নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

মুনীন শৰ্মাৰ পূৰ্ণাঙ্গ নাট্য সম্ভাৰ

মুনীন শৰ্মাৰ পূৰ্ণাঙ্গ নাট্য সম্ভাৰ

ল ক-ডাউনৰ সময়ছোৱাতে কেইখনমান নাটকৰ সংকলন সংগ্ৰহ কৰিবলৈ পাই মনতে আনন্দ পালো৷ অসমত নাটক ছপা আখৰত দেখিবলৈ পোৱা টান৷ বৰ্তমান দুই-একে ছপা কৰি উলিয়াইছে; তাৰো বেছিভাগ নিজৰ প্ৰচেষ্টাত৷ এনেদৰে কষ্ট কৰি নাটক ছপা কৰাৰ পাছতো কিন্তু সেই গ্ৰন্থবিলাকৰ বিষয়ে বিশেষ আলোচনা নহয়৷ ফলস্বৰূপে নাটকৰ বহু সংকলনৰ বিষয়ে মানুহৰ ওচৰত কোনো খবৰেই নাথাকে৷ এই কথাটোৱে অসমৰ নাটকৰ বহুত ক্ষতি কৰিছে৷

অসমৰ নাটকৰ নিৰ্দিষ্ট পৰিক্ৰমা আছে৷ সেই পৰিক্ৰমাৰ বিষয়ে অৱগত নহ’লে অসমৰ নাটকৰ প্ৰকৃত ছবিখন বুজি পোৱা সম্ভৱ নহয়। ডিব্ৰুগড়ৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক মুনীন শৰ্মাৰ নাটকবিলাক পঢ়াৰ পাছৰে পৰা মোৰ মনত এই ছবিখন আৰু স্পষ্ট হৈ জিলিকি উঠিছে৷ অসমৰ আধুনিক নাটকক ন-ৰূপ দিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকবিলাক চালেই বুজা যায় যে ‘শোণিত কুঁৱৰী’ৰ পৰা ‘লভিতা’লৈ তেখেতে এটা পৰিক্ৰমা নিজৰ মাজতে সম্পূৰ্ণ কৰিছে৷ জনজীৱনক পৰ্যৱেক্ষণ কৰা আৰু নিজক জনগণৰ মাজত বিচাৰি পোৱা কামটো জ্যোতিপ্ৰসাদেই ‘লভিতা’ত আৰম্ভ কৰিছিল৷ তাৰ পাছত বহুজনে তেনে ধাৰণাৰে নাটক ৰচনা কৰিলে, পৰিৱেশনো কৰিলে৷ ‘নাটক বা সকলো শিল্পই কেৱল আনন্দ দানৰ বাবেই নহয়, মানুহৰ মুক্তিৰ ই সপোন’— সাতৰ দশকত এই চিন্তা শিল্প-সাহিত্য সকলোলৈকে বিয়পি পৰিছিল৷ নাটক যিহেতু এক সামূহিক কলা, সেয়ে নাটকত এই ধৰণৰ কাম-কাজ বেছিকৈ দেখা পোৱা গৈছিল৷ সাধাৰণ মানুহৰ অধিকাৰৰ দিশে মানুহৰ চিন্তাই সোঁত সলাইছিল৷ সেই চিন্তাৰ নাটকবিলাকৰ সকলোবোৰ যে উচ্চ মানৰ হৈছিল, তেনে নহয়, কিন্তু নাটকবিলাকৰ অন্তৰ্নিহিত উদ্দেশ্য মহৎ আছিল৷ মুনীন শৰ্মাৰ পূৰ্ণাঙ্গ নাটকসমূহ পঢ়িলে সেই সময়বোৰক মনত পেলাই দিয়ে৷

‘পূৰ্ণাঙ্গ নাট্য সম্ভাৰ’ত মুনীন শৰ্মাৰ চাৰিখন নাটক আছে,— ‘সভ্যতাৰ সংকট’, ‘ৰূপান্তৰ’, ‘কোৰাছ’ আৰু ‘ব্যতিক্ৰম’৷ চাৰিওখন নাটক ১৯৭৪ চনৰ পৰা ১৯৮৯ চনৰ ভিতৰত ৰচনা কৰা আৰু বহুবাৰ মঞ্চস্থ হোৱা৷ ‘কোৰাছ’ নাটকখন বহু চৰ্চিত আৰু বহুবাৰ অভিনীত৷ সেই নাটকখনৰ মূল কাহিনীটো কৃষণ চন্দৰ ‘জামুন কী পেড়’ গল্পৰ আধাৰত ৰচিত৷ কিন্তু নাট্যকাৰে এনেকৈ ৰচনা কৰিছে যে ‘কোৰাছ’ এখন অসমীয়া মৌলিক নাটকলৈ ৰূপান্তৰিত হৈছে৷ তাতেই নাট্যকাৰৰ সফলতা৷ ‘সভ্যতাৰ সংকট’, ‘ৰূপান্তৰ’ আদি নাটকত আমি দেখিবলৈ পাওঁ এখন ক্ষয়িষ্ণু সমাজ, যিখন সমাজক এটা ধনিক শ্ৰেণীয়ে নিয়ন্ত্ৰণ কৰে৷ সেই প্ৰভাৱশালী শ্ৰেণীটোৰ স্বাৰ্থ সুৰক্ষিত কৰাতেই এটা সমাজ ব্যৱস্থা চলি আছে৷ সেই ব্যৱস্থাটোত সাধাৰণ মানুহৰ কোনো নিয়ন্ত্ৰণ নাই৷ এই সত্যবোৰকে চিত্ৰিত কৰিবলৈ নাট্যকাৰে কাহিনীত বিচিত্ৰতা আৰু বৰ্ণময় চৰিত্ৰৰ সমাহাৰ ঘটাইছে৷

চুটি-দীঘল কথিত ভাষাৰ সংলাপ নাটকবিলাকৰ সম্পদ৷ নাটকবিলাকৰ আটাইতকৈ মন কৰিবলগীয়া বিষয়টো হ’ল বাৰ্টোল্ট ব্ৰেখট্‌ৰ প্ৰভাৱ৷ পস্তাৰ, বেক প্ৰজেক্‌শ্যন আদিৰ প্ৰয়োগেৰে নাটকবিলাকত এটা এলিয়েনেশ্যন অনাৰ চেষ্টা কৰা হৈছে৷ সকলো সময়তে ই সফল বা ফলপ্ৰসূ হৈছে বুলি ক’ব হয়তো নোৱাৰি, কিন্তু নাটকবিলাকলৈ এটা অন্য সুৰ কঢ়িয়াই আনিছে৷ আজিৰ তাৰিখত নাটকবিলাকে নিশ্চয় সম্পাদনা দাবী কৰিব, তথাপি ক’বই লাগিব যে এই নাটকবিলাকে অসমৰ নাটকৰ যাত্ৰাত অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছিল৷ ১৯৫৭ চনতে প্ৰতিষ্ঠা লাভ কৰা বিজয় সংঘৰ দৰে প্ৰভাৱশালী নাট্যদলে মঞ্চস্থ কৰিবৰ বাবে প্ৰয়োজন হোৱা নাটকৰ অভাৱ এই নাটকবিলাকে পূৰণ কৰিছিল৷ সমাজৰ শুভ চিন্তাৰ বাহক আছিল এই নাটকবিলাক৷ সাধাৰণ মানুহৰ অধিকাৰৰ সংগ্ৰামখনৰ অংশীদাৰ আছিল এই নাটকবিলাক৷ আজিৰ ভোগ সৰ্বস্ব সমাজ ব্যৱস্থাত পুৰস্কাৰ-প্ৰতিস্থাকেন্দ্ৰিক শিল্প-সাহিত্য চৰ্চাৰ পৰিৱেশত এই নাটকবিলাকৰ গুৰুত্ব বুজিবলৈ কঠিন, তথাপি এই নাটকবিলাক তাৰ নিৰ্দিষ্ট স্থানত সদায়ে স্থিৰ হৈ থাকিব৷

পূৰ্ণাঙ্গ নাট্য সম্ভাৰ

৩৬৮ পৃষ্ঠাৰ নাট্য সংকলনটিৰ পৰিশিষ্ট শিতানত কেইবাগৰাকীও বিশিষ্ট পণ্ডিতৰ নাটকসমূহৰ বিষয়ে অভিমত আছে৷ সেইখিনিও গ্ৰন্থখনিৰ এক সম্পদ৷ বিজয় সংঘই প্ৰকাশ কৰা নাট্য সংকলনটি নাটকৰ মানুহে নিজৰ সংগ্ৰহত ৰাখিবৰ উপযোগী৷ গৱেষণাৰ বাবেও ছাত্ৰ-ছাত্ৰীৰ সহায়ক হ’ব পাৰে নাট্য সংকলনটি৷

◼ পূৰ্ণাঙ্গ নাট্য সম্ভাৰ (নাট সংকলন)
লেখক: মুনীন শৰ্মা
প্ৰকাশক: সাংস্কৃতিক গোষ্ঠী বিজয় সংঘৰ হৈ শৈলেন গোহাঁই, ডিব্ৰুগড়
প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০২১
মূল্য: ২৩০ টকা

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
মুনীন শৰ্মাৰ পূৰ্ণাঙ্গ নাট্য সম্ভাৰ | সপোনজ্যোতি ঠাকুৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...