‘গা নৰ মাজৰ মিঠা সোৱাদটো বৰ্তমান সময়ত ক’ৰবাত যেন হেৰাই গৈছে, যিটো প্ৰয়োজনীয়।’ অলপতে গুৱাহাটী প্ৰেছ ক্লাবত তনুজা চেতিয়াৰ কণ্ঠৰ ‘কবিতা কবিতা লগা গান’ শীৰ্ষক শ্ৰুতিমধুৰ গীতটিৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ এটি উন্মোচন কৰি প্ৰখ্যাত কণ্ঠশিল্পী মনীষা হাজৰিকাই আৱেগিকভাৱে এইদৰে ব্যক্ত কৰে। লগতে সংগীতৰ শ্ৰুতিমধুৰতাৰ যি ধাৰা, সেয়া ‘কবিতা কবিতা লগা গান’ শীৰ্ষক গীতটিয়ে সুন্দৰভাৱে ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবে গীতটিৰ সংগীতকাৰ, গীতিকাৰ, সুৰকাৰ মানস হাজৰিকা, ভিডিঅ’ পৰিচালনা তথা সম্পাদনাৰ কাম কৰা অন্তৰীপ হাজৰিকা তথা গীতটি সাৱলীল অভিনয়েৰে প্ৰাণৱন্ত কৰি তোলা নীল দাস আৰু মেঘৰঞ্জনী মেধি আদিকো মনীষা হাজৰিকাই ভূয়সী প্ৰশংসা কৰে।
ফেশ্বন ডিজাইনাৰ, ৰেইকিৰ গ্ৰেণ্ডমাষ্টাৰ তথা কণ্ঠশিল্পী তনুজা চেতিয়াই জনোৱা মতে, গীতটি মুক্তি পোৱাৰ ১৪ বছৰৰ পাছত ভিডিঅ’ ৰূপ পোৱা কথাটোৱে শিল্পীগৰাকীৰ এটি দীৰ্ঘদিনীয়া সপোন দিঠকত পৰিণত কৰিছে। এটা মধুৰ, সুবাসিত সোঁৱৰণ, এটা মিঠা স্মৃতি এই গীতটিৰ দ্বাৰা সুন্দৰকৈ প্ৰকাশ পাইছে। বিশেষ ব্যস্ততাৰ বাবে অনুষ্ঠানটিত উপস্থিত থাকিব নোৱৰা কণ্ঠশিল্পী জে পি দাসেও এটি ভিডিঅ’ ক্লিপযোগে গীতটিৰ শিল্পী আৰু কলা-কুশলীসকললৈ শুভেচ্ছা আৰু আশিস জনায়। দৃশ্য-শ্ৰাব্য সংস্কৰণটিৰ চিনেমাট’গ্ৰাফাৰ ছাজ্জাদ হুছেইন, মেকআপত আছে ৰেচমিনা য়েছমিন, সন্ধ্যা বড়ো আৰু মিনতি ডেকা। গীটাৰত ড॰ মৃণাল দাস। ‘কবিতা কবিতা লগা গান’ৰ মিক্সিঙৰ কাম কৰিছে লহৰ ডিজিটেলে।
অনুষ্ঠানটিত গীতটিৰ সৈতে জড়িত কলা-কুশলীসকলৰ উপৰিও সমাজকৰ্মী অঞ্জু গগৈ, কণ্ঠশিল্পী চাজু আহমেদ আৰু ভয়চ অৱ ইণ্ডিয়াৰ বিজয়ী মানসী চহৰীয়া উপস্থিত থাকে। মনমৰমী মহন্তই আঁতধৰা অনুষ্ঠানটিক অধিক জীপাল কৰি তোলে মানসী চহৰীয়াৰ কণ্ঠৰ ড° ভূপেন হাজৰিকাৰ এটি গীতে।
❧ | আৰু পঢ়ক:
- জামুগুৰিহাটত নটসূৰ্যৰ অমৰ সৃষ্টি ‘ভোগজৰা’
- মাউৰত নোযোৱা কেইটাৰ কাহিনী
- উচ্চতাৰ উন্মাদ ইচ্ছাৰ আখ্যান: বাহাৰুল ইছলামৰ ‘উঁচাই’
Follow Nilacharai on Facebook