ম হাপুৰুষ শঙ্কৰদেৱৰ অভিনৱ সৃষ্টিসমূহৰ ভিতৰত অংকীয়া নাট অন্যতম৷ শঙ্কৰদেৱে ৰচনা কৰা ছখন নাট আমি পাওঁ৷ সেয়া হ’ল: পত্নীপ্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাতহৰণ আৰু ৰামবিজয়৷ ইয়াৰ বাহিৰেও চৰিতপুথিত চিহ্নযাত্ৰা, জন্মযাত্ৰা আৰু কংসবধ নামৰ আন তিনিখন নাটকৰ উল্লেখ পোৱা যায়৷ চৰিতপুথিৰ বৰ্ণনা পঢ়িলে চিহ্নযাত্ৰা নাটকখনক তুলাপাতত বৈকুণ্ঠৰ পট আঁকি কৰা আজিকালিৰ মূকাভিনয়ৰ নিচিনা এক অনুষ্ঠান আছিল যেন লাগে৷ বাকী দুখন নাটক পৰৱৰ্তী সময়ত হেৰোৱা বুলি চৰিতপুথিতেই উল্লেখ কৰা আছে৷
শঙ্কৰদেৱৰ আন সকলো ৰচনাসম্ভাৰৰ দৰে নাট ৰচনা আৰু পৰিৱেশনাৰো ঘাই উদ্দেশ্য আছিল ধৰ্মমত প্ৰচাৰ কৰা৷ শঙ্কৰদেৱৰ সময়ৰ সমাজখনৰ আটাইতকৈ ডাঙৰ অংশটোৱেই আছিল অনাখৰী৷ লিখিব-পঢ়িব নজনা সমাজৰ এই লোকসকলৰ কথা ভাবিয়েই তেওঁ সাহিত্য ৰচনা কৰিছিল, যিবোৰত সামূহিক পঠন আৰু শ্ৰৱণ-কীৰ্তনৰ দিশটোৱে অধিক গুৰুত্ব পাইছিল৷ মহাপুৰুষগৰাকী নাট্যশিল্পৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণো এয়ে৷ ঈশ্বৰৰ লীলা অভিনয়ৰ জৰিয়তে প্ৰদৰ্শন কৰিলে অনাখৰী দৰ্শক খুব সহজে আকৰ্ষিত হ’ব বুলি তেওঁ ভাবিছিল৷ সেয়ে তেওঁ সংস্কৃত মাৰ্গীয় নাট্যশিল্পক নিজৰ ধৰণে গঢ় দি অংকীয়া নাট্যশৈলীৰ উদ্ভাৱন কৰিছিল৷
শঙ্কৰদেৱ সংস্কৃত মাৰ্গীয় নাট্যশৈলীৰ লগত সুপৰিচিত আছিল৷ আনহাতে তেওঁ স্থানীয় ওজাপালি, খুলীয়া ভাওনা, পুতলা নাচ, কুশানগান আদি লোককলাৰ লগতো পৰিচিত আছিল৷ সংস্কৃত মাৰ্গীয় নাট্যশৈলীয়ে সমাজৰ উচ্চত থকা শ্ৰেণীটোৰ প্ৰয়োজন পূৰণ কৰিছিল আৰু আনহাতে লোককলাই সমাজৰ সকলো স্তৰৰ লোককে সামৰি লৈছিল৷ শঙ্কৰদেৱৰ লক্ষ্য আছিল সমাজৰ অনাখৰী লোকসকল৷ গতিকে তেওঁ ভৰতৰ নাট্যশাস্ত্ৰ আধাৰিত মাৰ্গীয় নাট্যশৈলীৰ হুবহু অনুসৰণ কৰাৰ পৰা বিৰত থাকি নিজা উদ্ভাৱনী শক্তি আৰু স্থানীয় লোককলাৰ উপাদানেৰে এক সুকীয়া নাট্যশৈলী গঢ়ি তুলিছিল৷
নাট্যশাস্ত্ৰ অনুসৰি মঞ্চত জন্ম, মৃত্যু, বিবাহ, ভোজন, শয়ন, যুদ্ধ আদি প্ৰদৰ্শন কৰা নিষেধ৷ কিন্তু শঙ্কৰদেৱ আৰু তেওঁৰ পৰৱৰ্তী উত্তৰাধিকাৰীসকলৰ নাটত এই বিধি-নিষেধ মানি চলা হোৱা নাই৷ শঙ্কৰদেৱৰ নিজৰ নাটক ৰুক্মিণীহৰণ আৰু ৰামবিজয়ত যুদ্ধৰ দৃশ্য দেখুওৱা হৈছে৷ ৰুক্মিণীহৰণত বিবাহো দেখুওৱা হৈছে৷ ঠিক সেইদৰে সংস্কৃত নাটকৰ প্ৰাৰম্ভিক অনুষ্ঠান ‘পূৰ্বৰংগ’ৰ পৰিৱৰ্তে তেওঁ ‘ধেমালি’ ব্যৱহাৰ কৰিছে৷ নাট্যশাস্ত্ৰ অনুসৰি পূৰ্বৰংগৰ পিছতে সূত্ৰধাৰজন নিষ্ক্ৰীয় হৈ পৰে৷ কিন্তু শঙ্কৰদেৱৰ নাটকত ‘ইতি সূত্ৰ নিষ্ক্ৰান্তঃ’ বুলি কোৱাৰ পাছতো নাটকৰ আৰম্ভণিৰ পৰা শেষলৈকে সূত্ৰধাৰজন সক্ৰিয় অংগ হৈ থাকে৷
অংকীয়া নাটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল ইয়াৰ ভাষা৷ সংস্কৃত শ্লোকখিনিৰ বাহিৰে অংকীয়া নাটৰ গীত, ভটিমা আৰু বচন সকলোতে শঙ্কৰদেৱে ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছে৷ ইপিনে সংস্কৃত নাটত চৰিত্ৰৰ সামাজিক মৰ্যাদা অনুসৰি সংস্কৃত আৰু প্ৰাকৃত ভাষা ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু শঙ্কৰদেৱে তেনে পাৰ্থক্য নাৰাখি সকলো চৰিত্ৰৰ মুখতে ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল৷ ব্ৰজাৱলী সেই সময়ত প্ৰচলিত এক সাহিত্যিক ভাষা৷ সুৰীয়া আৰু মিঠা এই ভাষাটো মৈথিলী ভাষাৰ প্ৰায় সগোত্ৰীয়৷ ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শঙ্কৰদেৱৰ এই বৈষম্যহীন মনোভাৱ তেওঁৰ সমাজমুখী চিন্তাৰে পৰিচায়ক৷
শঙ্কৰদেৱে অংকীয়া নাট ৰচনাৰ ক্ষেত্ৰত তৎকালীন সৰ্বসাধাৰণ শ্ৰোতা-দৰ্শকৰ কথা কিমান আন্তৰিকতাৰে চিন্তা কৰিছিল তাৰ প্ৰমাণ আমি নাটককেইখনৰ পটভূমি আৰু চৰিত্ৰায়নৰ মাজত দেখিবলৈ পাওঁ৷ শঙ্কৰদেৱৰ প্ৰথম পাঁচখন নাটৰ কেন্দ্ৰীয় চৰিত্ৰ বিষ্ণুৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণ আৰু শেষৰখনৰ অৱতাৰী পুৰুষ শ্ৰীৰামচন্দ্ৰ৷ নাট্যকাৰে য’তেই সুবিধা পাইছে তাতে পৰম পুৰুষ দুগৰাকীৰ ঐশ্বৰিকতা প্ৰতিপন্ন কৰিছে৷ আনহাতে সৰ্বসাধাৰণৰ বাবে আকৰ্ষণীয় কৰিবলৈ কেতিয়াবা চৰিত্ৰ দুটাত সাধাৰণ মানুহৰ গুণো আৰোপ কৰিছে৷ ৰুক্মিণীহৰণ নাটত ভিক্ষুকৰ মুখেৰে ৰুক্মিণীৰ ৰূপ-লাৱণ্যৰ কথা শুনি শ্ৰীকৃষ্ণৰ মানসিক অৱস্থা প্ৰথম প্ৰেমত পৰা যুৱক এজনৰ নিচিনা হৈছে:
ভিক্ষুক মুখে ৰুকমিণীক ৰূপগুণ শুনিয়ে শ্ৰীকৃষ্ণ আন চিন্তা সৱ চোড়ি ৰাত্ৰি দিৱসে ৰুকমিণীক মাত্ৰ ধ্যান কয়ে ৰহল…
ঠিক একেদৰে পাৰিজাতহৰণ নাটত স্বামী শ্ৰীকৃষ্ণই ৰুক্মিণীক পাৰিজাত ফুল দিয়া বুলি নাৰদৰ মুখে গম পাই শোক আৰু ঈৰ্ষাত বিহ্বল হৈ থকা সত্যভামাক শ্ৰীকৃষ্ণই সাবটি ধৰি যি আশ্বাস বাণী শুনাইছে, তাতো পত্নীৰ আবদাৰত বিতত এগৰাকী সাধাৰণ স্বামীকে দেখিবলৈ পোৱা যায়:
হে প্ৰিয়ে, গোট এক ফুল ৰুকমিণীক দেলোঁ সে নিমিত্তে যদি অপমান কৰহ তৱ উঠহ: তোহাক এক শত পাৰিজাত দেৱব: ৰুকমিণী জাম্বৱতী তোহাক সম সোভাগিনী নাহি হয়: তোহাৰি দুখ হামাৰ হৃদয় সহয়ে নাহি: প্ৰিয়ে হামাক শপত উঠহ উঠহ৷
এই দুই প্ৰধান চৰিত্ৰৰ সমান্তৰালভাৱে আন যিবিলাক চৰিত্ৰ অংকন কৰিছে, তাতো তেওঁ সৰ্বসাধাৰণৰ উপযোগী স্থানীয় ৰহণ চৰাইছে৷ টুটকীয়া নাৰদ, সতিনীৰ প্ৰতি ঈৰ্ষা-অনলত দগ্ধ সত্যভামা, মুখৰা শচী আদি চৰিত্ৰৰ সৈতে শ্ৰোতা-দৰ্শক খুব সহজেই একাত্ম হ’ব পাৰে৷
শঙ্কৰদেৱৰ অংকীয়া নাট আৰু ইয়াৰ ভেটিত গঢ় লৈ উঠা অংকীয়া ভাওনাই অসমৰ মানুহক আধ্যাত্মিক চেতনাৰ লগতে সাংস্কৃতিক চেতনাবোধ প্ৰদান কৰিলে৷ সত্ৰ বা বিশেষকৈ গাঁৱৰ নামঘৰত নাট এখন মেলাৰ পৰা তাৰ সামৰণিলৈকে পষেক বা মাহজোৰা সময়ছোৱাত গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিৰ মাজত এক ব্যাপক সাংস্কৃতিক তৎপৰতা চলে৷ এই তৎপৰতাৰ জৰিয়তে গাঁৱৰ ৰাইজৰ মাজত আধ্যাত্মিকতাৰ অনুশীলনৰ সমান্তৰালভাৱে সামাজিক সম্প্ৰীতি আৰু সংহতিৰো আখৰা চলে৷ এই সমাজ-কেন্দ্ৰিক চেতনাৰ বাবেই পাঁচোটা শতিকাৰ পাছতো মহাপুৰুষ শঙ্কৰদেৱৰ অংকীয়া নাট্যশৈলী আমাৰ মাজত এক জীৱন্ত কলাশৈলী ৰূপে বৰ্তি আছে৷
🔗 | আৰু পঢ়ক:
- ডঃ নিৰুপমা মহন্তৰ দুজনা গুৰুৰ অঙ্কীয়া নাট আৰু পৰৱৰ্তী সময়ৰ অঙ্কীয়া নাটসমূহৰ তুলনামূলক বিশ্লেষণ
- ৰেৱকান্ত মহন্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট ভাওনাত মুখাশিল্পৰ প্রয়োগ
- নবীন বৰঠাকুৰৰ অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য
- উপেন্দ্ৰ বৰকটকীৰ ‘…অসমৰ সবাতোকৈ মহান নিৰ্মাতা’
- উৰ্বশী টুমুঙৰ অংকীয়া নাটৰ গদ্য: এটি চমু আলোচনা