বিপুল জ্যোতি শইকীয়াৰ কবিতা: মহাযুদ্ধৰ মহাকাব্য

বিপুল জ্যোতি শইকীয়াৰ কবিতা: মহাযুদ্ধৰ মহাকাব্য
  • 26 Feb, 2022


যুদ্ধৰ সংজ্ঞা কি অর্থ কি আমি জানো, অথচ সন্দেহ হয় নাজানো
এই যে প্রতিদিন অন্ধকাৰ নিঃশব্দ সময়ৰ মাজেৰে অহা-যোৱা
এয়া কি যুদ্ধ নহয়

এয়া কি যুদ্ধ নহয় এই যে মানুহৰ ওপৰেৰে মাটিৰ ওপৰেৰে
ইতিহাসৰ ওপৰেৰে মানুহৰ ক্ষমাহীন পদচাৰণা
এয়া কি যুদ্ধ নহয় এই যে থিয় হৈ থকা নিজৰ ভিতৰত

এই যে একাকীত্ব আৰু নিঃসঙ্গতা প্রতিজন মানুহৰ
প্রতিজন মানুহৰ এই যে বিচ্ছিন্নতা আৰু অপ্রেম
এয়া কি যুদ্ধ নহয়

যুদ্ধৰ সংজ্ঞা কি অর্থ কি মাৰ্ক্স লেনিনে কি কৈছিল
আজি যদি থাকিলহেঁতেন মাৰ্ক্স, তেওঁ নিশ্চয় ক’লেহেঁতেন:
কিমান যুদ্ধ চলি আছে আৰু তোমালোকে নাম ৰাখিছা প্রথম দ্বিতীয়


(হিটলাৰলৈ)

তোমাৰ পোছাক নাছিল কাৰণে তোমাক চিনিছিলো
সেইবাবেই তুমি নিজকে কাঢ়ি নিলা বুৰঞ্জীৰ পৰা
আপোন হাতেৰে

তোমাৰ পোছাক নাছিল কাৰণে তোমাক চিনিছিলো
কিন্তু এতিয়া তোমাৰ বন্ধুহঁতে ৰং-বিৰঙৰ পোছাকৰ আঁৰ লৈ
আমাৰ চকুৰ সন্মুখতে হত্যা কৰি ফুৰে নতুন ইহুদী

তোমাৰ পোছাক নাছিল কিন্তু তোমাৰ বন্ধুহঁতৰ বহুত পোছাক
তেওঁলোকে হাতত পতাকা চকুত পানী ওঁঠত হাঁহিৰ পাহি মেলি
মানুহৰ বুকুৰ ভিতৰত কৰে নিঠুৰ ছুৰিৰ আঘাত
তেওঁলোকৰ বহুত পোছাক সেইবাবে আমি কাকো চিনিব নোৱাৰোঁ

তোমাৰ পোছাক নাছিল কাৰণে তোমাক চিনিছিলো
সেইবাবেই তুমি আপোন মনে গুচি গ’লা
তুমি যাবৰ সময়ত দিন আছিল নে ৰাতি

কিন্তু এতিয়া গভীৰ ৰাতি, আমি জানো


চেপলিন থকা হ’লে কলোহেঁতেন:
তোমাৰ ছবিত হাঁহিৰ অভাৱ নাছিল আৰু যেতিয়া
ডিক্টেটৰৰ শেষ বক্তৃতাটি শুনি হলৰ পৰা ওলাইছিলো
তেতিয়া আমাৰ তৰ্জনীৰ মূৰত টোপ টোপ চকুপানী

চকুলৈ এতিয়াও ধল নামি আহে
যেতিয়া শুনো নাজী বন্দী শিবিৰৰ নির্মম নিৰন্ধ্ৰ অন্ধকাৰৰ কথা
যেতিয়া হিচাপ কৰোঁ কিমান লাখ ইহুদীক কৰা হ’ল খুন
চকুলৈ এতিয়াও ধল নামি আহে
যেতিয়া শুনো ফাঁচীৰ মঞ্চৰ পৰা জুলিয়াছ ফুছিকৰ কণ্ঠস্বৰ

আৰু যেতিয়া বেতাঁৰে কয় যুদ্ধৰ কথা শান্তিৰ কথা
দুচকু ভয় লৈ গুণাগঁথা কৰোঁ
কোন জিকিব এইবেলি আমেৰিকা নে ছোভিয়েত ৰুছিয়া

চেপলিন থকা হ’লে ক’লোহেঁতেন:
তোমাৰ ছবিত হাঁহিৰ অভাৱ নাছিল, আৰু এতিয়াও নাই

8
আমি মিছিল কৰি সমাবেশলৈ যাওঁ
অধ্যাপকসকলে কয়, ‘যুদ্ধ নহয়, আমি শান্তি বিচাৰোঁ’
তাৰপাছত তেওঁলোক পত্নীসকলৰ স’তে
স্কুটাৰত গুচি যায়

আমি ফেষ্টুন হাতত লৈ সমাবেশলৈ যাওঁ
নেতাসকলে কয়, ‘যুদ্ধ নহয়, আমি শান্তি বিচাৰোঁ’
তাৰপাছত তেওঁলোকে তেওঁলোকৰ কণ্ঠস্বৰ
দেহৰক্ষীৰ হাতত তুলি দিয়ে

আমি শ্লোগান চিঞৰি সমাবেশলৈ যাওঁ
সকলোৱে কওঁ, ‘যুদ্ধ নহয়, আমি শান্তি বিচাৰোঁ’
তাৰপাছত পুলিচৰ এছক’র্ট লৈ
ঘৰলৈ গুচি আহোঁ

প্রতিদিন এনেকৈ যুদ্ধৰ বিৰুদ্ধে শান্তিৰ সপক্ষে


আমি চব জানো অথচ একোৱে শিকা নাই
আমি জানো যুদ্ধ হ’লে মানুহৰ মৃত্যু হয়
যুদ্ধ হ’লে বোমা-বাৰুদৰ কাষত নতজানু হয় সময়

আমি জানো যুদ্ধ হ’লে দেশ এৰি গুচি যায় আইনষ্টাইন
যুদ্ধ হ’লে ৰুছিয়াৰ প্রত্যেক ঘৰৰ পৰা দিব লাগে বলিদান
যুদ্ধ হ’লে দুফাল হয় কোৰিয়া দুফাল হয় জাৰ্মানীৰ সেউজ বাগিচা

আমি জানো যুদ্ধ হ’লে গঠন হয় ৰাষ্ট্ৰসংঘ
মানুহৰ ভৱিষ্যৎ সম্পর্কে গুৰুত্বপূৰ্ণ আলোচনা চলে আটলাণ্টিকত
যুদ্ধ হ’লে ৰেড ক্ৰছ যুদ্ধ হ’লে সৈনিকৰ ত্ৰাণ তহবিল

আমি চব জানো অথচ একোৱেই শিকা নাই


দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ বয়স আছিল বিয়োগ পঁচিছ
মোৰ মাৰ বয়স আছিল বিয়োগ দুই কি তিনি

তেতিয়া ক’ত আছিলো মই কি আছিলো
মই ইহুদী আছিলো নে খ্রীষ্টান বলচেভিক নে আমেৰিকান
নাজী বন্দী শিবিৰত আছিলো নে মই আছিলো এছ এছ বাহিনীত
নে জাপানত আছিলো মই হিৰোশ্বিমা-নাগাশ্বাকিৰ কোনোবা ৰাজপথত

দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ বয়স আছিল বিয়োগ পঁচিছ
তেতিয়া কি আছিলো মই ক’ত আছিলো
আছিলো নে মই বাৰ্মাৰ সেউজ সীমান্তত
নে পোলেণ্ডৰ কোনোবা পথাৰত সিঁচিছিলো শস্যৰ বীজ

দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ মাৰ বয়স আছিল বিয়োগ দুই কি তিনি
তেওঁ কাৰ মাতৃ আছিল কাৰ মাতৃ আছিল তেওঁ
সদ্য-বিধ্বস্ত কোনো নগৰীৰ অগ্নিদগ্ধ শিশুৰ নে যুদ্ধৰ পৰা উলটি নহা কোনোবা সৈনিকৰ
নে হিৰোশ্বিমাৰ ওপৰেৰে উৰি যোৱা সেই বিমানখনৰ বৈমানিকজনৰ
ঘৰ ক’ত আছিল তেওঁৰ লেনিনগ্রাডত নে বার্লিনত
নে অবিভক্ত কোৰিয়াৰ মধ্যপ্রদেশত

দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ বয়স আছিল বিয়োগ পঁচিছ
মোৰ মাৰ বয়স আছিল বিয়োগ দুই কি তিনি

মহাযুদ্ধৰ মহাকাব্য

(ৰচনা কাল: ১৯৮৪)

❧ | আৰু পঢ়ক:

বিপুল জ্যোতি শইকীয়াৰ কবিতা: মহাযুদ্ধৰ মহাকাব্য
বিপুল জ্যোতি শইকীয়াৰ কবিতা: মহাযুদ্ধৰ মহাকাব্য | বিপুলজ্যোতি শইকীয়া

Follow Nilacharai on Facebook