ৰজাঘৰীয়াৰ ৰঙা-ৰচঙা হাট
বঁটা-বাহন আৰু সম্বৰ্ধনাৰ ভিৰত
বৰ বৰ মানুহেও হেৰুৱাইছে বাট।
আৱতৰীয়া বৰষুণ এজাক আহি পৰিছে গাত
পৌঢ়া ৰমণীৰ দেহ যেন কামনাত ইচাট-বিচাট।
সদা-সতৰ্ক চকুবোৰত ছানি পৰিছে
সন্তৰ্পণে কঢ়া খোজবোৰত ধূলি উৰিছে।
এতিয়া মালিকবোৰে যি কয় বা কৰে
মালীবোৰে তাতে হয়ভৰ দিয়ে।
দিনে দিনে শাৰীবোৰ দীঘল হৈ গৈ আছে
দাঁতবোৰ খুলি খুলি সাপবোৰ আহি আছে।
‘একে হেঁচাই ভেটিটো খহাই নববি নষ্ট নৈ
নিতৌ খুন্দিয়াই আঁচুৰি খহাৱ’ চপৰা চপৰকৈ…’।
খহনীয়াত জাহ গৈছে সৰু-বৰ বহু কথা
পকনীয়াত ঘূৰি আছে জনতাৰ লঘু মাথা।
আঁচনিৰ আঠুৱা জেপৰ খুচুৰা সকলো বিনামূলীয়া
মাত্ৰ গধুৰ কলমটো থৈ লঘু হাতেৰে মধুতালি দিয়া।
এদিন গঁতা দিয়া ৰজাঘৰে বঁটা দিয়া পাতিছে
বঁটাৰ মেলাত বহি সন্ত-মহন্তই মিচিকিয়াই হাঁহিছে।
ঘাটে ঘাটে ৰজাৰ লগুৱাই লাঙি জাল পাতিছে
ৰৌ-বাহু গৰৈ-চেঙেলী সোপাই লাগিছে।
চাংমাই বৰুৱাই জয়ঢোল কোবাইছে
পাৰত বহি পগলা প্ৰজা লঘোনে মৰিছে।
❧ | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।