প ঞ্চদশ শতিকাত জগতৰ কল্যাণৰ হেতু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে একশৰণ ভাগৱতী ধর্ম প্ৰৱৰ্তন কৰে। অকল ধর্মই নহয়; গুৰুজনাই সাহিত্য, দর্শন, অর্থনীতি, চিকিৎসা, অভিযান্ত্রিক, সামাজিক, চিত্ৰ কথা, সংস্কৃতিৰে সমাজ সংস্কাৰ কৰিলে আৰু অসমীয়া জাতিৰ সুদৃঢ় ভেটি বান্ধিলে। ভকত-বৈষ্ণৱসকলৰ অনুৰোধত এইজনা গুৰুৱে ১৪৬৮ চনত ঊনৈশ বছৰ বয়সত সপ্ত বৈকুণ্ঠৰ ‘চিহ্নযাত্রা’ ভাওনাত নিজে বাদ্যযন্ত্ৰ, পট, গীত-সুৰ, নৃত্য-ভঙ্গী ৰচনা কৰি একেলগে নটা খোল বজাই নিজে বায়ন-গায়ন, সূত্ৰধাৰ আৰু অভিনয় কৰি একেৰাহে সাত দিন-সাত ৰাতি ভক্তসকলক মুগ্ধ কৰি ৰাখিছিল। ভাওনাৰ জৰিয়তে অসমৰ সহজ-সৰল জনসাধাৰণক সংগঠিত কৰিব পৰা যাব বুলি গুৰুজনাই বিশ্বাস কৰিছিল। ভাওনাৰ এক সু-পৰিকল্পনা আৰু উৎকৃষ্ট শৈলী সৃষ্টি কৰিলে। প্ৰাক্ শঙ্কৰী যুগৰ থলুৱা সংস্কৃতিৰ ধাৰণা আৰু সংস্কৃত নাটকৰ আৰ্হি লৈ শঙ্কৰদেৱে জন্ম দিলে ‘অংকীয়া ভাওনা’ৰ। গুৰুজনাই বৰ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণময় বর্ণাঢ্য সংস্কৃতিৰ মিশ্ৰণেৰে ভাওনা সৃষ্টি কৰি থৈ যায়।
সূচী
পাতনি
গুৰুজনাই ভাওনাৰ নাটত সংযোগ কৰিলে নান্দী, মঙ্গল, ভটিমা, চৰিত্ৰ চিত্ৰৰ গীত, সূত্ৰ ভটিমা। নাটবোৰৰ এইদৰে বিশ্লেষণ কৰিব পাৰি— গীত, শ্লোক, ভটিমা, কথা আৰু নাট বা নাচ। নাটত দুবিধ গীত আছে— এবিধ ৰাগ সঙ্গীতৰ অন্তৰঙ্গ আৰু আনবিধ সাধাৰণ পয়াৰ। সাধাৰণতে সিন্ধুড়া ৰাগত গোৱা প্ৰৱেশৰ গীততে গীতাংশৰ আৰম্ভণ। ইয়াৰ পাছৰ বিভিন্ন চৰিত্ৰৰ মনৰ ভাব-অনুভূতি প্রকাশক আৰু চাল-চলন বুজোৱা গীতবোৰো সংলাপৰ মাজে মাজে খোল-তালেৰে গোৱা হয়। পয়াৰবিলাক সাধাৰণতে কৰুণ ৰসৰ। বিলাপৰ বাবেই যেন নাটত পয়াৰৰ সন্নিৱেশ। নাটৰ শ্লোকবিলাকক তিনিটা শ্ৰেণীত সুকীয়া সুকীয়াকৈ ল’ব পাৰি, যেনে— নান্দী, কাহিনী বা চাল-চলনৰ শ্লোক আৰু নাট্যকাৰৰ বিষয় প্ৰৱেশ আৰু মোখনিৰ শ্লোক। শঙ্কৰী নাটত তিনি শ্রেণীৰ ভটিমা থাকে। প্রথমতে, নাটৰ নায়ক শ্ৰীকৃষ্ণ বা শ্ৰীৰামৰ স্তুতিবাচক আৰু নান্দীৰ দৰে মঙ্গলাচৰণমূলক ভটিমা, দ্বিতীয়তে, শেষত সংস্কৃত ৰূপকৰ ভৰত বাক্যৰ অনুৰূপ মুক্তি-মঙ্গল বা মঙ্গল ভটিমা আৰু তৃতীয়তে কোনো নাটত নাটকীয় চৰিত্ৰৰূপে থকা ভাট আৰু ৰাম বিজয়ৰ চৰিত্ৰ বিশ্বামিত্র আৰু কনকাৱতীৰ মুখৰ ভটিমা। গুৰুজনাৰ নাটকৰ কথাক দুভাগে ভগাব পাৰি— কথাসূত্ৰ আৰু ভাৱৰীয়াৰ বচন। গীত আৰু ভটিমাৰ দৰেই কথাৰ ভাষা ব্ৰজবুলি। অসমীয়া গদ্যৰ প্ৰথম নিদৰ্শন এই নাটকীয় গদ্য প্রকৃততে ছন্দোময়, কাব্যময়। শ্ৰীকৃষ্ণৰ আৰু ভক্তিধৰ্মৰ গুণ-কীৰ্তনেই শঙ্কৰদেৱৰ নাট্য কথাৰ উদ্দেশ্য। এই উদ্দেশ্যৰ লগত খাপ খুৱাবলৈকে ব্রজবুলিৰ সৃষ্টি আৰু প্ৰৱৰ্তন।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে আৱশ্যকীয় শিক্ষাৰে শিক্ষিত কৰি ল’লে নটুৱা, সূত্ৰধাৰ, গায়ন-বায়ন, ভাৱৰীয়া৷ তাৰ বাবে গঢ়ি ল’লে বিবিধ বাদ্য— তাল, দবা, কাঁহ, শঙ্খ, ঘণ্টা আদি। তদুপৰি প্ৰয়োজনীয় আহিলা-পাতিসমূহ, যেনে— আঁৰকাপোৰ, আঁৰিয়া, অগ্নিগড়, গছা, ঠগা, সিংহাসন, মুখা আদি সামগ্রী সৃষ্টি কৰি ভকত-বৈষ্ণৱক যাৱতীয় প্রশিক্ষণ দিছিল। নাটবিলাকত ন-বিধ ৰসৰ বিভিন্ন ৰস পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। এই সকলোবিলাক নাট্যকথাৰ সমাহাৰেৰে গুৰুজনাৰ নাট আজিও সমাদৃত আৰু গৰিমাময়। শঙ্কৰদেৱে নিজস্ব চিন্তাশৈলীৰে ভাওনা সৃষ্টি কৰি উদ্ভাৱন কৰিলে এটি সোণালী যুগৰ। গুৰুজনাৰ নাটৰ প্ৰধান লক্ষ্য হ’ল ভক্তিৰস। এই ভক্তিৰসৰ নিজৰাই সহজ-সৰল জনসাধাৰণৰ হৃদয়প্রান্ত বিগলিত কৰি তুলিলে। সৰ্বসাধাৰণৰ বাবে এই ভাওনা হৈ পৰিল অতি জনপ্রিয়। আজিও ভাওনাই মানুহৰ মন মুগ্ধ কৰে আৰু অসমৰ চুকে-কোণে ভাওনা এতিয়াও প্রবহমান হৈ আছে।
আমাৰ এই প্ৰবন্ধৰ মূল বিষয় হ’ল— নগাঁৱৰ ভাওনা সংস্কৃতি। নগাঁৱৰ সকলোবোৰ গাঁও আৰু চহৰত সুন্দৰ সুন্দৰ কাহিনীৰ ভাওনা অভিনীত হৈ আহিছে। নগঞা ৰাইজৰ অতি আদৰৰ ভাওনা অনুষ্ঠান স্বাধীনতাৰ পৰৱৰ্তী কালৰপৰাই প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাৰ কথা আঞ্চলিক ভিত্তিক অনুষ্ঠিত হোৱা ভাওনা সমাৰোহৰপৰা জনা যায়। ১৯৬৮ চনত বৰদোৱাত চাৰিশ বছৰীয়া গুৰু তিথি আৰু ৫২০ সংখ্যক জন্ম জয়ন্তীত পাঁচ নিশাত ছয় ভাগ নাট, ১৯৭৭ চনত কুজীডাহত নগাঁও জিলা অংকীয়া নাট অভিৱৰ্তনত পাঁচ নিশাত পাঁচ ভাগ নাট, ২০০২ চনত তেলিয়া গাঁও যুৱক সংঘই চাৰি নিশা চাৰি ভাগ নাট ভাওনা সমাৰোহেৰে অনুষ্ঠিত কৰিছিল। আজি কিছু বছৰৰপৰা অসম সত্ৰ মহাসভা, নতুন কমলাবাৰী সত্ৰ, আউনীআটি সত্ৰ আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘইও ভাওনা সমাৰোহ পতা পৰিলক্ষিত হৈছে।
নগাঁও ভাওনা সমাৰোহ
অসমীয়া জাতীয় জীৱনৰ প্ৰতি সদা সচেতন সংস্কৃতিবান নগাঁৱৰ তদানীন্তন বিধায়ক ডাঃ দুর্লভ চমুৱাদেৱৰ আহ্বানত সঁহাৰি জনাই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, অসম সাহিত্য সভা, অসম সত্ৰ মহাসভা, একশৰণ ভাগৱতী সমাজকে আদি কৰি জিলা স্তৰৰ জাতীয় অনুষ্ঠান আৰু সমাজৰ সৰ্বস্তৰৰ সংস্কৃতিপ্রেমী ৰাইজ মিলিত হৈ ২০১১ খ্ৰীষ্টাব্দত নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুবালিত নগাঁও ভাওনা সমাৰোহৰ স্থায়ী ৰূপ দিয়ে।
নগাঁৱৰ ভাওনা সমাৰোহ ২০১৩ চনতো পাঁচ দিনীয়াকৈ অনুষ্ঠিত হয় আৰু আধ্যাত্মিক, সামাজিক আৰু জাতীয় জীৱনৰ আহিলা এই ভাওনা এক মহোৎসৱলৈ পৰিণত হয়। বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰা ভাওনাৰ নাট প্ৰদৰ্শন প্রত্যেকৰে সুকীয়া সুকীয়া, মাথোঁ একে সময়তে প্রদর্শন কৰা হয়। এই ভাওনা সমাৰোহে কেৱল নগঞা সাংস্কৃতিক সমাজখনকে যে আলোকিত কৰি ৰাখিছে এনে নহয়, অসমৰ জাতি-ধর্ম-বর্ণ সম্প্ৰদায়ৰ মাজত ঐক্য-সংহতিৰ সাঁকো গঢ়াত অন্যতম ভূমিকা পালন কৰিছে বুলি ক’ব পাৰি।
পঞ্চদশ শতিকাৰ বিক্ষিপ্ত ধর্ম জগতত সৃষ্ট ভাওনাই অসমীয়া জাতীয় সংস্কৃতিৰ বুনিয়াদ সংশোধন আৰু পৰিবৰ্দ্ধনেৰে অসমীয়া সমাজ-সংস্কৃতিক গতিশীলতা প্ৰদান কৰিছে। সমাজ জীৱনৰ নৈতিক, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক চেতনা জাগ্রত কৰা অন্যতম গণ মাধ্যম ভাওনাই অসমীয়া সমাজ আৰু সংস্কৃতিৰ ঐতিহ্য বহন কৰি আহিছে। মহাপুৰুষজনাৰ অমৰ সৃষ্টি ভাওনাই পৰৱৰ্তী কালত বৈষ্ণৱ বাপ-বান্ধৱ, সন্ত-মহন্তসকলৰ মাজত বিভিন্ন নৱ ৰূপ পৰিগ্ৰহণ কৰে। ভাওনাৰ নৱ ৰূপে সাংস্কৃতিক সমাজ আলোকিত কৰি ৰাখিছে আৰু তাৰে এটি আভাস দিয়াৰ মানসেৰে নগাঁৱৰ কেইখনমান ঐতিহ্যমণ্ডিত ভাওনা উৎসৱৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ।
ননৈ সৰিয়হতলীৰ বাৰগঞা ভাওনা
নগাঁও সদৰৰপৰা পাঁচ কিলোমিটাৰ পূবত ননৈ সৰিয়হতলী মহামিলনৰ মহাতীৰ্থই নহয়, অসমীয়া সংস্কৃতিৰ গৌৰৱময় ঐতিহ্যৰ ধ্বজাবাহক। ১৩০১ শকৰ (১৯০৪ চন) মাঘ মাহৰ পূৰ্ণিমাত সৰিয়হতলীতেই বাৰগঞা ভাওনা মহোৎসৱৰ মাধ্যমেদি ভগৱানৰ সাধনা আৰু পৰমজনৰ সৈতে সমন্বয়ৰ সূত্ৰপাত ঘটিছিল। শিক্ষা, সংস্কৃতি, আধ্যাত্মিক ধ্যান-ধাৰণাৰে পৰিপুষ্ট ঘনশ্যাম শইকীয়া, যদু শইকীয়া, মদি সূত্ৰধাৰ, কানু মেধি, কেনেৰা বায়ন, পদো বায়নকে ধৰি সমগ্ৰ ননৈ অঞ্চলৰ ৰাইজে কায়মনোবাক্যে, মিলা-প্রীতিৰে মাঘ মাহৰ পূৰ্ণিমাত সৰিয়হতলীতেই শিমলু গছ পুতি অস্থায়ীকৈ তৈয়াৰী মন্দিৰত নাম-কীৰ্তন আৰু ভাওনা পতাৰ প্ৰতিশ্ৰুতিৰে হৰিধ্বনি দিয়ে আৰু চ’ত মাহৰ পূৰ্ণিমাত চাৰিখন ৰভাৰে বাৰেগঞা ভাওনা পাতে। এই ভাওনা সমাৰোহ ক্রমে নখন ৰভা, বাৰখন ৰভা, তিনিখন ৰভা আৰু নখন ৰভাৰে অনুষ্ঠিত হৈছিল যদিও গণ আন্দোলনৰ ফলত মাজতে ইয়াত যতি পৰে।
ক্রমবিকাশৰ পথত আগুৱাই যোৱা অঞ্চলবাসীয়ে এটা স্থায়ী মন্দিৰৰ কথা উপলব্ধি কৰি ভূমি বিচৰাত ত্যাগৰ মন্ত্ৰৰে দীক্ষিত হৈ কুমাৰগাঁৱৰ ভোগেশ্বৰ শইকীয়া, বৰেণ কলিতা আৰু সোমেশ্বৰ শইকীয়াই মন্দিৰৰ বাবে ভূমি দান কৰি বাৰেগঞা মন্দিৰৰ স্থায়ীত্ব প্রদান কৰে। অস্থায়ী মন্দিৰৰ ভেটিতে স্মৃতিচিহ্ন ৰখাৰ প্ৰতিশ্ৰুতিৰে ৰাইজে দান-বৰঙণিৰে কাঠ, বাঁহ, টিনেৰে মন্দিৰ সাজিবলৈ আঁচনি গ্ৰহণ কৰে যদিও পৰৱর্তী ১৯৪৮ চনত বহা সাধাৰণ সভাই তাক নাকচ কৰি পকা মন্দিৰ সাজিবলৈ সিদ্ধান্ত লয়। তাৰ মাজতে ক্রমে ১৯৫৭ চনত (৭ খন ৰভা), ১৯৬২ চনত (৮ খন ৰভা), ১৯৬৮ চনত (৮ খন ৰভা) পুনৰ ভাওনা সমাৰোহ অনুষ্ঠিত হয়। ১৯৭৬ চনত নৱ নির্মিত পকা মন্দিৰ প্রতিষ্ঠা কৰি ভাওনা পাতি ৰাইজে হৰিধ্বনি দিয়ে আৰু এই বছৰৰপৰাই ভাগৱতী প্ৰথাৰে ফাকু যাত্রা পালনৰ ব্যৱস্থা কৰে। অসমৰ অস্তিত্ব ৰক্ষা আন্দোলন আৰু বানপানীৰ পৰিপ্ৰেক্ষিতত পুনৰ ১৯৮৬ চনতহে বাৰগঞা ভাওনা সবাহ অনুষ্ঠিত হয় আৰু ১৯৯২ চনত ৩৮খন গাঁৱৰ ৰাইজৰ সহযোগত ভাওনা পতাৰ লগতে সুদীর্ঘ দিনক সুঁৱৰি ‘স্মৃতিতীর্থ’ নামেৰে এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰে। ইয়াৰ পাছত ২০০৪ চন (১০ খন ৰভা) আৰু ২০১০ চনত (১২ খন ৰভা) বাৰগঞা ভাওনা মহাসমাৰোহেৰে উদযাপিত হয়।
বাৰগঞা ভাওনা অনুষ্ঠিত কৰা বাৰগঞা সমাজখনে অকল যে ভাওনা পাতি বিভিন্ন জনগোষ্ঠীৰ মাজত ঐক্য-সংহতি সম্প্রীতি সুদৃঢ় কৰি আহিছে তেনে নহয়, এই সমাজে বৃহত্তৰ অঞ্চলটিৰ বিদ্যালয়, ৰাস্তা-ঘাট, চিকিৎসালয় আদিৰ মেৰামতিৰ ক্ষেত্ৰতো আর্থিক দানৰ লগতে শ্রম দান কৰি অঞ্চলটি যুগমীয়া কৰি ৰখাত অৰিহণা যোগাই আহিছে। সেয়েহে ননৈ সৰিয়হতলি বাৰেগঞা ভাওনা মহোৎসৱ কলা-সংস্কৃতিৰ ঐতিহাৰ ধ্বজা বাহকেই নহয়, মহা মিলনৰ মহাতীৰ্থৰ এক যাউতিযুগীয়া চিৰস্মৰণীয় মহান অনুষ্ঠান বুলি অভিহিত কৰিব পাৰি।
পুৰণিগুদাম পাৰঘাটৰ হেজাৰী ভাওনা
পুৰণিগুদামৰ পাৰঘাটত ১৯২৭-২৮ চনত গজালি মেলা হেজাৰী ভাওনাই নগঞা সংস্কৃতিৰ লগতে অসমৰ সংস্কৃতিৰ পথাৰখন চিৰসুন্দৰ কৰি অসমীয়া সংস্কৃতিৰ ঐতিহ্য বহন কৰি আহিছে। ভাওনা লোকসংস্কৃতিৰ সবল মাধ্যম হোৱা বাবে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ ৰাইজে সাত-আঠখন ৰভা দি কলঙত মাহপ্ৰসাদ তিওৱাৰ ব্যৱস্থা কৰিছিল। প্ৰকাশ থাকে যে ঢাৰিৰে মেৰ তৈয়াৰ কৰি কলঙত মাহ-প্ৰসাহ তিওৱাৰ ব্যৱস্থা কৰিছিল। প্ৰতিখন ৰভাতে একোখনকৈ ভাওনাৰ দিহা কৰি দিনে সাত-আঠখন ভাওনা প্রদর্শন কৰিছিল। এনেদৰে একেলেথাৰিয়াকৈ তিনি বছৰমান হেজাৰী ভাওনা অনুষ্ঠিত হৈছিল যদিও পৰৱৰ্তী কালত সেই হেজাৰী ভাওনা স্বাধীনতা সংগ্ৰামৰ ধামখুমীয়াত প্রায় পোন্ধৰ বছৰমান অনুষ্ঠিত হোৱা নাছিল।
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত শংকৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি পুনৰ পাৰঘাটত হেজাৰী ভাওনা অনুষ্ঠিত হয়। সেই হেজাৰী ভাওনা চাৰিখন ৰভা দি প্ৰথমছোৱাত পাৰঘাট মজলীয়া বিদ্যালয়ৰ চোতালত আৰু শেষৰফালে বর্তমান পাৰঘাটৰ শংকৰ মন্দিৰৰ স্থানত পতা হৈছিল। এইদৰে কেইবছৰমান অতিক্রম কৰাৰ পাছত অঞ্চলৰ ৰাইজে হেজাৰী ভাওনাৰ ঠাইত এখন ৰভাত আঞ্চলিক ভিত্তিত শংকৰ জন্মোৎসৱ পালন কৰি আহিছে। ৰাতিলৈ একোখন ভাওনাও অভিনয় কৰা হয়। ১৯৭০ চনত অনুষ্ঠিত হোৱা শংকৰদেৱৰ জন্মোৎসৱৰ দিনা ৰাতিলৈ পতা মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি ‘পাৰিজাত হৰণ’ নাটৰ অভিনয় চাবলৈ আহিছিল মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ নাট বিভাগৰ সহযোগী অধ্যাপক আৰু এচিয়ান থিয়েটাৰ প্ৰগ্ৰেম অব দি ইউনিভাৰচিটি এণ্ড কলেজ থিয়েটাৰ এচচিয়েচনৰ সভাপতি ফার্লি ৰিচমণ্ড আৰু তেখেতৰ লগত আছিল পণ্ডিতপ্ৰৱৰ ড° মহেশ্বৰ নেওগ ডাঙৰীয়া। তেখেতসকলে নগাঁও, বৰদোৱা, কলিয়াবৰ আদি বিভিন্ন ঠাইত ভাওনা চাইছিল আৰু ভাওনা চাই ৰিচমণ্ডে মন্তব্য কৰিছিল এনেদৰে— “শংকৰদেৱ পৃথিৱীৰ ভিতৰত মুকলি মঞ্চ নাটক আৰু মুকলি অভিনয়ৰ জন্মদাতা।”
পাৰঘাটত অনুষ্ঠিত এই ভাওনা উৎসৱত ১৯৮০ চন মানলৈকে কলংপাৰ হালোৱা গাঁৱৰপৰা আৰম্ভ কৰি বাৰেকুৰীয়া, সুতাৰ নামকুৰি গাঁৱৰপৰা আউনিআটিলৈকে এক বৃহৎ অঞ্চলৰ ৰাইজে সহযোগ কৰিছিল যদিও পৰৱৰ্তী কালত জনসংখ্যা বৃদ্ধিৰ ফলত নিজাববীয়াকৈ গাওঁসমূহে এই উৎসৱ পতাৰ ব্যৱস্থা কৰে।
কৰৈয়নি অঞ্চলৰ হেজাৰী ভাওনা
নগাঁও জিলাৰ প্ৰসিদ্ধ কৰৈয়নি অঞ্চলৰ পৱিত্ৰ বৰদোৱা পথাৰত ১৯৬৯ চনৰপৰা প্ৰতি বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা কলংপৰীয়া বাৰগঞা সমাজৰ হেজাৰী ভাওনা মহোৎসৱ অসমীয়া সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন বুলি ক’ব পাৰি। একেখন ৰভাৰ তলতে ১২/১৩খন গাঁৱৰ ৰাইজে নিজা নিজা সুকীয়া ঠাই গ্রহণ কৰি নাম-কীৰ্তন কৰে, সকলোৱে মাহ-প্ৰসাদ খায়, একে সময়তে গায়ন-বায়ন জোৰে আৰু একেলগে ভাওনা পাতে। কেইবাখনো ভাওনাৰ খলা একেখন ৰভাৰ তলত প্ৰস্তুত কৰি ভাওনা কৰাই হেজাৰী ভাওনাৰ ৰীতি। ভাওনাৰ ভাৱৰীয়াসকলে একেলগে প্রৱেশ কৰি ৰভাৰ চাৰিওফালে এপাক ঘূৰি নিজৰ ৰভাৰ থলীত ভাওনা প্রদর্শন কৰা দৃশ্য অতিকৈ মনোৰঞ্জক আৰু মনোগ্রাহী।
হেজাৰী ভাওনাৰ ক্ষেত্ৰত পথাৰৰ মুকলি ঠাইত এটা দৌলক আধাৰ স্বৰূপে লৈ তাৰ চৌপাশে ভাওনাৰ খলাৰে সজাই তোলাই নিয়ম। দৌলটোৰ চৌপাশে খলাৰ জোখত বহলাই এপাহ মেলখোৱা পদুমৰ আৰ্হিত স্থাপত্য ৰূপটো গঢ়া হয়। বর্তমান হেজাৰী ভাওনাৰ স্থায়ী সু-উচ্চ মন্দিৰ, একেলগে একে সময়তে বাৰ-তেৰখন ভাওনা পাতিব পৰা স্থায়ী ৰভা, দহ-বাৰ হেজাৰ দৰ্শক বহিব পৰা স্থায়ী আসনৰ ব্যৱস্থা, নৱদ্বাৰযুক্ত হৰি মন্দিৰ, ন-কোণীয়া সাতথলপীয়া তেষষ্ঠিজন সিংহ সমন্বিতে সিংহাসন, গ্রন্থালয়, মুকলি মঞ্চ আদি আছে। ইয়াত ভাওনাৰ উপৰিও ৰাইজৰ উদ্যোগত বার্ষিক দৌল উৎসৱ, বার্ষিক পালনাম, মহাপুৰুষসকলৰ তিথি, ধর্মালোচনা সভা, ওৰে বছৰটো ধৰি নাম-প্রসঙ্গ অনুষ্ঠিত হয়। বৃহত্তৰ কৰৈয়নি অঞ্চলৰ সামাজিক, সাংস্কৃতিক, ধর্মীয় আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত হেজাৰী ভাওনা মহোৎসৱ এটা মহৎ অনুষ্ঠান। এই পৱিত্র অনুষ্ঠানে কৰৈয়নি অঞ্চলক এক ঐতিহ্যপূর্ণ আৰু গৌৰৱপূৰ্ণ অঞ্চল হিচাপে পৰিচয় প্ৰদান কৰিছে।
কলিয়াবৰৰ হেজেৰুৱা ভাওনা
অসমীয়া সংস্কৃতিৰ দীঘ-বাণিত কলিয়াবৰৰ হেজেৰুৱা ভাওনা এক আপুৰুগীয়া অমূল্য নাট্য সম্পদ। হেজেৰুৱা বা বাৰেচহৰীয়া বা বাৰেগঞা ভাওনাৰ কঠীয়া আহোম স্বৰ্গদেউসকলেই পোনপ্ৰথমবাৰৰ বাবে কলিয়াবৰৰ পৱিত্ৰ মাটিত পুতিছিল বুলি জনা যায়। স্বৰ্গদেউ শিৱসিংহৰ দিনৰপৰা কলিয়াবৰৰ শ্ৰীসৌভাগ্য মাধৱ দেৱালয়ত দৌল উৎসৱ আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত সদৌ কলিয়াবৰৰ ৰাইজে সহযোগ কৰিছিল আৰু এই উৎসৱ হাজাৰজনৰ উৎসৱলৈ ৰূপান্তৰিত হৈছিল যদিও ইয়াক ‘হাজাৰ’ সংস্কৃতিৰ ধ্বজা বুলি ক’ব পৰা নাযায়। স্বৰ্গদেউসকলে দৌল উৎসৱ আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱত বিশেষ গুৰুত্ব দিয়াৰ সময়তে চিকনি পাহাৰৰ পশ্চিম প্রান্তৰ দৌলপুখুৰীত আৰু শাকমুঠিৰ শয়েক ভূঞাসকলে সলাল গোহাঁইৰ পৃষ্ঠপোষকতাত এই দৌল উৎসৱ বিৰাট পয়োভৰেৰে পতাত আগভাগ লৈছিল। বাস্তৱিকতে ক’বলৈ গ’লে কলিয়াবৰ আৰু জামুগুৰিৰ হেজেৰুৱা বা বাৰেচহৰীয়া ভাওনা উৎসৱৰ জন্ম হৈছিল এই চিকনি পাহাৰৰপৰা কিছু দূৰত অৱস্থিত দৌলপুখুৰীত। দৌলৰ ভেটি আৰু পুখুৰীয়ে আজিও সেই কথা ঘোষণা কৰি আছে। গতিকে কলিয়াবৰৰ বিভিন্ন ঠাইত যি হেজেৰুৱা ভাওনা পতা হয়, তাৰ গৌৰৱৰ অধিকাৰী শাকমুঠিৰ শয়েকসকল বুলি ক’ব পাৰি।
শাকমুঠিৰ শয়েকসকলে পাতনি মেলা হেজেৰুৱা ভাওনা প্রাকৃতিক দুর্যোগ, মানৰ আক্ৰমণ, পানীৰ অসুবিধা, জন বাসস্থানৰ স্থানান্তৰ আদি কাৰণবশতঃ শয়েকসকলৰ পৃষ্ঠপোষকতাত এসময়ত চটাই আলিৰ পশ্চিমফালৰ বহল পথাৰতো যে অনুষ্ঠিত হৈছিল তাৰ প্ৰমাণ দৌলগুৰি পথাৰৰ দৌলৰ ভেটিয়ে দিয়ে। ইয়াৰ পাছত শয়েকসকলে পাতনি মেলা দৌল উৎসৱ অনুষ্ঠিত হয় আখিৰঙা গাঁৱৰ কাষত ৰাজহুৱা আলিৰ উত্তৰফালে বৰীয়া পুখুৰীৰ ওচৰৰ বহল পথাৰত আৰু শেষত এই উৎসৱটি কলঙৰফালে আগবাঢ়ি অহাত এসময়ত হাজাৰজনৰ উমৈহতীয়া সম্পদ হৈ হাজাৰ সংস্কৃতিলৈ ৰূপান্তৰিত হ’ল। কলঙৰ কাষত বৰ্তমান হাটবৰ শংকৰ মন্দিৰৰ ওচৰৰ ফুকনবাৰীত দৌল উৎসৱ এটা সময়ত মহা সমাৰোহেৰে উদযাপন হৈছিল আৰু ইয়াৰ বহুদিনৰ পাছতহে হাটবৰ শংকৰ মন্দিৰৰ পৱিত্র স্থানত শাকমুঠি হেজাৰৰ দৌল উৎসৱৰ বন্তিগছি প্ৰজ্বলিত হ’লহি আৰু এই বন্তিৰ পোহৰত সমগ্র কলিয়াবৰ যেন উদ্ভাষিত হৈ উঠিল।
হাটবৰ হেজাৰলৈ ৰূপান্তৰ হোৱাৰ পাছত এই ঠাইত খেৰেৰে ওখ দৌল সাজি প্রত্যেক বছৰে ফাকুৱাত চাৰিখনীয়া ৰভাৰ ভাওনা পতাটো এটা নিয়মত পৰিণত হৈছিল। দৌলৰ চাৰিওফালে নির্দিষ্ট এখন গাঁৱক ভাওনা পাতিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল। এটা সময়ত চৈধ্যখন গাঁৱে একেলগে এই নামঘৰতে ভাওনা-সবাহ পাতিছিল। পৰিৱর্তনশীল জগতত সকলোৰে পৰিৱৰ্তন হৈছে। হাটবৰ দৌল মন্দিৰ এদিন আকৌ শংকৰদেৱৰ আদৰ্শৰে মন্দিৰলৈ ৰূপান্তৰিত হ’ল যদিও হাটবৰ হেজাৰৰ লক্ষ্য শয়েক ভূঞাৰ লক্ষ্যৰপৰা আঁতৰি যোৱা নাই। প্ৰতিবছৰে চৈধ্যখন গাঁৱে এই মন্দিৰত শংকৰোৎসৱ, ৰাসোৎসৱ আৰু ফাকুৱা— এই তিনি প্রধান উৎসৱ পালন কৰি ‘হেজাৰ’ সাংস্কৃতিক জীয়াই ৰাখিছে।
এই হাটবৰ হেজাৰৰ লগে লগে কলিয়াবৰ পৱিত্র মাটিত জন্ম হ’ল চতিয়াল, পূৱথৰীয়া, বৰভগীয়া, জমখলা আৰু সোণাৰী কামাখ্যা হেজাৰৰ। এই হেজাৰসমূহে শাকমুঠি বা হাটবৰ হেজাৰৰ দৰেই স্বকীয় ঐতিহাৰে ভাওনা উৎসৱ পাতি হেজেৰুৱা ভাওনাৰ ঐতিহ্য ৰক্ষা কৰি আহিছে। এই হাটবৰ হেজাৰৰ ভাওনা ১৯৫২ চনত কলিয়াবৰৰ পৱিত্র স্থান কুঁৱৰীটোল, পানীজান, চতিয়াল-গোমোঠাৰ শালিকা পথাৰ আৰু বৰভগীয়াৰ লহকৰ পথাৰত এবাৰ একৈশখন ৰভাৰে আৰু এবাৰ ষোল্লখন ৰভাৰে ভাওনা উৎসৱ পাতি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই উৎসৱত গাঁওবুঢ়া, মৌজাদাৰ, আৰক্ষী বিষয়া, কলিয়াবৰৰ সকলো সত্ৰৰ সত্ৰাধিকাৰে বিশেষভাৱে যোগদান কৰি এক গাম্ভীর্যপূর্ণ পৰিৱেশৰ সৃষ্টি কৰিছিল। সেই সময়ৰেপৰাই এই ভাওনা সদৌ কলিয়াবৰীয়া হেজেৰুৱা ভাওনা নামে পৰিচিত হয়। বর্তমান সময়ত অৱশ্যে আগৰ বিৰাট ৰূপত উৎসৱ অনুষ্ঠিত নহ’লেও কলিয়াবৰৰ ৰাইজে হেজেৰুৱা ভাওনা মাজে মাজে বিশেষ উপলক্ষে পাতি সেই মহান ঐতিহ্য ৰক্ষা কৰি আহিছে।
সামৰণি
এনেদৰেই নগাঁৱৰ বিভিন্ন ঠাইত ভাওনা সংস্কৃতিয়ে অতীজৰপৰা বৰ্তমানলৈকে প্ৰসাৰ লাভ কৰি আহিছে। গুৰুজনাৰ এই সুন্দৰ সৃষ্টিক অনন্তকাললৈ সঞ্জীৱিত কৰি ৰাখিবলৈ চেষ্টা কৰাটোৱেই যেন নগঞ সাংস্কৃতিবান লোকৰ একাগ্ৰ আৰু মহৎ উদ্দেশ্য। এই প্ৰসংগতে অসমৰ উল্লেখযোগ্য দুখন ভাওনাৰ কথা উল্লেখ কৰা হৈছে, সেয়া হ’ল— জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা আৰু চৰাইবাহী কমিটি ভাওনা। অসমৰ সংস্কৃতিৰ বৰ পথাৰখনত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ সামাজিক আৰু সাংস্কৃতিক মূল্য অনস্বীকার্য। ‘বাৰে’ মানে অনেক আৰু ‘চহৰীয়া’ মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ মিলিত হৈ যি ভাওনা উদ্যাপন কৰা হয়, সেয়ে বাৰেচহৰীয়া ভাওনা। ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা বিভিন্ন তথ্যৰ ভিত্তিত ১৮২৬ চনত হোৱা বুলি জনা যায়। আকৌ ঐতিহাসিক পটভূমিত অবিভক্ত নগাঁও জিলাৰ চৰাইবাহীত (বর্তমান মৰিগাঁও) ১৮৫৮ চনত ডিচেম্বৰ মাহত শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰাত শুভাৰম্ভ হয় চৰাইবাহী কমিটি ভাওনা মহোৎসৱৰ। এনেদৰেই, গোটেই অসমতে ভাওনা সংস্কৃতিয়ে অসমৰ সংস্কৃতিৰ পথাৰখনত এক বৃহৎ স্থান দখল কৰি আহিছে।
সমাজ জীৱনৰ নৈতিক, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক চেতনা জাগ্রত কৰা লোকৰঞ্জনৰ গণমাধ্যম ভাওনা অবিহনে অসমীয়া ভাষা-সংস্কৃতিৰ পূৰ্ণতা আহিব নোৱাৰে। এই ভাওনা উৎসৱে নগঞা সমাজখনকে নহয়, অসমৰ সকলো জাতি-ধৰ্ম-বৰ্ণৰ মাজত অতীতৰপৰা মহান ঐক্য-সংহতিৰ স্বাক্ষৰ বহন কৰি সমন্বয়ৰ সেতুৰে বান্ধি ৰখাৰ লগতে অসমীয়া সংস্কৃতিৰ পথাৰখনো জাতিষ্কাৰ কৰি তুলিছে। সেয়েহে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অমূল্য সংস্কৃতিৰ সম্পদবিধ নজহা-নপমাকৈ ৰখাটো প্ৰত্যেকজন সংস্কৃতিপ্রাণ ব্যক্তিৰে লক্ষ্য আৰু উদ্দেশ্য হোৱাটো বাঞ্ছনীয়।
মূল সমল গ্রন্থ:
১. অসমৰ সমাজ আৰু সংস্কৃতি, ড° ভদ্ৰকান্ত বৰা
২. অসমীয়া সাহিত্যৰ ৰূপৰেখা, ড° মহেশ্বৰ নেওগ
৩. সত্ৰ সম্ভাৰ, নগাঁও জিলা সত্ৰ মহাসভা
❧ | আৰু পঢ়ক: