আহা! কি নিৰ্ভুল চিকাৰী হাত!
এটা বনৰ চৰাইৰ সাতোটা গুলিৰে হৰিলা মাত!
আহা! কি নিৰ্দয় চিকাৰী দাঁত!
মই কবি বহি আছিলো
বা-তিৰবিৰ ৰ’দৰ ছাঁত,
নেজানো কেনেকৈ
মোৰ কলিজাত লাগিল তেজৰ দাগ!
আহা! কি নিৰ্ভীক চিকাৰীজাক!
সাতোটা গুলিৰে
এটা চৰাইৰ হৰিলে সুৱদি মাত!
(১৯৬৯)