কবিতা এটা লিখি

কবিতা এটা লিখি

কবিতা এটা লিখি প্ৰতিবাদ কৰোঁ
ইয়াৰ বাহিৰে কি কৰিব পাৰি

দেশত জুই লাগিছে
মানুহ পাই মৰিছে নে নেপাই মৰিছে
খাই মৰিছে নে নেখায় মৰিছে

কবিতা এটা লিখি প্ৰতিবাদ কৰোঁ

ৰাস্তাত বহি থাকিব নোৱাৰোঁ
সমদল শোভাযাত্ৰা উলিয়াব নোৱাৰোঁ
ক’লা পোছাক পিন্ধিব নোৱাৰোঁ

কিহে বাধা দিয়ে
কোনে কণ্ঠ ৰুদ্ধ কৰে

চিপাহী নে আইন নে কৰ
উজানত পৰা মাছ ধৰিবলৈ খাপ দি থকা

ৰঙা নীলা সেউজীয়া ৰং দেখিলে
খাকী ৰং যেন লাগে

উজাই আহে মুখলৈ গৰম এসোঁতা তেজ

কবিতা এটা লিখি প্ৰতিবাদ কৰোঁ সময়ৰ
কবিতা এটা লিখি প্ৰতিবাদ কৰোঁ ৰঙৰ।

❧ | আৰু পঢ়ক:

কবিতা এটা লিখি | মণ্টু মৰাণ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

ব’হাগ

ব’হাগ

আই

আই