বৰুণ দেৱ শৰ্মাৰ সাহসী পথ-নিৰ্দেশনাত প্ৰথমটো মহিলা ব্যাস ওজাপালিৰ দল

বৰুণ দেৱ শৰ্মাৰ সাহসী পথ-নিৰ্দেশনাত প্ৰথমটো মহিলা ব্যাস ওজাপালিৰ দল

সমৰ লোক-সংস্কৃতি কেৱল অতীতৰ কোনো স্মৃতিচিহ্ন নহয়, ই আমাৰ সাংস্কৃতিক আৰু সামাজিক অস্তিত্বৰ এক জীৱন্ত ধাৰা। অসমৰ চহকী লোক-সংস্কৃতিৰ এক অনৱদ্য উপাদান হ’ল দৰং জিলাৰ ব্যাস ওজাপালি। ব্যাস ওজাপালি কেৱল এক লোক-নৃত্য বা গীত-বাদ্যৰ পৰম্পৰা নহয়; ই অসমৰ আধ্যাত্মিক, সাহিত্যিক আৰু সামাজিক জীৱনৰ এক মূল্যৱান ঐতিহ্য। শতিকাজুৰি এই শিল্পই সংগীত, অভিনয় আৰু ব্যাখ্যাৰ জৰিয়তে ৰামায়ণ, মহাভাৰত, ভাগৱত আদি শাস্ত্ৰৰ ধৰ্মীয় আখ্যানসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি আহিছে। ই অসমীয়া সমাজ-জীৱনত এক নিৰৱচ্ছিন্ন প্ৰজ্ঞাৰ সাধনা।

যিকোনো কালজয়ী শিল্পকলাক জীয়াই ৰাখিবলৈ লাগে একো একোজন একনিষ্ঠ সাধকৰ ত্যাগ আৰু তপস্যা। ব্যাস ওজাপালিৰ এই মহান ঐতিহ্যক নিজৰ তেজ আৰু উশাহত ধাৰণ কৰি যিসকল শিল্পীয়ে আজীৱন সাধনা কৰি আহিছে, তেখেতসকলৰ ভিতৰত দৰং জিলাৰ ছিপাঝাৰৰ ব্যাসপাৰাৰ ২নং ঘোঁৰাশাল গাঁৱৰ বৰুণ দেৱ শৰ্মাৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেখেতৰ বাবে ব্যাস ওজাপালি কোনো পেচা বা বৃত্তি নহয়, ই হ’ল এক বংশানুক্ৰমিক আত্মিক সাধনা।

ব্যাস সংগীতৰ আজন্ম শিল্পী বৰুণ দেৱ শৰ্মাৰ পৰিয়ালটো কেইবাটাও প্ৰজন্ম ধৰি ব্যাস ওজাৰ সাধনাৰ সৈতে নিবিড়ভাৱে জড়িত। তেখেতৰ ককাক, পিতৃ আৰু বৰ্তমান বৰুণ দেৱ শৰ্মাই নিজে এই সাংস্কৃতিক ধাৰাক ক্লান্তিহীনভাৱে আগুৱাই নিছে। এই নিৰৱচ্ছিন্নতাই প্ৰমাণ কৰে যে লোকশিল্প কেৱল এজন ব্যক্তিৰ প্ৰতিভাৰ প্ৰকাশ নহয়; ই হ’ল এটা জাতিৰ আত্মাই কঢ়িয়াই লৈ ফুৰা এক অখণ্ড সাংস্কৃতিক উত্তৰাধিকাৰ।

image
ওজা বৰুণ দেৱ শৰ্মা

এই কঠিন যাত্ৰাত বৰুণ দেৱ শৰ্মাৰ সমসাময়িকভাৱে গোকুল শৰ্মা আৰু শিক্ষক জিতেন শৰ্মাৰ দৰে নিষ্ঠাবান শিল্পীসকলেও আত্মনিয়োগেৰে দৰঙৰ ব্যাস ওজাৰ স্বকীয়তাক জীয়াই ৰাখিছে। তেখেতসকলৰ একান্ত নিষ্ঠাই এই ধাৰাটোক আজিও পথভ্ৰষ্ট হ’বলৈ দিয়া নাই।

দীৰ্ঘদিন ধৰি সমাজৰ সংকীৰ্ণ ধ্যান-ধাৰণা আৰু অন্ধবিশ্বাসৰ বাবে মহিলাসকল ব্যাস ওজাৰ মঞ্চৰ পৰা বঞ্চিত হৈ আছিল। কিন্তু যিসকল লোকৰ দৃষ্টি দূৰদৰ্শী, তেওঁলোকে পুৰণি নীতি-নিয়মৰ অন্ধকাৰ ফালি পোহৰৰ পথ দেখুৱাব পাৰে। বৰুণ দেৱ শৰ্মাই সেই ঐতিহাসিক আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰিলে। তেখেতৰ একক প্ৰচেষ্টাত, সঠিক দিক-নিৰ্দেশনাত আৰু অনুপ্ৰেৰণাত ২০২৩ চনৰ ২০ জুলাইত অসমৰ সাংস্কৃতিক ইতিহাসত প্ৰথমবাৰৰ বাবে নগৰাকী কিশোৰী-যুৱতীৰে ‘মা পাৰিজাতী ব্যাসিনী ওজাপালি দল’ শীৰ্ষক এটা মহিলা ব্যাস ওজাপালিৰ দলে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে। ব্যাস ওজাৰ আজন্ম সাধক ছিপাঝাৰৰ বৰুণ দেৱ শৰ্মাৰ তত্ত্বাৱধানত সমাজৰ বাধা-বিঘিনি নেওচি ৰূপান্তৰৰ বাটেৰে আগুৱাইছে এই যুৱতীৰ দলটোৱে।

আৰু পঢ়িব পাৰে

প্ৰথম অৱস্থাত সমাজৰ নানা প্ৰতিবন্ধকতা, সমালোচনা আৰু আপত্তিৰ ধুমুহা আহিছিল, ফলত তিনিগৰাকী যুৱতী দলৰ পৰা আঁতৰি গ’ল। কিন্তু বৰুণ দেৱ শৰ্মা নিজৰ স্থিতিৰ পৰা বিচলিত নহ’ল। লোক-সংস্কৃতি কোনো বিশেষ লিংগ বা শ্ৰেণীৰ একচেটিয়া সম্পত্তি নহয়, ই প্ৰতিজন মানুহৰ আত্মপ্ৰকাশৰ আৰু সাংস্কৃতিক অধিকাৰ— এই মহান বিশ্বাসক সাৰোগত কৰি বৰুণ দেৱ শৰ্মাই মহিলা শিল্পীসকলক নিৰন্তৰ প্ৰশিক্ষণ আৰু মঞ্চৰ অভিজ্ঞতা প্ৰদান কৰি এক নতুন মানসিকতাৰ জন্ম দিলে।

বৰ্তমান ওজা উপাসনা শৰ্মাৰ নেতৃত্বত দলটোত ডাইনা-পালি হিচাপে আছে— জীনা প্ৰিয়ম শৰ্মা; পালি হিচাপে সাধনা অব্যাহত ৰাখিছে— জ্যোতিস্মিতা শৰ্মা, তৰালি শৰ্মা, কাব্যশ্ৰী শৰ্মা আৰু ধৰিত্ৰী শৰ্মাই। সকলো বাধা নেওচি ব্যাসপাৰাৰ দুৰ্গা পূজাৰ মণ্ডপৰ পৰা আৰম্ভ কৰা এই মহিলা ব্যাস ওজা দলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিজৰ কলা প্ৰদৰ্শন কৰি বিপুল জনপ্ৰিয়তা আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে। বিগত বৰ্ষত দলটোৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কলা সংগমত অংশগ্ৰহণ কৰি লোক সংগীতৰ ব্যাস ওজাৰ শাখাত সন্মান বুটলিবলৈ সক্ষম হয়। কেৱল সেয়ে নহয়, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় কলা সংগমলৈও ব্যাস ওজাপালি প্ৰদৰ্শন কৰিবৰ বাবে দলটো নিৰ্বাচিত হয়। তেওঁলোকৰ এই কৃতিয়ে স্পষ্টভাৱে প্ৰমাণ কৰিলে যে উপযুক্ত সুযোগ আৰু সঠিক মাৰ্গদৰ্শন পালে মহিলাসকলেও আমাৰ প্ৰাচীন পৰম্পৰাক সমানেই গৌৰৱেৰে আগবঢ়াই নিব পাৰে।

আজি বৰুণ দেৱ শৰ্মা কেৱল এজন ওজা বা শিল্পীয়েই হৈ থকা নাই; তেখেত ব্যাস ওজাৰ এজন সংৰক্ষক, শিক্ষক আৰু নিষ্ঠাবান সাধক হিচাপে প্ৰতিষ্ঠিত হৈছে। তেখেতৰ বংশানুক্ৰমিক সাধনা, সাংস্কৃতিক নেতৃত্ব আৰু নতুন প্ৰজন্মক পথ দেখুওৱাৰ এই প্ৰয়াসে অসমৰ এই অমূল্য লোক-সংস্কৃতিক এক উজ্জ্বল আৰু শক্তিশালী ভৱিষ্যতৰ দিশে আগুৱাই নিছে।

বৰুণ দেৱ শৰ্মাৰ সাহসী পথ-নিৰ্দেশনাত প্ৰথমটো মহিলা ব্যাস ওজাপালিৰ দল | ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক