মূল: কে সচ্চিদানন্দন (Gandhi and Poetry)
অনুবাদ: পল্লৱপ্ৰাণ গোস্বামী
✽
এদিন এক ক্ষীণকায় কবিতা
গান্ধীৰ আশ্ৰমত উপস্থিত হ’ল
মানুহজনক এবাৰ চাই যাব বুলি।
গান্ধীয়ে ৰামৰ পিনে চাই
সূতা কাটি আছিল,
ভজন এটি হ’ব নোৱৰা বাবে
লজ্জিত হৈ দুৱাৰমুখত ৰৈ থকা কবিতাক
তেওঁ মনেই কৰা নাছিল।
কবিতাটিয়ে এটা গল-হেকাৰি মাৰিলে
আৰু গান্ধীয়ে মূৰ ঘূৰাই
সেই চশমাযোৰৰ মাজেৰেই তেওঁলৈ চালে
যিযোৰে কেতিয়াবা নৰকো দেখা পাইছিল।
‘তুমি সূতা কাটি পাইছানে?’— তেওঁ সুধিলে,
‘কেতিয়াবা টানি পাইছানে জমাদাৰৰ গাড়ী?
কাহিলিপুৱাৰ জুহালৰ ধোঁৱাত
থিয় দি পাইছানে?
লঘোনে আছানে কেতিয়াবা?’
কবিতাটিয়ে ক’লে: ‘মই উপজিছিলো অৰণ্যত,
এজন চিকাৰীৰ ওঁঠত।
এজন মাছমৰীয়াই এটা কুটীৰত
মোক তুলিছিল-তালিছিল।
তথাপি মই একো কাম নাজানো, মই কেৱল গান গাওঁ।
প্ৰথমে গাইছিলো ৰাজসভাত:
তেতিয়া মই নিপোটল আৰু দেখনিয়াৰ আছিলো;
কিন্তু এতিয়া মই ৰাজপথত,
আধাপেটী।’
‘বঢ়িয়া’— গান্ধীয়ে কৈছিল
এটা তিৰ্যক হাঁহিৰে। ‘কিন্তু তুমি
মাজে মাজে এই সংস্কৃত কোৱা অভ্যাস এৰিব লাগিব।
খেতি পথাৰলৈ যোৱা,
খেতিয়কৰ মুখৰ ভাষা শুনা।’
কবিতাটি এটা শস্যকণালৈ পৰিৱৰ্তিত হ’ল
আৰু পথাৰত পৰি ৰ’ল—
ন বৰষাৰ পানীৰে
জীপাল মাটিত
গজি উঠিবলগীয়া গজালিটিৰ বাবে।
✽
কে সচ্চিদানন্দন
মালায়ালম ভাষাত আধুনিক কবিতাৰ বাটকটীয়া কে সচ্চিদানন্দন (Koyamparambath Satchidanandan) মালায়ালম আৰু ইংৰাজী ভাষাৰ এগৰাকী শক্তিশালী কবি, নাট্যকাৰ, প্ৰাৱন্ধিক, সমালোচক আৰু অনুবাদক। তেখেত ‘ইণ্ডিয়ান লিটেৰেচাৰ’ পত্ৰিকাৰ প্ৰাক্তন সম্পাদক। তেখেতে সাহিত্য অকাডেমিৰ সম্পাদক হিচাপেও (১৯৯৬-২০০৬) কাৰ্যনিৰ্বাহ কৰিছিল। কে সচ্চিদানন্দনৰ জন্ম হৈছিল ১৯৪৬ চনৰ ২৮ মে’ত কেৰালাৰ ত্ৰিচুৰ জিলাৰ পুলূট (Pulloot) নামৰ গাঁৱত।
❧ | অধিক অনুবাদ কবিতা:
- এজন খেতিয়ক পিতৃয়ে পুত্ৰক দিয়া কেইটামান সূত্ৰ
- যদি তুমি এটা ৰাস্তাৰে খোজ কাঢ়া
- প্ৰেমৰ আঢ়ৈটা আখৰ: কবীৰৰ সাতোটা দোহা
- পাবলো নেৰুডাৰ কবিতা: ইয়াত, তাত, সকলোতে
- ভাত দে হাৰামজাদা