ভূপেন হাজৰিকা জাতিটোৰ ধমনীত সদায় সোমাই থাকিব

ভূপেন হাজৰিকা জাতিটোৰ ধমনীত সদায় সোমাই থাকিব
  • 06 Sep, 2016

দে উতাই চাহ বাগানত চাকৰি কৰিছিল। কোনোবা চাহ বাগিচাত কোনোবা এজন চাহাবৰ পৰা এটা ‘কলগান’ কিনিছিল। এটা চিলাই কলো কিনিছিল। চাহাববোৰ বাগানৰ পৰা নিজৰ দেশলৈ যাওঁতে এইদৰে বস্তুবোৰ কম দামত বেচি দিয়ে।

সেই সময়ত আমাৰ ঘৰত কলগানৰ গান শুনিবলৈ মানুহ ভৰি থাকে। মানুহবোৰ যিমানেই অবাক হয়, সিমানেই মই গৰ্ব অনুভৱ কৰোঁ। তেতিয়া ‘শোণিত কুঁৱৰী’, ‘জেৰেঙাৰ সতী’— এই দুখন পালা আৰু আনন্দিৰাম দাসকে ধৰি কেইগৰাকীমান গায়কৰ গানৰ ৰেকৰ্ড আছিল। মই পালা দুখন ভাল পাইছিলো, বিশেষকৈ ‘শোণিত কুঁৱৰী’। ‘শোণিত কুঁৱৰী’ৰ বেটুপাতত অভিনেতাসকলৰ লগতে এচুকত এটা সৰু ল’ৰাৰ ধুনীয়া ফটো এখন আছিল। সেইজন নেপথ্য গায়ক ভূপেন হাজৰিকা। স্কুলীয়া দিনৰে পৰা নামটো শুনি আছিলো। এতিয়া মোৰ ঘৰতে ভূপেন হাজৰিকাৰ ফটো! সেয়ে মই গৰ্বত ওপঙি আছিলো। আমাৰ ঘৰত শিঙৰী বাগানৰ জেঠাইৰ ল’ৰা ললিত বৰা (প্ৰয়াত)। আমি কান-সমনীয়া। মোতকৈ এটা শ্ৰেণী ওপৰত। এদিন তাক গৰ্বেৰে কলো— ‘চা, এইখন ভূপেন হাজৰিকাৰ ফটো।’

— অ’ ইয়াৰ ফটো। ই আমাৰ ক্লাছ ফ্ৰেণ্ড। লগতে বহোঁ।’ সি পাতলীয়াকৈ মন্তব্য কৰিলে। মই চেঁচা হৈ গ’লো।
— ক্লাছ ফ্ৰেণ্ড? ইমান মৰম লগা ল’ৰাটো মোক এদিন চিনাকি কৰাই দিবি ভাই।’
— হ’ব, ওলাবি মোৰ লগত।’

চিনাকি নহ’লো। মানে হ’ব নোৱাৰিলো। ইয়াৰ পাছত ভূপেন হাজৰিকা আৰু মই নিজ নিজ বাটেৰে আগুৱালো। সুধাকণ্ঠই গীতেৰে জগতক মুহিলে। মই ভূপেন হাজৰিকাক যেনেকৈ জানিছিলো, হয়তো তেৱোঁ মোক জানিছিল। তথাপি প্ৰত্যক্ষভাৱে লগ পোৱা নাছিলো। হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হৈ থাকোঁতে নগাঁও চাৰ্কিট হাউচত মই সৌজন্যমূলক সাক্ষাৎ এটা দিলো। সেয়াই আমাৰ প্ৰথম দেখাদেখি। তেওঁ ইতিমধ্যে সত্ৰীয়া নৃত্যক আগুৱাই নিছে। মই অসমীয়া ভাওনাক বিশ্বদৰবাৰলৈ নিবৰ বাবে তেওঁক অনুৰোধ কৰিলো।

হঠাৎ মোৰ গল্প এটা ড° ভূপেন হাজৰিকাই দূৰদৰ্শনৰ চিৰিয়েল ‘লোহিত কিনাৰে’ৰ বাবে নিৰ্বাচন কৰিলে। মোৰ ভাল লাগিছিল যে এই মহান কলাকাৰজনে মোৰ গল্প পঢ়িছে। তাতকৈ ভাল লাগিল মোৰ নামটো দূৰদৰ্শনত ওলাব বুলি ভাবি। কিমান ডাঙৰ কথা! গল্পটো আছিল ‘হাৱাই বেনাৰসী চাদৰ’। চিৰিয়েলত গল্পটোৰ নাট্যৰূপ হৈ গ’ল। দুই-চাৰি দৰ্শকে ভাল-বেয়া মন্তব্যও দিলে। পাহৰিলো। হঠাৎ এদিন মোৰ নামত ভূপেন হাজৰিকাৰ পৰা এহেজাৰ টকাৰ এখন ছেক আহিল। আকৌ সেই মহান শিল্পীজনৰ কথাই মোৰ মনটো সজীৱ কৰি তুলিলে।

চুকাফাই এৰি যোৱা বৰ অসমত গুৰু শঙ্কৰে সকলোকে সম অধিকাৰ দি এক কৰিছিল। জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাই গুৰুজনাৰ আদৰ্শক ঘৰে ঘৰে বিলাই দিছিল। ড° ভূপেন হাজৰিকা জাতিটোৰ ধমনীত সদায় সোমাই থাকিব।

শেহতীয়াকৈ আমি দুয়ো অসম সাহিত্য সভাই আগবঢ়োৱা সাহিত্যাচাৰ্য উপাধি পাওঁতে আনন্দত ইজনে সিজনক সাবটি ধৰিছিলো। মই স্কুলীয়া জীৱনত যিজন লৰাৰ সৈতে চিনাকি হ’বলৈ হাবাথুৰি খাইছিলো, সেইজনৰ এতিয়া মোৰ লগত সাবটাসাবটি! মই অনুভৱ কৰোঁ, এইটো ভগৱানৰ ইচ্ছা। মই ধন্য হ’লো, মই জীৱনত এবাৰ হ’লেও সুধাকণ্ঠৰ পৰশ পালো। সেইদিনাই তিনিটা খণ্ডৰ ‘ড° ভূপেন হাজৰিকা ৰচনাৱলী’ উন্মোচন কৰিছিল ড° মামণি ৰয়ছম গোস্বামীয়ে। ধন্য সুধাকণ্ঠ। তুমি অমৰ।

অনুলেখন: কুসুম বৰা, ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য

ছবিত: ড° ভূপেন হাজৰিকা আৰু মহিম বৰা

ভূপেন হাজৰিকা জাতিটোৰ ধমনীত সদায় সোমাই থাকিব | মহিম বৰা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক