অবোধ কবি

অবোধ কবি
  • 17 Mar, 2025

আন্ধাৰৰ চেতাৰখন বাজি আছে
দীঘল পদূলিৰে সোমাই গৈ আছে কবি
কবি আজি আলহী

আদবাটতে লগ পালে মোক
মই মৰি আছোঁ, পচি পচি খহি আছোঁ
মোক বেঢ়ি তবলা বজোৱা এজাক মানুহ

সন্মুখৰ পথাৰখন বিস্তৃত যিমান, সিমান শুষ্ক
কুহেড়িকা আৰু জোনাকৰ মায়াজাল
বাট হেৰুৱাই ৰৈ গ’ল কবি

এসময়ত ইয়াৰ কাষেৰে পাৰ হৈ গৈছিল
এখন জীয়া নৈ, ক্ৰমে বালিত পোত গ’ল
হয়তো মৰিল! বালিত বন গজি আছে

সৌটো বাটেৰে নৈৰ কাষেৰে
বীণ বজাই গুচি গৈছিল এজন চেৰেলা মানুহ
পাছে পাছে এজনী আজলী বুঢ়ী পাছে পাছে মই
লগ ধৰিব নোৱাৰিহে উভতি আহিছিলো হেনো
টুকুৰা-টুকুৰকৈ জ্বলিছিল যিদিনা পুহৰ পথাৰ

ল’ৰালিৰ কোঁটকোৰা গছ এজোপা আছিল
য’ত মই বান্ধিছিলো নিজক আৰু
ওৰেটো জীৱন জেপত লুকুৱাই ৰাখিছিলো
গোটাচেৰেক ৰতন। গছজোপা মৰিল
হাবিখনো হৰিল

এতিয়া কোনো ক’তো নাই, ময়ো নাই
পগলা জোনাকী পৰুৱা এজাক
সন্ধিয়া আহে আৰু মৃত গছজোপা বেঢ়ি
কিবা বিচাৰি থাকে। তেতিয়া
আন্ধাৰৰ চেতাৰখন বৰকৈ বাজে
নিটাল মাৰে পথ পথাৰ প্ৰতিৱেশী
পচা মুঢ়াটোত বহি কাণ উনাই থাকে কবি
অবোধ কবি!

❧ | অধিক কবিতা :

অবোধ কবি | অনিৰ্বাণ দত্ত

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক