ইয়াতেই শৈশৱ আছিল
ভালপোৱা কি নজনাকৈয়ে
বুকুৰ ভিতৰে-বাহিৰে
ভালপোৱা ভৰি আছিল।
পথাৰ, নদী, বন, জংঘল,
পুখুৰী, ধাননি আৰু কত কি
সেই সোণালী দিন উটি-ভাহি যায়
জীৱন নামৰ হাতোৰাই
কাঢ়ি নিব খোজে সকলো সুবাস
তথাপিও শৈশৱ পাবলৈ
মন যায়।
ইয়াতেই শৈশৱ আছিল
চৰাইৰ মাতত আপোনভোলা,
নীলা আকাশৰ বুকুত
বগা মেঘৰ চপৰাৰ সতে
দূৰ-দূৰণিলৈ গুচি যোৱাৰ অলীক কল্পনা
সকলো এৰি আহিলো,
সেই গাঁও মোৰ
(এতিয়া) বহু দূৰ।
লাহে লাহে আৰু বহু সপোনে
দুচকুত ঘৰ সাজিলে
সময়ৰ নাটনি—
অজুহাত নে বাস্তৱ?
কিন্তু এই নতুন সপোন আজি অতি আপোন
নিজক সোধাৰো অৱকাশ নাই, কি ভাল পাওঁ
দৌৰ মাথো দৌৰ
এনেকৈয়ে চলে জীৱন।
তথাপিও গাঁওখন একেদৰেই আছে
যেন মোৰ বাবে ৰৈ আছে,
ইয়াতেই শৈশৱ আছিল—
ভালপোৱা কি নজনাকৈয়ে
বুকুৰ ভিতৰে-বাহিৰে
ভালপোৱা ভৰি আছিল।
❧ | আৰু পঢ়ক:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।