দিল-এ-নাদাঁ তুঝে হুৱা ক্যা হ্যে

দিল-এ-নাদাঁ তুঝে হুৱা ক্যা হ্যে
  • 02 Jun, 2024

মূল: মিৰ্জা গালিব
অনুবাদঃ মমতাজ আনচাৰি

অ’ অবুজ হৃদয়, তোমাৰ হৈছেনো কি
এই বেদনা নিৰাময়ৰ উপায় আছেনো কি?

মই আহ্লাদিত আৰু তেওঁ ম্ৰিয়মাণ
হে ভগৱান, এইবোৰ ঘটিছেনো কি

মোৰো মুখত আছে মাত, বোবা নহওঁ দিয়া
যদিহে সোধা মোক কথাটো হৈছেনো কি

বুজিছোঁ বাৰু নাই কাৰো অস্তিত্ব তোমাৰ বাহিৰে
তেন্তে হে ঈশ্বৰ, চৌদিশ এই অশান্তিৰ কাৰণনো কি

তেওঁ কথা দি ৰাখিব বুলি মই আশাবাদী বৰ
নাজানে যদিও তেওঁ প্ৰতিশ্ৰুতি ৰক্ষানো কি

কৰা পৰৰ উপকাৰ, হ’ব তোমাৰো কল্যাণ
আৰু এই ফকীৰৰ আশীৰ্বচন আছেনো কি

প্ৰাণতকৈও অধিক ভাল পাওঁ তোমাক
নাজানো আন প্ৰাৰ্থনা আছেনো কি

মই জানো কোনো কামৰ নহয় গালিব
বিনামূলীয়াকৈ পালে তথাপি বেয়ানো কি

মিৰ্জা গালিব

মিৰ্জা গালিব

মিৰ্জা আছাদুল্লাহ বাইগ খান নামেৰে জন্মগ্ৰহণ কৰা মিৰ্জা গালিব ভাৰত উপমহাদেশৰ অন্যতম প্ৰখ্যাত আৰু প্ৰভাৱশালী উৰ্দু কবি আছিল। ১৭৯৭ চনৰ ২৭ ডিচেম্বৰত আগ্ৰাত জন্মগ্ৰহণ কৰা গালিবৰ ৰচনাই মৃত্যুৰ শতিকা পাছতো পাঠক আৰু কবিতা অনুৰাগীক মোহিত কৰি ৰাখিছে।

গালিবৰ কবিতাত মোগল যুগৰ নিৰ্যাস আৰু মানৱীয় আবেগৰ গভীৰ জটিলতা প্ৰতিফলিত হৈছে। তেওঁৰ পদ্যসমূহে পাৰ্চী আৰু উৰ্দু ভাষাৰ সুন্দৰ মিশ্ৰণ ঘটাই এক অনন্য আৰু উত্তেজক শৈলীৰ সৃষ্টি কৰিছে। গালিবৰ নিপুণতা নিহিত হৈ আছে গভীৰতম আবেগ আৰু চিন্তাক বাকপটুতা আৰু গভীৰতাৰে প্ৰকাশ কৰাৰ ক্ষমতাত।

গোটেই জীৱন গালিবে অসংখ্য প্ৰত্যাহ্বান আৰু ট্ৰেজেডীৰ সন্মুখীন হৈছিল। তেওঁ আৰ্থিক অসুবিধা, ব্যক্তিগত লোকচান, সেই সময়ৰ ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছিল। তেনে প্ৰতিকূলতাৰ মাজতো গালিবৰ কবিতাই স্থিতিস্থাপক হৈ থাকি জীৱন, প্ৰেম আৰু মানৱ অৱস্থাৰ ওপৰত তেওঁৰ দৰ্শন প্ৰকাশ কৰিছিল।

গালিবৰ গজল বা গীতিময় কবিতা চহকী চিত্ৰকল্প, আত্মনিৰীক্ষণ আৰু কালজয়ী বিষয়বস্তুৰ বাবে জনাজাত। তেওঁৰ শব্দই প্ৰায়ে প্ৰেম, আকাংক্ষা, হেৰুওৱা আৰু অস্তিত্বৰ দ্বিধা-দ্বন্দ্বৰ বিষয়বস্তু অন্বেষণ কৰে। গালিবৰ কবিতাই সময় আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি প্ৰজন্ম আৰু দেশ নিৰ্বিশেষে পাঠকৰ হৃদয় চুই গৈছে।

তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে উৰ্দু আৰু পাৰ্চী কবিতাৰ সংকলন ‘দীৱান-ই-গালিব’, য’ত তেওঁৰ কাব্যিক প্ৰতিভা আৰু আৱেগিক গভীৰতা প্ৰদৰ্শিত হৈছে।

১৮৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত দিল্লীত মিৰ্জা গালিবৰ মৃত্যু হয়।

❧ | অধিক অনুবাদ কবিতা:

দিল-এ-নাদাঁ তুঝে হুৱা ক্যা হ্যে | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক