ল ক-ডাউনৰ সময়ছোৱাতে কেইখনমান নাটকৰ সংকলন সংগ্ৰহ কৰিবলৈ পাই মনতে আনন্দ পালো৷ অসমত নাটক ছপা আখৰত দেখিবলৈ পোৱা টান৷ বৰ্তমান দুই-একে ছপা কৰি উলিয়াইছে; তাৰো বেছিভাগ নিজৰ প্ৰচেষ্টাত৷ এনেদৰে কষ্ট কৰি নাটক ছপা কৰাৰ পাছতো কিন্তু সেই গ্ৰন্থবিলাকৰ বিষয়ে বিশেষ আলোচনা নহয়৷ ফলস্বৰূপে নাটকৰ বহু সংকলনৰ বিষয়ে মানুহৰ ওচৰত কোনো খবৰেই নাথাকে৷ এই কথাটোৱে অসমৰ নাটকৰ বহুত ক্ষতি কৰিছে৷
অসমৰ নাটকৰ নিৰ্দিষ্ট পৰিক্ৰমা আছে৷ সেই পৰিক্ৰমাৰ বিষয়ে অৱগত নহ’লে অসমৰ নাটকৰ প্ৰকৃত ছবিখন বুজি পোৱা সম্ভৱ নহয়। ডিব্ৰুগড়ৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক মুনীন শৰ্মাৰ নাটকবিলাক পঢ়াৰ পাছৰে পৰা মোৰ মনত এই ছবিখন আৰু স্পষ্ট হৈ জিলিকি উঠিছে৷ অসমৰ আধুনিক নাটকক ন-ৰূপ দিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকবিলাক চালেই বুজা যায় যে ‘শোণিত কুঁৱৰী’ৰ পৰা ‘লভিতা’লৈ তেখেতে এটা পৰিক্ৰমা নিজৰ মাজতে সম্পূৰ্ণ কৰিছে৷ জনজীৱনক পৰ্যৱেক্ষণ কৰা আৰু নিজক জনগণৰ মাজত বিচাৰি পোৱা কামটো জ্যোতিপ্ৰসাদেই ‘লভিতা’ত আৰম্ভ কৰিছিল৷ তাৰ পাছত বহুজনে তেনে ধাৰণাৰে নাটক ৰচনা কৰিলে, পৰিৱেশনো কৰিলে৷ ‘নাটক বা সকলো শিল্পই কেৱল আনন্দ দানৰ বাবেই নহয়, মানুহৰ মুক্তিৰ ই সপোন’— সাতৰ দশকত এই চিন্তা শিল্প-সাহিত্য সকলোলৈকে বিয়পি পৰিছিল৷ নাটক যিহেতু এক সামূহিক কলা, সেয়ে নাটকত এই ধৰণৰ কাম-কাজ বেছিকৈ দেখা পোৱা গৈছিল৷ সাধাৰণ মানুহৰ অধিকাৰৰ দিশে মানুহৰ চিন্তাই সোঁত সলাইছিল৷ সেই চিন্তাৰ নাটকবিলাকৰ সকলোবোৰ যে উচ্চ মানৰ হৈছিল, তেনে নহয়, কিন্তু নাটকবিলাকৰ অন্তৰ্নিহিত উদ্দেশ্য মহৎ আছিল৷ মুনীন শৰ্মাৰ পূৰ্ণাঙ্গ নাটকসমূহ পঢ়িলে সেই সময়বোৰক মনত পেলাই দিয়ে৷
‘পূৰ্ণাঙ্গ নাট্য সম্ভাৰ’ত মুনীন শৰ্মাৰ চাৰিখন নাটক আছে,— ‘সভ্যতাৰ সংকট’, ‘ৰূপান্তৰ’, ‘কোৰাছ’ আৰু ‘ব্যতিক্ৰম’৷ চাৰিওখন নাটক ১৯৭৪ চনৰ পৰা ১৯৮৯ চনৰ ভিতৰত ৰচনা কৰা আৰু বহুবাৰ মঞ্চস্থ হোৱা৷ ‘কোৰাছ’ নাটকখন বহু চৰ্চিত আৰু বহুবাৰ অভিনীত৷ সেই নাটকখনৰ মূল কাহিনীটো কৃষণ চন্দৰ ‘জামুন কী পেড়’ গল্পৰ আধাৰত ৰচিত৷ কিন্তু নাট্যকাৰে এনেকৈ ৰচনা কৰিছে যে ‘কোৰাছ’ এখন অসমীয়া মৌলিক নাটকলৈ ৰূপান্তৰিত হৈছে৷ তাতেই নাট্যকাৰৰ সফলতা৷ ‘সভ্যতাৰ সংকট’, ‘ৰূপান্তৰ’ আদি নাটকত আমি দেখিবলৈ পাওঁ এখন ক্ষয়িষ্ণু সমাজ, যিখন সমাজক এটা ধনিক শ্ৰেণীয়ে নিয়ন্ত্ৰণ কৰে৷ সেই প্ৰভাৱশালী শ্ৰেণীটোৰ স্বাৰ্থ সুৰক্ষিত কৰাতেই এটা সমাজ ব্যৱস্থা চলি আছে৷ সেই ব্যৱস্থাটোত সাধাৰণ মানুহৰ কোনো নিয়ন্ত্ৰণ নাই৷ এই সত্যবোৰকে চিত্ৰিত কৰিবলৈ নাট্যকাৰে কাহিনীত বিচিত্ৰতা আৰু বৰ্ণময় চৰিত্ৰৰ সমাহাৰ ঘটাইছে৷
চুটি-দীঘল কথিত ভাষাৰ সংলাপ নাটকবিলাকৰ সম্পদ৷ নাটকবিলাকৰ আটাইতকৈ মন কৰিবলগীয়া বিষয়টো হ’ল বাৰ্টোল্ট ব্ৰেখট্ৰ প্ৰভাৱ৷ পস্তাৰ, বেক প্ৰজেক্শ্যন আদিৰ প্ৰয়োগেৰে নাটকবিলাকত এটা এলিয়েনেশ্যন অনাৰ চেষ্টা কৰা হৈছে৷ সকলো সময়তে ই সফল বা ফলপ্ৰসূ হৈছে বুলি ক’ব হয়তো নোৱাৰি, কিন্তু নাটকবিলাকলৈ এটা অন্য সুৰ কঢ়িয়াই আনিছে৷ আজিৰ তাৰিখত নাটকবিলাকে নিশ্চয় সম্পাদনা দাবী কৰিব, তথাপি ক’বই লাগিব যে এই নাটকবিলাকে অসমৰ নাটকৰ যাত্ৰাত অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছিল৷ ১৯৫৭ চনতে প্ৰতিষ্ঠা লাভ কৰা বিজয় সংঘৰ দৰে প্ৰভাৱশালী নাট্যদলে মঞ্চস্থ কৰিবৰ বাবে প্ৰয়োজন হোৱা নাটকৰ অভাৱ এই নাটকবিলাকে পূৰণ কৰিছিল৷ সমাজৰ শুভ চিন্তাৰ বাহক আছিল এই নাটকবিলাক৷ সাধাৰণ মানুহৰ অধিকাৰৰ সংগ্ৰামখনৰ অংশীদাৰ আছিল এই নাটকবিলাক৷ আজিৰ ভোগ সৰ্বস্ব সমাজ ব্যৱস্থাত পুৰস্কাৰ-প্ৰতিস্থাকেন্দ্ৰিক শিল্প-সাহিত্য চৰ্চাৰ পৰিৱেশত এই নাটকবিলাকৰ গুৰুত্ব বুজিবলৈ কঠিন, তথাপি এই নাটকবিলাক তাৰ নিৰ্দিষ্ট স্থানত সদায়ে স্থিৰ হৈ থাকিব৷
৩৬৮ পৃষ্ঠাৰ নাট্য সংকলনটিৰ পৰিশিষ্ট শিতানত কেইবাগৰাকীও বিশিষ্ট পণ্ডিতৰ নাটকসমূহৰ বিষয়ে অভিমত আছে৷ সেইখিনিও গ্ৰন্থখনিৰ এক সম্পদ৷ বিজয় সংঘই প্ৰকাশ কৰা নাট্য সংকলনটি নাটকৰ মানুহে নিজৰ সংগ্ৰহত ৰাখিবৰ উপযোগী৷ গৱেষণাৰ বাবেও ছাত্ৰ-ছাত্ৰীৰ সহায়ক হ’ব পাৰে নাট্য সংকলনটি৷
◼ পূৰ্ণাঙ্গ নাট্য সম্ভাৰ (নাট সংকলন)
লেখক: মুনীন শৰ্মা
প্ৰকাশক: সাংস্কৃতিক গোষ্ঠী বিজয় সংঘৰ হৈ শৈলেন গোহাঁই, ডিব্ৰুগড়
প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০২১
মূল্য: ২৩০ টকা
❧ | আৰু পঢ়ক: