সৰ্বগুণাকৰ শ্ৰীমন্ত শঙ্কৰদেৱ অসমীয়া নাট্য সাহিত্য আৰু অভিনয়ৰ স্ৰষ্টা। একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু সুশীল সামাজিক সংস্কৃতি প্ৰতিষ্ঠাৰ মহৎ লক্ষ্য সন্মুখত ৰাখি মহাপুৰুষজনাই সৃষ্টি কৰা নাট আৰু অভিনয় (নাট্যাভিনয়) শৈলীক পৰৱৰ্তী কালত অংকীয়া নাট আৰু ইয়াৰ অভিনয়ক ভাওনা বুলি অভিহিত কৰা হৈছিল। মহাপুৰুষ মাধৱদেৱেও সমান্তৰালভাৱে অংকীয়া নাট ৰচনা কৰি অসমীয়া নাট্য পৰম্পৰাৰ গুৰি শক্তিশালী কৰি তুলিছিল। অৱশ্যে আদিতে তেৰাসৱে এই নাট-ভাওনাক যাত্ৰা আৰু ঝুমুৰাহে বুলিছিল। অংকীয়া নাটৰ অনুকৰণত পৰৱৰ্তী ভকত-বৈষ্ণৱ, সত্ৰৰ সত্ৰাধিকাৰ, গুণী-জ্ঞানী সন্তজনে জনসাধাৰণৰ কথিত ভাষাতো কিছুমান নাট ৰচনা কৰি তাৰ অভিনয় কৰিবলৈ ধৰিলে। এই শ্ৰেণীৰ নাট্যাভিনয়ক আজিকালি মাতৃভাষাৰ ভাওনা বুলি অভিহিত কৰা হয়। যি নহওক, অসমীয়া নামঘৰকেন্দ্ৰিক সমাজখনৰ পৰিধি অতিক্ৰম কৰি আজি ভাওনাই সৰ্বজন সমাদৃত শিল্পলৈ ৰূপান্তৰিত হোৱাৰ বাটত আগবাঢ়িছে। আজিৰ বহুচৰ্চিত ভাওনাই দেশ আৰু জাতিৰ পৰিধি অতিক্ৰমী অসমীয়া সংস্কৃতিৰ গৰিমা আৰু অধিক বৃদ্ধি কৰিব পাৰিব বুলি আমাৰ বিশ্বাস।
নাট্যাভিনয় বা ভাওনা সৃষ্টিৰ প্ৰেৰণা:
মহাপুৰুষ শঙ্কৰদেৱে ভাওনা সৃষ্টিৰ বাবে বিভিন্ন উৎসৰ পৰা প্ৰেৰণা লাভ কৰিছিল বুলি পণ্ডিতসকলে কয়। যেনে—
১. সংস্কৃত নাট আৰু নাট্যাভিনয়ৰ প্ৰেৰণা
২. অসমৰ থলুৱা আৰু লোকনাট্যধৰ্মী অনুষ্ঠান, যেনে পুতলা নাচ, দেওধনি নাচ, কামৰূপীয়া ঢুলীয়া নাচ, দৰঙীয়া খুলীয়া ভাওনা, সুকন্নানী ওজা আদিৰ পৰা লাভ কৰা প্ৰেৰণা
৩. তীৰ্থ ভ্ৰমণ কালত বিদেশত দেখি অহা সেই অঞ্চলৰ লোক নৃত্য নাট্যানুষ্ঠানসমূহৰ পৰা পোৱা প্ৰেৰণা
৪. অসমৰ জনজাতীয় উৎসৱ-পাৰ্বণ, আচাৰ-অনুষ্ঠানসমূহৰ পৰা পোৱা প্ৰেৰণা
৫. নিজৰ চিন্তা, অভিৰুচি, জ্ঞান-বিশ্বাস তথা সৃষ্টিশীল মনটোৱে নিজৰ আভ্যন্তৰৰ পৰা দি থকা প্ৰেৰণা।
অঙ্কীয়া ভাওনাৰ পৰম্পৰা ৰক্ষাত আহাৰ্য
সমীৰণ জ্যোতি হাজৰিকা
ভাওনাৰ মূল উদ্দেশ্য:
ভাওনা পৰিৱেশনৰ বাহ্যিক উদ্দেশ্য আছিল লোকৰঞ্জন, লোকসংগ্ৰহ আৰু লোকস্থিতি। অভ্যন্তৰীণ বা অন্তৰ্নিহিত উদ্দেশ্য আছিল দৰ্শনাৰ্থীৰ হৃদয়ত ভগৱৎভক্তিৰ বীজ ৰোপণ কৰা আৰু এখন সংস্কৃতিৱান সমাজ প্ৰতিষ্ঠা কৰা।
ভাওনাৰ ৰস:
ভাওনাত বিভিন্ন ৰসৰ সমাৱেশ হয়। সন্তাৱলী পুথিত দ্বাৰিকা দ্বিজ মিশ্ৰই কৈছে—
“সপ্তৰসে নাটক ৰচনা কৰয়।
শুনিয়ো সপ্তবিধ ৰসৰ অন্বয়॥
গায়ন বায়নসবে সভা জয় কৰে।
সূত্ৰনাট্যগণে ৰসিকৰ মন হৰে॥
পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন।
গীত অৰ্থ বুজিবেক দ্বিজ সভাগণ॥
ব্ৰজভাষী ভাষাক বুজিবে গ্ৰামীলোক।
ছো মুখা দেখিবেক অজ্ঞ মূঢ় লোক॥
শুদ্ধ আৰু অশুদ্ধ তথাপিতো কৃষ্ণ নাম।
এহি সপ্তৰস নাটকৰ অনুপাম॥”
ভাওনাত শৃংগাৰ (প্ৰেম আৰু ৰোমাণ্টিক আৱেগ), কৰুণ (দুখ বা শোকৰ আৱেগ), বীৰ (সাহসিকতা আৰু বীৰত্ব), হাস্য (হাঁহি বা ৰসিকতা), ভয়ানক (ভয়ৰ সঞ্চাৰ), ৰৌদ্ৰ (ক্ৰোধ বা খং), বীভৎস (ঘৃণা বা অসন্তুষ্টি) আদি সকলো ৰসৰ সমাৱেশ ঘটে।
নাট-ভাওনাৰ উপাদান:
এখন নাটকে পূৰ্ণাংগ ৰূপ পাবলৈ প্ৰধানকৈ চাৰিটা উপাদানৰ সংযোজন হোৱা দৰকাৰ। সেয়া হ’ল— আংগিক, বাচিক, সাত্ত্বিক আৰু আহাৰ্য। যি অভিনয় প্ৰকাশ কৰোঁতে শৰীৰৰ অংগ সঞ্চালন জৰুৰী হয়, সেয়াই আংগিক। বাচিক অভিনয় হ’ল কণ্ঠস্বৰ, উচ্চাৰণ, সংলাপ প্ৰক্ষেপণ আৰু আৱেগপূৰ্ণ বচনভংগীৰ মাধ্যমেৰে চৰিত্ৰৰ অনুভূতি আৰু বক্তব্য ফুটাই তোলা। অভিনয়ত সত্তা বা মন অন্তৰ্ভুক্ত নোহোৱালৈকে অভিনয় সম্পূৰ্ণ নহয়। মনৰ চিন্তাক নিয়ন্ত্ৰণ কৰি, অন্তৰ্ভুক্ত কৰি কৰা অভিনয় হৈছে সাত্ত্বিক অভিনয়। অভিনয়ক সম্পূৰ্ণ বুজিব পৰা আৰু আকৰ্ষণীয় কৰি তুলিবলৈ সাজ-পোছাক, মেকআপ, লাইটিং আৰু মঞ্চ ব্যৱহাৰ কৰিব লগা হয়। অভিনেতাৰ শৰীৰৰ বাহিৰত অৱস্থিত এই সকলোবোৰ উপাদান ব্যৱহাৰ কৰি যি অভিনয় কৰা হয়, সেয়া হ’ল আহাৰ্য অভিনয়।
অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য
নবীন বৰঠাকুৰ
অংকীয়া নাট-ভাওনাৰ দৰ্শনতত্ত্ব:
অংকীয়া নাট-ভাওনাৰ মাজেদি শঙ্কৰদেৱে এক বিশিষ্ট আধ্যাত্মিক দৰ্শন জনতাৰ মাজলৈ লৈ যাব বিচাৰিছিল। সেয়া হ’ল, কৃষ্ণ ভক্তি তত্ত্ব দৰ্শন বা “কৃষ্ণস্তু ভগৱান স্বয়ম্” তত্ত্ব। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা প্ৰচাৰ কৰা আৰু সমস্ত দেৱ-দেৱীৰ ঊৰ্ধ্বত শ্ৰীকৃষ্ণক শ্ৰেষ্ঠ দেৱতা, পৰম পুৰুষ, সৃষ্টি-স্থিতি-প্ৰলয়ৰ মূল নিয়ন্তা বুলি প্ৰতিষ্ঠা কৰাটোৱেই অংকীয়া নাট-ভাওনাৰ মূল উদ্দেশ্য। ইয়াৰ উপৰি সমতা, ন্যায়, ভ্ৰাতৃত্ববোধৰ আৰ্হি প্ৰদান কৰি ভাওনাৰ জৰিয়তে মহাপুৰুষজনাই উদাৰ সমাজবাদী আদৰ্শৰো ভেটি প্ৰতিষ্ঠা কৰিছিল
শঙ্কৰদেৱৰ অংকীয়া নাট:
নিৰ্বাক চিহ্নযাত্ৰা ভাওনাৰে নাট্যাভিনয়ৰ পাতনি মেলা শঙ্কৰদেৱে পৰৱৰ্তীকালত মুঠ ছখন অংকীয়া নাট ৰচনা কৰিছিল আৰু নিজে অনুগামী ভকত-বৈষ্ণৱসকলৰ লগত সহযোগী হৈ অভিনয়ো কৰিছিল। তেৰাৰ নাটকেইখন হ’ল— পত্নীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। ভাগৱত পুৰাণ, হৰিবংশ পুৰাণ, বিষ্ণু পুৰাণ আৰু ৰামায়ণৰ পৰা কাহিনী সংগ্ৰহ কৰি শঙ্কৰদেৱে এই নাটকেইখন ৰচনা কৰিছিল। মাধৱদেৱও অনুৰূপ ধৰণেৰে ঝুমুৰাসমূহ ৰচনা কৰিছিল; যেনে— চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি। নাটসমূহৰ যোগেদি কৃষ্ণ চৰিত্ৰৰ মানৱীয় আৰু ঐশ্বৰিক শক্তিৰ মহত্ত্ব দাঙি ধৰা হৈছে। ইয়াত ধৰ্ম-সত্য-ন্যায়ৰ জয় আৰু অধৰ্ম-অসত্য-অন্যায়ৰ পৰাজয় দেখুওৱা হৈছে।
অসমীয়া বৈষ্ণৱ সমাজৰ বিশ্বাসত ভাওনাৰ মহত্ত্ব:
নাট-ভাওনাৰ উদযাপনে সমাজৰ পৰা মাৰি-মৰক, অসূয়া-অপ্ৰীতি দূৰ কৰিব পাৰে বুলি অসমীয়া বৈষ্ণৱ সমাজৰ গভীৰ বিশ্বাস। সেয়ে, প্ৰতিটো নামঘৰ, সমাজ (খেল)-এ বছৰেকীয়া উৎসৱ হিচাপে প্ৰতি বছৰে ভাব-ভক্তিৰে বৰসবাহ আৰু ভাওনা অনুষ্ঠান আয়োজন কৰি ৰাইজৰ মংগলাৰ্থে পৰম কৃপালু ভগৱানৰ ওচৰত সেৱা ধৰে। সকলো আধ্যাত্মিক অনুষ্ঠানতকৈ ভাওনা অনুষ্ঠানৰ গুণ অধিক বুলি ভকত-বৈষ্ণৱসকলে বিশ্বাস কৰি আহিছে।
“সাত বৰসবাহত হৈবে যত ফল।
একগুটি ভাবনা কৰি পাৱয় সকল॥” (সন্তাৱলী পুথি)
গুৰুৱে এক কৰে, ভকতেহে ভাগ কৰে
লোকনাথ গোস্বামী
ঐশ্বৰ্যশালী মানৱীয় শিল্প হিচাপে নাট-ভাওনাৰ চৰ্চা:
শঙ্কৰী বা সত্ৰীয়া সংস্কৃতিৰ এক অপূৰ্ব শিল্প হ’ল নাট্যাভিনয় বা ভাওনা। বৰ্তমান উন্নত তথ্য-প্ৰযুক্তিৰ যুগতো সৰ্বস্তৰৰ ৰাইজৰ মাজত ভাওনাৰ প্ৰতি প্ৰীতি আৰু আগ্ৰহ ক্ৰমে বৃদ্ধিহে হৈছে। ইয়াৰ মূল কাৰণ হৈছে, ভাওনা সংস্কৃতিৰ যি অকৃত্ৰিম পৰিৱেশন শৈলী, সৰ্বজনীন মানৱতাবাদী আৱেদন তথা সামাজিক সমতা-ন্যায়-ভ্ৰাতৃত্ববোধৰ আৰ্হি। শঙ্কৰী বা সত্ৰীয়া বৈষ্ণৱ সমাজখনৰ বাদেও ৰাজ্যৰ আন আন ধৰ্ম-সম্প্ৰদায়ৰ বৃত্তিজীৱী শিল্পী কলা-কুশলীসকলেও ভাওনাৰ শিল্পবস্তুৰ গুৰুত্ব আৰু ক্ৰমবৰ্ধমান জনপ্ৰিয়তা উপলব্ধি কৰি ভাওনা চৰ্চাত উঠি-পৰি লাগিছে। বিদেশতো ভাওনা প্ৰদৰ্শন হৈছে আৰু বিদেশী লোকেও শিকি-বুজি ভাওনাত অভিনয় কৰিছেহি। ৰাজ্যত প্ৰতি বছৰে একাধিক ভাওনা সমাৰোহ বা ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হোৱা দিশটোলৈ লক্ষ্য কৰি ক’ব পাৰি যে এইসমূহ কেৱল ভগৱৎভক্তি প্ৰচাৰ-প্ৰসাৰৰ বাবেই আয়োজন হৈ থকা নাই, বৰং এক জনমুখী শিল্প হিচাপে সৰ্বস্তৰৰ ৰাইজে আজি ভাওনা সংস্কৃতিক আদৰি লৈছে। ইছলামধৰ্মীসকলেও ভাওনা দল গঠন কৰি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে। গুৰুজনাৰ আধ্যাত্মিক সমাজখনৰ বাহিৰৰ বৃহত্তৰ সমাজখনৰ মাজতো ভাওনা সংস্কৃতিয়ে এইদৰে আদৰ-সন্মান লাভ কৰাটো আমাৰ বাবে ডাঙৰ প্ৰাপ্তি। কিন্তু, এই ভাওনা সংস্কৃতিৰ ঘাইশিপা যাতে গা-গছডাল, পাতৰ পৰা বিচ্ছিন্ন হৈ নাযায়, বাণিজ্য কৰাৰ তাড়নাত যাতে নাট-ভাওনাৰ মূল আদৰ্শ আৰু পৰিকাঠাম নষ্ট হৈ নাযায়, তাৰ প্ৰতি উদ্যোক্তাসকলে নজৰ ৰাখিব লাগিব। উল্লেখযোগ্য যে ভাওনা সংস্কৃতিক পুনৰুজ্জীৱিত কৰি লোক সমাজত জনপ্ৰিয় কৰাত নিৰলসভাৱে লাগি থকা মাজুলীৰ আউনীআটীয় সত্ৰাধিকাৰ ড° পীতাম্বৰদেৱ গোস্বামী ধন্যবাদৰ পাত্ৰ। এই দিশত প্ৰয়াত ড° নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱেও অংকীয়া ভাওনা সমাৰোহৰ আৰ্হি দেখুৱাই আমাক দিকদৰ্শন দি গৈছে। তেখেতসকলৰ দৰে শঙ্কৰী সংস্কৃতিৰ গৱেষক-পণ্ডিতসকলৰ দিকদৰ্শনত ভাওনা সমাৰোহ/ প্ৰতিযোগিতাবোৰ আয়োজন হৈ থাকিলে ভাওনা সংস্কৃতি বিকৃত হোৱাৰ পৰা ৰক্ষা পৰি থাকিব বুলি আমাৰ বিশ্বাস। প্ৰতিযোগিতাৰ সমান্তৰালভাৱে নতুন শিকাৰুক সত্ৰীয়া নৃত্য-গীত-নাট্যৰে সুদক্ষ কৰি গঢ়ি তোলাটো উদ্যোক্তাসকলৰ কৰ্তব্য। এই দিশত অসমৰ প্ৰতিখন সত্ৰই আলস্য পৰিত্যাগ কৰি নতুন উদ্যমেৰে প্ৰশিক্ষণৰ দায়িত্ব পালন কৰিব লাগে।
অসমীয়া সত্ৰ আৰু নামঘৰকেন্দ্ৰিক সমাজ তথা এই সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত ভাওনাৰ যি অপৰিসীম প্ৰভাৱ, সেয়া আওকাণ কৰিব নোৱাৰি। দুগ্ধপোষ্য শিশুৱেও বাটে-ঘাটে ভাওনাৰ বচন মাতে, নৃত্য কৰে, প্ৰৱেশ কৰে। আলৰ বৃদ্ধজনেও ভাওনাৰ গীত-পদ এফাকি গাই বিমল আনন্দ অনুভৱ কৰে। অতি প্ৰভাৱশালী ভাওনা সংস্কৃতিয়ে ব্যক্তিক মানুহ, পশু-পক্ষী আৰু ঈশ্বৰৰ প্ৰতি ভক্তিপৰায়ণ কৰি তোলে। ভাওনা সংস্কৃতিৰ চৰ্চা মানেই সমাজ সংগঠনৰ প্ৰয়াস। ভাওনাত অংশগ্ৰহণ কৰা মানেই নৈতিক আৰু আধ্যাত্মিক জ্ঞান আৰু প্ৰমূল্য আহৰণৰ প্ৰয়াস। ভাওনাই কলা-কুশলী, ভাও-ভাৱৰীয়া আৰু দৰ্শকবৃন্দক উচ্চ চিন্তা, ভাৱ আদৰ্শ দান কৰে। সমাজত সমন্বয় আৰু ভ্ৰাতৃত্ব ৰক্ষাৰ বাবে উদ্বুদ্ধ কৰে ভাওনাই। ভাও-ভাৱৰীয়া, উদ্যোক্তা, সমাজ— প্ৰত্যেকৰে সামাজিক মৰ্যাদা বৃদ্ধি কৰে। ভাওনা সংস্কৃতি চৰ্চাই ব্যক্তি আৰু সমাজৰ অৰ্থনৈতিক বুনিয়াদ তৈয়াৰ কৰে। বৰ্তমান ই স্বাৱলম্বিতাৰ এক সন্মানীয় মাধ্যম হিচাপে পৰিগণিত হৈ পৰিছে। প্ৰতিজন ব্যক্তিৰ শিল্পী প্ৰতিভাৰ বিকাশ ঘটাই ভাওনাই। গতিকে, এনেহেন অমূল্য শিল্প-সম্পদৰ চৰ্চা-গৱেষণা প্ৰচাৰ-প্ৰসাৰ হৈ থকাটো জাতিটোৰ বাবে মংগলজনক।

শঙ্কৰদেৱৰ অংকীয়া নাটত সমাজমুখী চেতনা
প্ৰকল্প ৰঞ্জন ভাগৱতী

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা
হিমাংশু ৰণ্জন ভূঞা

দৰঙী লোক-পৰিৱেশ্য কলা: খুলীয়া ভাউৰীয়া
ড° মোহিনী গোস্বামী

নগাঁৱৰ ভাওনা সংস্কৃতিত এক আলোকপাত
ৰিণি নেওগ বৰা
ফিচাৰড্ ইমেজ: পল্লৱপ্ৰাণ গোস্বামী
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক



