নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

আজি আকৌ মন উদাস উদাস

আজি আকৌ মন উদাস উদাস

মূলঃ জাভেদ আখতাৰ (‘দর্দ অপনাতা হ্যেঁ, পৰায়ে কৌন’)
অনুবাদঃ ৰূপজ্যোতি গোস্বামী
✽

দুখে আপোন কৰে, পৰনো কোন
কোনেনো শুনাব, শুনোতা কোন

কোনেনো দোহাৰিব পুৰণি কথা
দুখ এতিয়া টোপনিত, জগাওঁতা কোন

এই যে আপোনবোৰ, সঁচায়ে আপোন নে
দুখ কোনে সহে, দিওঁতা কোন

এতিয়া শান্তি পাহৰণিতহে—
কিন্তু তেওঁক পাহৰিবলৈ মইনো কোন

দুখে আপোন কৰে, পৰনো কোন
কোনেনো শুনাব, শুনোতা কোন

আজি আকৌ মন উদাস উদাস
চাওঁচোন মনলৈ আহে কোন

আজি আকৌ মন উদাস উদাস
চাওঁচোন মনলৈ আহে কোন।

দুখে আপোন কৰে, পৰনো কোন
কোনেনো শুনাব, শুনোতা কোন।

✽
Featured Image: Javed Akhtar | Credit: Meenakshi Payal | CC2.0

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...