নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

যদি তুমি এটা ৰাস্তাৰে খোজ কাঢ়া

যদি তুমি এটা ৰাস্তাৰে খোজ কাঢ়া

মূল: মাহমুড ডাৰৱিশ্ব (Mahmoud Darwish)
ইংৰাজী অনুবাদ: মোহম্মদ শ্বাহীন
অসমীয়া অনুবাদ: প্রকল্প ৰঞ্জন ভাগৱতী

✽

যদি তুমি এটা ৰাস্তাৰে খোজ কাঢ়া, যিটো নৰকলৈ যোৱা নাই,
জাবৰ সংগ্ৰাহকজনক কোৱা, ধন্যবাদ তোমাক!

যদি তুমি ঘৰলৈ জীৱন্তে ঘূৰি আহা, আৰু ছন্দ ঘূৰাই পোৱা,
কোনো হানি নোহোৱাকৈ, নিজকে কোৱা, ধন্যবাদ তোমাক!

যদি তুমি কিবা আশা কৰি আছা, আৰু তোমাৰ অনুমানে তোমাক প্ৰতাৰণা কৰিছে
কালিলৈ গৈ চোৱা তুমি ক’ত আছিলা, আৰু পখিলাটোক কোৱা, ধন্যবাদ তোমাক!

যদি তুমি তোমাৰ সৰ্বশক্তিৰে চিঞৰিছা, আৰু প্ৰতিধ্বনিয়ে প্রত্যুত্তৰ দিছে,
সেয়া কোন? পৰিচয়ক কোৱা, ধন্যবাদ তোমাক!

যদি তুমি তোমাক কষ্ট নিদিয়াকৈ গোলাপ এপাহলৈ চাই আছা,
আৰু তোমাক সি আনন্দ দিছে, তোমাৰ হৃদয়ক কোৱা, ধন্যবাদ তোমাক!

যদি তুমি পুৱা সাৰ পাই দেখা তোমাৰ চকুৰ পতা মোহাৰি দিবলৈ
তোমাৰ কাষত কোনো নাই, দৃষ্টিক কোৱা, ধন্যবাদ তোমাক!

যদি তোমাৰ নামৰ এটা আখৰ আৰু তোমাৰ দেশৰ নাম মনত থাকে,
এটা ভাল শিশু হোৱা!
যাৰ বাবে ঈশ্বৰে তোমাক ক’ব, ধন্যবাদ তোমাক!

✽

মাহমুড ডাৰৱিশ্ব

মাহমুড ডাৰৱিশ্ব

মাহমুড ডাৰৱিশ্ব (১৯৪১-২০০৮) পেলেষ্টাইনৰ জাতীয় কবি। প্রতিবাদী সত্তাৰ অধিকাৰী কবিগৰাকীৰ ‘পৰিচয় পত্র’ এটা প্রখ্যাত প্রতিবাদী কবিতা। সাহিত্য কৰ্মৰ বাবে অলেখ বঁটা আৰু সন্মান লাভ কৰা মাহমুড ডাৰৱিশ্বৰ ৩০খন কাব্যগ্ৰন্থ আৰু ৮খন গদ্যগ্ৰন্থ প্ৰকাশ পাইছে।

❧ | অধিক কবিতা:

এই লেখকৰ সকলো লেখা চাওক →
যদি তুমি এটা ৰাস্তাৰে খোজ কাঢ়া | প্ৰকল্প ৰঞ্জন ভাগৱতী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...