আজি আকৌ মন উদাস উদাস

আজি আকৌ মন উদাস উদাস

মূলঃ জাভেদ আখতাৰ (‘দর্দ অপনাতা হ্যেঁ, পৰায়ে কৌন’)
অনুবাদঃ ৰূপজ্যোতি গোস্বামী

দুখে আপোন কৰে, পৰনো কোন
কোনেনো শুনাব, শুনোতা কোন

কোনেনো দোহাৰিব পুৰণি কথা
দুখ এতিয়া টোপনিত, জগাওঁতা কোন

এই যে আপোনবোৰ, সঁচায়ে আপোন নে
দুখ কোনে সহে, দিওঁতা কোন

এতিয়া শান্তি পাহৰণিতহে—
কিন্তু তেওঁক পাহৰিবলৈ মইনো কোন

দুখে আপোন কৰে, পৰনো কোন
কোনেনো শুনাব, শুনোতা কোন

আজি আকৌ মন উদাস উদাস
চাওঁচোন মনলৈ আহে কোন

আজি আকৌ মন উদাস উদাস
চাওঁচোন মনলৈ আহে কোন।

দুখে আপোন কৰে, পৰনো কোন
কোনেনো শুনাব, শুনোতা কোন।


Featured Image: Javed Akhtar | Credit: Meenakshi Payal | CC2.0

আজি আকৌ মন উদাস উদাস | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: