আ জিৰ দিনত ‘আপুনি বৈষ্ণৱ নে শাক্ত’ বুলি প্ৰশ্ন কৰিলে সচৰাচৰ ‘আমি দুৰ্গা পূজালৈও যাওঁ, নামঘোষাতো ভক্তি পাওঁ’ ধৰণৰ উত্তৰ দিয়া মানুহেই অধিক যেন অনুভৱ হয়। ইয়াত আপত্তি কৰিবলগীয়া একো নাথাকে। এক জুপি বৃক্ষ আছে জগতক জুৰি/ তলে আছে ডাল পাত ওপৰে আছে গুৰি। গতিকে যাৰ যি ইচ্ছা, বিশ্বাস তথা সুবিধা, সেই অনুসৰি ভগৱানক উপাসনা কৰি মনুষ্য জাতিয়ে প্ৰশান্তি লভিছে। এনে উপাসনাত ধৰ্ম-দৰ্শনৰ কঠিন কথাবোৰ খুচৰি থকা নাযায়। অত এব সনাপিটিকা ভকতিয়েই সাৰ বুলি কৈ তেনেবোৰ প্ৰসংগ আওকাণ কৰি চলিব পাৰি। অৱশ্যে অসমীয়া হিচাপে আমাৰ ভাষা-সংস্কৃতিৰ ভেটি গঢ়োঁতা মহাপুৰুষজনাৰ ধাৰ্মিক মতবাদক লৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ কাৰণটো অতি সৰল— আমি আলোচনা নকৰিলে কৰিব কোনে!
আজিকালিৰ ব্যস্ততাপূৰ্ণ জীৱনত মানুহক মনৰ প্ৰশান্তিৰ বাবে আধ্যাত্মিকাৰ স্পৰ্শ জৰুৰী। এই সংক্ৰান্তত ‘Godman‘ সংস্কৃতি গঢ় ল’বলৈ অসম এখন উৰ্বৰ ভূমি। অসমৰ চহৰে-নগৰে ‘আধ্যাত্মিকতা‘ৰ শিক্ষা দিয়া অনুষ্ঠানসমূহ ইতিমধ্যেই সুলভ হৈ পৰিছে। দিনে দিনে এই অনুষ্ঠানসমূহৰ প্ৰভাৱ বাঢ়িও যাব, কাৰণ শঙ্কৰদেৱৰ একশৰণ নামধৰ্মৰ দ্বাৰা আবৃত ঠাইবোৰত ইতিমধ্যেই শূন্য স্থান কিছুমানৰ সৃষ্টি হৈছে। গুৰুজনাৰ ধাৰ্মিক মতবাদৰ প্ৰতি সামগ্ৰিকভাৱে নতুন চামৰ ৰাপ কম। ৰাপ নথকাটোৱেই স্বাভাৱিক। ড’মিনছ পিজ্জাৰ জাকজমকতা বেছি, টকা-পইচা বেছি, ব্ৰেণ্ড ভেলু বেছি— সেইবাবে তেনে ঠাইলৈ মানুহ বেছিকৈ যায়। লাইটৰ পোষ্টৰ তলত কপিলী পেহীয়ে বেচা টেকেলি পিঠাকেইটাত নিভাঁজ অসমীয়া গোন্ধ এটা থাকিব পাৰে; কিন্তু জাকজমকতা নাই, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেণ্ড ভেলু নাই, সেইবাবে তেনে ঠাইত মানুহো কম।
গুৰুজনাৰ ধাৰ্মিক দিশটোত নতুনকৈ জাকজমকতাৰ প্ৰৱেশ কৰোৱাটো কঠিন। সহজ-সৰল উপায়েৰে মনোগ্ৰাহীকৈ শঙ্কৰদেৱৰ ধৰ্মীয় আদৰ্শক সকলোৰে আগত কিদৰে তুলি ধৰিব পাৰি, আজিৰ সময়ত সেইটোৱেই মূল আলোচনাৰ বিষয় হ’ব লাগে। কিন্তু এনে এক সন্ধিক্ষণত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে— শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ। এঘৰীয়াকৰণ, গাহৰি-মূৰ্গী পালন ইত্যাদি কথাক লৈ সমালোচনাৰ সন্মুখীন হওঁতে সংঘৰ এজন বিষয়ববীয়াই টেলিভিছনৰ সাক্ষাৎকাৰত কোৱা বক্তব্যৰ পৰা বুজিলো যে সংঘৰ কিছুমান নিজা নীতি-নিয়ম আছে আৰু সেইমতে সংঘ পৰিচালিত হয়, এইবোৰ বিষয়ত আনে চকু দিয়াৰ প্ৰয়োজন নাই। উক্ত কথাখিনি গ্ৰহণযোগ্য হ’লহেঁতেন যদিহে সংঘৰ নামটোৰ লগত শঙ্কৰদেৱ শব্দটো জড়িত হৈ নাথাকিলহেঁতেন। যিহেতু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ অসমীয়া জাতিৰ প্ৰাণপুৰুষজনৰ নামসম্বলিত এটা অনুষ্ঠান, সেইবাবে প্ৰত্যেকজন চিন্তাশীল অসমীয়াৰে এনে বিষয়ৰ ওপৰত মন্তব্য দিয়াৰ অধিকাৰ আছে।
যি সময়ত অসমভূমি কু-সংস্কাৰ আৰু ধৰ্মীয় ভেদভাৱৰ প্ৰভাৱত জৰ্জৰিত হৈ আছিল, তেনে সময়তেই শঙ্কৰদেৱে ভক্তি আৰু কৃষ্ণ-প্ৰেমৰ কঠিয়া সিঁচি সকলোকে একতাৰ ডোলেৰে বান্ধিবলৈ সক্ষম হৈছিল। নামধৰ্ম প্ৰচাৰৰ প্ৰকৃতি সদায়েই inclusive আছিল। ভাবৰ আদান-প্ৰদান, যুক্তি-তৰ্ক, শাস্ত্ৰৰ বাখ্যা তথা গীত-মাত-বাদ্যৰ সৃষ্টি আছিল বৈষ্ণৱ আন্দোলনৰ প্ৰচাৰৰ আহিলা। অসমৰ বাহিৰেও জগন্নাথ, ব্ৰজ, পুষ্কৰ, মথুৰা, গকুল আদি ঠাইৰ লোকো শঙ্কৰদেৱৰ শিষ্য হৈছিল। সাৰ্বভৌম ভট্টাচাৰ্যৰ চৰিতত পোৱা যায়—
ৰমাকান্ত নামে শিষ্য মথুৰাপুৰত।
শঙ্কৰক গুৰু মানি শৰণ লৈলন্ত।।
ৰাধা নামে এক সন্ত আছিল গোকুলে।
শঙ্কৰক গুৰু মানি সিয়ো ভক্ত ভৈলে।।
আকৌ দুৰ্গা গোসাঁনীৰ চৰণত ছাগলী বলি দিব বিচৰা মাধৱদেৱক গয়াপাণিয়ে হৰিনামৰ কথা কওঁতে প্ৰথমে মাধৱদেৱে তৰ্জন-গৰ্জনহে কৰিছিল।
শুনিয়া মাধৱে অতি ক্ৰোধে জ্বলি গৈলা।
দুৰাচাৰ পাপী বুলি খঙ্গিয়া বুলিলা।।
কিন্তু নিবৃত্তি-প্ৰবৃত্তি মাৰ্গৰ শাস্ত্ৰীয় যুক্তিত মোহিত হৈ মাধৱে গুৰুজনাৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। কৰ্মকাণ্ডী কিছু ব্ৰাহ্মণে শঙ্কৰদেৱৰ ভক্তি ধৰ্মত বিঘিনিৰ সৃষ্টি কৰিছিল যদিও জগদীশ ব্ৰাহ্মণৰ দৰে পণ্ডিতে পুৰীৰ পৰা দুমাহজোৰা যাত্ৰা কৰি গাংমৌত শঙ্কৰদেৱক লগ কৰিবলৈ আহি গীতা, ভাগৱত, পঞ্চৰাত্ৰ প্ৰদান কৰিছিল। জগদীশৰ পৰা লাভ কৰা সম্পূৰ্ণ ভাগৱতৰ আধাৰতেই শঙ্কৰদেৱে কীৰ্তনৰ অধ্যায় ৰচনা কৰিছিল। জগদীশৰ মৃত্যুত ৰামৰামৰ দ্বাৰা পিণ্ড জলাঞ্জলি দি শ্ৰাদ্ধ সম্পন্ন কৰা হৈছিল। আকৌ এবাৰ মাধৱদেৱে গৈ দেখিছিল যে গুৰুপত্নীয়ে ঘৰতে ঘট পাতি পূজা কৰিছিল। তেতিয়া শঙ্কৰদেৱে কৈছিল— ‘আমি কলে নলই (নামানে)’! ইমান বাস্তৱবাদী, দয়াশীল, উদাৰ মনৰ ধৰ্মগুৰু পৃথিৱীৰ আন ক’ৰবাত আছে নে? শঙ্কৰদেৱ দুবাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল, কিন্তু সাৰমৰ্ম বুজি দশমত লিখিছিল— ‘যাহাৰ মুখত থাকে হৰি হেন নাম।/ গঙ্গা গয়া কাশী পুষ্কৰতো নাহি কাম।।’! এনেবোৰ উদাহৰণৰ পৰা স্পষ্ট হয় যে শঙ্কৰদেৱে হিন্দু ধৰ্মৰ আন মাৰ্গৰ সৈতে সহাৱস্থান কৰিহে ‘একমেৱদ্বিতীয়ম‘ কৃষ্ণৰ মহিমা প্ৰচাৰ কৰিছিল, আনক অস্পৃশ্য জ্ঞান কৰি নহয়।
পৰৰ ধৰ্মক নিহিংসিবা কদাচিত।
কৰিবা ভূতকো দয়া সকৰুণ চিত্ত।।
শ্ৰদ্ধাৰ নগেন শইকীয়াদেৱে ‘বিষয়: শঙ্কৰদেৱ’ত উল্লেখ কৰিছিল, যেতিয়া এজনে ‘সৃষ্টি স্থিতি লয়ৰ ঘাই কাৰণ নিজে উপলব্ধি কৰিব পাৰিব, তেওঁৰ বিভিন্ন কৰ্মকাণ্ডৰ অসাৰত্ব আপোনা আপুনি অনুভৱ কৰিব।’ অৱশ্যে তেনে এক পৰিস্থিতিৰ বাবে ভিন ভিন পন্থৰ মাজত সুস্থ ধৰ্মালোচনাৰ প্ৰয়োজন। আদি যুগৰে পৰা হিন্দু ধৰ্মৰ দৰ্শনক লৈ বহুতো বৌদ্ধিক তৰ্ক চলি আহিছে। বৈষ্ণৱ-শাক্ত-দ্বৈত-অদ্বৈত-বিশিষ্ট অদ্বৈতৰ উপৰিও বৌদ্ধ ধৰ্মৰ তত্ত্ববোৰতো হিন্দু দৰ্শনেই আছে, এইবোৰৰ মাজত হোৱা যুঁজে ন ন ৰূপত হিন্দু ধৰ্মৰ দৰ্শনক শক্তিশালী কৰি তুলিছে।
অসমত শঙ্কৰদেৱক কেন্দ্ৰ কৰি হোৱা বৌদ্ধিক যুঁজ ‘বাঁহী‘ৰ পাতত সদায়েই জিলিকি থাকিব। বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দুৱাৰ খুলি একবিন্দুগামী এখন সমাজৰ সৃষ্টিত এনে ধৰ্মালোচনাবোৰে সহায় কৰে। ইয়াৰ বিপৰীতে বৈদিক আচাৰ অনুসৰণ কৰা ব্যক্তি বা অনুষ্ঠানৰ কাষলৈ আনক যোৱাত বাধা দিয়া, পূজা চাবলৈ যোৱা মানুহক এঘৰীয়া কৰা আদিৰ দৰে কিছুমান নীতি-নিয়মে অপসাৰী সমাজ এখনৰহে সৃষ্টিৰ বাট মুকলি কৰিব। অসমৰ বহু ঠাইত অতি দুৰ্ভাগ্যজনকভাৱে পূজা কৰা আৰু পূজা নকৰা লোকৰ মাজত ইতিমধ্যেই ধ্ৰুৱীকৰণ হৈছে। কিছুদিন পূৰ্বে অসমৰ এখন ঠাইৰ ব্ৰাহ্মণ সমাজে জাত-পাতজনিত কাৰণত কোনো লোকক এঘৰীয়া কৰাক লৈ সৰ্বত্ৰ চৰ্চা হৈছিল। একবিংশ শতিকাত তেনে বিৰূপ প্ৰতিক্ৰিয়া নিতান্তই স্বাভাৱিক। ইয়াৰ বিপৰীতে, ‘সিহঁতৰ চোতালত হোম পুৰি বিয়া পাতিছিল। গতিকে সিহঁতক এঘৰীয়া কৰা হ’ল’ ধৰণৰ বাক্যত নব্য-ব্ৰাক্ষ্মণ্যবাদৰ উকমুকনি দেখিবলৈ পোৱা যায়। যেতিয়া এটা চৰাই দেখাত হাঁহৰ দৰে হয়, পানীত হাঁহৰ দৰে সাঁতোৰে, হাঁহৰ দৰে মাতে, তেতিয়াহ’লে সেই চৰাইটোক হাঁহ বুলিয়েই কোৱা হ’ব, কুকুৰা বুলি কোৱা নহয়।
আম্বেদকাৰে ব্ৰাহ্মণ্যবাদক— ১) মুক্তাৱস্থা ২) সমতা আৰু ৩) ভাতৃত্ববোধৰ বিপৰীতে যোৱা এটা ধাৰা বুলি অভিহিত কৰিছিল। ১) এটা ধৰ্মীয় অনুষ্ঠানৰ পৰা বহিষ্কৃত হ’ব বুলি যেতিয়া কোনো এজন লোক ঘৰৰ কাষত পতা মঙ্গল উৎসৱলৈ নাযাব, ২) যেতিয়া অনুষ্ঠানটোৰ নীতি-নিয়মৰ বাবে সমাজ দ্বিখণ্ডিত হ’ব, অস্পৃশ্য ভাৱৰ সৃষ্টি হ’ব ৩) যেতিয়া অনুষ্ঠানটোৱে পৰিয়ালৰ সদস্য অথবা ওচৰ-চুবুৰীয়া লোকৰ মাজত আহ-যাহত বাধাৰ সৃষ্টি কৰিব— তেতিয়াহ’লে সেই অনুষ্ঠানক ব্ৰাহ্মণ্যবাদী ধাৰাৰ অনুষ্ঠান বুলিয়েই ক’ব লাগিব। সুস্থ শান্তিপ্ৰিয় সমাজৰ বাবে ই কাম্য নহয়। শঙ্কৰদেৱৰ ‘হৰিনাম কীৰ্তনৰ/ নাহিকে নিয়ম একো/ এতেকেসে ধৰ্ম্ম মাজে সাৰ‘ বিষয়ক অতি উদাৰ বৈষ্ণৱবাদী ধাৰাটো একবিংশ শতিকাত নীতি-নিয়মৰ বান্ধোনত সোমাই পৰাটো পৰিতাপৰ কথা।
১৯৩০ চনতে প্ৰতিষ্ঠা হোৱা শঙ্কৰদেৱকেন্দ্ৰিক এটা সংগঠন, যাৰ লক্ষ্য সমাজত সমতা স্থাপন কৰা আছিল, যাৰ সৈতে নীলমণি ফুকন, ডিম্বেশ্বৰ নেওগৰ দৰে বৰেণ্য ব্যক্তি জড়িত হৈ আছিল, তেনে এটা সংগঠণৰ অসৎ কামনা কৰা কাৰো উদ্দেশ্য নহয়। যিকোনো অনুষ্ঠানৰ উত্তৰণৰ বাবে সমালোচনা অতি দৰকাৰী সম্পদ। ভিনচেণ্ট পিয়েলে কৈছিল, ‘The trouble with most of us is that we would rather be ruined by praise than saved by criticism’। চিন্তাশীল লেখক ময়ূৰ বৰাদেৱৰ ‘পথভ্ৰষ্ট হৈছে নেকি শঙ্কৰ সংঘ’ নামৰ কিতাপখন সংঘৰ বাবে সম্পদ স্বৰূপহে আছিল, কিন্তু সেই কিতাপখন সংঘৰ অধিৱেশন থলীত নিষিদ্ধ কৰা হৈছিল।
শঙ্কৰদেৱে প্ৰচাৰ কৰা নাম-ধৰ্মক সমাজৰ মাজলৈ লৈ যোৱাত শঙ্কৰ সংঘৰ অৰিহণাক কোনেও নুই কৰিব নোৱাৰে। ‘সেৱা-বাহিনী‘ৰ দৰে যুৱমঞ্চৰ জন্ম দি সামাজিক কামত স্বেচ্ছাসেৱকক সংগঠিত ৰূপত নিয়োগ কৰা, ‘মুষ্টিদান‘ ব্যৱস্থাৰ দ্বাৰা দুখীয়া পৰিয়ালক সকাহ দিয়া, আত্মসহায়ক গোট গঠনত সহায় কৰা আদি সংঘৰ কাৰ্যসমূহ অতি প্ৰশংসনীয়। ইয়াৰ উপৰি ‘শৰণ লোৱা‘ প্ৰক্ৰিয়াটোৰ সৰলীকৰণ শঙ্কৰদেৱ সংঘৰ এক উল্লেখযোগ্য কৃতিত্ব। হয়তো এনে কথাবোৰৰ প্ৰতি আকৃষ্ট হৈয়েই লাখ লাখ পৰিয়াল সংঘৰ সদস্য হৈছে। কিন্তু ‘With great power comes great responsibility‘,— ‘আমাৰ নীতি-নিয়ম মানি থকাবোৰ থাকিব, নথকাবোৰ আঁতৰি যাওঁক’ ধৰণৰ মনোবৃত্তিত সেই responsibility ফুটি নুঠে।
অসমীয়া মানুহৰ জীৱনত সমাজ-সংহতিৰ প্ৰভাৱ বহু বেছি। কথাতে কয়, ‘ওলাই দেখিবা যাক, শত্ৰু নাভাবিবা তাক‘। লক্ষ্মীনাথ বেজবৰুৱাৰ লিখনিত পোৱা যায়, ‘সংসাৰী ভক্তৰ ধৰ্ম যেনে ঈশ্বৰমুখী তেনে সমাজমুখী। গাইগোটা সাধন এই ধৰ্মৰ অনুমোদিত ব্যৱস্থা নহয়। সেইদেখি ৰাজহুৱা নামঘৰ, কীৰ্তনঘৰ আদিত ভক্তসকলে গোট খাই সমবেত প্ৰসঙ্গ, নাম-কীৰ্তন আদি কৰা অসমীয়া বৈষ্ণৱ সম্প্ৰদায়ৰ ধৰ্মৰ প্ৰধান অংগ। চাপৰি বজাই তাল-নাগাৰা আদিৰ সাহায্যৰে নাম-কীৰ্তন কৰা হয়।
মানসপটত অসমৰ এখন আদৰ্শ গাঁৱৰ চিত্ৰ অংকিত কৰিলে তাত এটা নামঘৰ থাকে; নামাচাৰ্য বা নাম-লগোৱা এজন থাকে; খোল-প্ৰসংগৰ বাবে বায়ন থাকে; দেউৰি-ভকতকেইজনমান থাকে যি মাহ-প্ৰসাদ, অন্ন-ব্যঞ্জন আদিৰ তদাৰক কৰে। নাম-কীৰ্তনৰ গুৰি ধৰা, খোল বজোৱা তথা দেউৰি কৰা কাৰ্যবোৰে মানুহৰ কলাসুলভ প্ৰতিভা দাঙি ধৰে। তেনে প্ৰতিভা সকলোৰে নাথাকে বা তেনে প্ৰতিভাৰ বিকাশ হওঁতে সময়ৰ প্ৰয়োজন হয়। সেই গাঁওখনত যেতিয়া ৰাতি দবা কোবোৱা নামঘৰীয়াৰ পৰা আৰম্ভ কৰি নামাচাৰ্য আৰু দেউৰি-ভকতো সংঘৰ সদস্য হয়, তেতিয়া সংঘৰ নীতি-নিয়মৰ মাজত আবৃত হৈ থাকিব নিবিচৰা গাঁওখনৰ আন আন ভকত-বৈষ্ণৱসকল বিমোৰত পৰে। তেনে ভকত-বৈষ্ণৱৰ এজনৰো যদি মহাপুৰুষীয়া ধৰ্মৰ প্ৰতি মোহভংগ ঘটে, সেয়া হ’ব শঙ্কৰী ধৰ্ম-মতৰ এক বৃহৎ ক্ষতি! ইয়াৰ উপৰি পৱিত্ৰ ভাদ মাহত নামঘৰত ‘শৰাই দিয়া‘ৰ ক্ষেত্ৰত অথবা দিনটোৰ কোন সময়ত কোনটো পন্থাই নাম-প্ৰসংগ কৰিব, গুৰুজনাৰ তিথি পালনত কোনে আগভাগ ল’ব আদি গোটেই কথাবোৰতে খামখেয়ালিৰ সৃষ্টি হয়। শঙ্কৰদেৱে হয়তো বৈষ্ণৱৰ মাজতে এনে এখন দ্বিখণ্ডিত সমাজৰ কল্পনা কৰা নাছিল।
সবাকো বিয়াপি আছে পুৰুষ প্ৰধান।
জানি হৰি বুদ্ধি কৰে সবাকো সন্মান।।
কাৰো লগে অতিশয় নকৰি বিবাদ।
একোৱে প্ৰাণীক মনে নিদিব বিষাদ।।
দেহৰ নিমিত্তে এৰিব বৈৰ বুদ্ধি।
তেবেসে কৃষ্ণক পায় চিত্তক হোৱে শুদ্ধি।।
শঙ্কৰদেৱে নামধৰ্ম প্ৰচাৰ কৰাৰ সময় আৰু বৰ্তমান সময়ৰ মাজত তুমুল পাৰ্থক্য আছে। আজিৰ অসমীয়া সমাজত যুক্তি আৰু বাস্তৱবাদিতাৰ প্ৰভাৱ বেছি। ইয়াৰ বিপৰীতে শঙ্কৰদেৱৰ সময়ত জল-কুঁৱৰী, ভূত-প্ৰেত, খেতৰ আদিত বিশ্বাস কৰা লোকৰ সংখ্যা অধিক আছিল। ‘ৰাতিখোৱা’ৰ দৰে আসুৰিক পন্থাৰ অৱস্থিতিৰ লগতে নৰবলিৰ ব্যৱস্থা আছিল। গুৰুজনাৰ লেখনিসমূহৰ কিছু অংশ, যেনে: ‘অন্য দেৱী দেৱ নকৰিবা সেৱ/ নাখাইবা প্ৰসাদ তাৰ। মূৰ্ত্তিকো নচাইবা/ গৃহো নপশিবা/ ভক্তি হৈবে ব্যভিচাৰ’; ‘আন দেৱ পূজে যিটো/ সেহি মোৰ দ্ৰোহী। সেহি একশৰণ ভজন অনুপাম/ কৰ্ণে নুশুনিবে আন দেৱতাৰ নাম’ আদি পদসমূহ সেই পুৰণি সমাজখনৰ লেন্সেৰে চাব লাগিব। কু-সংস্কাৰসৰ্বস্ব এখন সমাজৰ বাবে তেনে লিখনিৰ প্ৰয়োজন আছিল।
আকৌ মাধৱদেৱে নামঘোষত লিখিছে— ‘অন্ন যোনি কিছো নকৰে বিচাৰ/ জাতিকুল ভৈল ভ্ৰষ্ট।/ বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়/ বেদপন্থ কৰিয়া নষ্ট।’ এই পদকেইফাকিক মূল কৰি এতিয়া সহভোজন আৰু বিয়া-বাৰুৰ ক্ষেত্ৰত জাত-কুল-বৰ্ণৰ পাতনি মেলিব পাৰি জানো! নিশ্চয় নোৱাৰি। ‘অনাচাৰ কৰি মোৰ অপৰাধী নুহি। আন দেৱ পূজে যিটো সেহি মোৰ দ্ৰোহী’ বুলি উদ্ধৃতি দি আমি অনাচাৰত লিপ্ত হ’ব পাৰিম জানো! নিশ্চয় নোৱাৰোঁ। মহাপুৰুষীয়া লিখিনিসমূহৰ আক্ষৰিক অৰ্থ বিচাৰ কৰাৰ লগতে ইয়াৰ অন্তৰালত নিহিত হৈ থকা ঐতিহাসিক আৰু সামাজিক ভেটিটোৰ কথাও মন কৰিব লাগিব। সেয়া যিয়েই নহওক লাগিলে, নামধৰ্মৰ মূল অৰ্থ কিন্তু শেষত গীতাৰ ‘সৰ্বধৰ্মানপৰিত্যজ্য মামেকং শৰণং ব্ৰজ’ৰ লগত একেই হয়গৈ।
শুনা সভাসদ পদ মহা ভাগৱত।
এহি কথা কৈলা কৃষ্ণে গীতাৰ অন্তত।।
সর্ব ধৰ্ম্ম এৰি এক শৰণ সাক্ষাত।
সুদৃঢ় বিশ্বাসে সখি লৈয়োক আহ্মাত ৷।
কেইদিনমানৰ আগতে বৃটেইনৰ প্ৰধান মন্ত্ৰী ঋষি চোনাকে গীতা পুথিখনত হাত থৈ শপত গ্ৰহণ কৰিছিল। যদিহে গীতাখন পৃথিৱীৰ সকলো হিন্দুৰে পৰমপূজ্য পৱিত্ৰ ধৰ্মগ্ৰন্থ হয়, তেতিয়াহ’লে সকলোৱে দেখোন এক পৰম-সত্যৰ দিশতেই ভিন ভিন পথেৰে গতি কৰি আছে। ‘একম্ সত্ বিপ্ৰা বহুধা বদন্তি’— সত্য এটায়েই আৰু তাকে জ্ঞানীসকলে বিভিন্ন ৰূপত বুজাইছিল। গতিকে এই ক্ষেত্ৰত ভেদভাৱৰ অৱতাৰণা হোৱা উচিত জানো! যদি শঙ্কৰ সংঘ সুচাৰুৰূপে পৰিচালনাৰ বাবে অনুশাসনমূলক ব্যৱস্থাৰ অতি দৰকাৰ, তেন্তে কৃষ্ণৰ নামতে সেই অনুশাসনৰ মূল বিচাৰিব নোৱাৰি নে? বৈদিক কৰ্মকাণ্ডত অংশগ্ৰহণ কৰা কোনো লোক যদি ‘অপৰাধী’ হয়, তেন্তে ‘শাস্তি‘স্বৰূপে সাত দিন সাত ৰাতি কৃষ্ণৰ নামত ভকতি কৰিবলৈ দিব নোৱাৰি নে? ‘পঞ্চম মহাপাপী যিটোজন /তাৰো প্ৰায়শ্চিত্ত হৰি কীৰ্ত্তন’ নহয় নে? ‘ব্ৰহ্মবধী গুৰুবধী যতেক/ পিতৃ-মাতৃবধী পাপী অনেক/ কুকুৰ খায় হেন ম্লেছগণে/ সিও শুদ্ধ হোৱে হৰি কীৰ্ত্তনে’ নহয় নে?
সমাজৰ মাজৰে এখন ঘৰক ৫-৬ মাহলৈ এঘৰীয়া কৰি থোৱাৰ দৰে পশ্চাদগামী ব্যৱস্থা শঙ্কৰদেৱৰ উদাৰ বৈষ্ণৱবাদী ধাৰাটোৰ পৰিপন্থী। ইয়াৰ উপৰি গাহৰি, কুকুৰা পালন আদি কথাবোৰো আলোচনাৰ মজিয়ালৈ অনাটো জৰুৰী। বিশ্বায়নৰ যুগত ধৰ্মৰ লগত অৰ্থনৈতিক সম্পৰ্ক অনস্বীকাৰ্য। পৃথিৱীত আন যিকোনো বস্তুত ‘চুৱা’ লাগিলেও, টকা-পইচাত ‘চুৱা’ নালাগে। লেখক থকা ঠাইখন (প্ৰাগ, ছেক্ গণৰাজ্য)ৰ প্ৰায় ৯০% মানুহে ভগৱান বিশ্বাস নকৰে যদিও, খ্ৰীষ্টমাছৰ নামত বহা বজাৰখন কিন্তু বৰ ডাঙৰ! যি ধৰ্মীয় পন্থয়ে অৰ্থনৈতিকভাৱে স্বাবলম্বী হোৱা কোনো প্ৰক্ৰিয়াত বাধা দিয়ে আৰু তাৰ সমান্তৰালকৈ আন বৃহৎ বিকল্পৰ সৃষ্টি কৰিব নোৱাৰে, তেনে পন্থৰ স্থায়িত্বৰ ওপৰত প্ৰশ্নবোধকৰ সৃষ্টি হয়। মহাপুৰুষীয়া ধৰ্মত চাফ-চিকুণতাৰ প্ৰসংগটো অতি গুৰুত্বপূৰ্ণ যদিও পাহৰা উচিত নহয় যে ‘আগেয়ে চাউল কথা তাৰ পাছতহে হৰি-কথা‘। শ্ৰুতিকটু হ’লেও এয়াই বাস্তৱ।
সমাজত জাত-পাতৰ প্ৰকোপ, বিশেষকৈ বিয়া-বাৰুৰ ক্ষেত্ৰত, এতিয়াও বৰ্তি আছে। এসময়ত গুৰুজনাক চৈতন্যদেৱৰ শিষ্য বুলি প্ৰমাণ কৰিবলৈ কৰা চেষ্টা অথবা গুৰুজনাৰ সৃষ্টিৰাজিক সম্পাদনা কৰি ভুলকৈ ছপা কৰাৰ দৰে ঘটনা অনাগত দিনতো যে নঘটিব, সেয়া দৃঢ়ভাৱে ক’ব নোৱাৰি। একশৰণ নামধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰো আজিৰ তাৰিখত ক্ষীণ। এনেবোৰ কাৰণতে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দৰে এক অনুষ্ঠানৰ উপস্থিতি বৌদ্ধিক তথা সামাজিক স্তৰত অতি জৰুৰী। সেইবাবে কালৰ লগত খোজ মিলাই নতুনৰ পূজাৰে বিবৰ্তনৰ মাজেৰে নীতি-নিয়মত সংশোধন কৰি, বাহিৰা যিকোনো শক্তিৰ লগত ফেৰ মাৰি ধৰ্মালোচনাৰ মাজেৰে কলিত নামধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি, বহল মনোভাৱেৰে সকলোৰে মনত প্ৰথমে কৃষ্ণপ্ৰেমৰ অৱস্থিতি স্থাপন কৰি সেই অৱস্থিতিকে আনন্দ আৰু পাছলৈ আসক্তিলৈ ৰূপান্তৰ কৰি কেৱল অসমতেই নহয়, বিশ্বৰ বিভিন্ন ঠাইত শঙ্কৰদেৱ সংঘ আগুৱাই যাওক— আমি মূঢ়মতিয়ে তাকেই কামনা কৰোঁ।
❧ | আৰু পঢ়ক:
- মহাপুৰুষীয়া ধৰ্ম
- ‘…অসমৰ সবাতোকৈ মহান নিৰ্মাতা’
- গুৰুৱে এক কৰে, ভকতেহে ভাগ কৰে
- শঙ্কৰদেৱৰ অংকীয়া নাটত সমাজমুখী চেতনা
- প্রসংগঃ শঙ্কৰদেৱ
Follow Nilacharai on Facebook