ম হাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বৰদোৱাৰ পৰা নাতিদূৰৈৰ কলিয়াবৰত তাৰাৰ সৃষ্ট কলা-সংস্কৃতিয়ে ব্যাপক জন-সমৰ্থন পোৱাটো তেনেই স্বাভাৱিক কথা। ‘ছঅৰা এখন সত্ৰ’ৰ উপস্থিতিত ধৰ্ম-পন্থা নেওচি এই সংস্কৃতি মানুহৰ আত্মালৈকে পোত গৈ আছে। বিভিন্ন উপলক্ষত কলিয়াবৰত সঘনাই ভাওনা পৰিৱেশিত হয়, যিকোনো অজুহাততে গীত-মাত-ঘোষা, বৰগীত, চালি-ঝুমুৰা পৰিৱেশিত হয়। সেই বাবেই হয়তো লোকসংস্কৃতিৰ বিভিন্ন সমলসমূহত, আনকি বিহু আৰু হুঁচৰিতো বৈষ্ণৱ সংস্কৃতিৰ নজহা-নপমা ৰহণ লাগে। বৈষ্ণৱ সংস্কৃতিৰ এনে উৰ্বৰ পটভূমিত কলিয়াবৰত এসময়ত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু দৌল উৎসৱে এক বিৰাট ৰূপ ধাৰণ কৰিছিল, বিশেষকৈ দৌল উৎসৱত মানুহৰ উছাহে পাৰ ভাঙি গৈছিল। এনেকুৱা উছাহৰ পৰিপ্ৰেক্ষিতত হাটবৰৰ পৰা দক্ষিণলৈ আখিৰঙা-গাঁৰিকুৰি গাঁৱৰ সমীপৰ তদানীন্তন দৌলৰগুৰি আৰু ফাকুখেলা আঁহতৰ তল নামৰ ঠাইত দৌল উৎসৱ পৰম উৎসাহেৰে নিয়মীয়াকৈ অনুষ্ঠিত হৈছিল। পাছলৈ এই উৎসৱত মহাসমাৰোহেৰে ভাওনা আৰু আনুষংগিক অনুষ্ঠান অনুষ্ঠিত হৈছিল।
দৌলৰগুৰিৰ উৎসৱে বৃহৎ ৰূপ ধাৰণ কৰাত পাছলৈ ফাকুৱাত চাৰিখনীয়া ৰভাৰে ভাওনা কৰাৰ পৰম্পৰা আৰম্ভ হ’ল। এয়া হ’ল কলিয়াবৰীয়া হাজাৰী ভাওনাৰ আদি ৰূপ। প্ৰথম অৱস্থাত এই উৎসৱ দৌল উৎসৱ হিচাপেই জনাজাত আছিল, পৰৱৰ্তী কালত স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্ব কাল (১৭৬৯-১৭৮০)ত মোমাই তামূলী বৰবৰুৱাৰ প্ৰত্যক্ষ প্ৰভাৱত, সংগঠন অৰ্থত তেওঁ ব্যৱহাৰ কৰা ‘হাজাৰ’ শব্দৰ অনুকৰণত এই উৎসৱে ‘হাজাৰী ভাওনা’ নাম পালে বুলি ধাৰণা কৰা হৈছে। তুংখুঙীয়া বুৰঞ্জীত আছে— “…আৰু বাজুৱা, ডিমৰু গুৰীয়া হাজাৰ, বাজুৱা-কোঁৱৰ হাজাৰ, বাজুৱা-কোঁৱৰ হিলৈদাৰী হাজাৰ, বকলৰ দুহাজাৰ, ধাদুমৰ হাজাৰ, ভিতৰুৱাল চেকেৰাতলীয়া হাজাৰ, এই আঠ হাজাৰ মানুহৰ মূলে-দোৱালে হাজৰিকীয়া সৈতে দিলে।” (তুংখুঙীয়া বুৰঞ্জী, ড° সূৰ্যকুমাৰ ভূঞা (সম্পা), ১৯৩২, পৃ. ৫৮) হাজাৰজন জড়িত থকা অৰ্থত ‘হাজাৰী’ (হেজাৰী/ হেজেৰুৱা), আৰু তাৰে পৰাই ‘হাজাৰী ভাওনা’ শব্দ যুগলৰ সৃষ্টি আৰু ব্যৱহাৰ হ’বলৈ ধৰে। ইতিমধ্যে হাজাৰী ভাওনা উৎসৱে ৰাজ-পৃষ্ঠপোষকতা পাবলৈয়ো আৰম্ভ কৰিছিল। ৰাজ-পৃষ্ঠপোষকতা পোৱাৰ পাছত উৎসৱে অধিক ব্যাপক ৰূপ ল’বলৈ আৰম্ভ কৰে, অধিক মানুহৰ অংশগ্ৰহণ হ’বলৈ ধৰে আৰু ক্ৰমে ছখনীয়া, আঠখনীয়া ৰভাৰে হাজাৰী ভাওনা উৎসৱ উদ্যাপিত হ’বলৈ ধৰে।
এইখিনিতে এটা প্ৰশ্নৰ উদয় হয় যে দৌল উৎসৱেই হওক বা হাজাৰী ভাওনাই হওক, সাধাৰণ মানুহৰ এটা উৎসৱলৈ স্বৰ্গদেউসকলে ৰাজ-পৃষ্ঠপোষকতা কিয় আগবঢ়াইছিল? মঠ-মন্দিৰ নিৰ্মাণ কৰা-সংস্কাৰ কৰোৱা, পুখুৰী খন্দোৱা, আলিবাট বন্ধোৱা আদি স্থায়ী কামত স্বৰ্গদেউসকলৰ আগ্ৰহৰ কথা যুক্তিৰে সিদ্ধ কৰিব পাৰি, কিন্তু কঠোৰ পাইক প্ৰথা তথা দণ্ড বিধানেৰে প্ৰজাক সুৰাসুৰ কৰি ৰখা স্বৰ্গদেউসকলৰ সাধাৰণ প্ৰজাৰ বছৰেকীয়া অস্থায়ী উৎসৱ এটাত পৃষ্ঠপোষকতাৰ কিবা যুক্তিসিদ্ধ কাৰণ আছেনে?

ছশ বছৰীয়া আহোম ৰাজত্ব কালত অসমৰ মধ্যস্থলত অৱস্থিত কলিয়াবৰ একপ্ৰকাৰে এক সামাজিক পৰীক্ষাগাৰত পৰিণত হৈছিল বুলি ক’ব পাৰি। কলিয়াবৰ আছিল আহোম ৰাজ্যৰ প্ৰতিৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ অঞ্চল। গুৱাহাটীৰ পিছতে দ্বিতীয় এজন বৰফুকনৰ দায়িত্বত থকা কলিয়াবৰৰ বিশেষ ভৌগোলিক অৱস্থানে প্ৰতিৰক্ষাৰ দিশৰ পৰা কলিয়াবৰক স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ কৰি তুলিছিল। উত্তৰ আৰু পূব দিশত বিশাল ব্ৰহ্মপুত্ৰ আৰু দক্ষিণ দিশ পাহাৰে আবৰা কলিয়াবৰৰ কেৱল পশ্চিমৰ দিশটো আবৰিব পাৰিলেই পশ্চিমীয়া শত্ৰুৰ আক্ৰমণ সহজে ৰোধ কৰিব পৰা যায় আৰু সেইবাবেই কলিয়াবৰৰ পশ্চিমত সজা হৈছিল কেইবাটাও গড়, কোঠ— চামধৰা গড়, বুঢ়া-বুঢ়ী গড়, শ্যামলা গড় আদি।
এই গুৰুত্বপূৰ্ণ অঞ্চলটোত ভিন্ন সময়ত আহোম স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াৰ উদ্যোগত কেইবাধৰণৰ বিশেষ কাম-কাজ কৰা হৈছিল। সেইবিলাকৰ ভিতৰত থাওকতে উল্লেখ কৰিব পাৰি—
(ক) কলিয়াবৰৰ উত্তৰৰ শিলঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰেৰে সিপাৰৰ জামুগুৰি-বিশ্বনাথ অঞ্চলক সংযোগ কৰিব পৰাকৈ এখন দলং সজাৰ বাবে কলিয়াভোমোৰা বৰফুকনে যো-জা কৰিছিল। তাৰ বাবে বিভিন্ন সা-সামগ্ৰীৰ যোগাৰ কৰা হৈছিল। ইয়াৰ সাক্ষ্য শিলঘাটত পোৱা গৈছিল। কলিয়াভোমোৰা বৰফুকনৰ পৰিকল্পনা যি কাৰণতে নহওক, বাস্তৱত পৰিণত নহ’লেও, তেওঁৰ প্ৰচেষ্টাৰ অন্তৰালত কলিয়াবৰৰ গুৰুত্ব লক্ষ্য কৰা যায়।
(খ) মোমাই তামূলী বৰবৰুৱাই প্ৰজাক বাৰী পতাৰ আৰ্হি দেখুৱাবলৈ কলিয়াবৰত দুখন গাঁও পাতিছিল— পূৱথৰীয়া আৰু চতিয়াল। পদ্ধতিগতভাৱে এই দুখন গাঁৱত বিভিন্ন গছ ৰোপণ কৰাইছিল। এতিয়াও এই দুয়োখন গাঁৱৰ ৰাইজৰ নাৰিকল-তামোলৰ বাৰী মন কৰিলে তাত পদ্ধতিগত আঁচনিৰ উমান পাব পাৰি।
(গ) কলিয়াবৰৰ প্ৰায় আটাইকেইটা প্ৰচীন মন্দিৰ (শৈৱ, শাক্ত, বৈষ্ণৱ) আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰাইছিল বা সংস্কাৰ কৰাইছিল।
(ঘ) ভৱানীপুৰীয়া গোপাল আতাৰ আজ্ঞাপৰ শ্ৰীৰাম আতাৰ পুত্ৰ, গুৰু-চৰিতকাৰ শ্ৰীৰামানন্দদেৱে ১৬৭১ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা কলিয়াবৰৰ শ্ৰীশ্ৰীভলাগুৰি সত্ৰৰ প্ৰতিষ্ঠাত লাচিত বৰফুকনে প্ৰত্যক্ষ পৃষ্ঠপোষকতা আগবঢ়াইছিল আৰু শ্ৰীৰামানন্দদেৱৰ ওচৰত শৰণ লৈছিল।
(ঙ) সাধাৰণ জনতাই বছৰি পাতি অহা হাজাৰী ভাওনা উৎসৱলৈ স্বৰ্গদেৱৰ পৰা ৰাজকীয় সাহায্য আহিছিল।
উজনিত ‘পৰজা ঐ জৰৌ ৰৌৱা, চেকনি ঐ চপাই ধৰা’ মহামন্ত্ৰেৰে মোৱামৰীয়া মহাবিদ্ৰোহে যি সময়ত আহোম স্বৰ্গদেৱৰ টোপনি কাঢ়িছিল, ঠিক তেনেকুৱা সময়তে কলিয়াবৰত হাজাৰী ভাওনাই ব্যাপক ৰূপ পৰিগ্ৰহ কৰিছিল। মোৱামৰীয়া বিদ্ৰোহীসকলৰ বাবে থৰ-কাছুটি হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত আহোম স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াসকলে হয়তো কলিয়াবৰৰ দৰে প্ৰতিৰক্ষাৰ দিশত অতি স্পৰ্শকাতৰ অঞ্চল এটাৰ জনগণক সন্তুষ্ট কৰি ৰখাটো প্ৰয়োজনীয় বুলি ভাবিছিল আৰু সকলো মানুহক সন্তুষ্ট কৰাৰ এটা উপায় তেওঁলোকে হাজাৰী ভাওনা উৎসৱৰ মাজত দেখা পাইছিল। ইয়াৰ উপৰি গাঁও পতা, মন্দিৰ প্ৰতিষ্ঠা কৰা, সত্ৰ প্ৰতিষ্ঠাত সহায় কৰা আদি কামসমূহেও আহোম স্বৰ্গদেউ-বিষয়াক কলিয়াবৰীয়া প্ৰজাৰ প্ৰিয়পাত্ৰ কৰি ৰখাত সহায় কৰিছিল। যি নহওক, ইয়াৰ ফলত কলা-কৃষ্টি বুলিলে ভোক-পিয়াহ পাহৰা কলিয়াবৰীয়াই হাজাৰী ভাওনা নিৰ্জঞ্জালভাৱে পাতিবলৈ সমল আৰু সাহস পালে। আৰম্ভ হ’ল হাজাৰী ভাওনাৰ গুৰু-গম্ভীৰ ৰূপ।

পৰৱৰ্তী সময়ত গুণী-জ্ঞানী আৰু সমাজ পৰিচালনাত দক্ষ বুলি পৰিচিত চতিয়ালৰ শয়েক ভূঞাসকলৰ প্ৰচেষ্টাত বাৰ-চৈধ্যখন গাঁও সামৰি শাকমুঠি হাজাৰ নামেৰে প্ৰথমটি হাজাৰ সংগঠন কলিয়াবৰত গঠিত হ’ল। ইয়াৰ লগে লগে এই সংগঠনে হাজাৰী ভাওনা সুচাৰুৰূপে উদ্যাপন কৰাৰ দায়িত্ব কান্ধ পাতি ল’লে। এটা সময়ত দৌলৰগুৰিৰ পৰা হাজাৰী ভাওনা উৎসৱ কলং সূঁতিৰ ওচৰ চাপি হাটবৰৰ ফুকনৰ বাৰীত (বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত) উদ্যাপিত হ’বলৈ ধৰে। পাছৰ কালত কলিয়াবৰত বাৰ-চৈধ্যখনকৈ গাঁও সামৰি আন বহুকেইটা হাজাৰ সংগঠনৰ জন্ম হয় আৰু শাকমুঠি হাজাৰেও নাম সলনি কৰি হাটবৰ হাজাৰ হিচাপে পৰিচিত হয়। বৰ্তমান সময়ত কলিয়াবৰত সক্ৰিয় হৈ থকা হাজাৰসমূহ হৈছে— হাটবৰ হাজাৰ, চতিয়াল হাজাৰ, উত্তৰ কলিয়াবৰ হাজাৰ (পূৱথৰীয়া), পশ্চিম কলিয়াবৰ হাজাৰ (জমখলা), সোণাৰীগাঁও হাজাৰ আৰু বৰভগীয়া-মিছামুখ হাজাৰ। এই হাজাৰসমূহে পাছৰ কালত সমিলমিলৰ মাজেৰে ঠাই সলনা-সলনি কৰি হাজাৰী ভাওনা উদ্যাপন কৰিছিল। কলিয়াবৰৰ বিভিন্ন ঠাইত থকা, দৌল মন্দিৰ বুলি কোৱা, হাজাৰৰ নামঘৰসমূহ মন কৰিলে দেখা যায় যে নামঘৰৰ মণিকূটৰ চাৰিউফালে চাৰিখন দুৱাৰ থাকে, এখন দুৱাৰৰ ফালে নামঘৰটি থাকে। ইয়াৰ উদ্দেশ্য হ’ল, হাজাৰী ভাওনা পাতিলে আন তিনিখন দুৱাৰৰ পৰা অস্থায়ী ৰভা (খলা) দিয়া হয় আৰু মূল থাপনা-ভাগৱতক শিৰত ৰাখি চাৰিউফালে চাৰিখন খলাত ভাওনা অনুষ্ঠিত হয়। প্ৰসংগত উল্লেখনীয় যে বৰ্তমানে ব্যাপক বিস্তৃতি লাভ কৰা জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ বীজ কলিয়াবৰীয়া হাজাৰী ভাওনাই আছিল বুলি বিভিন্ন জনে ধাৰণা কৰিছে। বিভিন্ন কাৰণত (মানৰ আক্ৰমণ, মাৰি-মৰক) কলিয়াবৰৰ মানুহৰ উত্তৰ পাৰৰ নদুৱাৰ অঞ্চললৈ ব্যাপক প্ৰব্ৰজনৰ ফলস্বৰূপে সেই ঠাইসমূহলৈ কলিয়াবৰীয়া সংস্কৃতিৰ বীজো প্ৰব্ৰজিত হৈছিল। সেই ধৰণেই হাজাৰী ভাওনাৰ বীজে জামুগুৰি অঞ্চলত খোপনি পুতি বাৰেচহৰীয়া ভাওনা বৃক্ষৰ ৰূপ ল’লে বুলি ধাৰণা কৰিব পাৰি। সলাল গোহাঁইৰ প্ৰসংগৰে ড° মহেশ্বৰ নেওগে লিখিছে— “The fact that the Kaliyabar and Sootea Jamugurihat regions were once the domain of Salal Gohain may perhaps go to suggest that these officers had something to do with the origin of the drama-fair. But there is no definite evidence to that effect. It is, however, belived that the latter region received that tradition from the former.” (কলিয়াবৰ আৰু চতিয়া-জামুগুৰিহাট অঞ্চল এসময়ত সলাল গোহাঁইৰ শাসনৰ অধীনত থকা কথাটোৱে এই নাট-উৎসৱৰ উৎপত্তিত উক্ত বিষয়াসকলৰ ভূমিকা থকাৰ ধাৰণা দিয়ে। কিন্তু ইয়াৰ কোনো স্পষ্ট প্ৰমাণ নাই। যি নহওক, জামুগুৰি অঞ্চলে কলিয়াবৰ অঞ্চলৰ পৰা উক্ত পৰম্পৰা পোৱা বুলি বিশ্বাস কৰা হয়।) (Barechahriya Bhaona: A Drama-Fair Of Assam, মহেশ্বৰ নেওগ ৰচনাৱলী, পৃ. ৮০৮)। ড° নেওগদেৱৰ প্ৰবন্ধটিয়ে হাজাৰী ভাওনা প্ৰসংগত আন কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে ভঁৰালী বৰুৱা পুখুৰী অঞ্চল আৰু ভিঞাৰী পথাৰ-পানীজান অঞ্চলত হাজাৰী ভাওনা অনুষ্ঠিত হৈছিল বুলি উপেন্দ্ৰনাথ কাকতিৰ পৰা তথ্য পোৱাৰ কথা উল্লেখ কৰিছে। সেই মন্তব্য তথা বিষয়সমূহৰ আলোচনাই নতুন দিশৰ সন্ধান দিব পাৰিব বুলি আমাৰ ধাৰণা।
একে সময়তে আশা আৰু নিৰাশৰ বাতৰি এয়ে যে ঊনবিংশ-বিংশ শতিকাত সমাজৰ আগৰণুৱা ব্যক্তি বৰভগীয়াৰ মুক্তাৰাম বৰুৱা, ৰমাকান্ত বৰুৱা আদিৰ আশাশুধীয়া প্ৰচেষ্টাত সদৌ কলিয়াবৰক সামৰি ‘কলিয়াবৰ হাজাৰ’ নামেৰেও এটা সংগঠনৰ জন্ম হৈছিল আৰু এই সংগঠনৰ উদ্যোগত বৃহৎ পৰিসৰত ১৮-২০খন খলাৰে হাজাৰী ভাওনা অনুষ্ঠিত হৈছিল আৰু কলিয়াবৰত এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কিন্তু মুক্তাৰাম বৰুৱাৰ মৃত্যুৰ পাছত এই সংগঠন মৰহি যায়।
দুখৰ বিষয়, কালৰ কূটিল গতিত এসময়ৰ কলিয়াবৰীয়াৰ হেঁপাহ আৰু বছৰটোৰ অপেক্ষাৰ থল হাজাৰী ভাওনাৰ তেজ ম্লান পৰি আহিল। প্ৰথমে অনিয়মীয়া হৈ এসময়ত ই সম্পূৰ্ণকৈ স্তব্ধ হৈ পৰিল। অনেক বছৰৰ বিৰতিত ২০০০ চনত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ ব্যৱস্থাপনাত হাটবৰত আৰু তাৰ পাছত এবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত হোৱাৰ পাছত আৰু হাজাৰী ভাওনা অনুষ্ঠিত হোৱা নাছিল। বিগত ২০২৪ চনত আটাইকেইখন হাজাৰৰ সহযোগত হাটবৰ হাজাৰে বিস্তৃত কাৰ্যসূচীৰে হাজাৰী ভাওনা উৎসৱ অনুষ্ঠিত কৰিছিল। এইবেলি (২০২৬) উত্তৰ কলিয়াবৰৰ হেজাৰৰ উদ্যোগত আৰু আটাইকেইখন হাজাৰৰ সহযোগত দৌল উৎসৱলৈকে তিনি দিন ধৰি এই উৎসৱ মাৰ্চ মাহৰ ১, ২ আৰু ৩ তাৰিখে উত্তৰ কলিয়াবৰ হাজাৰৰ নামঘৰ (আৰু প্ৰাংগণ)ত অনুষ্ঠিত হৈছে। আমি অনুষ্ঠানৰ সৰ্বতোপ্ৰকাৰ সফলতা কামনা কৰিছোঁ।
❧ | আৰু পঢ়ক:
- জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা
- কলংপৰীয়া বাৰগঞা সমাজৰ দৌল উৎসৱ আৰু হেজাৰী ভাওনা
- নগাঁৱৰ ভাওনা সংস্কৃতিত এক আলোকপাত
- অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য
- জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ ঐতিহাসিক বোকাখেচা ভাওনা
ছবি: পল্লৱপ্ৰাণ গোস্বামী