শাসক পাহাৰৰ পিনে আগবাঢ়ি যোৱাটো ঐতিহাসিক সত্য। এই আগ্ৰাসনক বাধা দিয়াটো কেতিয়াও ‘ভাৰত আক্ৰমণ’ হ’ব নোৱাৰে। বৃটিছে গোৰ্খা ফৌজৰ সাহসিকতা আৰু যুদ্ধকৌশলকেই ভাৰতীয় উপমহাদেশত তেতিয়া ভয় কৰিছিল।
এই প্ৰব্ৰজনৰ তত্ত্বটোক বহুতো মনেসজা তথ্য আৰু পৰিসংখ্যাৰে উপস্থাপন কৰা হয়। বিগত এপ্ৰিল মাহত এগৰাকী ‘বুৰঞ্জীবিদে’ অসমৰ মূলসুঁতিৰ বাতৰিকাকত এখনত ‘প্ৰায় ১৮ লাখ অবৈধ নেপালী লোক’ অসমত থকাৰ কথা কৈছে, কিন্তু চৰকাৰী হিচাপমতে অসমত গোৰ্খা-নেপালী লোকৰ মুঠ জনসংখ্যাও ইমান নহয়। গতিকে এই বুৰঞ্জীবিদৰ মতে সকলো গোৰ্খা লোকেই ‘বিদেশী’! এই বুৰঞ্জীবিদেই আকৌ এঠাইত কৈছে যে গোৰ্খা-নেপালীসকল বৃটিছৰ সৈনিক আছিল আৰু ১৮৫৭ চনৰ বিদ্ৰোহক বৰ নিষ্ঠুৰতাৰে দমন কৰিছিল। প্ৰথম কথা হ’ল, সেই বিদ্ৰোহ দমন কৰিবলৈ গোৰ্খাৰ উপৰিও অন্যান্য সৈন্য বাহিনীৰো ব্যৱহাৰ হৈছিল। চিপাহী বিদ্ৰোহেই নহয়, অন্যান্য সকলো বিদ্ৰোহেই দমন কৰিবলৈ বৃটিছে গোৰ্খা-অগোৰ্খা সকলো বাহিনী বিভিন্ন সময়ত ব্যৱহাৰ কৰিছিল। ইয়াৰ বিপৰীতে বৃটিছৰ বহু গোৰ্খা সৈনিকে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ভাৰতীয় স্বাধীনতা সেনানী আৰু আজাদ হিন্দ ফৌজত যোগদান কৰাৰ অসংখ্য উদাহৰণ আছে। তদুপৰি ভাৰতৰ অন্যান্য বহু জাতিৰ সুবিধাবাদী লোকে বৃটিছৰ পক্ষত কাম কৰিছিল আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল। কৈৰালাৰ গ্ৰন্থখনত এনে বহু গোৰ্খা স্বাধীনতা সেনানীৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। কৈৰালাৰ গ্ৰন্থৰ এই দিশটোৱে নবীন-প্ৰৱীণ সকলো পাঠকৰে অনুসন্ধিৎসা বৃদ্ধি কৰিছে। ফলস্বৰূপে শ্ৰীকৈৰালাৰ এইখন গ্ৰন্থই বিক্ৰীৰ অভিলেখ ৰচিছে। গোৰ্খা (নেপালী)সকলৰ ইতিহাস বিষয়ত লেখা অতীতৰ কোনো গ্ৰন্থই এই ধৰণৰ জনপ্ৰিয়তা পোৱা নাছিল।
যিখিনি তথ্যৰে বুৰঞ্জীবিদসকলে অসম-ভাৰতৰ ইতিহাসৰ ভেটি তৈয়াৰ কৰিছে, একে ঐতিহাসিক তথ্যই শ্ৰীকৈৰালাই সঠিকভাৱে গোৰ্খাসকলৰ ঐতিহ্য বিশ্লেষণতো ব্যৱহাৰ কৰিছে। উদাহৰণ হিচাপে যোগিনীতন্ত্ৰ, পুৰাণ অথবা মহাকাব্যিক বুৰঞ্জী কৈৰালাই সিমানখিনিয়েই উদ্ধৃত কৰিছে, যিমানখিনি অন্য প্ৰখ্যাত বুৰঞ্জীবিদ আৰু আলোচক-সমালোচকসকলে ব্যৱহাৰ কৰিছে। ড° ধ্ৰুৱজ্যোতি বৰাদেৱৰ ভাষাত: “প্ৰকাশ কৈৰালাৰ এই গ্ৰন্থখনৰ এটা অতি শক্তিশালী আৰু গুৰুত্বপূৰ্ণ দিশ হ’ল যে তেওঁ এইখন লেখাৰ সময়ত বিভিন্ন তথ্য আৰু সূত্ৰৰ সন্ধানত ব্যাপক ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে, যিয়ে গ্ৰন্থখনক এক বিৰল মান্যতা প্ৰদান কৰিছে।”
এটা জাতি বা জনগোষ্ঠীৰ বুৰঞ্জী বা ঐতিহ্যৰ লেখক বা গৱেষকজন যদি সেই জাতিৰেই সদস্য হয়, তেতিয়া কেতবোৰ বদ্ধমূল ধাৰণা, পক্ষপাত বা আত্মপ্ৰসূত বিভ্ৰাটে লেখাক স্পৰ্শ কৰিব পাৰে। লগতে আনৰ প্ৰতি এক হেয় ভাব প্ৰকাশ পাব পাৰে। কিন্তু কৈৰালাৰ গ্ৰন্থত তেনে দুৰ্বলতা বা পক্ষপাত দেখা পোৱা নাযায়। সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাদেৱে কোৱাৰ দৰে কৈৰালাৰ গ্ৰন্থত ‘আমি’ আৰু ‘তেওঁলোক’ (us and they)ৰ দৰে পৃথকতাৰ কোনো ইংগিত নাই— “অসমৰ গোৰ্খাসকলৰ দুখ-দুৰ্দশা, অৱমাননা, অপমান আৰু অসমীয়া সমাজে সকলো সময়তে সহৃদয়তা দেখুৱাব নোৱৰাৰ ক্ষেত্ৰত তেওঁ সংগত আক্ষেপ প্ৰকাশ কৰিছে, কিন্তু ক’তো সংকীৰ্ণতা আৰু ঘৃণাৰ সামান্যতম প্ৰকাশ তেওঁৰ লেখাত নাই।”
গোৰ্খা সন্মিলনৰ নেতৃত্বৰ পৰাও এই গ্ৰন্থ প্ৰকাশৰ বাবে উৎসাহ-প্ৰেৰণা পাই অহাৰ কথা লেখকে কৃতজ্ঞতাৰে স্বীকাৰ কৰিছে। অসমৰ গোৰ্খাসকলৰ অস্বিত্ব ৰক্ষা আৰু সমঅধিকাৰ আৰু সমমৰ্যাদাৰ বাবে সংগ্ৰামৰত সংগঠনৰ দ্বাৰা অনুপ্ৰাণিত হৈ লিখা এই গ্ৰন্থখনে অসমৰ গোৰ্খাসকলৰ ‘ভাৰতীয়’ তথা ‘অসমীয়া’ শিপা বিচাৰি উলিওৱাত নিশ্চিতভাৱেই চেষ্টা কৰিছে আৰু বহু পৰিমাণে সফল হৈছে।
এঘাৰটা মেটমৰা নিবন্ধৰে পৰিপাটিকৈ সজাই উলিওৱা ‘অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ’ গ্ৰন্থখনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গোৰ্খাসকলৰ ইতিহাস চৰ্চাৰ এক শক্তিশালী ভেটিও নিৰ্মাণ কৰিছে। গ্ৰন্থখনৰ চাৰি পৃষ্ঠা জোৰা আগকথাত ড° ধ্ৰুৱজ্যোতি বৰাদেৱে গ্ৰন্থখনৰ প্ৰায় সাৰাংশই লিখি দিছে বুলি ক’ব পাৰি। অন্তিম পেৰাগ্ৰাফত ড° বৰাদেৱে এটি গুৰুত্বপৃৰ্ণ কথা লিখিছে: “যোৱা এটা দশকৰ পৰা আমাৰ অসমত নৃগোষ্ঠীয় ইতিহাস (Ethnic History) চৰ্চাৰ এক শক্তিশালী প্ৰৱণতা গঢ়ি উঠিছে।” ড° বৰাদেৱৰ লগত একমত হৈ ক’ব পাৰি যে কৈৰালাৰ গ্ৰন্থখন বিদেশী বিতাড়ন আন্দোলনৰ পৰা তুংগত উঠা এই নৃগোষ্ঠীয় ইতিহাস চৰ্চাৰ প্ৰৱণতাৰ শেহতীয়া নিদৰ্শন।
গোৰ্খাসকলক আঁকোৱালি লৈ গোৰ্খা জনজাগৰণ আৰু ইতিহাস চৰ্চাৰ মহান অসমীয়া পৃষ্ঠপোষকৰ দীঘলীয়া শাৰীত বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকাৰ পৰা তীৰ্থনাথ শৰ্মা, হোমেন বৰগোহাঞি আৰু ড° ধ্ৰুৱজ্যোতি বৰাদেৱৰ নাম আমি গৌৰৱেৰে ল’ব পাৰোঁ। ইয়াৰ উপৰি গোৰ্খাসকলো স্বকীয় মহিমা, সমঅধিকাৰ, সমমৰ্যাদা, নিজস্ব কৃষ্টি আৰু মাতৃভাষাৰে সৈতে জীয়াই থাকিব লাগে বুলি বলিষ্ঠ কণ্ঠ আৰু সক্ৰিয়তাৰে আগভাগ লৈ অহা যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ, ইতিহাসবিদ, ভাষাবিদ, গৱেষক আৰু দলিত অধিকাৰ আৰু গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী দ° দেৱব্ৰত শৰ্মাদেৱেও এইখন গ্ৰন্থৰ সমীক্ষা লিখি উৎসাহ জনোৱা বাবে তেখেতৰ ওচৰতো লেখকৰ লগতে আমাৰ নিচিনা গোৰ্খা ইতিহাসৰ অনুৰাগী আৰু পাঠক ঋণী। এই প্ৰাজ্ঞ অসমীয়া লোকসকলৰ বাবেই সকলোৰে সমঅধিকাৰৰ নিচিনা গণতন্ত্ৰৰ মহত্তম প্ৰমূল্যৰে অসমীয়া জাতি আৰু ভাষাৰ মহিমা উজ্জ্বল হৈ থাকিব।
গ্ৰন্থখনত ভাৰতভূমিলৈ কিৰাত আৰু খচ্ জাতিৰ আগমনৰ ইতিহাসলৈ পাঠকৰ মনোযোগ আকৰ্ষণ কৰা হৈছে আৰু গোৰ্খাসকল যে এই কিৰাত আৰু খচ্ জাতিৰেই বংশধৰ, তাক দেখুৱাইছে। বৃটিছৰ শাসনৰ সময়ত উপনিৱেশিক উদ্দেশ্যত নেপাল, চিক্কিম, দাৰ্জিলিং, হিমাচল প্ৰদেশ আদি ঠাইৰ পৰা গোৰ্খাসকলক লৈ অহা কাৰ্য আৰু তেওঁলোকৰ আগমনৰ ইতিহাসৰো চৰ্চা কৰা হৈছে। ড° ধ্ৰুৱজ্যোতি বৰাদেৱৰ ভাষাতো গোৰ্খাৰ এই আগমন আজিৰ অৰ্থত ‘প্ৰব্ৰজন’ নাছিল। এনেদৰে প্ৰায়সকল গৱেষকে আওকাণ কৰা গোৰ্খাৰ ‘ইতিহাস’হে কৈৰালাৰ গ্ৰন্থৰ মুখ্য উপজীৱ্য।
‘অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ’ গ্ৰন্থখনৰ প্ৰথম নিবন্ধ ‘প্ৰাচীন অসমত গোৰ্খাসকল’ত তেখেতে সৰলভাৱে লিখিছে: “…ইতিহাস লিখাৰ ব্যৱস্থা আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা গোৰ্খাসকলে প্ৰচীন অসম তথা বৰ্তমানৰ উত্তৰ-পূৰ্বাষ্ণলকে ধৰি ভাৰত, ভূটান, নেপাল, বাংলাদেশৰ এক বিস্তৃত ভূখণ্ডত বসবাস কৰিছিল বুলি জনা যায়। সৰ্বজনবিদিত যে বৰ্তমানৰ ভূটান, বাংলাদেশ তথা পশ্চিমবংগৰ এক বৃহৎ ভূ-খণ্ড প্ৰাচীন কামৰূপৰ অন্তৰ্ভুক্ত আছিল, য’ত গোৰ্খাসকলৰো জনবসতিৰ প্ৰমাণ পোৱা যায়।” গোৰ্খাসকলৰ ৰজা নাছিল, শাসক নাছিল; অন্যান্য ক্ষুদ্ৰ জাতিসত্তাৰ দৰে গোৰ্খাসকলেও দুৰ্বল প্ৰান্তীয় গোষ্ঠী হিচাপে সীমাঞ্চলবোৰত বসবাস কৰিছিল। জম্মু-কাশ্মীৰৰ পৰা উত্তৰ ভাৰত, বিহাৰ, পশ্চিমবংগ হৈ অসমলৈকে থকা গোৰ্খামূলৰ নাম থকা বিভিন্ন নদ-নদী, পৰ্বত-পাহাৰ আৰু অঞ্চল বিশেষৰ নামবিলাকেই এই কথাটো প্ৰমাণ কৰে। এই বক্তব্য সাব্যস্ত কৰিবলৈ কৈৰালাই এডৱাৰ্ড গেইট, ডিম্বেশ্বৰ নেওগ, কনকলাল বৰুৱা, পুলিন কলিতা আদি বুৰঞ্জীবিদ আৰু কামৰূপৰ বুৰঞ্জী আদি উৎসৰ পৰা তথ্য সংগ্ৰহ কৰিছে।
কামৰূপ, কোচ, কমতা আদি ৰাজ্যৰ চাৰিসীমাত ইতিহাসে সোঁৱৰা দিনৰো আগৰে পৰা গোৰ্খাসকলৰ বসতি থকাৰ যুক্তি-তথ্যৰে কৈৰালাই গোৰ্খাসকলৰ প্ৰব্ৰজনৰ তত্ত্বক গুৰুত্বহীন কৰিছে। ব্যৱসায়িক উদ্দেশ্য, ধৰ্মীয় আৰু সাংস্কৃতিক যোগাযোগ, বৈবাহিক আদান-প্ৰদান আদিৰ মাধ্যমেৰেও প্ৰাক-ঐতিহাসিক সময়ৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত গোৰ্খাসকলৰ বসতি হোৱা কথা কৈৰালাই লিখিছে। কোচ, কমতা, কামৰূপ আৰু নেপালৰ ৰজাঘৰীয়াৰ মাজৰ বৈবাহিক সম্পৰ্কৰ কথা, নেপালৰ পৰা ‘আমদানিকৃত’ কামাখ্যাৰ প্ৰাচীন লালমোহৰীয়া পাণ্ডা আদি ঘটনাবোৰ ঐতিহাসিক সমলেৰে সৈতে কৈৰালাই প্ৰতিপন্ন কৰে। অসমলৈ অন্যান্য জনগোষ্ঠীৰ দৰে প্ৰাকৃতিক মানৱ আগমন আৰু বহিৰ্গমন প্ৰকিয়াৰ অংশ হিচাপেই গোৰ্খাসকলৰ আগমনৰ পৰিঘটনাক শ্ৰীকৈৰালাই বিবেচনা কৰিছে। আজিৰ নেপাল দেশ থকা বাবেই গোৰ্খাসকলক সেই দেশৰ লগত সাঙুৰি, সকলো গোৰ্খা লোক সেই দেশৰ পৰা কিছু বৃটিছৰ দিনত আৰু কিছু তাৰ পাছত প্ৰব্ৰজন হোৱা লোক বুলি কিছু বুৰঞ্জীবিদে প্ৰচাৰ কৰা কথাক কৈৰালাৰ গ্ৰন্থখনে দুৰ্বল যুক্তি আৰু তথ্যপূৰ্ণ নহয় বুলি প্ৰমাণ কৰিছে।
বৃটিছৰ আগমন আৰু ঔপনিৱেশিক সময়ৰ আগলৈকে ‘ৰাজনৈতিক ভাৰতবৰ্ষ’ৰ ধাৰণাহে আছিল, ভৌগোলিকভাৱে অস্থায়ী চাৰিসীমাৰ দেশীয় ৰজা বা সামন্তবাদী প্ৰভুৰ সৰু সৰু ৰাজ্য আৰু ভূ-খণ্ডহে আছিল। বিভিন্ন উদ্দেশ্যৰে এই ৰাজ্যবিলাকৰ প্ৰজাসকলে অন্য যিকোনো ৰাজ্যলৈ অহা-যোৱা কৰিব পাৰিছিল। ড° মহেশ্বৰ নেওগৰ পৰা কৈৰালাই হিউৱেন চাঙৰ বৰ্ণনাৰ উদ্ধৃতি দিছে: “উত্তৰ বংগ, পূৰ্ব বিহাৰ, ভূটানৰ একাংশ আৰু নেপালৰ মোৰাং ক্ষেত্ৰও ভাস্কৰ বৰ্মনৰ অধিকাৰত আছিল।” এনেকৈ কৈৰালাই আৰু অজস্ৰ তথ্য আৰু উদ্ধৃতিৰে প্ৰমাণ কৰিছে যে গোৰ্খাসকল অতীজৰে পৰা ভাৰত তথা অসমভূমিত আছিল, তাৰে এটা বিৰাট অংশ আত্মীকৰণ প্ৰক্ৰিয়াৰে সময়ৰ সোঁতত বৃহৎ অসমীয়া সমাজত বিলীন হ’ল। এই একেটা কথা গৱেষক বৰুণ ৰয়দেৱে তেখেতৰ ‘গোৰ্খাজ এণ্ড গোৰ্খালেণ্ড’ গ্ৰন্থত বিস্তৃত ৰূপত কৈছে।
সমগ্ৰ হিমালয়ৰ পাদদেশ আৰু গংগা উপত্যকাৰ উজনি অঞ্চলতেই গোৰ্খাসকলৰ আৰম্ভণি বুৰঞ্জীয়ে ঢুকি পোৱাৰ কথা তেখেতে সেই গ্ৰন্থখনত উল্লেখ কৰিছে। সেয়েহে এই গোৰ্খাসকল বৃটিছৰ দিনতো অনায়াসে উত্তৰ-পূৰ্বাঞ্চললৈ আহিছিল মূলত বৃত্তি আৰু উপাৰ্জনৰ সন্ধানত। এয়া সন্দেহাতীতভাৱে সত্য যে বৃটিছ আৰু স্থানীয় শাসকেই গোৰ্খাসকলৰ এক বৃহৎ অংশক নিমন্ত্ৰণ কৰি আনিছিল। এফালেদি বিশ্বাসী গোৰ্খাসকলক নিৰাপত্তা, চকীদাৰীৰে পৰা আদি কৰি চতুৰ্থ শ্ৰেণীৰ কাম-কাজ, গোপালন আৰু দুগ্ধ উৎপাদন, পতিত মাটিৰ ব্যৱহাৰেৰে ৰাজ্যৰ কৰ আৰু আয় বৃদ্ধিৰ উদ্দেশ্যে, কয়লা আৰু তৈল খনিত শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিবলৈ অনা হৈছিল, আকৌ ঘৰুৱা শান্তি আৰু দেশৰ নিৰাপত্তাৰ বাবে পেশাদাৰী সৈনিক হিচাপেও গোৰ্খাসকলক নিযুক্ত কৰা হৈছিল। এই সকলোখিনি গোৰ্খা লোক অকল নেপালৰ পৰা অহা নাছিল বুলি প্ৰকাশ কৈৰালাই ঐতিহাসিক তথ্যৰে প্ৰমাণ কৰিছে। আয় আৰু নিশ্চিত জীৱিকাৰ টোপ দি বৃটিছ যুগত গোৰ্খাসকলৰ উপৰিও অন্যান্য বহুতক অসমলৈ অনা হৈছিল।
‘অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ’ৰ দ্বিতীয়টো নিবন্ধ, ‘প্ৰাক্-ঔপনিৱেশিক অসমত গোৰ্খাসকল’ত ভাৰতভূমি গোৰ্খাসকলৰো পুৰাতন ভূমি হিচাপে পাঁচটা ঐতিহাসিক কাৰণত হোৱা বুলি তথ্য সহকাৰে দেখুৱাইছে। সেইকেইটা হ’ল—
১। চুগৌলী সন্ধি আৰু নেপালৰ ভূমি ভাৰতত চামিলকৰণ
২। চিষ্ণুলা সন্ধি আৰু ভূটানৰ ভূমি ভাৰতত চামিলকৰণ
৩। ভাৰত-ভূটান ভূমি হস্তান্তৰ চুক্তি আৰু এনকে দৰংগা গাঁৱৰ অন্তৰ্ভুক্তি
৪। চিপাহীৰূপে গোৰ্খাসকলৰ আগমন, আৰু
৫। কৃষক তথা গো-পালক হিচাপে আৰু ব্যৱসায় সূত্ৰে আগমন।
ভাৰতৰ এই প্ৰান্তত গোৰ্খাসকলৰ ৰাজ্য বা ৰজা নাছিল, কিন্তু প্ৰাচীন কালৰে পৰা এক প্ৰান্তীয় জনগোষ্ঠী হিচাপে গোৰ্খাসকল সিঁচৰতি হৈ থকাটো ঐতিহাসিক সত্য। এই কথাটো কৈৰালাই সঠিক ঐতিহাসিক তথ্যৰে সাব্যস্ত কৰিছে। ‘বৃটিছ ঔপনিৱেশিক শাসনত বৰঅসমত ভাৰতীয় গোৰ্খা ফৌজ’ নামৰ নিবন্ধত ১৮১৫ চনৰ পৰাই ভাৰতত গোৰ্খা ফৌজ গঠন হৈ গোৰ্খাসকল অসমৰ চুকে-কোণে বসবাস কৰিবলৈ লোৱাৰ কথা আলোচনা কৰা হৈছে। ‘মাতৃভূমি ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসমৰ গোৰ্খাসকলৰ অৱদান’ শীৰ্ষক নিবন্ধত মাতৃভূমিৰ হকে গোৰ্খাসকলৰ চৰম ত্যাগ আৰু বলিদানৰ ঘটনাবোৰ তথ্যপাতিৰে সৈতে বিশ্লেষণ কৰা হৈছে। সাধাৰণ পাঠক ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব।
‘আজাদ হিন্দ ফৌজ আৰু গোৰ্খাসকলৰ অৱদান’ নামৰ প্ৰবন্ধত দুৰ্গামল্লৰ পৰা আদি কৰি আন অসংখ্য শ্বহীদৰ কাহিনী তথ্যৰে সৈতে আলোচনা কৰা হৈছে। মূলসুঁতিৰ বুৰঞ্জীয়ে ঢুকি নোপোৱা বহু অজানা গোৰ্খা স্বাধীনতা সেনানীৰ বিষয়ে সবিস্তাৰে ইয়াত বৰ্ণনা কৰা হৈছে। উল্লেখ্য যে নামনি অসমৰ বকো হাঁহিম অঞ্চলৰ বৃটিছ বিৰোধী অসহযোগ আন্দোলনৰ অগ্ৰণী সেনা মান্ধোজ ছেত্ৰী, গুৱাহাটীৰ ছেত্ৰী বীৰ বাহাদুৰৰ পৰা যোৰহাট ফাটেকত বৃটিছৰ বিৰুদ্ধে ভোক-হৰতাল কৰি মৃত্যুবৰণ কৰা দেউচৰণ উপাধ্যায়লৈ বৰ্ণনা এই গ্ৰন্থত পোৱা গৈছে। ইয়াৰ আগতে এইসকল ভাৰতীয় মুক্তি যুঁজাৰুৰ বিষয়ে অন্য বুৰঞ্জীবিদে লেখাৰ নজিৰ নাই। লেখকে আক্ষেপ কৰি কৈছে— “বৃটিছৰ বিৰুদ্ধে স্বাধীনতা বিচাৰি নিজৰ বীৰত্বৰ পৰিচয় দিয়া ভগৎ সিং, খুদিৰামহঁতৰ বীৰত্বৰ কথা যিদৰে সমগ্ৰ ভাৰতৰ মানুহে জানে, ঠিক একেদৰে মণিৰাম দেৱান, পিয়লি ফুকন, জিউৰাম, নিৰঞ্জন ছেত্ৰী, দুৰ্গামল্লহঁতৰ দেশপ্ৰেম আৰু বীৰত্বৰ কথা সমগ্ৰ ভাৰতৰ মানুহে তেনেকৈ নাজানে। আমাৰ অসমতো বহু স্বাধীনতা সংগ্ৰামী অসম সন্তান— গোৰ্খাসকলৰ ত্যাগ, দেশপ্ৰেম তথা বলিদানৰ কথা বহুতে নাজানে।”
অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ
‘মাতৃভূমি ভাৰতৰ আন্তৰিক আৰু সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত গোৰ্খাসকল’ নামৰ নিবন্ধত কৈৰালাদেৱে ভাৰত-বিভাজনৰ সময়ত, ভাৰত-পাক যুদ্ধত, ভাৰত-চীন যুদ্ধত, সন্ত্ৰাসবাদীৰে মোকাবিলাৰ সময়ত, আন্তৰাষ্ট্ৰীয় শান্তি মিছনবোৰত গোৰ্খাসকলে দেশৰ হৈ কৰা আত্মবলিদানৰ তথ্যভিত্তিক বিশ্লেষণে আমাৰ মন জয় কৰে। এই নিবন্ধতেই তেখেতে গোৰ্খাসকলে কৰা “ত্যাগ আৰু বলিদানৰ উচিত মৰ্যাদা তথা সন্মান”ৰ পৰা বঞ্চিত হোৱাৰ কথা সজোৰে দোহাৰিছে।
‘লাইন প্ৰথা আৰু অসমৰ খণ্ড আৰু আৱেষ্টনীত কৃষক তথা গো-পালকসকল’ নামৰ প্ৰবন্ধত কৈৰালাদেৱে গো-পালক গোৰ্খাসকল জনজাতীয় খণ্ড আৰু আৱেষ্টনীবোৰত তাৰ জনজাতীয় লোকসকলৰ লগত মিলাপ্ৰীতিৰে বসবাস কৰি অহাৰ তথ্যপূৰ্ণ বিশ্লেষণ আগবঢ়াইছে।
‘অসমৰ জাতীয় জীৱনত থলুৱা গোৰ্খাসকলৰ উপস্থিতি: এটি ক্ষেত্ৰভিত্তিক আৰু তথ্যভিত্তিক আলোচনা’ নামৰ নিবন্ধত গোৰ্খাসকল কেনেকৈ ঐতিহাসিক প্ৰক্ৰিয়াৰ মাজেৰে অসমৰ বৃহত্তৰ সমাজ জীৱনৰ লগত সংমিশ্ৰিত হ’ল, তাৰ বৰ্ণনা অসংখ্য গৱেষক আৰু নেতৃস্থানীয় ব্যক্তিৰ আলোচনাৰ পৰা উদ্ধৃতি দি ৰসাল আৰু মনোগ্ৰাহী কৰিছে। ‘অসমৰ সত্ৰ, থান আৰু গোৰ্খালী বংশোদ্ভৱ অসমীয়াৰ প্ৰসংগ’ শিৰোনামৰ নিবন্ধত কৈৰালাই ইতিহাসৰ পাত খুঁচৰি গোৰ্খাসকল কেনেকৈ অসমীয়া সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সাঙোৰ খাই আহিছে, নেতৃত্ব দিছে আৰু পৰিস্থিতি বিশেষে সংমিশ্ৰিত হৈছে, তাৰ তথ্যভিত্তিক বিশ্লেষণ আগবঢ়াইছে। ‘একশৰণ নামধৰ্মৰ পৃষ্ঠপোষক আচাৰ্য মোহনলাল উপাধ্যায়’ অধ্যায়ত উপাধ্যায়ৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত ত্যাগ আৰু বলিদানৰ কথা আমি জানিবলৈ পাওঁ। ‘অসম ফুটবলৰ ইতিহাস আৰু গোৰ্খাসকল’ নিবন্ধত অসম আৰু ভাৰতবৰ্ষতেই খেলা-ধূলাৰ ক্ষেত্ৰত গোৰ্খাসকলৰ অৰিহণা আৰু যোগদানৰ কথা তথ্য সহকাৰে বৰ্ণনা কৰিছে। ভক্তবাহাদুৰ চেত্ৰীৰ পৰা সুনীল চেত্ৰীলৈকে সকলো গোৰ্খা তাৰকা ফুটবল খেলুৱৈৰ তথ্য লিপিৱদ্ধ কৰি শ্ৰীকৈৰালাই সাধাৰণ পাঠকক যথেষ্ট তথ্য-সংবাদ দিছে।
অৱহেলিত হৈ থকা এটা ভাৰতীয় জনগোষ্ঠীৰ বিষয়ে এনে তথ্যভিত্তিক আৰু মনোৰঞ্জনপূৰ্ণ গ্ৰন্থ আমি কৈৰালাৰ অসমৰ সমাজ জীৱনলৈ ডাঙৰ উপহাৰ বুলি গণ্য কৰোঁ। ‘অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ’ গ্ৰন্থখন ভৱিষ্যতৰ গৱেষকসকল আৰু চৰকাৰী সিদ্ধান্ত আৰু নীতি নিৰ্ধাৰকসকলৰ বাবে অতি দৰকাৰী দস্তাবেজ হিচাপে গণ্য হ’ব পাৰে।
❧ | আৰু পঢ়ক:
- গোৱালপাৰা জিলাৰ অতীত আৰু বৰ্তমান
- কালদিয়া পাৰৰ গোসাঁনী
- আমাৰ অসম: সপোন, বাস্তৱ আৰু সংগ্ৰামৰ জীৱন্ত দলিল
- সত্ৰ-সংস্কৃতিৰ ৰূপ-বৈচিত্ৰ্যৰ প্ৰতিফলন
- কথাকলিৰ দেশত: কিছু স্মৃতি কিছু অনুভৱ
Follow Nilacharai on Facebook