দুৱাৰ খুলি সোমাই আহে ভিতৰলৈ,
বাৰম্বাৰ— তেওঁলোকৰ অহা-যোৱা।
তেওঁলোক প্ৰত্যেকেই কঢ়িয়াই ফুৰে
শুভ্ৰ এক পৰিচয়।
আপোনাৰ জেপত সেয়া…
আপোনাৰে পৰিচয় নহয় নে?
আপুনিও যায় নেকি—
টুকুৰিয়াবলৈ কাৰোবাৰ দুৱাৰত…!
বেয়া নেপাব দেই,
অকণমান ধেমালি কৰিলো
আপোনাৰ ওচৰত মোৰ
নাই কোনো অভিযোগ।
মই বুজি পাওঁ জানে,
আপুনি যে আত্মগোপন কৰিব থোজে,
লুকুৱাব খোজে দুৰ্বলতাবোৰ।
সকলোৱেই
মোৰ ওচৰলৈ আহে— আত্মানুসন্ধানত।
মই!
থাকক দিয়ক,
অতীত খুচৰি ঘূৰাই আনিব নোৱাৰি
ভগা সপোনৰ দৰবাৰ।
বাধ্যতাৰ পোছাকযোৰ এতিয়া
বহু পুৰণি হ’ল।
বাবু,
নুসুধিব গণিকাৰ নাম,
দি যাওক মাথোঁ সময়ৰ দাম।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক