বহু বছৰৰ আগতে আই আৰু পিতায়ে
তেওঁলোকৰ বহল হৃদয়
খৰাং দিন এটাত বন্ধকত থৈছিল
এতিয়া উদং পথাৰখনৰ চৌপাশে
হেঁপেহুৱা সন্ধিয়া এটাই খোজ কাঢ়ে নিৰলে
সত্য আৰু সুন্দৰৰ সন্ধানত
নিশব্দে ভিতৰলৈ সোমাই আহে এটি প্ৰাৰ্থনা
কোনোবা আততায়ীৰ অত্যাচাৰত
ফুটা মূধচ আৰু বেৰৰ জলঙাইদি
পোহৰবোৰে দৌৰিব খোজে
পহুৰঙী আবেলি এটাৰ আঁৰে আঁৰে
কল্লোলিত পক্ষীজাকে ডেউকা কোবাই হাঁহে
আই আৰু পিতাইৰ বন্ধকী হৃদয়ৰ মজিয়াত হেনো
কোনোবাই পীৰা পাৰি বহিছে নিগাজিকৈ
সেয়েহে গোপন খবৰৰ গোন্ধ এটাই
বৰদৈচিলাৰ দৰে ৰজনজনাই আছে চৌদিশে
আঙুলিৰ মূৰত লেখিব নোৱৰাকৈ
কেইবাটাও ভৰ যৌৱনা বসন্ত আঁতৰি গ’ল
যুদ্ধ বিৰতি ভংগ কৰি বহুবাৰ আক্ৰমণ হ’ল
আৰু তেনেকৈয়ে বন্ধকত থোৱা হৃদয়ৰ ম্যাদ উকলি গ’ল।
❧ | আৰু পঢ়ক:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক