প্রা কশংকৰী যুগৰ পৰাই অসমত ওজাপালি নামে এক অর্ধনাটকীয় লোক-পৰম্পৰাৰ প্ৰচলন হৈ আহিছে। নগঞা বৈষ্ণৱী ওজাপালি এই পৰম্পৰাৰে অংশ। নগাঁও জিলাত প্রচলিত হোৱা বাবে ‘নগঞা’, গীত-পদসমূহ বিষ্ণু তথা কৃষ্ণৰ মাহাত্ম্য প্রকাশক হোৱা বাবে ‘বৈষ্ণৱী’ আৰু একেলগে এই ধাৰাটোক নগঞা বৈষ্ণৱী ওজাপালি বুলি কোৱা হয়। এই ওজাপালিৰ উৎপত্তি সম্পর্কে সঠিক সময় কোৱা টান যদিও ইয়াৰ গীত-পদসমূহ বিশ্লেষণ কৰিলে স্পষ্টভাৱে ক’ব পাৰি যে এইবিধ ওজাপালিৰ ইতিহাস শংকৰ-যুগৰ পৰা আৰম্ভ হৈছে। শংকৰদেৱৰ জীৱিত কালত বৰদোৱাৰ পৰা পাটবাউসীলৈকে ওজা কীৰ্তন বা হৰি কীৰ্তন চলিছিল বুলি ‘গুৰুচৰিত কথা’ত উল্লেখ আছে। এই হৰি কীৰ্তনৰ বৰ্ণনা পোৱা যায় এনেদৰে— “ৰাম ৰাম আৰু ৰামদাস ওজা উঠি আৰু মাধৱে ডাইনা পালি হৈ কীৰ্ত্তন কৰিলে শংকৰদেৱে তাল ধৰে। কীৰ্ত্তনৰ ধ্বনিয়ে গগন মণ্ডল ছোৱেগৈ।” কালক্ৰমত এই ওজা কীৰ্তন বা হৰি কীৰ্তনেই ওজাপালিৰ ৰূপ লয় বুলি কোৱাৰ থল আছে। পৰৱৰ্তী সময়ত সত্ৰৰ বাহিৰত বিকাশ লাভ কৰা এই ওজাপালিত নানা থলুৱা বা লোক উপাদান সংযোজিত হৈ আকর্ষণীয় ৰূপত বিকাশ লাভ কৰি বৰ্তমানৰ ৰূপ পাইছেহি।
অতীজতে নগঞা সমাজত বিয়া-সবাহ, আদ্য-শ্রাদ্ধ, মৃতকৰ কাজ-কৰ্ম আৰু নানা মাংগলিক কার্যত ৪-৫ জনীয়া ওজাৰ দলে খুটিতাল বজাই ওজাপালি গোৱা পৰম্পৰাৰ প্ৰচলন আছিল। বর্তমানে এই পৰম্পৰা ছেগা- চোৰোকাকৈ চলি আছে। অতীজতে অবিভক্ত নগাঁও জিলাৰ প্রায় সকলো অঞ্চলতে এই ওজাপালিৰ প্রচলন আছিল বুলি জনা যায়। বিশেষকৈ বঢ়মপুৰ, কলিয়াবৰ, মৰিগাঁও আদি অঞ্চলত ইয়াৰ প্ৰচলন অধিক আছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগলৈকে শিল্পধাৰাটো প্রায় সজীৱ হৈ আছিল। অবিভক্ত নগাঁও জিলাৰ মৰিগাঁৱৰ বৰঙাবাৰী, মায়ং, মিকিৰভেটা; নগাঁৱৰ বঢ়মপুৰ, কৰৈয়নি, পথাৰ আগ গাঁও, বৰাপানী গাঁও, পাঠৰি, জলাহ গাঁও, চলাপাৰ, ভেৰভেৰি, চলচলি; চামগুৰিৰ পহুকটা, শিঙিয়া, ব্রহ্মচাৰী সত্ৰ; কলিয়াবৰৰ পূৱথৰীয়া, গোমোঠা গাঁও, পোৰাভেটি সত্ৰ, মাধতাৰি; ৰহা অঞ্চলৰ ৰণথলি, ফুলগুৰি, দলংঘাট, ধূপগুৰি, ভূৰবন্ধা, শেতালি, বাৰপুজীয়া, কুজিবৰি আদি অঞ্চলত নগঞা বৈষ্ণৱী ওজাপালিৰ প্ৰচলনৰ কথা জানিব পৰা গৈছে।
অতীজতে নগাঁৱৰ গ্রাম্যাঞ্চলত ওজাপালিৰ গীত-পদ ইমানেই জনপ্রিয় আছিল যে খেতি-বাতিৰে জীৱন নির্বাহ কৰা গঞা লোকসকলৰ শিশুৰ পৰা বৃদ্ধলৈকে এই গীত-পদসমূহ সকলোৰে মূখে মুখে আছিল। মৌখিকভাৱেই এই গীত-পদৰ প্ৰচলন আছিল, ইয়াৰ চৰ্চা তথা অনুশীলনো চলিছিল এনেদৰেই। গাঁৱৰ আগ্রহী যুৱকসকলে সেই গাঁৱৰ বা আশেপাশে থকা গাঁৱৰ গুৰু ওজাৰ ওচৰত তামোল-পাণ খৰচা দি আঁঠু লয় আৰু তেওঁক গুৰু জ্ঞান কৰি ওজাপালি শিক্ষাৰ পাতনি মেলে। তাৰে মাজৰ পাকৈত শিকাৰুক, যিজনে গীত-মাত, সুৰ, নৃত্য, অভিনয়ৰ শিক্ষা সম্পূৰ্ণকৈ আয়ত্ব কৰে, তেওঁক গুৰু ওজাই পাগ-জামা দি ওজাৰ নিৰ্মালি প্ৰদান কৰে। সেই সময়ত ওজাপালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথাও জনা যায়। নগাঁৱৰ বিভিন্ন অঞ্চলত সঘনাই ওজাপালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বাবে ওজাসকলৰ মনত প্রতিযোগিতামূলক মনোভাৱ গঢ়ি উঠিছিল। গৱেষক, চিন্তাবিদ ড° নৰেন কলিতাই ওজাসকলৰ মনত গঢ়ি উঠা এনে মনোভাৱৰ আঁত ধৰি এটি আমোদজনক ঘটনাৰ কথা ব্যক্ত কৰিছিল। তেখেতে কোৱা মতে, মাহৰা সত্ৰত অনুষ্ঠিত প্রতিযোগিতাত এবাৰ কৰৈয়নি চলাপাৰ গাঁৱৰ ধীৰেশ্বৰ ওজা কুমন্ত্রৰ বলি হ’বলগীয়া হৈছিল। সেই প্রতিযোগিতাত ন-যোৰ ওজা গোট খাইছিল। চলাপৰীয়া ধীৰেশ্বৰ ওজাই ৰাগ দি সভা পৰিক্ৰমা কৰি উঠি ঘোষালৈ যাওঁতেই প্রতিদ্বন্দ্বী দল এটাৰ ওজাজনে চাউল এমুঠি জাৰি তেওঁৰ গালৈ ছটিয়াই দিয়াৰ লগে লগে তেওঁ মাত মাতিব নোৱৰা হয়। সভাত হুলস্থুল লাগে। ৰাইজে প্রতিদ্বন্দ্বী ওজাজনক ধৰি মাত উলিয়াই দিবলৈ বাধ্য কৰাত ঘিউ অলপ জাৰি ধীৰেশ্বৰ ওজাক খুৱাই দিয়ে যদিও তেওঁ পূর্বৰ দৰে সভা জিনা মাতটো ঘূৰাই নাপালে। সেয়ে প্রতিযোগিতা স্থলীতে ধীৰেশ্বৰ ওজাই ভায়েক মহেশ্বৰক পাগ-জামা দি ওজা উঠিবলৈ আদেশ দিলে। মহেশ্বৰ ওজা এসময়ত সমগ্ৰ নগাঁৱৰে এজন বিখ্যাত ওজা আছিল।
নগঞা বৈষ্ণৱী ওজাপালিৰ দুর্যোগৰ সময়ৰ সূচনা স্বাধীনতাৰ পাছৰ পৰাই হৈছিল যদিও ইয়াৰ চৰ্চা তথা প্রচলন স্থবিৰ হৈ পৰা নাছিল। কিন্তু বর্তমান সময়ত এই শিল্পধাৰাটি বিলুপ্তিৰ পথত। ১৯৮৯ চনত মৰিগাঁও জিলা সুকীয়াকৈ গঠন হোৱাৰ পাছত সেই অঞ্চলৰ ওজাপালিয়ে সুকনান্নি ওজাপালিৰ দ্বাৰা প্ৰভাৱিত হৈ এক সুকীয়া ৰূপ লাভ কৰে। গতিকে বর্তমান সময়ত মৰিগাঁৱত প্রচলিত ওজাপালিত নগাঁৱৰ বৈষ্ণৱী ওজাপালিৰ বৈশিষ্ট্য দেখা নাযায়। কৰৈয়নি চলাপাৰ গাঁৱৰ বিখ্যাত ওজা ধীৰেশ্বৰ ওজাৰ পাছত তেওঁৰ ভাতৃ মহেশ্বৰ ওজাই এই শিল্পধাৰাটি জীয়াই ৰাখিছিল। বর্তমান মহেশ্বৰ ওজাৰ ভতিজা ভাবোৰাম কেওট ওজাই এই ধাৰাটি জীয়াই ৰাখিছে।
কলিয়াবৰত প্রচলিত ওজাপালিৰ এক সুকীয়া বৈশিষ্ট্য আছিল। কলিয়াবৰৰ জালি ওজা, কলাই ওজা, ভিবি ওজা এসময়ৰ বিখ্যাত ওজা আছিল। তেখেতসকলৰ পাছত পূৱথৰীয়াৰ কুশল তামুলীয়ে নগঞা ওজাপালিৰ ধ্বজা ধৰি আছিল। তেখেতৰ বিয়োগৰ পাছত তেওঁৰ পুত্র মুকুন্দ তামুলীয়ে ইয়াৰ চৰ্চা অব্যাহত ৰাখিছে। প্রয়াত গোপাল মহন্তৰ ওজাপালিৰ অনুষ্ঠান ৰেডিঅ’ যোগে প্ৰচাৰিত হৈছিল।
❧ | আৰু পঢ়ক: সৰ্থেবাৰীৰ সভা মহোৎসৱ
অতি সাম্প্ৰতিক সময়ত নগাঁও জিলাৰ কৰৈয়নি আৰু কলিয়াবৰতহে ওজাপালি পৰম্পৰাৰ প্ৰচলন ছেগাচোৰোকাকৈ চলি আছে। কলিয়াবৰৰ ললিত বৰাই এতিয়াও মাংগলিক কার্য বা মৃতকৰ কাজ-কৰ্মত ওজা গোৱাৰ পৰম্পৰা জীয়াই ৰাখিছে। ড° নৰেন কলিতাই এই ধাৰাটি জীয়াই ৰাখিবলৈ আপ্রাণ চেষ্টা কৰিছিল। মহেশ্বৰ ওজাৰ সহযোগত তেওঁ এখন তথ্যচিত্র প্রস্তুত কৰাৰ ব্যৱস্থা কৰাৰ লগতে ১৯৮৩ চনত গুৱাহাটীৰ ৰবীন্দ্র ভৱনত অনুষ্ঠিত প্রদর্শনীমূলক বক্তৃতানুষ্ঠানত নগঞা ওজাপালি সম্পর্কত বক্তৃতাও প্রদান কৰিছিল। তদুপৰি বিভিন্ন গ্রন্থত এই শিল্পধাৰাটি সম্পৰ্কত কেইবাটিও আপুৰুগীয়া প্ৰৱন্ধৰে শিল্পধাৰাটি সম্পৰ্কত তেখেতে বহুমূলীয়া অৱদান আগবঢ়াইছে। কিন্তু চিন্তনীয় বিষয় হৈছে, বর্তমান সময়ত এইবিধ শিল্প চৰ্চাৰ অভাৱত প্রায় বিলুপ্তিৰ পথত। অতীজৰ দৰে এতিয়া নগঞা সমাজত মাংগলিক কার্যত ওজা গোৱাৰ পৰম্পৰাও প্রায় নোহোৱা হৈছে, যাৰ ফলত নগঞা যুৱক-যুৱতীৰ অধিকাংশই নগাঁৱতো যে এটি ওজাপালি ধাৰাৰ প্ৰচলন আছিল বা আছে, এই বিষয়ে সম্পূর্ণৰূপে অজ্ঞ। বিলুপ্ত হৈ যাব ধৰা এই শিল্পধাৰাটি যুৱ প্ৰজন্মই বিজ্ঞজন থাকোঁতেই আয়ত্ব কৰি ল’ব নোৱাৰিলে এই ধাৰাটি পুনৰ উদ্ধাৰ কৰা অসম্ভৱ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে কলিয়াবৰৰ বিখ্যাত ওজা প্রয়াত কুশল তামুলীৰ জীৱিত কালত এটি প্রশিক্ষণৰ ব্যৱস্থা কৰিছিল যদিও তেনে সময়তে তেখেতৰ বিয়োগৰ বাবে এই প্রশিক্ষণ সম্পূৰ্ণ হৈ নুঠিল। পৰৱৰ্তী সময়ত সাংস্কৃতিক সঞ্চালকালয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই, হয়তো এই শিল্পধাৰাটি তেওঁলোকৰ দৃষ্টিগোচৰ হ’ব পৰাকৈ নগঞাসকলে দাঙি ধৰিব পৰা নাই।
❧ | আৰু পঢ়ক: দৰঙৰ লোক উৎসৱ: দেউল
এই বিশিষ্ট এই শিল্পধাৰাটিৰ পুনৰ উজ্জীৱন অসমৰ সংস্কৃতিৰ পথাৰখনৰ বাৰে ৰহণীয়া ৰূপটোৰ বাবেই অতি দৰকাৰী। এই ক্ষেত্ৰত ৰাইজ, চৰকাৰ সকলোৰে পৰা আমি ইতিবাচক ভূমিকা আশা কৰোঁ।
(কেইবাটাও প্ৰবন্ধৰ পৰা তথ্য আহৰণ কৰা হৈছে।)